মগজুক নিয়ন্ত্ৰণ কৰাৰ সহজ উপায়‌ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, February 1, 2022

মগজুক নিয়ন্ত্ৰণ কৰাৰ সহজ উপায়‌ : Assamese Fact

Assamese Fact


আজি আমি আপোনালোকক এনেকুৱা কিছুমান কথা কম যাৰ ফলত আপোনালোকৰ জীৱন সলনি হৈ যাব। ( Assamese Fact )


আমি যদি আপোনালোকক কওঁ যে আপোনালোকৰ ওচৰত অকল দুটাহে বিকল্প আছে।এটা গোটেই দিনটো বহি মোবাইল টিপা আনটো এনেকুৱা এখন কিতাপ পঢ়ক যিখন পঢ়িলে আপোনালোকৰ টোপনি আহে। তেতিয়া আপোনালোকে কোনোটো বিকল্প বাচি ল'ব। প্ৰথম বিকল্পটো চাগে ন? 


আকৌ আমি আপোনালোকক যদি দুটা বিকল্প দিওঁ ,এটা গোটেই দিনটো লগৰবোৰৰ লগত PUBG খেলা । আনটো গোটেই দিনটো আপোনালোকে অকলে ব্যায়াম বা শাৰীৰিক কষ্ট কৰিব লাগিব।তেতিয়া আপোনালোকে কোনোটো বিকল্প বাচি ল'ব। আকৌ প্ৰথমটোৱে  বিকল্পটো বাচি ল'ব চাগে ন?


 আমি কিয় সেইসমূহ বিকল্প বাচি লওঁ যিবোৰ সহজ। যিবোৰ কষ্টকৰ সেইবোৰ বাচি নলওঁ কিয়? সহজ কামত সেইবোৰ আহে যিবোৰ কৰি আপোনালোকে ভাল পায় বা সহজ  আৰু আমনি নালাগে।যেনে- গেম খেলা, চিনেমা চোৱা, ফাচফুড বা জাংফুড খোৱা, ইন্টাৰনেট, ইউটিউবত ভিডিঅ'চোৱা আৰু বিভিন্ন ধৰণৰ নিচা কৰা আদি এইসমূহক আপুনি সহজ আৰু (Pleasurable Activities) ত ধৰিব পাৰে।


 আমি জানো যে এইবোৰ বস্তু আমাৰ কাৰণে হানিকাৰক। কিন্তু তথাপিও আমি জানি বুজি বা নজনাকে এই কামসমূহ কৰোঁ। যিবোৰ কাম আমাৰ জীৱনৰ বাবে গুৰুত্বপূৰ্ণ আমি সেইবোৰকে নকৰোঁ বা পাত্তা নিদিওঁ। যেনে- কিতাপ পঢ়া, ব্যায়াম কৰা, দৌৰা, নিজৰ ভাব চিন্তাক শুধৰণি কৰা, সদায় নতুন কিবা শিকা বা এনেকুৱা কিছুমান কাম কৰা যিবোৰে আমাৰ জীৱনটো ইমপ্ৰোভ কৰে বা মূল্য বঢ়ায়। 


কিন্তু এই সমূহ কাম আমাৰ মগজুৱে সহজ আৰু (Pleasurable Activities) ত নাৰাখে। ইয়াৰ ফলত আমি জানি বুজি বা নজনাকে নিজৰেই বহুত লোকচান কৰোঁ। যিবোৰ আমি বহুত দিনৰ মূৰতহে অনুভৱ কৰোঁ। তাৰ পিছত আমাৰ হাতত অনুতাপ কৰা বাদে একোৱেই নাথাকে। আজি আমি এইসমূহ বিষয়ে কম আৰু আমি এনেকুৱা কিয় কাৰো তাৰ বিষয়েও কম।


 সকলোতকৈ  গুৰুত্বপূৰ্ণ কথা ইয়াৰ সমাধান কি? যিবোৰ কৰি আমি আমাৰ জীৱনটোক এটা পথ বা গতি দিব পাৰিম। যিবোৰ কাম আমি বেয়া পাওঁ সেইবোৰ কাম আনন্দদায়ক হৈ পৰিব আৰু আমি আমাৰ জীৱনটোক নিজেই কনট্ৰল কৰিব পাৰিম। আমি যিয়ে কাম নকৰোঁ লাগিলে আমনিদায়ক বা আনন্দদায়ক সেইবোৰ আমি কিয় কৰোঁ?


 আপোনালোকে গেম খেলা, চিনেমা চোৱা,ইউটিউবত ভিডিঅ'চোৱা আদি কৰি ভাল পায়। কিন্তু কিতাপ পঢ়া, ব্যায়াম কৰা আদি কাম ভাল নাপায়। এনেকুৱা কি বস্তু আছে যিয়ে এইসমূহ কাম বেলেগ বেলেগ কৰে। সেই বস্তুটোৰ নাম হ'ল (Dopamine ) ।


 Dopamine এনেকুৱা এটা হ'ৰমন যিয়ে আমাৰ নিউৰ'ট্ৰানফমৰ দৰে কাম কৰে। আমি যেতিয়া কিবা কাম কৰোঁ।যিবোৰ আমি পচন্দ কৰোঁ সেইবোৰ কৰিলে আমাৰ মগজুত  Dopamine উলাই বা নিঃসৰণ হয়। Dopamine কিমান উলাব বা নিঃসৰণ হ'ব সেইটো আপোনাৰ বা আমাৰ কামৰ ওপৰত নিৰ্ভৰ কৰে। 


দুই প্ৰকাৰৰ Activities থাকে।এটা High Dopamine Activities আনটো Low Dopamine Activities। High Dopamine Activities ত সেই সকলোবোৰ কাম আহে যিবোৰ আমি বাৰে বাৰে কৰোঁ বা কৰি ভাল পাওঁ আৰু কৰিব বিচাৰোঁ। যেনে- PUBG খেলা ,গেম খেলা, চিনেমা চোৱা, ফাচফুড বা জাংফুড খোৱা, ইন্টাৰনেট, ইউটিউবত ভিডিঅ'চোৱা আৰু বিভিন্ন ধৰণৰ নিচা কৰা আদি।


এই কামবোৰ কৰা ফলত আমাৰ মগজুত বহুত বেছি পৰিমাণে Dopamine নিঃসৰণ হয়। যাৰ ফলত আমাৰ কিছুসময়ৰ লৈকে ভাল অনুভৱ হয়। সেই কাৰণে Dopamine ক আনন্দদায়ক আৰু মটিভেচন হ'ৰমন বুলি ও কোৱা হয়। আমাক যিকোনো কাম কৰিবলৈ  মটিভেচনৰ প্ৰয়োজন হয়। সেই মটিভেচন আমাক Dopamine য়ে প্ৰদান কৰে। ( Assamese Fact )


যদি আপোনালোক বা আমাৰ সেই কামতো কৰিবলৈ মন যায়। উদাহৰণ স্বৰূপে- যদি আপুনি গেম খেলিব লাগে বা বিচাৰে নহ'লেবা ইউটিউবত ভিডিঅ' চাব বিচাৰে তেতিয়া এইসমূহৰ বিষয়ে আপোনাৰ মগজুত আগৰেই পৰা এখন ফটো বনি আছে । যিটো High Dopamine Activities এখন ফটো। সেই কাৰণে আপোনাৰ মগজুৱে এই কামবোৰ কৰিবলৈ Dopamine নিঃসৰণ কৰি দিয়ে।


 যাৰ ফলত আপোনালোকে বা আমি বহুত আনন্দিত হৈ এইবোৰ কৰোঁ।যদি কোনোবাই এইবোৰ কৰিব নিদি আপোনাক বা আমাক কিতাপ এখন দি দিয়ে তেতিয়া আপোনাৰ বা আমাৰ মগজুৱে Dopamine ৰ লেভেল বা স্তৰ কম কৰি দিব। তাৰ ফলত আপোনালোকৰ একো কৰিব মন নাযাব। লগতে টোপনি আহিবলৈ ধৰিব।


 আপুনি যাক ভাল পায় তাৰ লগত আপোনাৰ Dopamine ৰ  লেভেল বা স্তৰ বহুত বেছি হয়।যাৰ ফলত আপুনি বহুত সুখত থাকে। কিন্তু তেওঁৰ পৰা যেতিয়া দূৰলৈ যাব লগা হয়, এৰা এৰি হয় তেতিয়া আপুনি কিমান কষ্ট পায়। এইবোৰ অকল হ'ৰমনৰ অসন্তোলনৰ বাবেই হয়। এতিয়া আপোনালোকে বুজি পালে চাগে Dopamine য়ে আমাৰ জীৱনত কিমান প্ৰভাৱ পেলাই। 


 আমি গোটেই দিনটো High Dopamine Activities কৰোঁ।যেনে- চিগাৰেট,মদ বা বিভিন্ন নিচাযুক্ত বস্তু খোৱা ,গেম খেলা বা যিকোনো কাম। আমি যদি এনেকুৱা কিছুমান কাম কৰোঁ যিবোৰে বহুত Dopamine ৰ নিঃসৰণ কৰে। তেতিয়া লাহে লাহে আমাৰ মগজুৱে আমাৰ আনন্দ বা সুখকো সেই স্তৰলৈকে লৈ আহে। অৰ্থাৎ আপুনি বা আমি যদি সুখত থাকিব বিচাৰোঁ তেতিয়া আমি সেই Dopamine য়ে আমাৰ মগজুত নিঃসৰণ কৰাব লাগিব।


 যদি আমি সদায় High Dopamine Activities কৰোঁ, তেতিয়া আমাৰ Dopamine ৰ কোষবোৰৰ মৃত্যু হ'ব পাৰে। সেই কাৰণে আপোনাক যদি সুখ লাগে তেতিয়া আপুনি সেই High Dopamine Activities কৰিব লাগিব বা আপোনাৰ মগজুক নিঃসৰণ কৰাব লাগিব। 


সেই কাৰণে যিজন ব্যক্তিয়ে মদ খাই তাৰ সক্ষমতা দিনে দিনে বাঢ়ি যায়। অৰ্থাৎ প্ৰথমতে সেই ব্যক্তিজনৰ অলপতে নিচা হয়। কিন্তু লাহে লাহে এনেকৈ খাই থকাৰ ফলত Dopamine ৰ মৃত্যু হয় আৰু সেই কাৰণে সেই ব্যক্তিজনে বহুত বেছি মদ খাব লগা হয়। এনেকুৱা আনবোৰ ক্ষেত্ৰতো হয় । যিটো মানুহে এৰিম বুলি ভাবিলেও এৰিব নোৱাৰে। 


Dopamine ৰ মৃত্যু হোৱাৰ ফলত আপোনাৰ মগজুৱে সেই কামবোৰৰ পৰা পলাই যিবোৰ আপুনি কৰাতোঁ জৰুৰী।যেনে- কিতাপ পঢ়া, ব্যায়াম কৰা, দৌৰা, নিজৰ ভাব চিন্তাক শুধৰণি কৰা, সদায় নতুন কিবা শিকা বা এনেকুৱা কিছুমান কাম কৰা যিবোৰে আমাৰ জীৱনটো ইমপ্ৰোভ কৰে বা মূল্য বঢ়ায়। এইবোৰ আমাৰ কাৰণে তেতিয়া বহুত আমনিদায়ক হৈ পৰে।


 যিমানে আপুনি বেয়া অভ্যাসৰ ফালে আগবাঢ়ি যাব সিমানেই আপোনাৰ পৰা ভাল অভ্যাসবোৰ দূৰ হৈ যাব। সেই কাৰণে যেতিয়া এজন ব্যক্তিয়ে নিচা কৰিবলৈ বন্ধ কৰে তেতিয়া তেওঁৰ ডিপ্ৰেচন,ষ্টেচ আদি সমস্যা আহি পৰে। যাৰ ফলত তেওঁ কেতিয়াও সেইসমূহ এৰিব বা সলনি কৰিব নোৱাৰে। এই সমস্যাটো ইমান ডাঙৰ যদি ইয়াৰ সমাধানো থাকিব ন? 


ইয়াৰ এটা সমাধান আছে আৰু সেইটো বহুত বেছি সহজ। কিন্তু তাৰ বাবে এটা কাম বেছি জৰুৰী। সেইটো হ'ল আপুনি ভাবিব লাগিব যে মই মোৰ জীৱনটোক ইমপ্ৰোভ কৰিব লাগিব আৰু মোৰ অভ্যাসবোৰ সলনি কৰিব লাগিব। এবাৰ যদি আপোনালোকৰ অভ্যাসবোৰ সলনি হয় যায় তেতিয়া লগে লগে আপোনালোকৰ জীৱনটো ও ইমপ্ৰোভ বা সলনি হৈ যাব।


Dopamine ৰ কোষবোৰৰ যদি মৃত্যু হৈ যায় তেতিয়া তাক আকৌ ঘূৰাই আনিবলৈ Dopamine Detox  কৰিব লাগে। যাক Dopamine Fast বুলিও কোৱা হয়। এইটো এটা সহজ পদ্ধতি আপোনালোকে সপ্তাহটোৰ ভিতৰত এদিন এইটো কৰিব লাগে। কোন দিনা কৰে সেইটো আপোনালোকৰ কথা।


 যিদিনা আপোনালোকে Dopamine Detox বা Dopamine Fast  কৰা প্ৰক্ৰিয়াটো কৰে বা অনুসৰণ কৰে। সেই দিনা আপোনালোকে একো কাম কৰিব নালাগিব। যেনে- ইন্টাৰনেট, মোবাইল, গেম খেলা, চিনেমা চোৱা, ফাচফুড বা জাংফুড খোৱা,  ইউটিউবত ভিডিঅ'চোৱা আৰু বিভিন্ন ধৰণৰ নিচা আদি দৰে কাম কৰিব নালাগিব। কাৰণ এইবোৰ কৰিলে বহুত পৰিমাণে Dopamine আমাৰ মগজুত নিঃসৰণ হয়। আমি Dopamine Fast কৰিব লাগে, সেইকাৰণে এইবোৰ আমি কৰিব নালাগে বা নালাগিব। 


উদাহৰণ স্বৰূপে-কিতাপ পঢ়া, ব্যায়াম কৰা, দৌৰা, নিজৰ ভাব চিন্তাক শুধৰণি কৰা, সদায় নতুন কিবা শিকা বা এনেকুৱা কিছুমান কাম কৰা যিবোৰে আমাৰ জীৱনটো ইমপ্ৰোভ কৰে বা মূল্য বঢ়ায়। এইবোৰ আমি কৰিব পাৰোঁ। যাৰ ফলত আমাৰ Dopamine ৰ কোষবোৰ আকৌ ঘূৰি আহিবলৈ আৰম্ভ কৰিব। লগতে আমাক Low Dopamine Activities বোৰেও নিজৰ ফালে আকৰ্ষিত কৰিবলৈ ল'ব। কাৰণ আপুনি যেতিয়া ভোকত থাকে  , তেতিয়া আপুনি সেইটোও খাব যিটো খাই আপুনি ইমান ভাল নাপায়। 


এই উপায়টো কৰোঁতে প্ৰথমতে আপোনালোকৰ একো ভাল নালাগিব অশান্তি বা ষ্টেচ অনুভৱ হ'ব।এইবোৰ এইকাৰণে যে কোষবোৰক সন্তোলন কৰি ৰাখিবলৈ হ'ৰমনক  সন্তোলন কৰি ৰাখিব লাগিব। এইবোৰ দুদিনমানৰ কাৰণে হ'ব ।তাৰ পাছত ভাল লগা হ'ব।


 যদি আপোনালোকে নিজৰ জীৱনটোক ইমপ্ৰোভ আৰু সুখৰ কৰিব বিচাৰে তেতিয়া এইটো কাম আপোনালোকে কৰিবয়েই লাগিব আৰু বেলেগ বিকল্প নাই। আমি আমাৰ জীৱনটোৰ কনট্ৰল জানি বুজি বা নজনাকে আনক দি দিলোঁ। এতিয়াও সময় আছে এইসমূহ পৰা নিজৰ জীৱনটোৰ কনট্ৰল কাঢ়ি লয় নিজৰ কৰি লোৱা।এইটো একো টান কাম নহয়। আপুনি এইটো সহজতে কৰিব পাৰিব। 


সেই কাৰণে জীৱনটো সলনি কৰিবলৈ আৰু এই বেয়া অভ্যাসবোৰ পৰা নিজকে আঁতৰাই আনিবলৈ,নিজকে প্ৰতিশ্ৰুতি দিয়ক যে মই সপ্তাহত এদিন Dopamine Fast কৰিময়েই আৰু নিজৰ জীৱনটো সলনি কৰি দিম। তাৰ পিছত আপোনালোকক সুখৰ দৰকাৰ নাই। আপুনি বা আপোনালোকেই সুখৰ উৎস হৈ পৰিব।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 


No comments:

Post a Comment

Advertisement

Pages