এই গছবোৰ কেতিয়াও ঘৰত ৰোপন নকৰিব অন্যথা দৰিদ্ৰতাই দেখা দিব পাৰে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, February 10, 2022

এই গছবোৰ কেতিয়াও ঘৰত ৰোপন নকৰিব অন্যথা দৰিদ্ৰতাই দেখা দিব পাৰে : Assamese Fact

Assamese Fact


প্ৰিয় পাঠকসকল আজি আমি আপোনালোকক ক'বলৈ উলাইছোঁ এনেকুৱা গছৰ বিষয়ে যিবোৰ কেতিয়াও নিজৰ ঘৰত ৰুব নালাগে। ( Assamese Fact )

 

 যদি আপোনালোকে এনেকুৱা গছ ৰুইছে বা নিজেই নিজেই গজিছে তেতিয়া আপোনালোকে এইবোৰ উঘালি পেলাই দিয়ক। যদি এনেকুৱা গছ আছে যি উঘালি পেলাব নোৱাৰি  তেতিয়া কি উপায় কৰিব পাৰে যাৰ ফলত ইয়াৰ বেয়া প্ৰভাৱ আপোনালোকৰ ওপৰত নপৰে তাৰ বিষয়েও আজি আমি আপোনালোকক কম। 


যিকোনো ঘৰৰ বাস্তু সঠিক কৰিবলৈ হ'লে তাৰ আশে-পাশে থকা বাতাবৰণ ঠিক হোৱাতো ‌বহুত জৰুৰী। যদি পৰিৱেশটো ভাল কৰি ৰাখিব বিচাৰে তেতিয়া গছ-গছনি থকাতো বহুত জৰুৰী। কাৰণ  গছ-গছনি থকা মানে প্ৰকৃতি সন্তোলিত  হৈ থকা আৰু এইবোৰ মানুহৰ কাৰণে ও বহুত জৰুৰী।গছ-গছনিয়ে হানিকাৰক বায়ুক খাদ্য হিচাপে গ্ৰহণ কৰি বাতাবৰণ শুদ্ধ বা বিশুদ্ধ কৰি ৰাখে। লগতে সুন্দৰো কৰি তোলে।


কি গছ আমাৰ জীৱনৰ বাবে উপযোগী আৰু কোনজোপা ৰুলে বাতাবৰণ স্বচ্ছ হৈ  থাকে আৰু কোনজোপা গছ ৰুলে বাস্তু দোষ আঁতৰাব পাৰি এই বিষয়ে আজি আমি আপোনালোকক কম।


বাস্তু শাস্ত্ৰৰ অনুসৰি মানুহে সুখ- সমৃদ্ধি আৰু ঐশ্বৰ্য্যৰ প্ৰাপ্তি কাৰণে ঘৰত এইসমূহ গছ ৰুব লাগে।জানো আহঁক সেইসমূহ গছৰ বিষয়ে।


১. অশোক গছ- এই গছজোপা যদি ঘৰৰ উত্তৰ দিশত ৰুৱা হয়, তেতিয়া ইয়াৰ অত্যন্ত শুভ প্ৰভাৱ পৰা দেখা যায়। এই  গছজোপা ঘৰত ৰুলে বেলেগ বেয়া প্ৰভাৱ পৰা গছ সমূহৰ বেয়া প্ৰভাৱ নাইকীয়া হৈ যায়।



২. ঘৰৰ চাৰিসীমাৰ মাজত কলৰ গছ ৰুব লাগে আৰু ইয়াক বহুত শুভ বুলি ধৰা হয়।যদি এই গছজোপা  উত্তৰ-পূৰ্ব দিশত ৰুৱা হয় তেতিয়া আৰু অধিক ফল প্ৰাপ্তি হয়। কল গছৰ ওচৰত তুলসী গছ ৰুলে আৰু ভাল। ইয়াৰ পৰা বহুত শুভ ফল প্ৰাপ্তি হয়।উত্তৰ-পূৰ্ব দিশত থকা কল গছৰ তলত যদি আপোনালোকে পঢ়ে তেতিয়া শিক্ষাৰ্থীসকলে সফলতা অৰ্জন কৰে।



৩. Milkweeds আৰু Calotropis gigantea - এই  গছে গাখীৰ দিয়ে বুলি কোৱা হয়। বাস্তু শাস্ত্ৰৰ অনুসৰি গাখীৰযুক্ত গছ ব্যৱসায় বা ঘৰত থকাটো অশুভ । সেই কাৰণে এনেকুৱা গছ কেতিয়াও ঘৰত ৰুব লাগে। এইসমূহ গছ নিজেই ঘৰত গজি আহিলেও উঘালি পেলাব নালাগে। কিন্তু ইয়াৰ অশুভ প্ৰভাৱ আতঁৰাবলৈ আপোনালোকে হালধি ,জল আৰু অক্ষয় বন্তি জ্বলাই ইয়াৰ পূজা কৰিব লাগে। এনেকুৱা কৰা ফলত ঘৰখন সু-সমৃদ্ধিৰে ভৰি পৰে। কিন্তু নিজেই আনি কেতিয়াও এইসমূহ গছ ৰুব নালাগে। কোৱা হয় যিখন ঘৰত Milkweeds আৰু Calotropis gigantea নামৰ গছজোপা নিজেই নিজেই গজি আহে তেতিয়া তাৰ পূজা কৰিলে  ঘৰখন সু-সমৃদ্ধিৰে ভৰি পৰে।



৪.অমিতা- বাস্তু শাস্ত্ৰৰ অনুসৰি অমিতাৰ গছ ঘৰত ৰুব নালাগে।ই অশুভ ফল‌ দিয়ে। নিজেই গজি আহিলেও ইয়াক সৰুতে খান্দি বেলেগত ৰুই দিব লাগে। যদি ডাঙৰ হ'ল ইয়াত অমিতা নলগা হ'লে এই গছজোপাৰ তলত ফুটা কৰি  অলপ হিং (মচলা) ভৰাই দিব লাগে। এনেকুৱা কৰিলে নিজেই এই গছজোপা শুকাই যাব।



৫.নাৰিকল গছ- নাৰিকল গছ ঘৰৰ সীমাত থাকিলে শুভ ফল প্ৰাপ্তি হয়।ঘৰৰ সীমাত থাকিলে সেই ঘৰখনত থকা মানুহৰ মান-সন্মান , উন্নতি সদায় বাঢ়ি গৈ থাকে। 


৬. বৰগছ বাস্তু শাস্ত্ৰৰ দৃষ্টি কোণৰ পৰা বহুত মহত্বপূৰ্ণ গছ।কোনো ঘৰ বা কাৰ্যস্থলৰ পূৰ্ব দিশত বৰগছ থকাতো বহুত শুভ বুলি ধৰা হয়। ইয়াৰ ফলত মনোকামনা পূৰ্ণ হয়। কিন্তু এই কথাটো মনত ৰাখিব যে ঘৰত এই গছৰ ছাঁ পৰিব নালাগে।এই গছজোপা ৰুলেও সদায় পূৰ্ব দিশত ৰুব লাগে।এই গছজোপা ঘৰৰ পশ্চিম ফালে থাকিলে অশুভ বুলি ধৰা হয়। ( Assamese Fact )


৭.আমলখি গছ ঘৰৰ সীমাত থাকিলে ভাল। এই গছজোপা ঘৰত ৰুলে অশুভ বৃক্ষৰ ফল নষ্ট হৈ যায়।


 ৮.ডালিমৰ গছ ঘৰত ৰুলে শুভ ফল প্ৰাপ্তি হয়। কিন্তু এই গছজোপা কেতিয়াও দক্ষিণ-পূৰ্ব  আৰু  দক্ষিণ-পশ্চিম  দিশত ৰুব নালাগে। কিছুমানে ডালিমৰ গছ ঘৰত থকাতো অশুভ বুলি কয়। কিন্তু এই নিয়ম অকল ব্ৰঞ্জৰ জাতিৰ ডালিম গছতহে হয়। অৰ্থাৎ য'ত ফল আৰু ফুলৰ নালাগে।



৯. হালধি গছ ঘৰৰ সীমাত থকাটো অশুভ বুলি ধৰা হয়। শাস্ত্ৰৰ অনুসৰি এই গছজোপা নিজেই গজি আহিলেও উঘালি পেলাব লাগে। এই গছজোপা ঘৰৰ সীমাত কেতিয়াও ৰুব নালাগে। অন্যথা অশুভ পৰিণাম প্ৰাপ্ত হয়।



 ১০.আতলাচৰ গছ ঘৰৰ সীমাত ৰুব নালাগে। এইবোৰ অশুভ বুলি কোৱা হয়। কিন্তু ঘৰৰ সীমাত নিজেই নিজেই গজিলে কাটিব নালাগে। ঘৰত আমলখি আৰু ডালিমৰ গছ ৰুই দিব লাগে। তেতিয়া তাৰ অশুভ প্ৰভাৱ নাইকীয়া হৈ পৰে।



 ১১.জামু গছ ঘৰৰ দক্ষিণ দিশত ৰুলে বহুত শুভ বুলি ধৰা হয়।অন্য দিশত এই বৃক্ষ হ'লে আপোনালোকে ইয়াৰ শুভ ফল নাপায়। ঘৰৰ উত্তৰ দিশত জামু গছ থাকিলে তাৰ লগত আমলখি আৰু ডালিমৰ গছ ৰুই ল'ব বা ৰুই দিব লাগে। যাতে তাৰ বেয়া প্ৰভাৱ নষ্ট কৰিব পাৰি। 



১২.বাস্তু শাস্ত্ৰৰ অনুসৰি আমৰ গছ ঘৰৰ  সীমাত থাকিলে শুভ বুলি ধৰা নহয়। তথাপিও থাকিলে এই গছজোপা কাটিব নালাগে। সদায় ক'লা তিল আৰু জল অৰ্পণ কৰিব লাগে। ইয়াৰ ফলত বেয়া প্ৰভাৱ কমি যায়। এনেকুৱা কৰিলে ইয়াৰ অশুভ প্ৰভাৱ নাইকীয়া হৈ পৰে। 



১৩.নিমৰ গছ ঘৰৰ উত্তৰ-পশ্চিম দিশত ৰুব লাগে। বহুত শুভ বুলি ধৰা হয়। এই গছজোপাই পৰিৱেশ বিশুদ্ধ কৰি ৰাখে। স্বাস্থ্য ভাল কৰি ৰাখে। যিজন ব্যক্তিয়ে জীৱনত ৭ জোপা নিমৰ গছ ৰুৱে তেওঁ মৃত্যু পাছত  ভগৱান শিৱৰ লোক পায়। যিজন ব্যক্তিয়ে জীৱনত ৩ জোপা নিমৰ গছ ৰুৱে তেওঁ ১০০ বছৰৰ লৈকে সূৰ্য লোকৰ সুখ ভোগ কৰে।



 ১৪. আপোনালোকে কেঁকটাছ গছ দেখিছে চাগে। বহুত মানুহৰ ঘৰত কেঁকটাছৰ গছ নাথাকে। কাৰণ এই গছজোপাই নকাৰাত্মক শক্তিৰ সঞ্চালন ঘটাই। শাস্ত্ৰৰ অনুসৰি যি জোপা গছে সেউজীয়া কলি উৎপত্তি নকৰি কাঁইটৰ উৎপত্তি কৰে, য'ত পাত নাহে আৰু কম থাকে তেনেকুৱা গছ কেতিয়াও ঘৰত ৰুব নালাগে। কোৱা হয় ধাৰ্মিক ঠাইত কেঁকটাছৰ গছ ৰুব নালাগে । তুলসী গছৰ গুৰিত কেঁকটাছৰ গছ ৰুব নালাগে । ই নকাৰাত্মক শক্তিৰ সঞ্চালন  বহুত তীব্ৰ গতিত ঘটাই। মা তুলসীৰ লগতে মা লক্ষ্মীয়েও এনেকুৱা ঘৰত বাস নকৰে, য'ত কেঁকটাছৰ গছ থাকে। সেই কাৰণে এইজোপা গছ ঘৰৰ পৰা বাহিৰলৈ উলাই দিয়ক।এইজোপা গছে অশান্তি বঢ়োৱা লগতে ভূত-প্ৰেতকো আকৰ্ষণ কৰে।কাঁইট থকা গছ ঘৰৰ চোতালত ৰুব নালাগে।কাঁইট থকা গছে ঘৰলৈ অশান্তি আৰু নকাৰাত্মকতা আনে। মান্যতা অনুসৰি এনেকুৱা গছ ৰুলে গৃহত কাজিয়া হয় আৰু আৰ্থিক অৱস্থা বেয়া হয়। 



১৫.গোলাপ ফুল আপোনালোকে ৰুব পাৰে। বহুসংখ্যক মানুহে ভাবে গোলাপত কাঁইট থাকে। কিন্তু  ই কাঁইটীয়া গছৰ শ্ৰেণীত নাহে।কাঁইটীয়া গছৰ শ্ৰেণীত সেইবোৰ আহে য'ত পাত আৰু ফুল নাথাকে বা বহুত কম আহে।গোলাপ ফুল আপোনালোকে ৰুওঁক।গোলাপ ফুলৰ গছে মা লক্ষ্মীক আকৰ্ষিত কৰে। আপোনালোকে যদি ঘৰত গোলাপ ফুলৰ গছ ৰুৱে তেতিয়া বহুত সোনকালেই  মা লক্ষ্মী আকৰ্ষিত হয় আৰু ধনৰ বৰষুণ হয়। 



১৬.তেঁতেলী গছো ঘৰত ৰুব নালাগে। মান্যতা অনুসৰি তেঁতেলী গছ ৰুলে ঘৰলৈ বেমাৰ আজাৰ আহে বা বেমাৰ আজাৰ হয়। সম্পৰ্ক বেয়া হৈ পৰে। তাৰ ফলত ঘৰৰ পৰিৱেশ বেয়া হৈ পৰে। লগতে নকাৰাত্মক শক্তিৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা থাকে। 



১৭.আঁহত গছক বহুত শুভ বুলি ধৰা হয়। ইয়াৰ পূজা ও কৰা হয়। কিন্তু এই গছজোপা কেতিয়াও ঘৰত বা ঘৰৰ ওচৰত ৰুব নালাগে। কোৱা হয় ইয়াৰ ফলত ধন হানি হয়। কিন্তু বৈজ্ঞানিক কাৰণ হ'ল এই গছজোপাৰ শিপা বহুত দূৰৰ লৈকে যায় আৰু এনেকুৱাত ই ঘৰৰ উৱাল ভাঙি দিব পাৰে। যদি আপোনালোকৰ ঘৰত আঁহত গছ গজি আহিছে তেতিয়া তাক পূজা অৰ্চনা কৰি খান্দি নি মন্দিৰ বা ধাৰ্মিক ঠাইত ৰুই দিব লাগে।



 ১৮. বহুত মানুহে মদাৰৰ ফুল ঘৰত ৰুই ভাল পায়। কিন্তু বাস্তু শাস্ত্ৰৰ অনুসৰি এইবোৰ ভাল নহয়। মান্যতা অনুসৰি মদাৰৰ লগতে এনেকুৱা কিছুমান গছ আছে য'ৰ  পৰা গাখীৰ উলাই। সেই কাৰণে এই গছ ৰুব নালাগে। কাৰণ ইয়াৰ ফলত নকাৰাত্মকতা আহে।


 ১৯. খেজুৰীৰ গছ দেখিবলৈ ভাল হ'লেও ঘৰত ৰুব নালাগে। বাস্তু শাস্ত্ৰৰ অনুসৰি ইয়াক ৰুৱাতো নিষিদ্ধ। এই গছজোপা ৰুলে ঘৰৰ মানুহৰ উন্নতি ৰখি যায় আৰু আৰ্থিক অৱস্থা বেয়া হৈ পৰে। 


২০. জলকীয়া গছো ঘৰত ৰুব নালাগে । আজিকালি মানুহে গছ-গছনি ৰুই ভাল পায় আৰু সেই কাৰণে মানুহে ঘৰতেই শাক-পাচলি খেতি কৰে।জলকীয়া গছো ঘৰত ৰুৱে এইটো ভুল কেতিয়াও নকৰিব।জলকীয়া গছ ঘৰৰ ৰুলে আৰ্থিক স্থিতি বেয়া হৈ পৰে। যাৰ ঘৰত  জলকীয়া গছ আছে তেওঁলোকে ইয়াক উঘালি পেলাই দিব লাগে।


 ২১.জেতুকা গছ কেতিয়াও ঘৰত ৰুব নালাগে। মান্যতা অনুসৰি জেতুকা গছত বেয়া আত্মা থাকে বা বেয়া আত্মাই বাস কৰে।তাৰ ফলত নকাৰাত্মকতাৰ সঞ্চালন ঘটে। ভূত-প্ৰেত থকাৰো অনুভৱ হয়। সেই কাৰণে ঘৰত কেতিয়াও জেতুকা গছ ৰুব নালাগে।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages