জ্যোতিষ শাস্ত্ৰত এই কামবোৰক অমংগলীয়া বুলি কোৱা হৈছে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, February 9, 2022

জ্যোতিষ শাস্ত্ৰত এই কামবোৰক অমংগলীয়া বুলি কোৱা হৈছে : Assamese Fact

Assamese Fact

সূৰ্য অস্ত যোৱাৰ পাছতো কিছুমান এনেকুৱা কাম আছে যিবোৰ কেতিয়াও কৰিব নালাগে। জ্যোতিষ শাস্ত্ৰত ইয়াকেই অমংগলীয়া আৰু দৰিদ্ৰতা বুলি কোৱা হৈছে। যিবোৰ বহুত মানুহে নাজানি কৰে।  ( Assamese Fact )


১.সূৰ্য অস্ত যোৱা সময়ত বিছনাত শুই বা বহি থাকিব নালাগে।ইয়াক ঘৰক মৃত্যুৰ শোক বুলি কোৱা হয়।সূৰ্য অস্ত যোৱা সময়ত ঘৰত কান্দিব ও নালাগে। এইটোকো মৃত্যুৰ কাৰণ বুলি কোৱা হয়।সূৰ্য অস্ত যোৱা সময়ত ভুলতেও কেতিয়াও নিজৰ ঘৰৰ দৌ আনক দিব নালাগে। দৌক শুক্ৰ গ্ৰহৰ লগত সমন্ধীয় খাদ্য বুলি কোৱা হয়।শুক্ৰ গ্ৰহক ধন বৈভৱৰ প্ৰদান কৰতা বুলি কোৱা হয়। সেই কাৰণে সূৰ্য অস্ত যোৱা সময়ত বা পাছত কেতিয়াও আনক দৌ দিব নালাগে। কাৰণ এনেকুৱা কৰিলে সুখ- সমৃদ্ধিত কমি যায়। সেই কাৰণে এই সময়ত ঘৰৰ ওচৰৰ কাকো ঘৰৰ একো বস্তু দিব নালাগে। নহ'লেবা মা লক্ষ্মী ৰুস্থ হৈ পৰে।



২. সূৰ্য অস্ত যোৱা সময়ত ভুলতেও খাব বা শুব নালাগে। এনেকুৱা কৰা ফলত স্বাস্থ্যৰ হানি হয়। লগতে জীৱনত ধনৰ অভাৱ হ'বলৈ ধৰে।সূৰ্য অস্ত যোৱা সময়ত যিসকলে শুই থাকে তেওঁলোকৰো ভাগ্য ও তেনেকে শুই পৰে। আনহাতে  সূৰ্য অস্ত যোৱা সময়ত ধাৰ লোৱা আৰু দিয়া দুয়োজনেই দুখত থাকে। সেই কাৰণে এনেকুৱা কেতিয়াও কৰিব নালাগে।



৩. সূৰ্য অস্ত যোৱা পাছত যদি আপোনালোকে ঘৰ ঝাৰু দি হাৰে বা মুচে তেতিয়া আজিৰ পৰা এইবোৰ কৰিবলৈ বন্ধ কৰিবলৈ দিয়ক। এইসমূহ কাম সূৰ্য অস্ত যোৱা আগতেই কৰি লওঁক। ধৰা হয় এনেকুৱা কৰিলে ধন বৈভৱৰ লোকচান হয়। সূৰ্য অস্ত যোৱা পাছত এইবোৰ কৰিলে মা লক্ষ্মী সদায় কাৰণে আপোনালোকৰ ঘৰৰ পৰা গুচি যায় আৰু আপোনালোকে নিজৰ ভাগ্যক লৈ কান্দি থাকিব লগা হয়। ( Assamese Fact )



৪. বহুসংখ্যক মানুহে সূৰ্য অস্ত যোৱা পাছত চুলি বা নখ কাটে ,যিটো বহুত ভুল কাম।যদি আপোনালোকে এইটো কৰে তেতিয়া এতিয়াই সলনি হওঁক। এনেকুৱা কৰিলে জীৱনত নকাৰাত্মক শক্তিৰ প্ৰভাৱ পৰে। ধনৰ অভাৱৰ লগতে অন্য সমস্যাৰো সন্মুখীন হ'ব লগা হয়।জ্যোতিষ শাস্ত্ৰত কোৱা হৈছে সূৰ্য অস্ত যোৱা  সময়ত ভৰিও লৰাব নালাগে। বহুত অশুভ বুলি ধৰা হয়।



৫.  সূৰ্য অস্ত যোৱা পাছত তুলসীৰ পাত কেতিয়াও চুব নালাগে আৰু জল অৰ্পণ কৰিব ও নালাগে। শাস্ত্ৰৰ অনুসৰি সূৰ্য অস্ত যোৱা পাছত ঘৰত পূজা অৰ্চনা আৰু চাকি জ্বলাব লাগে। সূৰ্য অস্ত যোৱা পাছত য'ত আন্ধাৰ হৈ থাকে তাত ভূত প্ৰেত আদিয়ে বাস কৰে। সেই কাৰণে এনেকুৱা কৰিব নালাগে। লগতে সূৰ্য অস্ত যোৱা সময়ত শাৰীৰিক সম্পৰ্ক কৰিব নালাগে। কাৰণ এনেকুৱা ঘৰলৈ মা লক্ষ্মীয়ে ঘৃণ কৰে।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages