এই কেইটা সংকেত দেখা পালে ঘৰলৈ দেৱী লক্ষ্মীৰ আগমন ঘটে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, February 8, 2022

এই কেইটা সংকেত দেখা পালে ঘৰলৈ দেৱী লক্ষ্মীৰ আগমন ঘটে : Assamese Fact

Assamese Fact


সকলো ব্যক্তিয়েই জীৱনত ধনী হবলৈ আশা কৰে। সকলো ব্যক্তিয়ে বিচাৰে তেওঁৰ জীৱনত সকলো সুখ-সুবিধা লাভ কৰাটো। ( Assamese Fact )


পৃথিৱীৰ এটা অপ্ৰিয় সত্য হল যে, যাৰ তাত পইচা আছে, তেওঁক সকলোৱে মানে বা, তেওঁৰ কথা সকলোৱে শুনে। ইয়াৰ বিপৰীতে দুখীয়া মানুহক কোনেও গুৰুত্ব দিব নিবিচাৰে। সেই কাৰণে মানুহে মহা লক্ষ্মীৰ পূজা অৰ্চনা কৰে। তেওঁৰ পৰা সদায়ে ধন সম্পত্তি কামনা কৰে। 


অৱশ্যে মহা লক্ষ্মী সকলোৰে পূজা অৰ্চনাত সন্তোষ নহয়। মহা লক্ষ্মীক সন্তোষ কৰাটো বৰ কঠিন কাম। কিন্তু ইয়াৰ বিপৰীতে যাৰ ওপৰত মহা লক্ষ্মীৰ কৃপা দৃষ্টি পৰে, তেওঁ জীৱনৰ কেতিয়াও দুখত থাকিব নালাগে। মহা লক্ষ্মী য়ে নিজৰে ভক্তৰ পূজাত এদিন নহয় এদিন সন্তোষ হয়। মহা লক্ষ্মী যেতিয়া আমাৰ ঘৰলৈ আহে, তেতিয়া অহাৰ আগে কিবা নহয় কিবা সংকেত দিয়ে। যাৰ ফলত আমি যানিব পাৰো যে, মহা লক্ষ্মী আমাৰ ঘৰত বাস কৰিব। 


তেতিয়া হলে জানো আহক, কি সেই সংকেত আৰু চিহ্ন, যাৰ পৰা আমি যানিব পাৰিম যে, মহা লক্ষ্মীৰ কৃপা দৃষ্টি আমাৰ ওপৰত পৰিছে।


#বহু সংখ্যক লোকে এইটো নাজানে যে, জেঠীক এটা মহালক্ষ্মীৰ ৰূপ বুলি ধৰা হয়। যদি আপোনাৰ ঘৰত, একে ঠাইতে তিনিটা জেঠী দেখা যায়, তেতিয়া সেয়া বহুত শুভ সংকেত বুলি ধৰা হয়। এয়া মহালক্ষ্মীৰ আগমনৰ সংকেত। যদি জেঠীয়ে ইটোৱে সিটোৰ পাছে পাছে যায়, তেতিয়া এইটো সংকেত পোৱা যায় যে, আমাৰ ঘৰলৈ সুখ আৰু উন্নতি আহিব। 


#দিপাৱলী দিনা তুলসীত জেঠী দেখিলে, বহু শুভ বুলি ধৰা হয় আৰু ব্যক্তিয়ে বহুত ধন সম্পত্তি ঘটিব কৰিব পাৰে। যদি এনেকুৱা ধৰণৰ জেঠী দেখে আপুনি তেতিয়া চাউল আৰু সেন্দূৰ জেঠী গাত দিব লাগে। ( Assamese Fact )


#ক'লা ৰংৰ পৰুৱা-

পৰুৱা ৰঙা আৰু ক'লা ৰংৰ থাকে। ৰঙা ৰংৰ পৰুৱা ঘৰত থাকিলে অশুভ বুলি কোৱা হয়। আৰু ইয়াৰ বিপৰীতে ক'লা ৰংৰ পৰুৱা বহু শুভ বুলি কোৱা হয়। জ্যোতিষশাস্ত্র শাস্ত্ৰৰ অনুসৰি ক'লা ৰংৰ পৰুৱাক মহালক্ষ্মীৰ ৰূপ বুলি ধৰা হয়। ঘৰত যদি ক'লা ৰংৰ পৰুৱাই গোল আকাৰ কৰি ঘূৰি থাকে, তাৰ অৰ্থ এয়া যে, ঘৰলৈ মহালক্ষ্মীৰ আগমন হব। যদি তেনেধৰণৰ ঘৰত ক'লা পৰুৱা দেখে, তেতিয়া তাতে সেন্দূৰ আৰু হালধী দিব লাগে। আৰু পৰুৱাক প্ৰণাম কৰি খাবলৈ চেনি আৰু আটা দিব লাগে। 


#শংখৰ ধ্বনি আপুনি দিনত নাইবা সন্ধ্যা শুনে, তেতিয়া সেয়া বহু শুভ বুলি ধৰা হয়। ইয়াৰ অৰ্থ এয়া যে, মহালক্ষ্মী আপোনাৰ ওপৰত বহু বেছি সন্তোষ হৈছে। যাৰ ফলত আপোনাৰ আৰ্থিক সমস্যা লাহে লাহে নাইকিয়া হৈছে। 


#আমাৰ সপোনত আমি কিছু সংকেত পাওঁ,। যাৰ পৰা আমি জানিব পাৰোঁ যে, আমি ধনী হবলৈ গৈ আছো। এই সংকেতবোৰ হল যদি আপুনি সপোনত, কলহ, ঝাৰু, নেউল, সাপ আৰু ফেঁচা, দেখে, তেতিয়া আপুনি নিশ্চিত থাকক। বহু সোনকালে আপোনাৰ জীৱনলৈ ধনৰ আগমন হব। 


#সোঁ-হাতৰ তলুৱাখন যদি খজুৱতি উঠি থাকে, সেইটো হৈছে ধন প্ৰাপ্তি সংকেত। মহালক্ষ্মী আপোনাৰ পূজা অৰ্চনাত সন্তোষ হৈ, আপোনাৰ মনৰ কামনা পূৰ্ণ কৰিব লৈছে। 


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages