এই সংসাৰত আপোনাৰ নিজৰ কোন জানেনে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, February 5, 2022

এই সংসাৰত আপোনাৰ নিজৰ কোন জানেনে : Assamese Fact

Assamese Fact


প্ৰেমটো প্ৰেমেই হয়।যেতিয়া সেই প্ৰেম পত্নীক কৰা হ‌য়, তেতিয়া সি কামনা হৈ পৰে। মানুহে কয় তাৰ কামনা বহুত। ( Assamese Fact )


আকৌ যদি প্ৰেম পইচাক কৰা হয় তেতিয়া সেই প্ৰেমক মানুহে লোভ বুলি কয়। ল'ৰা ছোৱালীৰ প্ৰতি যদি বেছি প্ৰেম ভাৱ উৎপন্ন হয় ,তেতিয়া কোৱা হয় মমতা বা মায়া । 


আকৌ যদি প্ৰেম নিজৰ শৰীৰক লৈ হয় তেতিয়া সেই প্ৰেম মোহ হৈ পৰে। সেই প্ৰেমেই যদি ভগৱানক কৰা হয় তেতিয়া ভক্তি হৈ পৰে।


আকাশৰ পৰা যেতিয়া পানী পৰে সেই পানী পানীয়েই হয়। কিন্তু গংগাত গৈ পৰিলে, সেই পানী গংগা জল আৰু নলাত পৰিলে সেই পানী লেটেৰা হৈ পৰে।


 সেই পানী যদি সাগৰত পৰে মুকুতা হৈ পৰে ।আকৌ সাপৰ মুখত পৰিলে সেই পানী বিষ হৈ পৰে। পানী একেইটায়ে কিন্তু পাত্ৰ বেলেগ বেলেগ।


ঠিক সেইদৰে প্ৰেমটো প্ৰেমেই হয়। কিন্তু পাত্ৰ বেলেগ বেলেগ হৈ গ'লে,তাৰ স্থিতি ও বেলেগ বেলেগ হৈ যায়। এতিয়া আপোনালোকে ভাবক প্ৰেম কাক কৰিব লাগে।


যদি প্ৰেমক বাসনা বনাব বিচাৰে তেতিয়া প্ৰেম সংসাৰক কৰক আৰু যদি ভক্তি বনাব বিচাৰে তেতিয়া ভগৱানক কৰক।


আমি এইটো নকওঁ আনক প্ৰেম নকৰিব ।কৰক কিন্তু বেছিকৈ ভগৱানক কৰক। স্বামী মৰি গ'লে পত্নীয়ে কান্দে,সুধক পত্নীয়ে কিয় কান্দে।পত্নীয়ে এইকাৰণে কান্দে যে এতিয়া মোক কোনে চাব। ( Assamese Fact )


গোটেই পৃথিৱীৰ মানুহে নিজৰ স্বাৰ্থ কাৰণে কান্দে আৰু আমি ভাবো আমাৰ কাৰণে কান্দিছে। সেই কাৰণে যিমান পাৰে প্ৰেম ভগৱানক কৰক।এই সংসাৰখনৰ মানুহ পইচাৰে সুখত থাকে। 


এওঁলোকে অকল স্বাৰ্থ কথা ভাবে। সচাঁ প্ৰেম ভগৱানক কৰক। সেইটোৱেই আপোনালোকৰ বাবে ভাল । কৃষ্ণই প্ৰেম আৰু প্ৰেমেই কৃষ্ণ।আমি এইটো নাই কোৱা যে নিজৰ কৰ্তব্য আৰু দায়িত্ব পালন নকৰিব।


কৰ্তব্য আৰু দায়িত্ব পালন কৰিব লাগে। এজনী মাকৰ দুটা ল'ৰা থাকিলে,যিটোৱে বেছি ইনকম কৰে মাকে সেইটোক বেছি মৰম কৰে।মাকেও স্বাৰ্থত মৰম কৰে। 


এই সংসাৰৰ মানুহে মানুহৰ প্ৰেমৰ মূল্য বুজি নাপায়। ভগৱানক প্ৰেম কৰক কল্যাণ হ'ব।মীৰাবাঈ ভগৱানক প্ৰেম কৰিছিল সেই কাৰণে তেওঁ অমৰ হৈ পৰিল।


 তুলসী দাসে ও নিজৰ পত্নীক বহুত প্ৰেম বা মৰম কৰিছিল। শেষত পত্নীয়ে তেওঁক ক'লে যিমান প্ৰেম বা মৰম মোক কৰে সিমান প্ৰেম বা মৰম ৰামক কৰা হ'লে আপোনাৰ কল্যাণ হ'ল হেঁতেন।


তুলসী দাসে পত্নীৰ এই কথাটো গুৰু মন্ত্ৰ বুলি ভাবি ল'লে আৰু ভগৱানকো প্ৰেম কৰিবলৈ ধৰিলে। যিমান ভাল মানুহক পায়, সিমান ভাল ভগৱানক পাবলৈ শিকি লওঁক।


 ভগৱানেহে প্ৰেমৰ মূল্য দিব পাৰে। পত্নী, ল'ৰা ছোৱালী সকলোকে মৰম কৰক , দায়িত্ব লওঁক। কিন্তু সিমান মৰম ভগৱানকো কৰক। 


কাৰণ এই পৃথিৱীত কৃষ্ণহে নিজৰ আন কোনো নিজৰ নহয় । কাৰণ এদিন নহয় এদিন সকলোৱে এৰি যাবয়ে কিন্তু কৃষ্ণয়ে কেতিয়াও নেৰে।



নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages