এই সপোনবোৰে আপোনাৰ ভৱিষ্যতৰ বিষয়ে কেনেধৰণৰ সংকেত দিয়ে জানি লওঁক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, February 4, 2022

এই সপোনবোৰে আপোনাৰ ভৱিষ্যতৰ বিষয়ে কেনেধৰণৰ সংকেত দিয়ে জানি লওঁক : Assamese Fact

Assamese Fact


 সপোন শাস্ত্ৰৰ অনুসৰি কিছুমান সপোন এনেকুৱা আছে যিয়ে আহিব লগা কিছুমান ঘটনাৰ সংকেত দিয়ে। ( Assamese Fact )


কিছুমান সপোনে ভৱিষ্যতে হ'ব লগা ধনৰ হানিৰ সংকেত দিয়ে। এতিয়া জানো আহঁক কি সেইসমূহ সপোন যি আপোনালোকক আগতেই অৱগত কৰায় দিয়ে।



১. যদি আপোনালোকে নিজকে ওখ পৰা পৰি যোৱা দেখে। তেতিয়া এই সপোনটোক বহুত অশুভ বুলি ধৰা হয়।এই  সপোনটোক ধন হানিৰ লগত জড়িত কৰি চোৱা হয়। এনেকুৱা সপোনে আপোনালোকৰ হ'ব লগা কাম বেয়া হোৱাৰ সংকেত দিয়ে। এনেকুৱা সপোন আপোনালোকে যদি দেখে তেতিয়া সাৱধান হৈ যাওঁক আৰু কিবা কৰা আগত বহুত ভাবি চিন্তি কৰক।



২. সপোনত গছ কটা দেখাটো বহুত অশুভ বুলি ধৰা হয়।এই সপোনটোৱে বুজাই যে আহিব লগা দিনত আপোনালোকৰ হৈ যোৱা প্ৰকল্প ও বেয়া হ'ব পাৰে।সপোনত গছ কটা দেখিলে আপোনালোকে গছ ৰুব লাগে।যাতে আপোনালোক দোষ মুক্ত হ'ব পাৰে।



৩.বানপানী হোৱা সপোনত দেখাতো বহুত অশুভ সংকেত। আপুনি কৰা কিবা কাম আনে বেয়া কৰিব পাৰে । সপোনত বানপানী হোৱা দেখা মানে ধন হানি হোৱাৰো সংকেত। এনেকুৱা সপোন দেখা মানে আপোনাৰ হৈ থকা কাম বেয়া হ'ব পাৰে। ( Assamese Fact )



৪.যদি আপোনালোকে নিজকে বা আনক বালিত খোজ কাঢ়ি থকা দেখে , তেতিয়া এইটো বহুত অশুভ বুলি ধৰা হয়। সপোনত বালি দেখা অৰ্থ হ'ল শত্ৰুৰ পৰা কিবা হানি বা লোকচান সংকেত। এনেকুৱা সপোন দেখিলে শত্ৰুৱে আপোনাক কৰা লোকচান সফল হ'ব পাৰে।এই সপোনটো দেখিলে আপোনালোক সাৱধান হৈ যাব লাগে আৰু তেওঁলোকৰ পৰা দূৰত থাকিব লাগে,যিয়ে আপোনাৰ লোকচান কৰিব পাৰে।



৫.সপোনত যদি আপোনালোকে জুই দেখে তেতিয়া আপোনালোকৰ চাকৰি বা ব্যৱসায়ত হানি হোৱা সংকেত। এওঁলোকে বহুত ভাবি চিন্তিহে যিকোনো কাম বা ইনভেষ্ট কৰিব লাগে। সকলো ক্ষেত্ৰৰে পৰা সকলো চাইহে আপোনালোকে কিবা কাম বা চুক্তিত চহী কৰিব লাগে। সপোনত জুই দেখা মানে উপৰো বা ইনেই পইচা খৰচ হোৱা।



৬.নিজকে বোকাত ফঁচা দেখাৰ অৰ্থ হ'ল ভৱিষ্যতে আপুনি এনেকুৱা কাম কৰিব যাৰ ফলত আপোনালোকৰ বহুত লোকচান হ'ব। নিজকে বোকাত ফঁচা দেখা মানে সমস্যা আৰু ধন হানি হ'ব বুলি ধৰা হয়। সেই কাৰণে আপোনালোকে বহুত সতৰ্ক হৈ থাকিব লাগে।



৭.সপোনত খালি ঘৰ বা দোকান দেখাৰ অৰ্থ হ'ল ভৱিষ্যতে আপুনি ধনৰ সমস্যাত ভুগিব। বেমাৰ বা বেলেগ  খৰচে আপোনাক কংঙ্গাল বনাই দিব পাৰে। 


হিন্দু ধৰ্মৰ শাস্ত্ৰসমূহত সাপৰ লগত জড়িত বহুত কথা প্ৰচলিত আছে।সাপক  হিন্দু ধৰ্মত পূজনীয় বুলি ধৰা হয়। ই ভগৱান শিৱৰ ডিঙিৰ হাৰ আৰু  ভগৱান বিষ্ণুৰ   শয্যা।এফালে সাপক পূজনীয় বুলি ধৰা হয় আৰু আনফালে ইয়াৰ বহুত শুভ ,অশুভ লক্ষণ দেখা যায়।


সাপ দেখিলে মানুহে বহুত ভয় খাই লগতে সপোনত দেখিলেও মানুহে ভয় খাই উঠি বা হাৰ পায় যায়। যদি কোনোবাই সপোনত সাপ দেখে তেতিয়া ইয়াক বহুত অশুভ বুলি ধৰা হয়। সপোনত সাপ দেখে মানে আহিব লগা সময়ত সমস্যাৰে ভৰি পৰা। 


সপোনত সাপে খোটা দেখা মানে আহিব লগা সময়ত বেমাৰ বা সমস্যাত ভোগা। সেইকাৰণে সতৰ্ক হ'ব লাগে। এইসমূহ হ'ল বেয়া সময় অহাৰ আগত পোৱা সংকেত ।এই সংকেত সমূহ পালে ভয় নকৰিব এই সৰু কামতো কৰক আৰু সতৰ্ক থাকক। আপোনালোকে যি সপোন দেখে তাক গৰু বা তুলসীৰ আগত কৈ দিয়ক। ইয়াৰ ফলত সপোনৰ বেয়া প্ৰভাৱ আতঁৰি যাব। 



নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages