বৰ্তমান পৰিস্থিতিৰ লগত খাপ খাবলৈ এই পদ্ধতিবোৰ জনাটো অত্যন্ত প্ৰয়োজনীয় : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, February 17, 2022

বৰ্তমান পৰিস্থিতিৰ লগত খাপ খাবলৈ এই পদ্ধতিবোৰ জনাটো অত্যন্ত প্ৰয়োজনীয় : Assamese Fact

Assamese Fact

 

প্ৰিয় পাঠকসকল আমি জানো যে সূৰ্য আৰু সচাঁ কথাক কেতিয়াও লুকুৱাই থব নোৱাৰি। ( Assamese Fact )


আমাৰ জীৱনলৈও এনেকুৱা কিছুমান সুযোগ আহে যেতিয়া আমাৰ সম্পূৰ্ণ বিশ্বাস থাকে  যে আমাৰ সন্মুখত থকা ব্যক্তিজনে আমাক মিছা কথা কৈছে কিন্তু আমি জানিও একো ক'ব বা কৰিব নোৱাৰে,  কাৰণ সন্মুখত থকাজনে আপোনাক কেতিয়াও নকয় যে প্ৰকৃত সত্যটো কি? এতিয়া  সত্য কথাটো হয়তো তেওঁ জানে বা ওপৰৱালাই । আৰু সন্মুখৰ ব্যক্তিজনে ইয়াৰে সুযোগ লৈ আমাক নচোৱাই থাকে। সেই ব্যক্তিজনে মিছা ক'ব পাৰে, মিছা ক'ব পাৰে বা কাৰোবাৰ মূৰত সপত খাইয়ো মিছা কৈ দিব যে এইটো মিছা কথা। কিন্তু সেইবাবে এইটো ভবি লোৱা  যে তেওঁ শপত খাইছে যেতিয়া সঁচা মাতিছে , এইটো ভবি লোৱাতো সম্পূৰ্ণ মূৰ্খ্যামী। গতিকে কিয়নো আমি নিজৰ মাজতে এনে কিছুমান গুণ বিকাশ কৰি লওঁ যাতে আমি ইমান যোগ্য হৈ যাওঁ যাতে আমি কোনো ব্যক্তিৰ লগত অলপ সময় কথা পাতিয়েই গম পাব পাৰোঁ যে তেওঁ আমাৰ বিশ্বাসৰ যোগ্য হয় নে নহয় বা তেওঁক বিশ্বাসত লোৱা আমাৰ বাবে লাভজনক হ'ব নে নহ'ব। 


মিছা কথা ধৰা পেলোৱা বহুত জৰুৰী আছিল দুনীয়াত। আপুনি যদি কোনোবা কোম্পানীৰ ইন্টাৰভিওৱাৰ তেতিয়া আপুনি প্ৰাৰ্থীজনৰ মিছা কথা ধৰা পেলাবলৈ সক্ষম হ'ব,যদি আপোনাৰ সংগী জনে মিছা মাতিছে তেতিয়া আপুনি তেওঁৰ মিছা ধৰা পেলাবলৈ সক্ষম হ'ব , আপুনি যদি কোনোবা ডাঙৰ পাৰ্তিৰ লগত চুক্তি কৰিবলৈ গৈছে তেতিয়া সন্মুখৰ পাৰ্তিয়ে আপোনাক আকৰ্ষিত কৰিবলৈ যিমানেই কথা নকওঁক কিয় আপুনি তেওঁৰ মিছা কথা ধৰা পেলাবলৈ সক্ষম হ'ব। মই এইটো মানো যে মিছা কথা ধৰা পেলোৱা আপোনাৰ আৰু আপোনাৰ ব্যক্তিত্বৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ, যিটো যদি আপুনি শিকি যায় নহয়, হয় এইটো শিকা কথা যিটো অভ্যাসৰ পৰা আহে আৰু যদি আপুনি এইটো শিকি যায় তেতিয়া জীৱনত কেতিয়াও ঠগণ নাখায়। লাগিলে খাবলৈ খাদ্য কম থাকক, লাগিলে জীৱনত টকা কম থাকক, লাগিলে জীৱনত মৰম কম পাওঁক,বয়স জীৱনত কম থাকক, কাম চলি যাব,  কিন্তু যদি জীৱনত ঠগ খাব লগা হয় তেতিয়া আমাৰ কঁকাল ভাগি   পৰাৰ দৰে হয় আৰু সেই সময়ত মানুহৰ মনলৈ এইটোৱেই আহে যে, যদি মই এইবোৰ আগতেই গম পালোহেঁতেন। আপোনাৰ এই যিটো ষ্টেটমেন্ট যে যদি মই এইবোৰ আগতেই গম পালোহেঁতেন তাক আমি আজি  ১০ মিনিটতেই  এইটো ষ্টেটমেন্টত সলনি কৰি দিম যে এই কথা  কথাটোতো মই আগতেই গম পাইছিলোঁ আৰু মই আগতেই সৰ্তক হৈ গৈছিলো। তেতিয়া কাৰোবাৰ মিছা কথা কেনেকৈ ধৰা পেলাবলৈ সক্ষম হ'ব। 


আজি আমি আপোনালোকক এনেকুৱা ৫ টা গুৰুত্বপূৰ্ণ উপায়ৰ বিষয়ে  উদাহৰণৰ সৈতে কম , যিকেইটা  উপায় শুনাতকৈ বুজি পোৱাটোহে আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ  এই কথাবোৰ আপোনাৰ মনত এটা এটাকৈ বহুৱাই ল'ব লাগিব।এই উপায়বোৰ কোৱাৰ আগতে মই আপোনালোকক এইটো সৰ্তক কৰি দিওঁ যে যদি আপুনি এইবোৰ আগতেই ব্যৱহাৰ কৰি আছে তেতিয়া নিজৰ ৰিক্সত কৰক কাৰণ জীৱনত সম্বন্ধ এটা দ্বিতীয় বাৰ নবনে, আপুনি যি কৰিছে তাত লাভ বা লোকচানো আপোনাৰেই। মই কোনো গাৰেন্টি লোৱা নাই যে এই কথা কেইটাই আপোনাৰ ১০০শতাংশ কাম কৰিব কিন্তু  মই  এইটোকেই বিচাৰিছোঁ যে কাৰোবাৰ লোকচানৰ বাবে নহয় বৰঞ্চ আপোনাৰ লাভৰ বাবে , আপোনাক শুদ্ধ পথ ‌দেখুৱাবৰ বাবে আৰু নিজৰ মনৰ শান্তিৰ বাবে  এই উপায় সমূহ ব্যৱহাৰ কৰক যিটো মই বহুত ৰিচাৰ্ছৰ ফলত আৰু বহুত ঠাইৰপৰা বিচাৰি বিচাৰি আপোনালোকৰ বাবে প্ৰস্তুত কৰিছোঁ।


পদ্ধতি নং ১/মিছাক বঢ়াই শুধক। এতিয়া এইটো আকৌ কি কথা যে মিছা কথা বঢ়াই শুধিলে সন্মুখত থকা ব্যক্তিজনে আমাক সঁচা কৈ দিব । উদাহৰণস্বৰূপে আপোনাৰ বেগত ৫,০০০ টকা পৰি আছিলে আৰু আপুনি এজন বন্ধুৰ লগত ৰূম চেয়াৰ কৰিছে। এদিন ৰাতিপুৱা উঠি আপুনি দেখিলে যে ,তাত মাত্ৰ ৩,০০০টকাহে আছে। অৰ্থাৎ ২,০০০টকা নাই, আৰু সেই ২,০০০টকাৰ বাহিৰে আপোনাৰ এই.টি.এম কাৰ্ডকে ধৰি সকলো থিকেই আছে অৰ্থাৎ যিজনে টকা চুৰ কৰিছে তেওঁ ২,০০০টকাহে মাৰিছে। এতিয়া আপুনি ভাবিছে যে আপোনাৰ লগত যিজনে ৰূম চেয়াৰ কৰিছে অৰ্থাৎ যাক আপুনি নিজৰ বন্ধু বুলি ভাবিছে , তেওঁৱেই হয়তো সেই কামটো কৰিছে, তেতিয়া আপুনি তেওঁক কওঁক যে তুমি মোৰ  ৫,০০০টকা কিয় মাৰিছা, মোৰ এ. টি.এম.কাৰ্ড কিয় মাৰিছা। 


হয়তো তেওঁ ক'ব পাৰে যে মই  চোৰ নাই কৰা বা হয়তো ক'ব পাৰে যে মই তোমাৰ ৫,০০০আৰু  এ.টি.এম কাৰ্ড নাই লোৱা আৰু যদি তেওঁ এই পাৰ্টিকুলাৰ এমাউন্ট অৰ্থাৎ ৫,০০০টকাতোৰ কথা বাৰে বাৰে ব্যৱহাৰ কৰে তেতিয়া জানিব যে ক'ৰবাত নহয় ক'ৰবাত গণ্ডগোল আছে। কাৰণ যদি সন্মুখত থকা ব্যক্তিজনে আপোনাৰ ২,০০০টকা লৈছে তেতিয়া সি বাৰে বাৰে এই কথাটোত জোৰ দিব ,সি নিজকে ভূলভাৱে হ'লেও ক'ব মই তোমাৰ ৫,০০০টকা আৰু এ.টি.এম কাৰ্ড নাই লোৱা , তেতিয়া আপুনি তেওঁক কওঁক যে তেতিয়া কিমান টকা উলিয়াইছা? হয়তো কথাৰ  হেঁচাত তেওঁৰ মুখৰ পৰা সেইটো ওলাই যাব পাৰে,বা হয়তো মানুহে ইমান ডাঙৰ বদনামৰ পৰা বাচিবলৈ সেইটো কৈ  দিব পাৰে যিটো আপুনি তেওঁৰ মুখৰ পৰা উলিয়াব বিচাৰিছে বা কৰাব বিচাৰিছে অৰ্থাৎ যিটো সত্য।


পদ্ধতি নং ২/ ঘটনাৰ চক্ৰক ওলোটা ক্ৰমত সুধিক। চাওঁক কি হয় যে যাৰ পৰা আপুনি সঁচা কথা উলিয়াব বিচাৰিছে তেওঁ নিজৰ মনতেই আগৰ পৰাই এটা কাহিনী তৈয়াৰ কৰি ৰাখে যে মই প্ৰথমে এইটো কৰিলোঁ তাৰ পাছত সেইটো কৰিলোঁ,  তাৰ পাছত আমোকক লগ কৰিলোঁ, তাৰ পাছত তামোকক লগ কৰিলোঁ আৰু ঘূৰি আহিলো । আৰু এই যিটো কাহিনী, সেইটো সম্পূৰ্ণ মুখস্থ কৰি থোৱা থাকে। তেতিয়া আপুনি কি কৰিব নালাগে, আপুনি এবাৰ তেওঁৰ কাহিনী শুনি ল'লে তেতিয়া দ্বিতীয় বাৰ তেওঁক কাহিনী শুনোৱাৰ সুযোগ নিদিব । তেওঁক ওলোটা ক্ৰমত তেওঁৰ কাহিনীৰ স্তেপবোৰ সুধক।যেনে এইটো কোৱা যে তুমি ইয়াৰ অলপ আগত কি কৰি আছিলা, তাৰ আগত কি কৰি আছিলা আৰু ইয়াৰ আগত ক'ত আছিলা আদি। প্ৰশ্ন সুধোতে যদি তেওঁৰ কাহিনী সলনি হৈছে বা তেওঁ সংযোগ কৰিব পৰা নাই  বা তেওঁ বহুত ভাবি কোৱাৰ দৰে উত্তৰ দিয়াৰ অভিনয় কৰিছে কিন্তু তেওঁ আচলতে নিজে সজা কাহিনীত ফচি গৈছে তেতিয়া বুজি যাওঁক মে সাৱধান হোৱাৰ সময় আহি গৈছে কাৰণ হ'ব পাৰে যে সন্মুখৰ ব্যক্তিজনে আপোনাক মিছা কৈছে, কাৰণ সঁচা কথা যিমানেই তিতা নহওঁক কিয় কিন্তু সঁচা কথা কবলৈ কেতিয়াও ভাবিব লগা নহয়,যদি আপুনি সঁচা, তেতিয়া আপুনি একো মনত ৰখাৰ প্ৰয়োজন নহয়। । ( Assamese Fact )


আপুনি মগজুত কোনো জোৰ নিদিয়াকৈয়ে কথাটো কৈ দিব কাৰণ আপুনি সচা আৰু আপোনাৰ লগত সেই ঘটনাটোৰ প্ৰেকটিকেল নলেজ জড়িত হৈ আছে। কাৰণ প্ৰকৃততে সেইটো আপোনাৰ লগত হৈছিলে বা প্ৰকৃততে আপুনি সেই ঘটনাটোৰ লগত জড়িত। গতিকে কথাটো চিধাই সুধা বা ওলোটাই আপুনি তাৰ উত্তৰ দি দিব কিন্তু মিছা কথাত ঘটনাৰ চক্ৰক ওলোটাকৈ সুধিলে ঘটনাৰ  কাহিনী সলনি হোৱাৰ চাঞ্চ থাকে। 


পদ্ধতি নং ৩/সন্মুখৰ ব্যক্তিজনৰ মনত এইটো বহুৱাই দিয়ক যে, তেওঁ যিটোৱেই কৰিছে ঠিকেই কৰিছে আৰু এইটো একো ডাঙৰ কথা নহয়। আপুনিও তেওঁৰ ঠাইত থকা হ'লে তেনেকুৱাই কৰিলেহেঁতেন,এই কথাটো তেওঁৰ মনত বহুৱাই দিয়ক প্ৰথমতে কাৰণ মানুহে মিছা কেতিয়া কয়,যেতিয়া তেওঁৰ বৰ ডাঙৰ লাভ জড়িত থাকে, তাৰ কাৰণে তেওঁ  মিছা ক'ব বা  তেওঁক অপৰাধী বুলি ভাবিব বা বনাই দিয়া যাব  বা হয়তো তেওঁ লাজ পাব বা অপমানিত হ'ব বা মানুহে তেওঁক উপহাস কৰিব ,এই   লাজতে তেওঁ মিছা কয়। এনেকুৱা পৰিস্থিতিত আপুনিও নিজকে তেওঁৰ দৰে হোৱাৰ অভিনয় কৰিব লাগিব ,আপুনি এইদৰে ক'ব লাগিব যে আপুনিও তেনেকুৱাই কৰিছিলে জীৱনত এবাৰ আৰু তাক লৈ আপোনাৰ মনত কোনো সংকোচ নাই  । তেতিয়া সেই মিছলীয়া মানুহজনে ভাবিব যে ইয়াৰ লগতো দেখুন এনেকুৱা হৈছিল আৰু তাক  লৈ ইয়াৰ মনত  দেখুন কোনো সংকোচেই নাই  অৰ্থাৎ মই যিটো ভূল কৰিছোঁ সেইটো দেখুন নিচেই সৰু। মই মিছাতেই ভয় খাইছিলোঁ যে  মই ইমান ডাঙৰ ভূল কৰিলোঁ আৰু যদি আপুনি তেওঁৰ মনত এইটো বহুৱাই দিয়ে যে এইটো বহুত সৰু কথা যিটো তেওঁ কৰিছে তেতিয়া ইয়াৰ পূৰা চাঞ্চ আছে যে  তেওঁ কেতিয়াবা নহয় কেতিয়াবা আপোনাক সঁচা কৈ দিব বা হয়তো হ'ব পাৰে যে সেই মূহুৰ্ততেই কৈ দিব পাৰে। কাৰণ চোৰ চোৰ ভাই ভাইৰ দৰে। গতিকে যদি আপুনি সন্মুখত থকাজনৰ পৰা সঁচা উলিয়াব বিচাৰিছে তেতিয়া আপুনিও তেওঁৰ নিচিনা হোৱাৰ দৰে অভিনয় কৰিব লাগিব, কাৰণ দুজন ব্যক্তি যদি চেইম হয় , তেওঁলোকৰ মাজত বুজাপৰাও ভাল হয়।


পদ্ধতি নং ৪/সন্মুখৰজনক  বেছিকৈ কোৱাৰ সুবিধা দিয়ক আৰু তেওঁৰ বাক্য তেওঁকে পূৰা কৰিবলৈ দিয়ক। এইটো কেনেকৈ সম্ভৱ যে সন্মুখৰ জনক বেছিকৈ ক'লে তেওঁ সঁচা কথা কৈ দিব। আচলতে যদি তেওঁক বেছিকৈ কোৱাৰ চাঞ্চ দিয়ে তেতিয়া তেওঁৰ কথাৰ ষ্টেটমেন্ট সলনি হৈ যোৱাৰ চাঞ্চ থাকে আৰু হ'ব পাৰে তেওঁ এনেকুৱা কিছুমান কথা কৈ দিয়ে যিটো তেওঁ আগতে কোৱা নাছিল বা আগতে কিবা বেলেগ কৈছিলে আৰু এতিয়া বেলেগ কৈছেআৰু ইয়াৰ অৰ্থ এইটো যে আগলেও তেওঁৰ ষ্টেটমেন্ট সলনি হোৱাৰ চাঞ্চ আছে।ই‌য়াতে এইটো সম্ভাৱনা বনি যাব পাৰে যে সন্মুখৰ জনে হয়তো মিছা কৈছে। আৰু এনেকুৱা পৰিস্থিতিত তাৰ ওপৰত বিশ্বাস কৰিবলৈ হয়তো কঠিন হৈ পৰে।যেতিয়া সন্মুখৰ জনক আপুনি প্ৰশ্নৰ উত্তৰ শুনি আছে তেতিয়া তেওঁৰ বাক্য তেওঁকে পূৰা কৰিবলৈ দিয়ক , তেওঁৰ বাক্য আপুনি পূৰা নকৰিব,  আপুনি চুপ চাপ বহি  তেওঁ ৰ বাক্যসমূহ শুনা আৰু তেওঁক নিজকেই পূৰা কৰিবলৈ দিয়ক।  অৰ্থাৎ ধৰিলওঁক  যে তেওঁ ক'লে যে তাৰ পাছত আৰু তেওঁ ৰৈ গ'ল। এনেকুৱা স্থলত আপুনি তেওঁৰ বাক্য পূৰা নকৰিব যে , তাৰ পাছত তুমি তালৈ গৈছিলা নেকি? তেওঁক ভাবিবলৈ দিয়ক আৰু যিমান পাৰে সিমান ক'বলৈ  সুবিধা দিয়ক।যদি আপুনি সন্মুখৰ জনৰ বাক্য পূৰা কৰিবলৈ লাগি যায় তেতিয়াতো তেওঁৰ  বাবে আৰু সহজ হৈ গ'ল মিছা কোৱা আৰু কাহিনী বনোৱাৰ।


পদ্ধতি নং ৫/ সন্মুখৰ ব্যক্তিজনৰ সোনকালে সোনকালে উত্তৰ দিয়া আৰু আচল কথাৰ পৰা সলনি হৈ যোৱা। ধৰিলওঁক যে ক'ৰবাত কিবা গণ্ডগোল হৈ গ'ল আৰু আপোনাৰ কাৰোবাৰ ওপৰত সন্দেহ আছে আৰু আপুনি তেওঁক সুধি পেলালে আৰু তেওঁ তৎক্ষণাৎ উত্তৰ দি দিয়ে যে মইতো এইটো কাম কৰা নাই। মই এই পাৰটিকুলাৰ কামটো কৰা নাই অৰ্থাৎ আপুনিতো তেওঁকতো আপুনি মাত্ৰ এইটোহে সুধিছিলে যে তুমিতো এইটো কাম কৰা নাই আৰু তেওঁ আপোনাক সবিশেষে সকলো কৈ দিলে যে মইতো একো নাই কৰা আৰু মানি লওঁক যে সন্মুখৰ জনে তৎক্ষণাৎ উত্তৰ দি দিছে তেতিয়া মানি লওঁক যে ক'ৰবাত নহয় ক'ৰবাত গণ্ডগোল আছে কাৰণ তেওঁ এনেদৰে উত্তৰ দিছে যেন তেওঁ আগৰ পৰাই সকলো মুখস্থ কৰি থৈছে আৰু যেতিয়া আপুনি মূখ্য কথা লৈ আহিব তেতিয়া তেওঁ এনেকুৱা ব্যৱহাৰ কৰিব যেন তেওঁ একোৱেই কৰা নাই। কথাবোৰ বৰ ধুনীয়াকৈ  ভাঙি পাতি ক'ব কিন্তু তেতিয়া আচল থকালৈ আহিব তেতিয়া এক মূহুৰ্ততে কথাটো শেষ কৰি দিব যে এনেকুৱা একো নহয়। 


অৰ্থাৎ যি মিছা কয় তেওঁ কয় বহুত কিন্তু সঁচা একো নকয়।আলটো ফালটো কথাবোৰহে কথাবোৰ সবিশেষে ক'ব যাতে সন্মুখৰ জনে ভাবে যে তেওঁ তেওঁৰ লগত সহযোগ কৰিছে কিন্তু মূখ্য কথাৰ পৰা জাঁপ মাৰি দিব , তেওঁৰ শৰীৰৰ চাল-চলন সলনি হৈ যাব, অংগী ভংগী কিছু পৰিমাণে সাল-সলনি হৈ যাব , তেওঁৰ মাত সলনি হৈ যাব আৰু হয়তো  আপোনাক গালিও পাৰি দিব পাৰে যে যদি ইয়াৰ পিছত আৰু তুমি কিবা শুনা তেতিয়া মই এইটো কৰি দিম, সেইটো কৰি দিম। অৰ্থাৎ তেওঁক আপুনি সকলো সুধক কিন্তু সেইটো কথা নুসুধিব আৰু তাৰপৰাই সম্ভাৱনা বাঢ়ি যায় যে হয়তো সন্মুখত থকাজনে সেইটো কাম কৰিছে যিটো তেওঁ ক'ব খোজা নাই বা তাৰ বিষয়ে কথা পাতিব খোজা নাই।


এতিয়া আমি গম পালোঁ যে পাঁচটা পদ্ধতিৰ দ্বাৰা আপোনালোকে মিছা কথা ধৰা পেলাবলৈ সক্ষম হ'ব পাৰে। সেইকেইটা হ'ল-১/ মিছা কথাক বঢ়াই কোৱা ২/ ঘটনাৰ ক্ৰমক ওলোটা ক্ৰমত সুধা।৩/ সন্মুখত থকাজনৰ মনত এইটো বহুৱাই দিয়ক যে তেওঁ যি কৰিছে ঠিকেই কৰিছে আৰু আপুনিও তেওঁৰ ঠাইত থকা হ'লে তেনেকুৱাই কৰিলেহেঁতেন।৪/ সন্মুখত থকাজনক পূৰা সুবিধা দিয়ক নিজৰ বাক্য পূৰা কৰাৰ।৫/সন্মুখত থকা ব্যক্তিজনে খুব খৰ খেদাকৈ উত্তৰ দিয়া আৰু মূখ্য কথাৰ পৰা সলনি হৈ যোৱা।


এতিয়া কৰো সকলোতকৈ গুৰুত্বপূৰ্ণ কথা যিটো জনা আপোনালোকৰ বাবে বহুতো জৰুৰী। চাওঁক ভূল কৰা জন দোষী তাত কোনো  সন্দেহ নাই কিন্তু প্ৰত্যেক মানুহৰে এইটো অধিকাৰ আছে যে তেওঁ নিজৰ ভূল এবাৰতে হ'লেও শুধৰাব পাৰে। কাৰণ এটা ভূলৰ বাবে আপুনি কাকো জাৰ্জমেন্ট কৰিব নোৱাৰে তেওঁ বেয়া বুলি ।জাৰ্জমেন্ট কৰক , মই নকওঁ কিন্তু কেতিয়াবা ভূলতে ভূল হৈ যায় আৰু কেতিয়াবা মানুহ বিপদতো পৰি যায় আৰু হ'ব পাৰে কাৰোবাৰ কাৰোবাৰ উদ্দেশ্যও বেয়া, হ'ব পাৰে তেওঁ জানি শুনি কৰিছে বা হয়তো হ'ব পাৰে যে তেওঁ যি কাম কৰিছে  বা কৰিবলৈ গৈ আছে, তাৰ পৰিণতি যে ইমান বেয়া হৈ যাব তেওঁ জনা নাছিল । সেইবাবে মানুহে ভূল কৰি পেলায় আৰু তেতিয়া কোনোবাই ভুল কৰে তেওঁৰ ওপৰত বিশ্বাস কৰিবলৈ অলপ কঠিন হৈ যায় কিন্তু শুধৰণি প্ৰকৃতিৰ নিয়ম আৰু প্ৰত্যেক ব্যক্তিৰে এইটো অধিকাৰ আছে যে তেওঁ নিজকে শুধৰাই, তেওঁক এটা সুবিধা দিয়ক শুধৰণি হোৱাৰ। 


এই জীৱনটো আদালতৰ দৰে নহয় যে প্ৰত্যেক খোজতে আপুনি কওঁক যে তুমি মিছলীয়া, তুমি অশুদ্ধ, তুমি এনেকুৱা কৰিছা,সেনেকুৱা কৰিছা, তুমি শাস্তি পাব লাগে। এইটো জীৱন তাক হয় বাবে জীয়াই থাকিবলৈ শিকক, এক সপোন লৈ জীয়াই থাকিবলৈ শিকক আৰু যি কৰিছে তাক  সাহসেৰে  ক'বলৈ শিক্ষক আৰু যি কৈছে তাক কৰাৰ সাহস ৰাখক । আশাকৰোঁ কথাকেইটাই আপোনালোকক জীৱনত সহায় কৰি আগবাঢ়ি যাবলৈ সহায় কৰিব।



নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো , ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages