ভুলতো মৰা উটৰ ওচৰলৈ যোৱাৰ চেষ্টা নকৰিব ইয়াৰ পৰিণতি ভয়ংকৰ হব পাৰে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, February 9, 2022

ভুলতো মৰা উটৰ ওচৰলৈ যোৱাৰ চেষ্টা নকৰিব ইয়াৰ পৰিণতি ভয়ংকৰ হব পাৰে : Assamese Fact

 Assamese Fact


আপোনালোকে উটৰ বিষয়ে কি কি জানে? এইটোৱেই জানে যে উট এটা বিশ্বাসী প্ৰাণী, যিয়ে বস্তু উঠোৱা আৰু যাত্ৰা কৰাত মানুহক সহায় কৰে। ( Assamese Fact )


ইহঁতৰ বিশেষত্ব হ'ল ইহঁতৰ ভৰিটো। যি ভগৱানে বালিত খোজ কাঢ়িবলৈ বনাইছে। আপোনালোকে উটৰ বিষয়ে এইটোও জানে চাগে যে উটে এবাৰতে ২১ লিটাৰ পানী খাই। 


আজি আমি আপোনালোকক উটৰ বিষয়ে এনেকুৱা কিছুমান কথা কম যিবোৰ আপোনালোকে আগতে কেতিয়াও শুনা নাই আৰু ভবাও নাই ।যেতিয়া এটা উট মৰি যায় তেতিয়া সেই উটটোক চুবলৈ আমাক মনা কৰা হয়। 


মৰা উট চুলে বহুত ডাঙৰ দূৰ্ঘটনা ঘটিব পাৰে। আপোনালোকে ভাবিবয়েই নোৱাৰে যি উট জীৱন ভৰ নম্ৰ বা মৰম লগা থাকে সি মৰা পাছত এনেকুৱা হৈ যায়। কিয় মৰা উট চুবলৈ মনা কৰা হয়।মৰা পিছত উটৰ লগত কি হয় জানো আহঁক। 


আপোনালোকে ভাবিছেনে যে মৰুভূমিৰ নিচিনা ঠাইত গৰমৰ কাৰণে পানীৰ অভাৱত কোনো প্ৰাণী জীয়াই থাকিব নোৱাৰে।তাত এই উটে কেনেকে জীয়াই থাকে। আমাৰ কাৰণে উটে বৰদানৰ দৰে কাম কৰে। আপোনালোকে উটক ভগৱানৰ বৰদান বুলি ভবাটোৱেই ভাল। কাৰণ ভগৱানে ইহঁতক এনেকুৱা শক্তি দিছে যিবোৰ বেলেগ প্ৰাণীৰ গাত নাথাকে।


এটা উটে বহুত দিনলৈকে পানী নোখোৱাকৈয়ে জীয়াই থাকিব পাৰে। অকল পানীয়েই নহয় একো নোখোৱাকৈয়ে বহুত দিন জীয়াই থাকিব পাৰে। আপোনালোকে দেখিছে চাগে উটৰ পিঠিটো ওখ থাকে। যাক আমি কুঁজ বুলি ও কওঁ । কোৱা হয় যে উটৰ কুঁজতে পানী সংৰক্ষণ হৈ থাকে। যি উটে এবাৰতে খাই। 


কিন্তু ৰহস্যটো বেলেগহে।  উটৰ কুঁজত চৰ্বী আৰু পানী জমা হৈ থাকে। যেতিয়া উঠে পানী খাবলৈ নাপায় তেতিয়া উটৰ কুঁজত থকা চৰ্বী আৰু পানীয়েই সিহঁতক শক্তি প্ৰদান কৰে। চৰ্বী গলি শক্তিলৈ ৰূপান্তৰিত হয় আৰু উটক কাম কৰিবলৈ শক্তি প্ৰদান কৰে। সেই কাৰণে ইমান টান ৰ'দতো সিহঁতি কাম কৰি থাকিব পাৰে আৰু কেতিয়াও নিজৰ মালিকক নিৰাশ নকৰে। এইবোৰ হ'ল ইহঁতৰ বিশেষত্ব। ( Assamese Fact )


 ইহঁতৰ এই বিশেষত্বয়েই মৰা পিছত ইহঁতক বোমালৈ ৰূপান্তৰিত কৰি দিয়ে। যেতিয়া এটা উট মৰে তেতিয়া তাৰ শৰীৰটো বহুত দিনলৈকে তেনেকেই পৰি থাকে। তেতিয়া তাৰ শৰীৰৰ ভিতৰত বহুত কিবাকিবি চলি থাকে।আমি জানো যে মৰা পাছত শৰীৰত মাইক্ৰ- অৰ্গিনিজিম লাগি যায়। যিয়ে লাহে লাহে তাক ডিকম্পচ কৰি দিয়ে। সেইদৰে যেতিয়া এটা উট মৰে তেতিয়া তাৰ চৰ্বী পানীৰ লগত মিলি ৰিয়েক্ট কৰিবলৈ ধৰে। তাৰ পাছত এক ভয়ানক এচিদ আৰু গেছলৈ ৰূপান্তৰ হৈ পৰে।যেনে- মিথেন গেছ। তাৰ ফলত বেক্টেৰিয়া আৰু মাইক্ৰ- অৰ্গিনিজিম পেটৰ ভিতৰত এক্টিভ হয় যায়। যিবোৰে লাহে লাহে ভিতৰতে তাক বিস্ফোৰণৰ বাবে সাজু কৰি তোলে।


 এনেকুৱা অৱস্থাত যেতিয়া বাহিৰৰ এক্টিভিটিয়ে ইহঁতক ইফেক্ট কৰে তেতিয়া  ই বিস্ফোৰণৰ হৈ পৰে। আপোনালোকে তাক অকল চোলেও সি বিস্ফোৰণৰ হৈ পৰে। নিজৰ আশে-পাশে পেটৰ লেটেৰাবোৰ মেলি দিয়ে আৰু লগতে বিষাক্ত গেছো উলাই। যিবোৰ বহুত বেয়া গোন্ধাই। মানুহৰ কাৰণেটো এইবোৰ বিষৰ সমান। আপোনালোকে  ভাবিছিলে নে যে উট মৰা পাছত এটা বোমালৈও ৰূপান্তৰ হ'ব পাৰে। বহুত কম মানুহে এইটো জানে। 


ৰেগিস্তানত উট বহুত বছৰৰ পৰাই আছে। সিহঁতি  ৰেগিস্তানৰ সেই অঞ্চলতো পানী বিচাৰিব জানে য'ত মানুহে বিচাৰি নাপায়। কিন্তু আজিকালি গৰু বা শিং থকা জন্তুৰ ফলত সিহঁতি এই বিশেষত্ব বা গুণ হেৰুৱাবলৈ ধৰিছে।  আজিকালি বহুত উট নিজৰ মালিকৰ ওপৰত নিৰ্ভৰশীল। এতিয়া সিহঁতৰ মালিকে পানী দিলেহে সিহঁতি খাব পাৰে। নহ'লেবা পিয়াহঁতে থাকিব লাগে। কেতিয়াবা এনেকুৱা হয় যায় গোটেই মৰুভূমিতে পানী এটোপালো নাথাকে। মানুহেই পানী খাবলৈ নাপায় এনেকুৱাত উট পিয়াহঁতে থাকিব লাগে আৰু বহুত দিন পানী খাবলৈ নাপায় মৃত্যু বৰণ কৰে। 


পানী বিচাৰি য'তে ততে ঘূৰি ফুৰে কিন্তু গৰমত ক'তো পানী বিচাৰি নাপায় আৰু কেতিয়াবা কেতিয়াবা নিজৰ প্ৰাণ ত্যাগ কৰি দিয়ে। এই উটেই মৰা পিছত ইমান ভয়ানক হৈ পৰে। উটৰ বিষয়ে কিছুমান কথা কম যিবোৰ আপোনালোকে জানিব ও পাৰে আৰু সেইবোৰ ৰোমাঞ্চকো। 


উঠে মানুহৰ দৰে থুৱাব ও পাৰে। কেতিয়াবা কেতিয়াবা মানুহৰ গাতেই থুৱাই দিয়ে। কিন্তু সিঁহতি আনন্দত নহয় নিজক বচাবলৈ থুৱাই। যেতিয়া ইহঁতি মানুহৰ পৰা বিপদৰ আশংকা কৰে তেতিয়া ইহঁতি মানুহৰ ওপৰত থুৱাই ভয় খোৱাব বিচাৰে। আমি জানো যে উটৰ কুঁজত বহুত পানী জমা হৈ থাকে যিবোৰ খাব ও পাৰি। এই কথাটোৰ পিছত এটা ভয়ানক কাৰণো আছে।ৰেগিস্তানত বহুবাৰ মানুহে পানী নাপালে উটক মাৰি ও পেলাই। লগতে উটৰ কুঁজৰ পৰা পানী উলিয়াবলৈ চেষ্টা কৰে। কিন্তু পানী নাপায় আৰু উটোও মৰি যায়।


 উটৰ ওঁঠটো ইমান শকত হয় যে সিহঁতি ৰেগিস্তানত পোৱা কাঁইটো খাই দিব পাৰে আৰু সিহঁতি দুখো নাপায়। কিন্তু পৃথিৱীৰ অন্য প্ৰাণীয়ে কেঁকটাছ খাব নোৱাৰে। কাৰণ এই জোপা চুলে হাত কাটি খাই যায়। আগতে উটৰ ব্যৱহাৰ যুদ্ধত কৰাত হৈছিল। এনঞ্চিয়ান গ্ৰীক, ৰোম,পেৰছিয়াঞ্চ সকলে যুদ্ধলৈ উটক লৈ গৈছিল।


 জংঘলৰ এটা উটৰ প্ৰজাতি আছে যাক উৱাইল বেচেৰিয়েন্ট বুলি কোৱা হয়। এই প্ৰজাতিৰ উট বহুত শক্তিশালী হয়। সেই কাৰণে এই প্ৰজাতিৰ উট  কোনেও ঘৰত পুঁহিব পৰা নাই। দূৰ্ভাগ্যবশত এতিয়া এই প্ৰজাতিৰ উট ১ হাজাৰতকৈ ও কম আছে।


এই প্ৰজাতি Eastern Asia ত পোৱা যায়। Abu Dhabi আৰু Dubai ত আপোনালোকে কামল আৰু চাকে খাবলৈও পাব। যিবোৰ উটৰ গাখীৰৰ পৰা বনোৱা হয়। উটৰ গাখীৰত প্ৰচুৰ পৰিমাণে ভিটামিন C থাকে। বহুত ঠাইত উটৰ গাখীৰে দি টিবিৰ চিকিৎসা ও কৰা হয়। তাৰ ভিতৰত এখন হ'ল কাৰগানিস্তান। 


এটা উটৰ উচ্চতা কুঁজে সৈতে ৭ ফুট হ'ব পাৰে। সিহঁতৰ ওজন ১৫০০ পাউণ্ড হ'ব পাৰে। এটা উটৰ জীৱনকাল ৪০-৫০ বছৰ হয়। ইহঁতক দেখিলে এনেকুৱা লাগে যেন ইহঁতক ৰেগিস্তানৰ কাৰণেই বনোৱা হৈছে। আপোনালোকে সিহঁতৰ চকুকে চাই লওঁক। সিহঁতৰ চকুত তিনিটা স্তৰ থাকে। যিয়ে বালি চকু ভিতৰলৈ যাবলৈ নিদিয়ে। সেই কাৰণে ইমান বতাহটো উটে থিয় হৈ থাকিব পাৰে।


 South Africa ৰ Kenya ত উটে কিতাপ পঠিয়াৰো কাম কৰে। যিসমূহ এলেকাত কিতাপৰ অভাৱ হয় সেইসমূহ ঠাইলৈ উটৰ সহায়েৰে কিতাপ নিয়া আৰু দিয়া হয়। এতিয়া আপোনালোকে ভাবিছে চাগে ঘোঁৰাৰ ব্যৱহাৰ কিয় কৰা নহয়। কাৰণ ঘোঁৰাৰ ভৰিত সেইটো নাই যিটো উটৰ আছে।উটৰ ভৰিত দুটা আঙুলি থাকে ।যাৰ ফলত ইহঁতি বালিত খোজ কাঢ়িব পাৰে। কিন্তু ঘোঁৰাৰ ভৰিটো খহটা আৰু সেই কাৰণে ইহঁতি অকল মাটিতহে খোজ কাঢ়িব পাৰে।


উটৰ নোমবোৰ বহুত বেছি বা ঘন যাৰ ফলত ৰ'দ ছালে সহ্য কৰিব নালাগে। সেই কাৰণেটো ইমান ৰ'দতো ইহঁতৰ একো নহয়। ইংৰাজীত আমি ইয়াক camel বুলি কওঁ। এইটো আৰৱী শব্দ যাৰ অৰ্থ হ'ল - সুন্দৰ বা ধুনীয়া। 


উটতো দেখিলে এনেকুৱা লাগে যেন সি দৌৰিব নোৱাৰে। কিন্তু ১ ঘন্টাত সি ৪০ মাইল দৌৰিব পাৰে। এই স্পিড বহুত দেৰিলৈকে নাথাকে। বেছিকৈ ১ ঘন্টাত সি ২৫ মাইল দৌৰে। 


যেতিয়া এটা উটৰ পোৱালি জন্ম হয় তেতিয়া তাৰ কুঁজ নাথাকে। কিন্তু যেতিয়া সি খাদ্য খাবলৈ ধৰে তাৰ কুঁজো উলাই আহে। 


এইসমূহ আছিল কিছুমান কথা যিবোৰ আজি আমি আপোনালোকক ক'লো। আশা কৰোঁ এতিয়া বুজি পালে চাগে কিয় আমাক মৰা উট চুবলৈ মনা কৰা হয়। এইবোৰেই কাৰণ যে ই আমাৰ বাবে ঘাটক হৈ পৰে। বোমা দৰে বিস্ফোৰণো হ'ব পাৰে।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages