কেৱল কথা পাতিয়ে কাৰোবাৰ অন্তৰ জয় কৰাৰ বিশেষ পদ্ধতি : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, February 20, 2022

কেৱল কথা পাতিয়ে কাৰোবাৰ অন্তৰ জয় কৰাৰ বিশেষ পদ্ধতি : Assamese Fact

 Assamese Fact


প্ৰিয় পাঠকসকল আজি আমি জানিম কিদৰে কথাৰ জৰিয়তেই আমি কাৰোবাৰ অন্তৰ জয় কৰিব পাৰো। ( Assamese Fact )


আমি কিদৰে কথা পাতিম যে আমাৰ সন্মুখত থকা ব্যক্তিজনে আমাৰ কথা ভাবিবলৈ বাধ্য হৈ যায় আৰু আমাক অন্য জনতকৈ ভাল আৰু উপযুক্ত বুলি ভাবে। চাওঁক বন্ধুসকল, যদি আপুনি কাৰোবাৰ অন্তৰ জয় কৰি লয় তেতিয়া আপুনি সেই ব্যক্তিজনৰ পৰা কোনো কাম  কৰোৱাটো টান হৈ নাথাকিব। আজি আপোনালোকক যিবিলাক কথা কম সেইবিলাক আপোনালোকে নিজৰ মগজুত  বহুৱাই লওঁক আৰু আগলৈ যদি কোনো ব্যক্তিক লগ পায়, তেওঁৰ ওপৰত সেই  উপায়সমূহ ব্যৱহাৰ কৰক। চাওঁক আপোনাৰো কোনোবা ব্যক্তিক ভাল লাগে আৰু  সেই ব্যক্তিজন বাৰু আপোনাৰ কিয় ভাল লাগে  ? তেওঁৰ ওচৰত বহুত টকা থকাৰ বাবে আপোনাৰ ভাল লাগে নেকি?নে  তেওঁ পি.এইচ.ডি.কৰি থোৱাৰ বাবে আপোনাৰ ভাল লাগে আৰু হয়তো এইকাৰণে ভাল লাগে যে তেওঁ আপোনাৰ চকুত আৰু ৰিয়েলত ভাল মানুহ।এই যিটো আমাৰ মগজু,সি ভাল  আৰু বেয়াৰ কেনেকৈ  সিদ্ধান্ত কৰে ,যদি আপুনি এইটো বুজি পাই যায় নহয় ,তেতিয়া আপুনি মই কোৱা কথা কেইটা  বুজি পাবলৈ সক্ষম হব বুলি জানিব পাৰিম আৰু আপুনি  গম পাব যাব যে কোনবোৰ কথাৰ বাবে মানুহে আপোনাক ভাল বা বেয়া পায়। 


যদি আপুনি কাৰোবাৰ অন্তৰ জয় কৰিব বিচাৰিছে তেতিয়া এইটো গুৰুত্বপূৰ্ণ নহয় যে আপুনি কি কৰে বা কেনেকুৱা দেখে ,বৰঞ্চ এইটোহে গুৰুত্বপূৰ্ণ যে আপুনি তেওঁৰ লগত কেনেধৰণৰ ব্যৱহাৰ কৰে। আপোনাৰ যিটো কথা পতাৰ ভংগী তাৰ ওপৰতে সকলো নিৰ্ভয় কৰে। আজি মই আপোনালোকক এনে পাচঁটা উপায়ৰ বিষয়ে কম , যিকেইটা উপায় ব্যৱহাৰ কৰি আপুনি মানুহৰ অন্তৰ জয় কৰিব পাৰিব।

 

পদ্ধতি নং ১/চাওঁক বন্ধুসকল ,আপুনি মানি লওঁক যে সন্মুখৰ ব্যক্তিজন লাগিলে যিয়েই নহক  কিয় ,তেওঁৰ আপোনাৰ ওপৰত কোনো আকৰ্ষণ নাই। এই কথাটো অলপ হ'লেও সঁচা  যে ,আপুনি  যাৰ অন্তৰ জয় কৰিব বিচাৰিছে তেওঁৰ আপোনাৰ ওপৰত কোনো আকৰ্ষণ নাথাকে। তেওঁ জানিব নিবিচাৰে আপোনাৰ নাম কি বা আপোনাৰ কাম কি? আপুনি কিমান উপাৰ্জন কৰে,ক'লৈ যায়, ক'ত কান্দে, ক'ত ফুৰে, ক'ত আপুনি সময় ব্যয় কৰে। আপুনি এইটোৱেই মানি চলিব লাগিব যে ,কাৰোৰেই আপোনাৰ ওপৰত কোনো আগ্ৰহ নাই। আপুনি এইটো কওঁক যে ,আপোনাৰ কিমান আগ্ৰহ আছে আনৰ ওপৰত ? কাৰোবাৰ জীৱনক লৈ আপোনাৰ প্ৰভাৱ পৰে নেকি? সেইদৰে কাৰো কোনো আগ্ৰহ নাই আপোনাৰ ওপৰতো। এতিয়া আপুনি তেওঁক লৈ আগ্ৰহী হ'ব বিছাৰে নে নিবিচাৰে সেইটো আপুনি চাওঁক। তেওঁ এইটো কথাটো কোনো  আগ্ৰহী নহয় যে আপুনি কিমান কষ্ট কৰিছে আৰু ভবিষ্যতে ডাঙৰ মানুহ হ'ব গৈ আছে। এতিয়া আপুনি ভাবিব, তেতিয়া হ'লে মানুহ কি কথাক লৈ  আগ্ৰহী হয়। তাৰ উত্তৰ হ'ল তেওঁলোক কেৱল নিজক লৈ আগ্ৰহী, তেওঁলোক কেৱল নিজৰ কামক লৈ আগ্ৰহী, তেওঁলোক কেৱল নিজৰ নামক লৈ আগ্ৰহী, তেওঁলোক কেৱল নিজৰ স্বাৰ্থক লৈ আগ্ৰহী। এইটোৱেই চিৰ সত্য আৰু এই কথাটোৰেই আপুনি সুবিধা ল'ব লাগে, আপুনি তেওঁৰ ওপৰত নিজৰ আকৰ্ষণ দেখুৱাব লাগে। তেওঁ যিয়েই কাম কৰিছে তাত নিজৰ আগ্ৰহ দেখুৱাব লাগে, লাগিলে তেওঁ দেখিবলৈ যেনেকুৱাই নহওঁক কিয়, তেওঁক এইটো দেখুৱাব লাগে যে তেওঁ দেখাত বৰ সুন্দৰ।এই কলিযুগত এনে কোন মানুহ আছে যি নিজৰ সৰু গুণ এটা গাই দিলেও আনন্দিত নহ'ব।হ'ব মোৰ বন্ধু ,আনন্দিতওঁ হ'ব আৰু আকৰ্ষিতও হ'ব। তেতিয়া কি যায় আপোনাৰ এইটো কৈ দিয়াত যে আজি তোমাক ইমান ধুনীয়া লাগিছে। "মেইক ডেম   ওইল ডা স্পেচিয়েল।"  তেওঁক স্পেচিয়েল ফিল কৰাওঁক। এতিয়া বহুতে ক'ব যে মই আকৰ্ষণ কৰিবলৈ শিকাইছো নে তেল দিব শিকাইছো। চাওঁক এইটো ইম্পেচনেই আৰু ইয়াত আপোনাৰ কি ভূল যে সন্মুখৰ ব্যক্তিজন তাতেই সন্তুষ্ট হৈছে। তেতিয়া এইটোতো তাৰ  সমস্যা, আপোনাৰতো  টেলেন্টেই। তেতিয়া ১নং পদ্ধতিটো হ'ল" চৌ ডা ইন্টাৰেষ্ট। "সন্মুখৰ জনৰ ওপৰত ৰুচি দেখুৱাওঁক।


দ্বিতীয় পদ্ধতিটো হ'ল" ডু ইউ ৰেচপেক্ট।" যদি আপোনাৰ মনত কিবা আছে কিন্তু আপুনি সন্মুখৰ জনৰ ওচৰত শালীনতাৰে কথা কৈছে তেতিয়া তেওঁ আপোনাক ভাল বুলিয়েই ভাবিব।যদি আপুনি কাৰোবাৰ লগত কথা পাতিছে তেতিয়া তেওঁক সন্মান দিবলৈ শিকক, মানুহ  পিয়াহতকৈ সন্মানৰ ভোকাতুৰ হয়। চাওঁক এই পৃথিৱীত বিভিন্ন ধৰণৰ লোক আছে। কোনো কোনো মানুহটো এনেকুৱা আছে  যে তেওঁ সন্মুখৰ জনৰ কথা শুনাৰ আগতেই নিজৰ কথা আৰম্ভ কৰি দিয়ে অৰ্থাৎ আপুনি তেওঁৰ কথা শুনাৰ আগতেই তেওঁৰ কথা কাটি দিলে , ইয়াত আপুনি তেওঁক ক'তনো সন্মান দিলে। উদাহৰণ স্বৰূপে সন্মুখৰ জনে মুখেদি মাত্ৰ চিংৰা বুলি কৈছিলহে আৰু আপুনি তেওঁৰ কথা কাটি কৈ দিলে যে চিংৰা আপোনাৰ বৰ ভাল লাগে। আৰে ভাই তেওঁতো ক'ব বিচাৰিছিল যে চিংৰা তেওঁ বেয়া পায়। গতিকে হৈ গ'ল নে  আপোনাৰ বেড ইমপ্ৰেচন্। অৰ্থাৎ কথা কটাতো এটা বৰ ডাঙৰ নিগেটিভ পইন্ট। যদি আপুনি কাৰোবাৰ অন্তৰ জয় কৰিব বিচাৰিছে তেতিয়া তেওঁৰ কথাসমূহ ধ্যান দি পূৰা শুনিব লাগিব , লাগিলে তেওঁ কোনো ক্ষেত্ৰত অলপ বেলেগ বা অলপ ভূল। কিন্তু আপুনি তেওঁক নকব যে ইউ আৰ ৰংগ আৰু সেই সময়তটো একদম নকব যেতিয়া আপুনি তেওঁৰ অন্তৰ জয় কৰিব  বিচাৰিছে। কিন্তু যদি আপুনি ভূল, তেতিয়া তাক শালিনতাৰে স্বীকাৰ কৰক। মৌৰ এক টোপালে  যিমান মানুহক আকৰ্ষিত কৰিব পানী ১ লাখ লিটাৰেও সিমান আকৰ্ষিত কৰিব নোৱাৰে। চাওঁক মিঠা বনক। আপুনি এইটো জাৰ্জ কৰিব লাগিব যে সন্মুখৰ জনে কেনে ধৰণৰ কথা কৈছে , নিজৰ ভিতৰতে কৰক, তেওঁৰ যিটো পচন্দ , সেইটোৱেই আপোনাৰ ডাঙৰ অস্ত্ৰ। ধৰি লওঁক যে, তেওঁ ক্ল'ড কফি বৰ ভাল পায়, তেতিয়া আপুনিও ক'ব পাৰে যে আপুনিও ক্ল'ড কফি বৰ ভাল পায়। তেতিয়া কি আপোনালোক দুয়োজনে কেতিয়াবা ক'ৰবাত ক্ল'ড কফি খাবলৈ যাব পাৰে,বা কেতিয়াবা একেলগে বহি ক্ল'ড কফি খোৱা পছন্দ কৰিব আৰু যদি সঁচাকৈয়ে তেনেকুৱা  হয় , তেতিয়া আপুনি ইয়াৰ পৰায়েই এটা সুবিধা পাব এটা যোগাযোগ স্থাপন কৰাৰ। তেতিয়া ২নং পদ্ধতিটো হ'ল "গিভ ৰেষ্টপেক্ট।"সন্মুখৰ জনক সন্মান দিয়ক বা দিবলৈ শিকক।  ( Assamese Fact )


৩নং পদ্ধতিটো হ'ল" ইউজ্ ডেয়াৰ নেইম,এন্ বিটোইন্"। তেওঁৰ নাম মাজে মাজে ব্যৱহাৰ কৰক। বন্ধুসকল যেতিয়া আপুনি সন্মুখৰ জনৰ লগত কথা পাতে তেতিয়া তেওঁক আকৰ্ষিত কৰিবলৈ মাজে মাজে তেওঁৰ নামো ব্যৱহাৰ কৰক। চাওঁক মানুহে বৰ ভাল পায় যদি কোনোবাই মাজে মাজে মুখেৰে তেওঁৰ নাম লয়। ধৰি লওঁক যে, সন্মুখৰ জনৰ নাম সুনিল। তেতিয়া আপুনি ক'লে যে সুনিল চাহ খাব, বতৰ বৰ ভাল। আকৌ ১০মিনিটৰ পাছত কৈ দিয়ক যে সুনিল  আপুনি  কেতিয়াবা জয়পুৰ গৈছেনে? আকৌ যাবৰ সময়ত কৈ দিয়ক ,থিক আছে আহিছোঁ, আপোনাৰ লগত কথা পাতি বৰ ভাল লাগিলে  সুনিল, আপুনি বৰ ভাল মানুহ। চাওঁক  যেতিয়া আপুনি কাৰোবাৰ লগত কথা পাতে তেতিয়া তেওঁৰ ওচৰতে তেওঁৰ নাম লওঁক , তেওঁৰ নিজৰ নামটো শুনি  তেওঁৰ স্বৰ্গৰ অমৃতৰ দৰে অনুভৱ হব আৰু তেওঁৰ আপোনাৰ লগত নিজৰ দৰে অনুভৱ কৰিব।যেতিয়া আপুনি কোনো অচিনাকী ব্যক্তিক লগ পাব তেতিয়া তেওঁক তেওঁৰ নাম নিশ্চয় শুধিব আৰু যদি আপুনি কাৰোবাৰ নাম আগতেই জানে আৰু তেওঁ  আপোনাৰ লেভেলৰ  যে ,আপুনি তেওঁৰ নাম ল'ব পাৰে তেতিয়া লওঁক,শ তেওঁৰ মিঠা মিঠা নাম।চাব যাদু হৈ যাব আৰু যদি আপোনাৰ সম্ভৱ হয় তেওঁৰ নামৰ উপৰিও সৰু সৰু  পাৰচনেল ডিটেইলো জনাৰ প্ৰয়াস কৰক ।যেনে তেওঁৰ ওচৰত গাড়ী কোনখন আছে, তেওঁৰ ভাইৰ কি নাম? 

তেতিয়া এইয়া আছিলে পদ্ধতি নং ৩। অৰ্থাৎ "ইউচ ডেয়াৰ নেইম এন্ বিটোইন্। "অৰ্থাৎ সন্মুখৰ জনৰ নাম মাজে মাজে ব্যৱহাৰ কৰক।


পদ্ধতি নং ৪/"অল ওৱেছ স্মাইল অন্ বি চাৰমিংগ।" সদায়েই হাঁহি থাকক আৰু আনন্দত থাকক। চাওঁক আপোনাৰ কন্দা মানুহ কিমান পচন্দৰ আৰু হাঁহি ধেমালি কৰা বা সকলোকে হঁহোৱা মানুহ কিমান পচন্দৰ। এজন মানুহ হোৱাৰ বাবে সকলো ব্যক্তিয়ে কন্দাতকৈ হাঁহি বেছি ভাল পায়। লাগিলে আপুনি কান্দি ভাল পায় কিন্তু মানুহেটো সেইজনকহে পচন্দ কৰিব , যিজনে কথাৰ মাজে মাজে নাকান্দে। আপুনিও সেইজন লোককহে পচন্দ কৰিব যিজনে হাঁহি ধেমালি কৰি থাকে,  সময়তো গহীন নবনাই।যদি আপুনি কাৰোবাক লগ কৰিছে তেতিয়া কাৰো বদনাম নকব,কাৰোৰে নক'ব। ন'হলে  তেওঁ ভাবিব যে কি গাৰেন্টি আছে যে এওঁ অন্যৰ ওচৰত মোৰ বদনাম নাগাব।বদনামৰ লগতে অভিযোগো নকৰিব কাৰোঁ। তেতিয়া হ'লে এইটো আছিল পদ্ধতি নং ৪ ,"অল ওৱেছ স্মাইল অন্ বি চাৰমিংগ। "সদায়েই হাঁহি থাকক, কৌতুক কৈ থাকক আৰু আনন্দত থাকক।

পদ্ধতি নং ৫/"চৌ কনফিডেন্ট অন্ ফিল ডা পজিটিভিটি ইন ডেয়াৰ লাইফ"। অৰ্থাৎ আপুনি কনফিডেন্ট হৈ থাকিব লাগিব  আৰু এইদৰে কথা পাতিব লাগিব যে  আপুনি তেওঁৰ জীৱনত  পজিটিভিটি ভৰাই তুলিছে। চাওঁক বন্ধুসকল যদি আপুনি কাৰোবাৰ অন্তৰ জয় কৰিব বিচাৰিছে তেতিয়া আপোনাৰ কথা বতৰা আৰু চাল চলনত এক প্ৰকাৰৰ পজিটিভ এটিটিউড থাকিব লাগিব আৰু এই কনফিডেন্ট আৰম্ভ হয় তেতিয়া ,যেতিয়া আপুনি তেওঁৰ ওচৰলৈ যায়,সেই সময়ৰ পৰায়েই। আপুনি যেতিয়া তেওঁৰ লগত হাই-হেল্ল' কৰে তেতিয়া আপোনাৰ দৃষ্টি সন্মুখত থাকিব লাগিব আৰু চেহেৰাত কোনো ধৰণৰ চিন্তা থাকিব নালাগিব ।যদি ভিতৰৰ পৰা ভয়ো খাইছে, তেতিয়া ভাবক যে কি হ'ব,একো নহয়! সন্মুখৰ জন কোনো এলিয়নটো নহয়, মানুহহে আৰু আপুনিওতো এলিয়ন  নহয় , মানুহহে। তেতিয়া কি ভয় কৰিব লগা আছে দুয়োজনেই মানুহহেই। গতিকে পোনে পোনে যাওঁক আৰু নিজৰ ওপৰত প্ৰাউড্ ফিল কৰক । যদি আপুনি কোনো প্ৰশ্নৰে কথা আৰম্ভ কৰিব বিচাৰিছে তেতিয়া সেই কথা পজিটিভ আঞ্চাৰত আৰম্ভ কৰক, ইয়াৰ প্ৰভাৱ পৰে।যেনে এইটো নকব যে আজিৰ বতৰ ভাল, বৰঞ্চ যদি বতৰ ভাল তেতিয়া তেওঁক সুধক যে তেওঁ আজিৰ বতৰটো কেনেকুৱা পালে। তেতিয়া এইটো আছিল পদ্ধতি নং  পাঁচ যে "চৌ কনফিডেন্ট অন্ ফিল  ডা পজিটিভিটি ইন ডেয়াৰ লাইফ"। অৰ্থাৎ কনফিডেন্ট থাকক আৰু  যদি কথা পাতে তেতিয়া সেই কথাৰে তেওঁৰ ভিতৰত পজিটিভিটি ভৰাই তোলক। 


এতিয়া মই পদ্ধতিসমূহ আকৌ এবাৰ কৈ দিছো। পদ্ধতি নং ১/" চৌ ইন্টাৰেষ্ট।"তেওঁৰ ওপৰত ৰুচি দেখুৱাওঁক।  পদ্ধতি নং ২/"গিভ ৰেষ্টপেক্ট।" তেওঁক সন্মান দিবলৈ শিকক ।পদ্ধতি নং ৩/"ইউচ ডেয়াৰ নেইম এন্ বিটোইন্।" যেতিয়া আপুনি কথা পাতে তেতিয়া মাজে মাজে তেওঁৰ নামতো ব্যৱহাৰ কৰক। পদ্ধতি নং ৪/" অল ওৱেছ স্মাইল অন্ বি চাৰমিংগ"। সদায় হাঁহি থাকক আৰু আনন্দত থাকক। পদ্ধতি নং ৫/"চৌ কনফিডেন্ট অন্ ফিল ডা পজেটিভিটি, ইন ডেয়াৰ লাইফ।" অৰ্থাৎ  কনফিডেন্ট থাকক আৰু আপোনাৰ কথাৰ পৰা তেওঁৰ জীৱনত পজিটিভিটি  ভৰাই তোলক। 

এইকেইটাই আছিল পাচঁটা উপায় ,যাৰ মাধ্যমত আপুনি মানুহৰ অন্ত জয় কৰিবলৈ সক্ষম হ'ব পাৰিব।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো , ধন্যবাদ। 

1 comment:

  1. Las Vegas Casino - GoyangFC
    At the 벳 365 우회 접속 heart of the Strip is MGM Grand. This hotel features over 3,500 마라톤 벳 rooms, 벳365주소 suites, 피망 포커 현금화 over 650 gaming tables and exciting entertainment. Each room is deluxe

    ReplyDelete

Advertisement

Pages