এই কামসমূহ ৰাতিপুৱা কৰিলে আপোনাক ধনবান হোৱাটো নিশ্চিত : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, February 23, 2022

এই কামসমূহ ৰাতিপুৱা কৰিলে আপোনাক ধনবান হোৱাটো নিশ্চিত : Assamese Fact

Assamese Fact


ৰাতিপুৱা সময়ত নকৰিব‌ এই তিনিটা বস্তুৰ দান ।অন্যথা বহুত লোকচানৰ সন্মুখীন হ'ব।লগতে আজি আপোনালোকক কম এনেকুৱা কিছুমান কাৰ্যৰ বিষয়ে যিবোৰ আপুনি ৰাতিপুৱা সময়ত কৰিলে আপোনাৰ ধনবান হ'বলৈ কোনেও ৰখাব নোৱাৰে।  ( Assamese Fact )



ভগৱান কৃষ্ণয়েই কয় যে মানুহে এই দুটা বস্তু কেতিয়াও দান কৰিব নালাগে। আজি আমি আপোনালোকক দূৰ্ভাগ্য দূৰ কৰা কিছুমান কথা কম। 


আপুনি জানেনে যে কিছুমান বস্তু আমি দান কৰিব নোৱাৰোঁ। কাৰণ ভগৱান কৃষ্ণৰ অনুসৰি এই দুটা বস্তু দান কৰিলে আপুনি বৰবাদ হৈ যাব পাৰে। কিছুমান বস্তু এনেকুৱাও আছে যিবোৰ আপুনি ৰাতিপুৱা সময়ত দান কৰিব নালাগে। 


যদি আপুনিও ঘৰত সুখ- সমৃদ্ধি আৰু ঘৰত মা লক্ষ্মীয়ে বাস কৰাতো বিচাৰে তেতিয়া  শাস্ত্ৰৰ অনুসৰি ৰাতিপুৱা সময়ত আপুনি ও কিছুমান কাম কৰিব লাগে।ভগৱান কৃষ্ণয়ে কয় যে ভাল কামৰ ফল ভালেই পাই আৰু বেয়া কামৰ ফল বেয়া। 


সেই কাৰণে সংসাৰত মানুহেৰ বাবে কিছুমান নিয়ম বনোৱা হৈছে। যিবোৰ পালন কৰিলে মানুহে সকলো প্ৰকাৰৰ সুখ‌ পাব পাৰে। 


সেই কাৰণে  আজি আমি আপোনালোকক কম  সদায় ৰাতিপুৱা উঠি এনেকুৱা তিনিটা কি কাম আছে যিটো কৰিলে মানুহৰ জীৱনৰলৈ সুখ- সমৃদ্ধি আহে। তেওঁলোকৰ জীৱনৰ পৰা দৰিদ্ৰতা আৰু নকাৰাত্মকতা আতঁৰি যায়।


১.ৰাতিপুৱা শুই উঠি, দুয়োখন হাত ঘঁহি, তাৰ দৰ্শন কৰি। এই মন্ত্ৰটো গাব লাগে।কাৰাগৰে বচতে লক্ষ্মী,কৰমধ্যে সৰস্বতী,কৰমূলেটো গোবিন্দ প্ৰভাতেই দৰ্শনমঃ । ইয়াৰ অৰ্থ হ'ল হাতৰ আগৰ ভাগত লক্ষ্মীৰ বাস মধ্যভাগত সৰস্বতীৰ আৰু  হাতৰ শেষত ভগৱান কৃষ্ণ অৰ্থাৎ গোবিন্দৰ বাস। সেই কাৰণে প্ৰতিদিনে হাতৰ দৰ্শন কৰিলে মা লক্ষ্মী, সৰস্বতী আৰু ভগৱান কৃষ্ণ আশীৰ্বাদ প্ৰাপ্ত হয়।প্ৰতিদিনে এনেকুৱা কৰিলে ব্যক্তিৰ জীৱনৰ পৰা দুখ আতঁৰ হৈ যায়। কল্যাণৰ মাৰ্গ খোল‌ খাই যায় আৰু ব্যক্তিয়ে জীৱনত সফলতা অৰ্জন কৰে।



২.ৰাতিপুৱা গা ধুই অহাৰ পাছত তুলসী গছৰ দৰ্শন কৰিব লাগে। জল অৰ্পণ কৰিব লাগে আৰু তুলসী মাৰ পূজা কৰিব লাগে। ইয়াৰ ফলত আপোনাৰ জীৱনৰ নেতিবাচক প্ৰভাৱবোৰ আঁতৰ হৈ যাব। আপোনাৰ জীৱনটো সুখ- সমৃদ্ধিৰে ভৰি পৰিব। ( Assamese Fact )



৩. ভগৱান কৃষ্ণয়ে কয় যে মানুহে ৰাতিপুৱা সদায় সূৰ্যদেৱক জল অৰ্পণ কৰিব লাগে।সূৰ্যদেৱে সমস্ত পৃথিৱীকে শক্তি প্ৰদান কৰে। সেই কাৰণে ৰাতিপুৱা সদায় সূৰ্যদেৱৰ উপাসনা কৰিলে মানুহৰ জীৱনৰ পৰা নকাৰাত্মকতা আঁতৰি যায়।



৪.ভগৱান কৃষ্ণয়ে কয় যে মানুহে ৰাতিপুৱা সদায় ব্ৰহ্ম মহূৰ্তত সাৰ পাব লাগে। বিশেষকৈ ঘৰৰ মহিলা সকলে এইসমূহ কথা ধ্যান দিব লাগে।ব্ৰহ্ম মহূৰ্তৰ পৰা ৰাতিপুৱা ৭ বজালৈ নিজকে ঈশ্বৰৰ ভক্তিত মুগ্ধ কৰি ৰাখিব লাগে। তাৰ পিছতহে বেলেগ কাম আৰম্ভ কৰিব লাগে। সেই কাৰণে মানুহে ৰাতি সোনকালেই শুই থাকিব লাগে। ৰাতি শুৱাৰ সময়ত নিজৰ মূৰটো পূৰ্ব বা দক্ষিণ দিশে দিহে শুৱ লাগে। ইয়াৰ দ্বাৰা আয়ু বৃদ্ধি হয় আৰু মানুহৰ ভাল টোপনি আহে। শাস্ত্ৰৰ অনুসৰি সন্ধিয়াৰ পিছত কেতিয়াও ভোজন গ্ৰহণ কৰিব নালাগে। এনেকুৱা কৰাটো অশুভ।



৫. ৰাতিপুৱা উঠি যেনেকৈ আপুনি গা ধুই শুদ্ধ হৈ যায়।তেনেকে  ৰাতিপুৱা সদায় ঘৰৰ মুখ্য দুৱাৰো চাফ-চিকুণ কৰিব লাগে। ইয়াৰ দ্বাৰা মা লক্ষ্মী প্ৰসন্ন হ'ব আৰু আপোনাৰ ঘৰত  প্ৰসন্ন হৈ প্ৰৱেশ কৰিব। যদি আপোনাৰ জীৱনত শত্ৰুৰ সংখ্যা বহুত আৰু আপুনি যদি কমাব বিচাৰে তেতিয়া সপ্তাহত এদিন নিমখ পানীৰে ঘৰ চাফ-চিকুণ কৰিব লাগে। এনেকুৱা কৰিলে আপোনাৰ সকলো শত্ৰুৰ নাশ হৈ যাব। যদি আপুনি বিচাৰে সদায় আপোনাৰ স্বাস্থ্য ভালেই থকাতোঁ তেতিয়া ৰাতি তামৰ বাচন পানী ভৰাই থওঁক আৰু ৰাতিপুৱা খালি পেটত সেই পানী সেৱন কৰক। ইয়াৰ ফলত আপোনাৰ পেট চফা হৈ থাকিব আৰু বেমাৰো কম হ'ব।



৬. ঈশ্বৰৰ পিছত দ্বিতীয় স্থান মা-দেউতাৰ হয়। সেই কাৰণে সদায় মা-দেউতাৰ ভৰিত ধৰি আশীৰ্বাদ ল'ব লাগে। ৰাতি তেওঁলোকৰ সেৱা কৰা পিছতহে শুব লাগে। এনেকুৱা কৰিলে মা-দেউতাৰ আশীৰ্বাদ প্ৰাপ্ত হয় আৰু  ভগৱানেও এনেকুৱা মানুহৰ ওপৰত বহুত প্ৰসন্ন হয়। কাৰণ ভগৱান সকলোৰে ঘৰলৈ যাব নোৱাৰে। সেই কাৰণে তেওঁ মা-দেউতাক বনাইছে। যাতে তেওঁৰ কৃপা আপোনাৰ মা-দেউতাৰ মাধ্যমেৰে আপোনাৰ ওপৰত থাকে। সেই কাৰণে সদায় মা-দেউতাৰ আদাৰ আৰু সন্মান কৰক।



৭. চেষ্টা কৰক সদায় এটা ৰুটি গৰুক খোৱাবলৈ। ইয়াৰ ফলত আপোনাৰ ঘৰত ধনৰ অভাৱ নহয়। শেষৰ ৰুটিটো কুকুৰক খোৱাৰ লাগে ।কুকুৰক ৰুটি খাবলৈ দিয়াটো শাস্ত্ৰৰ বহুত শুভ বুলি গণ্য কৰা হয়।ইয়াৰ ফলত মানুহৰ জীৱনলৈ আহিব লাগিয়া সকলো সমস্যা আৰু নকাৰাত্মকতা নাশ হৈ যায়। 


এতিয়া জানো আহঁক কি সেইকেইটা বস্তু যি আপুনি ৰাতিপুৱা কেতিয়াও দান কৰিব নালাগে


১. ভোজন। ৰাতিপুৱা যদি আপুনি ভোজন দান কৰিব বিচাৰে তেতিয়া নতুনকৈ ভোজন বনাইহে দান কৰিব লাগে। বহুবাৰ মানুহে ৰাতি থাকি যোৱা ভোজন দুখীয়া মানুহৰক দান দিয়ে। আগদিনা ভোজন আপুনি যদি কাৰোবাক দিয়ে তাক দানৰ নাম নিদিব। এটা কথা মনত ৰাখিব এনেকুৱা খাদ্য যিবোৰ কোনেও খাব নোৱাৰে , তেনেকুৱা খাদ্য কাকো খাবলৈ দিব নালাগে। এনেকুৱা ভোজন ৰাতিপুৱা সময়ত দান কৰিলে আপুনি পুণ্যৰ সলনি পাপৰহে সহভাগি হ'ব।



২. ৰাতিপুৱা সময়ত অন্নৰ দান। বহুত মানুহে ৰাতিপুৱা সময়ত চাউল,আটা দুখীয়া মানুহক দান‌ দিয়ে। কোনোবা দুখীয়া মানুহক অন্নৰ দান কৰিলে ঘৰলৈ সুখ-সমৃদ্ধি , ধন-সম্পত্তি সকলো আহে।মা লক্ষ্মী আৰু মা অন্নপূৰ্ণা বহুত প্ৰসন্ন হৈ পৰে। কিন্তু আপুনি জানেনে যে ৰাতিপুৱা সময়ত অন্নৰ দান বহুত উত্তম। কিন্তু অন্নৰ দান কৰোঁতে এই মন্ত্ৰটোৰ জাপ কৰিব লাগে। ওমঃ বিষ্ণুয়ে নমেহঃ ।এই মন্ত্ৰটো তিনিবাৰ জপ কৰিব লাগে। তাৰ পিছত শ্ৰদ্ধাৰে আপুনি অন্নৰ দান কৰিব লাগে।এই মন্ত্ৰটো জপ নকৰাকৈ যিয়ে দান দিয়ে সেই মানুহজন পাপৰ সমভাগি হৈ পৰে। শাস্ত্ৰত কোৱা হয় এনেকুৱা দান বিফল হৈ পৰে। মানুহে দানটো কৰে, কিন্তু তেওঁলোকে দানৰ পুণ্য নাপায়। সেই কাৰণে অন্ন দান কৰোঁতে সদায় মন্ত্ৰটোৰ জপ কৰি দান কৰিব লাগে । এইটো বহুত শুভ বুলি গণ্য কৰা হয়। আপুনি এই মন্ত্ৰটোৰ মনৰ ভিতৰতেই ক'ব পাৰে। ইয়াৰ ফলত মানুহ সকাৰাত্মক গুণৰ গৰাকী হয়। মানুহ ধন-সম্পত্তিৰে উভয় নদী হৈ পৰে।



৩. তাম।যাৰ শুৱনিত সপ্তম বা অষ্টম ভাগত সূৰ্য থাকে সি ৰাতিপুৱা বা সন্ধিয়া সময়ত তামৰ দান কৰিব নালাগে। আপুনি দিনৰ অন্য সময়ত কৰিব পাৰে। কিন্তু এই দুটা সময়ত নকৰিব।


সেইদৰে কিছুমান এনেকুৱা বস্তু আছে ,যাৰ দান আপুনি কেতিয়াও কৰিব নালাগে। লাগিলে যি সময়েই নহওঁক।আপুনি কেতিয়াও এইসমূহ বস্তু দান কৰিব নালাগে। ন'হলেবা আপুনি বৰবাদ হ'বলৈ সময় নালাগিব।


আগতেই কৈছোঁ কেতিয়াও আগদিনা ভোজন বা বেয়া হৈ যোৱা ভোজন কেতিয়াও কাকো দিব নালাগে। সেইদৰে ফটা কাপোৰো  আপুনি কেতিয়াও কাকো দান কৰিব নালাগে। যদি ঘৰত ফটা,ছিটা  চেন্দেল আৰু জোতা আছে , তেতিয়া সেইবোৰো কেতিয়াও দান কৰিব নালাগে। ইয়াৰ ফলত আপোনাৰ দূৰ্ভাগ্যৰ আগমন হয়।


নিজৰ ঘৰৰ ঝাৰু ও কেতিয়াও কাকো দান দিব নালাগে। ইয়াৰ ফলত মা লক্ষ্মীয়ে আপোনাৰ ঘৰ সদায় কাৰণে এৰি দিব পাৰে। ঘৰৰ বাচনো দান কৰিব নালাগে। ইয়াৰ ফলতো মা লক্ষ্মী ৰুস্থ হৈ পৰে। যদি আপুনি বাচন দান কৰিব বিচাৰে, তেতিয়া নতুন বাচন আনি দান কৰিব পাৰে।


ঘৰত ব্যৱহাৰ কৰা তেল কেতিয়াও দান কৰিব নালাগে। ইয়াৰ ফলত শনিদেৱ ৰুস্থ হৈ পৰে। চাকু, চুৰি,ব্লেড আদিৰো দান কেতিয়াও কৰিব নালাগে। ইয়াৰ ফলত ৰাহু,কেতু আৰু শনিৰ প্ৰভাৱ বেছি বাঢ়ি যায়। মানুহ লাহে লাহে কঙ্গাল হৈ পৰে।


যদি আপুনি কোনোবা ছোৱালীৰ কন্যা দান কৰে, তেতিয়া নিশ্চিত হৈ লওঁক, যাতে সন্মুখৰ মানুহজন বেয়া নহয়। কোনোবা বেয়া মানুহক  কন্যা দান কৰিলে আপোনাৰ নৰকৰ দৰ্জা খোল খাই যাব পাৰে। আপুনি পাপৰ ভাগি হ'ব পাৰে। সেই কাৰণে  কন্যা দান সদায় ভাল মানুহক কৰিব লাগে। মদ খোৱা, বেয়া আচৰণৰ মানুহক কেতিয়াও কন্যা দান কৰিব নালাগে।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো , ধন্যবাদ। 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


No comments:

Post a Comment

Advertisement

Pages