ভাগ্যৰ দুৱাৰ খুলিবলৈ কৰক এই বিশেষ উপায় : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, February 6, 2022

ভাগ্যৰ দুৱাৰ খুলিবলৈ কৰক এই বিশেষ উপায় : Assamese Fact

Assamese Fact

আজি আপোনালোকক ক'বলৈ উলাইছোঁ গৰুক  হালধিৰ ৰুটি খোৱাৰ সঠিক প্ৰক্ৰিয়া বা পদ্ধতি আৰু সঠিক সময়। ( Assamese Fact )


যাৰ ফলত আপোনালোক হৈ পৰিব পাৰে ধনবান। লগতে এইটোও কম যে সেইটো কি বস্তু যিটো কেতিয়াও গৰুক খোৱাব নালাগে অন্যথা দেৱী দেৱতা ৰুষ্ট হৈ পৰে।


 কোন সময়ত গৰুক খোৱালে আপোনালোক ভগৱান কৃষ্ণৰ আশীৰ্বাদৰ পাত্ৰ হ'ব পাৰে। লগতে আমি কম গৰুৰ লগত জড়িত শুভ আৰু অশুভ সংকেতৰ বিষয়ে।শ্ৰী কৃষ্ণয়ে কৈছিল যে গৰুক ৰুটি আৰু হালধি খোৱাৰ ফলত মানুহৰ ভিতৰত কি লাভ হয়।


 শাস্ত্ৰৰ অনুসৰি গৰুক ৰুটি খোৱাৰ ফলত কি কি লাভ হয়।কি সঠিক পদ্ধতি গৰুক ৰুটি খোৱাৰ। হিন্দু ধৰ্মৰ অনুসৰি পশু-পক্ষীক ৰুটি খোৱাৰ পৰম্পৰা বহুত বছৰৰ আগৰেই পৰাই চলি আছে। এতিয়া প্ৰশ্ন আহে গৰুক ৰুটি খোৱাতো কিয় ইমান মহত্বপূৰ্ণ।


শাস্ত্ৰৰ অনুসৰি গৰুৰ গাত ৩৩ কোটি দেৱী দেৱতাই বাস কৰে। এতিয়া ভোগ লগোৱা কথা আহে যেতিয়া সদায় ৩৩ কোটি দেৱী দেৱতাক গৰুৰ জৰিয়তে ভোগ লগাব পৰা যায়। তেতিয়া আপোনালোকে ভাবক ইয়াতকৈ বেছি পুণ্য আৰু কি হ'ব পাৰে। 


প্ৰথমতে আমি সদায় ৩৩ কোটি দেৱী দেৱতাক গৰুৰ জৰিয়তে ভোগ লগাব লাগে আৰু তাৰ পাছত নিজেই অন্ন গ্ৰহণ কৰিব লাগে। শাস্ত্ৰৰ অনুসৰি গৰুৰ মূত্ৰ ও সেৱন কৰা হয়। যাক গৌধন বুলি কোৱা হয়। গৰুৰ সেৱা কৰা মানে ৩৩ কোটি দেৱী দেৱতাক সেৱা কৰা হৈ যায়। 


কোৱা হয় যাৰ ঘৰত গৰু পুহাঁ হয় তেওঁলোকৰ বংশ পৰিয়ালে সুখ ভোগ কৰে। অৰ্থাৎ ইমান পুণ্য হয় যে সেই বংশত জন্ম লোৱা সকলে সকলো  সুখ প্ৰাপ্ত কৰে। আপুনি যদি গৰুক ৰুটিৰ লগত অলপ গুৰু খোৱাই তেতিয়া বহুত পুণ্য লাভ কৰিব পৰা যায়।  এটা কথা মনত ৰাখিব এতিয়া ঠাণ্ডা দিনত গৰুক গুৰ খোৱাব পাৰে । কিন্তু গৰম দিনত গৰুক গুৰ খোৱাব নালাগে। 


আপুনি গৰুক হালধি ৰুটি দিব পাৰে। কিন্তু গৰমত গৰুক গুৰ খোৱাব নালাগে।এই কথাটো ধ্যান ৰাখিব। গৰুক গুৰ খোৱাওতে সদায় গৰু শুই থাকিব লাগে। থিয় হৈ থকা গৰুক কেতিয়াও গুৰ খোৱাব নালাগে। 


সোমবাৰে ভগৱান শিৱক পূজা কৰা পাছত ভোগ লগাই গৰুক কিবা নহয় কিবা বগা বস্তু খোৱাব লাগে।যেনে- বৰ্ফি,চাউল, বগা লাৰু আদি। ইয়াৰ ফলত বহুত পূণ্য ব্যক্তিয়ে লাভ কৰে আৰু সোমবাৰ ব্ৰত সফল হৈ পৰে। 


মঙ্গলবাৰে গৰুক ৰুটিৰ লগত বেচনৰ লাৰু খোৱালে সম্পূৰ্ণ লাভ হয়। ইয়াৰ ফলত মানুহৰ মঙ্গল শান্ত হৈ পৰে। বুধবাৰে সেউজীয়া ঘাঁহ খোৱাৰ ফলত বুধ গ্ৰহ শান্ত হৈ পৰে। ইয়াৰ দ্বাৰা ভগৱান গণেশ প্ৰসন্ন হয়। বৃহস্পতি বাৰে যেতিয়া  আপোনালোকে গৰুক ৰুটি খোৱাই তেতিয়া অলপ হালধি দি বনাব লাগে আৰু গৰুক দুটা ৰুটি খোৱাই দিব লাগে। ইয়াৰ দ্বাৰা ও বহুত পুণ্য লাভ হয়। আপোনালোকে জীৱনত লৌকিক আৰু অলৌকিক ফল প্ৰাপ্ত কৰে। 


শুক্ৰবাৰৰ দিনা গৰুক পায়স খোৱালে শুক্ৰ গ্ৰহ মজবুত হয়। দেৱী লক্ষ্মী প্ৰসন্ন হয় আৰু ইয়াৰ ফলত মানুহ ধনবান হৈ পৰে। মান্যতা অনুসৰি শনিবাৰৰ দিনা গৰুক ক'লা তিল আৰু মগু দাইল পিচি ঘেঁহুৰ আটাৰ লগত মিলাই ৰুটি বনাই খোৱালে শনি দোষ নাইকীয়া হয় আৰু শান্ত হৈ পৰে। 


দেওবাৰে ৰুটিৰ লগত গুৰ মিলাই খোৱালে সূৰ্যৰ মহাদশা নাইকীয়া হৈ পৰে আৰু মানুহ ধনী হৈ পৰে।যদি আপোনালোকে ও গৰুক ৰুটি খোৱাইছে তেতিয়া আপোনালোকে ও ৩৩ কোটি দেৱী দেৱতাক সেৱা কৰিছে। আপোনালোকে ইয়াৰ লাভ বহুত সোনকালেই পাব। 


এইটো ধ্যান ৰাখিব যে গৰুৰ সেৱা বাধ্যত পৰি নকৰিব।মনৰ পৰা হৃদয়ৰ পৰা গৰুৰৰ সেৱা কৰিব লাগে। ইয়াৰ ওপৰত এটা বহুত প্ৰচলিত কথাও আছে। কথাটো অনুসৰি যেতিয়া এগৰাকী মহিলাই গৰুক কল খোৱাবলৈ চালে তেতিয়া গৰুজনীয়ে নিজৰ মুখখন ঘূৰাই দিলে।  মহিলা গৰাকীয়ে আকৌ গৈ গৰুজনীৰ মুখত কলটো দিবলৈ বিচাৰিলে । কিন্তু গৰুজনীয়ে কলটো নাখালে। তাৰ পিছতো মহিলা গৰাকীয়ে কল খোৱাবলৈ বিচাৰি আছিল। যেতিয়া  মহিলা গৰাকীয়ে জোৰ কৰিলে তেতিয়া গৰুজনীয়ে শিংটোৱে দি খুচিব বিচাৰিলে। মহিলা গৰাকীয়ে ভয় খাই কল নুখোৱাকৈয়ে তাৰ পৰা গুচি গ'ল। ( Assamese Fact )


তাৰ পিছত গৰুজনীৰ ওচৰত থকা মতা গৰুটোৱে সুধিলে মহিলা গৰাকীয়ে ইমান মৰমত কল খোৱাইছিল তুমি কিয় নাখালা আৰু ভয় খোৱাই পঠিয়াই ও দিলা। গৰুজনীয়ে ক'লে মৰম নহয় বাধ্য পৰি খোৱাব বিচাৰিছিল। আজি একাদশী সেই কাৰণে মোক কল খোৱাই পুণ্য লাভ কৰিব বিচাৰিছিল। ইনেই এই মোক একো ভাল নাপায়।ভুলতে যদি তাইৰ ঘৰৰ আগফালে যাওঁ তাই মোক লাঠি লৈ মাৰিবলৈ খেদি আহে। 


মৰমত শুকান ৰুটি পালেও অতুলনীয় । যি নিজৰ ভাল হোৱাতো বিচৰে সি দযোধন।যি আপোন মানুহৰ ভাল হোৱাতো বিচৰে সি যুধিষ্ঠিৰ। যি সকলোৰে ভাল হোৱাতো বিচৰে সি শ্ৰীকৃষ্ণ।এই কথাটোৰ পৰা এইটো জানিব পাৰি যে গৰুক শুদ্ধ মনে আৰু সচাঁ মনেৰে মৰম কৰিব লাগে আৰু সেৱা কৰিব লাগে। পুণ্য পাবলৈ বাধ্যত পৰি কৰিব নালাগে । 


এইটো আপোনালোকে বহুবাৰ শুনিছে চাগে যে গৰুক প্ৰথমতো ৰুটি খোৱাব লাগে। কিন্তু কেনেদৰে খোৱাব লাগে তাৰ বিষয়ে আজি আমি আপোনালোকক কম ।যাৰ ফলত আপোনালোকৰ লাভ হয়।আপোনালোকে ৰুটিত ঘিঁউ আৰু গুৰ লগাই খোৱাব লাগে আৰু অলপ হালধি ও। 


কোৱা হয় যে সদায় গৰুক ৰুটি খোৱালে আপোনালোকৰ এতিয়া বংশ পৰিয়ালৰ লগতেই আহিব লগীয়া বংশ পৰিয়ালেও পুণ্য লাভ কৰে আৰু দুখ কষ্টৰ পৰা বাচে। চেষ্টা কৰক গৰুক ৰুটি খোৱাৰ আগত বহাই ল'বলৈ । কাৰণ বহি থকা গৰুক ৰুটি খোৱালে বেছি লাভ হয়।গৰুক ৰুটিৰ লগত গুৰ খোৱালে মানুহৰ জৰুৰী কাম সম্পূৰ্ণ হয় যায় আৰু বেয়া হোৱা কাম ভাল হৈ পৰে।


মনত ৰাখিব যে গৰুক শুকান ৰুটি আৰু আগদিনাৰ ৰুটি কেতিয়াও নুখোৱাব। এইটো ভুল নকৰিব। বহুত মানুহে গৰুক  আগদিনাৰ ৰুটি খোৱাই। এইবোৰ নকৰিব সদায় ঘৰত বনোৱা প্ৰথমতো ৰুটি খোৱাব লাগে। ঘৰলৈ অহা গৰুক কেতিয়াও ভুকত যাবলৈ দিব নালাগে।ঘৰলৈ অহা গৰুক ৰুটি খোৱালে আপোনালোকৰ বহুত বেয়া হোৱা কাম ভাল হ‌য়।কাজিয়া , সংঘাত আদি নাইকীয়া হৈ পৰে।


যদি আপোনালোকৰ ঘৰত সদায় অশান্তি আৰু কাজিয়া হৈ থাকে, তেতিয়া দুপৰীয়া বনোৱা প্ৰথমতো ৰুটি গৰুক খোৱাব লাগে। এনেকুৱা কৰা ফলত ঘৰলৈ শান্তি ঘূৰি আহিব আৰু সুখেৰে ভৰি পৰিব। আপোনালোকৰ যদি কিবা ঘটনাক লৈ ভয় লাগে , তেতিয়া তামৰ বাচনত গুৰ দি হনুমান মন্দিৰত দান দিব লাগে।দান কৰা পাছত তাত বহি হনুমান চালিচা পাঠ কৰিব লাগে। এনেকুৱা ৫ টা মঙ্গলবাৰে বা শনিবাৰে কৰক।পাঠ কৰা পাছত গৰুক কল খোৱাব লাগে। এনেকুৱা কৰা ফলত আপোনালোক দূৰ্ঘটনাৰ পৰা বাচি থাকিব।


যাৰ সোনকালেই বিয়া হোৱাৰ কামনা আছে বা যাৰ বিয়া হোৱা নাই তেতিয়া এইটো উপায় তেওঁলোকৰ কাৰণে । তেওঁলোকে বৃহস্পতি বাৰে আটাৰ দুটা লাৰুত হালধি মিলাই গৰুক খোৱাব লাগে। ইয়াৰ লগত গুৰ আৰু বুট দাইলো গৰুক খোৱাব লাগে।যদি আপোনালোকে ভাল চাকৰি বিচাৰি আছে তেতিয়া ইন্টাৰভিও দিবলৈ যাওঁতে বা ঘৰৰ পৰা বাহিৰলৈ উলিয়াই যাওঁতে ৰাস্তাত কোনোবা গৰুক ৰুটি আৰু গুৰ খোৱাই যাব লাগে। তেতিয়া সফলতা অৰ্জন কৰে। 


যদি আপোনালোকে নিজৰ ঘৰ আৰু দোকান থকাতো বিচাৰে তেতিয়া আপোনালোকে তিনিটা উপায় কৰক। প্ৰতি শুক্ৰবাৰে কোনোবা ভোকত থকা মানুহক খাদ্য খোৱাব লাগে। দ্বিতীয়টো হ'ল দেওবাৰে গৰুক গুৰ খোৱাব লাগে। তৃতীয়টো হ'ল শনিবাৰৰ দিনা শনিদেৱৰ মন্দিৰত কিবা মাটিৰ বাচনত সৰিয়হ তেল দি তাত নিজৰ ছাঁটো চাই সেইখিনি কাৰোবাক দান দিব লাগে। 


এনেকুৱা নিয়মীয়াকৈ কৰিলে আপোনালোকৰ লাভ হ'ব। ধ্যান ৰাখিব আপোনালোকে দান দিয়া তেল আগতে ব্যৱহাৰ কৰা হ'ব নালাগে ।এই উপায়টো কৰিলে শনিৰ লগত জড়িত দোষবোৰ নাইকীয়া হৈ পৰে। ধাৰ বা ঋণ থাকিলেও এই উপায়টো কৰিলে সোনকালেই সেইবোৰ নাইকীয়া হৈ পৰিব। ধাৰ বা ঋণক লৈ যদি সমস্যাত পৰি আছে তেতিয়া খাদ্যৰ লগত গুৰ খালে আপোনালোকে লাভ পাব।


অলপ অলপ গুৰ খাই থাকিলে ধন আপোনাৰ জীৱনলৈ আগমন কৰিব। গুৰ প্ৰসাদ হিচাপে হনুমান মন্দিৰটো অৰ্পণ কৰক আৰু ঋণ মুচক  মঙ্গলশূত্ৰৰ পাঠ কৰিলে ,ঋণৰ পৰা অতি সোনকালেই আপোনালোকে মুক্তি পাব। 


প্ৰত্যেক পূজা আৰু মাঙ্গলিক অনুষ্ঠান গৰু বা গৰুৰ লগত জড়িত বস্তু যেনে- গৰুৰ গোৱৰ, মূত্ৰ বা  গাখীৰ আৰু গৰুৰ গাখীৰে নিৰ্মিত ঘিঁউ ব্যৱহাৰ কৰিব লাগে। গৰমত গৰুক পানী খোৱাব লাগে। ঠাণ্ডাত গুৰ খোৱাব লাগে। কিন্তু গৰম নুখোৱাব।


 গৰুৰ লগত জড়িত কিছুমান শুভ আৰু অশুভ সংকেতো থাকে। গৰুৰ গাখীৰ খিৰাওতে যদি গৰুৱে লাঠি মাৰি দিয়ে আৰু গাখীৰবোৰ পৰি যায় তেতিয়া অশুভ বুলি ধৰা হয়।


 কোনোবাই যাত্ৰা কৰি থাকোঁতে যদি গৰু সন্মুখলৈ আহি পোৱালীক গাখীৰ খোৱাই তেতিয়া যাত্ৰা আৰু কাম সফল হয়।   যাত্ৰা কৰি থাকোঁতে বাওঁ ফালৰ পৰা গৰু মাত শুনা আৰু ৰাতি গুৰুৱে চিঞৰাও শুভ বুলি ধৰা হয়।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages