ভগৱানৰ প্ৰেম কি জানেনে? ইয়াৰ পৰিভাষা বুজাবৰ বাবে আপোনালোকৰ আগত এটা কাহিনী আগবঢ়ালোঁ। ( Assamese Fact )
ভগৱান শ্ৰীকৃষ্ণৰ এজন পৰম ভক্ত আছিল সুদামা। তেওঁ অতি দৰিদ্ৰ আছিল।ফটা চিতা কাপোৰ তেওঁ বস্ত্ৰ কৰি পিন্ধিছিল। তেওঁৰ পত্নী সুশীলায়ে লোকৰ ঘৰত কাম কৰিছিল আৰু লোকে দিয়া বস্ত্ৰ পৰিধান কৰিছিল।
বেলেগে পেলাই দিয়া কাপোৰবোৰ তুলি আনি চিলাই পিন্ধিছিল। তেওঁৰ ঘৰত অন্নৰ অভাৱ আছিল,সৰু এটা জুপুৰী আৰু মাটিৰ কেইবাটামান বাচন -বৰ্ত্তন এইয়ায়েই আছিল তেওঁৰ সম্পত্তি।
এনেকুৱা পৰিস্থিতিতো কিন্তু তেওঁ ভগৱানৰ নাম ল'বলৈ এৰা নাছিল। এদিন তেওঁ ওচৰ চুবুৰীয়া এঘৰত ভিক্ষা কৰিবলৈ গৈছিল । বহুবাৰ মতাৰ পাছতো কোনো ওলাই অহা নাছিল।
দ্বিতীয় ঘৰলৈ গ'ল তাতো একো নাপালে, এইদৰে তৃতীয়, চতুৰ্থ ঘৰলৈ গ'ল কিন্তু নিৰাশ হ'ব লগা হ'ল। পঞ্চম ঘৰত কেইটামান চাউল পালে। তেওঁৰ এটা নিয়ম আছিল এবাৰত তেওঁ পাঁচ ঘৰহে ভিক্ষা কৰে।ঘৰলৈ ঘূৰি আহি তেওঁ এমুঠি চাউলকে পত্নীক দিলে ।
তাৰে ল'ৰা ছোৱালী কেইটায়ে খালে আৰু সুদামাই পানী খাইয়েই শুই থাকিল। কিন্তু তথাপিও তেওঁ ভগৱানক ধন্যবাদ দিবলৈ নেৰিলে। তেওঁৰ পত্নীয়ে সুধিলে আজিটো খাবলৈ খাদ্যও নাপালে ,কিহৰনো ধন্যবাদ দিছে ভগৱানক।
তেওঁ ক'লে পানীতো খাবলৈ পালো তাৰে ধন্যবাদ দি দিলো ভগৱানক। যি পোৱা তাতে সুখী হ'বলৈ শিকিব লাগে। কিন্তু আজিকালি মনুষ্যৰ ওচৰত সকলো থাকিও তেওঁ নিৰাশ হৈ থাকে। ভগৱানৰ ওপৰত অভিযোগ কৰি থাকে।
দ্বিতীয় দিনাও ভিক্ষা কৰিবলৈ যায় সেইদিনাও তেওঁ অন্ন এমুঠিহে পায় । দুদিন হৈ গ'ল সুদামা আৰু তেওঁৰ পত্নীয়ে একোৱেই খাবলৈ পোৱা নাই। তথাপিও তেওঁ ভগৱানক ধন্যবাদ দিবলৈ এৰা নাই। ( Assamese Fact )
তেওঁৰ পত্নী সুশীলায়ে ক'লে কিহৰ ধন্যবাদ আমি ভোকত মৰিব লগা হৈছে। তেওঁ ক'লে সুশীলা তুমি বিচলিত হৈছা মোৰ আগৰ জন্মৰ কিবা পাপ আছে যাৰ বাবে মই এই কষ্ট ভোগ কৰিব লগা হৈছে।
আমাৰ ভগ্যত দৰিদ্ৰতা আছে, আমি ভোগ কৰিবই লাগিব। ভগৱানক পাহৰিতো আমি ধনী হৈ নাযাওঁ। মানুহে কয় কি পাম ভগৱানৰ ভক্তি কৰি, তেতিয়া কি ভক্তি নকৰিলে লাখপতি হৈ যাবা নেকি? তেতিয়া ভক্তি কৰাত কি আপত্তি । ভগৱানেও মানুহৰ পৰীক্ষা লয় আৰু সেই পৰীক্ষাত উপনীত হোৱাতোও বৰ কষ্টকৰ। কিন্তু যিমানেই বিকট পৰিস্থিতি আহিলেও ভগৱানৰ নাম লোৱা এৰিব নালাগে।
সুদামাৰো পৰীক্ষা চলি আছিলে। তৃতীয় দিনাও তেওঁ ভিক্ষা কৰিবলৈ গ'ল কিন্তু আজি তেওঁ এমুঠিও চাউল নাপালে ।ঘৰলৈ ঘূৰি অহাত তেওঁৰ পত্নীয়ে সুধিলে কি আনিছে? তেওঁ ক'লে একো নাই।সুচিলাই ক'লে ল'ৰা ছোৱালী ভোকত মৰি যাব ।
তেওঁ ক'লে কোনো ভোকত নামৰে ।যাৰ যিমান আয়ুস আছে তেওঁ সিমান দিন পাবয়েই। মৃত্যু দিয়াজনো ভগৱান যদি তেওঁ আমাক মৃত্যু দিব খুজিছে আমি বাধা দিওঁতা কোন?
সেইকাৰণে ঈশ্বৰৰ যি ইচ্ছা তাতে সুখী হ'বলৈ শিকা । তেওঁৰ কথা শুনি ভগৱানৰ চকুত চকু পানীৰে ভৰি পৰিল। ৰুক্মিণীয়ে এই কথা শুধাত তেওঁ ক'লে-"আজি তিনি দিনে সুদামাই একো খাব পোৱা নাই , তথাপিও চোৱা তেওঁ মোৰ ভক্তি কৰিবলৈ এৰা নাই।
ৰুক্মিণীয়ে সুধিলে আপুনি তেওঁৰ দৰিদ্ৰতা দূৰ নকৰে কিয়? তেওঁ ক'লে -মই কি কৰো তেওঁ মোক একোৱেই নিবিচাৰে। মোৰ ওচৰলৈ নাহেও।আমি ভগৱানক যিমান খুজিম সিমান পাম। কিন্তু নুখুজাকৈ তেওঁ কেতিয়াবা আমাক যি দিব তাৰ আমি কল্পনাও কৰিব নোৱাৰো।
সুদামাৰ দুখ দেখি ভগৱান ৰব নোৱাৰিলে আৰু তেওঁ এজন ব্ৰাহ্মণ হৈ সুদামাৰ ঘৰত ভিক্ষা খুজিবলৈ আহিল।সুশীলাৰ ঘৰত একো নথকাত তেওঁ পানী এগিলাছ খাবলৈ দিলে। ব্ৰাহ্মণ দেৱতাই সুধিলে আপোনাৰ স্বামীতো দ্বাৰকাধিপতিৰ মিত্ৰ, তেওঁক তেওঁৰ ওচৰলৈ কিয় নপঠিয়াই।
সুশীলাই স্বামীক এই কথা শুধাত তেওঁ ক'লে -সকলো ভগৱানৰ দৰ্শনৰ বাবে যায় আৰু মই ভিক্ষা খুজিবলৈ যাম।তাতকে মই ওচৰতে ভিক্ষা কৰিম। পত্নীয়ে ক'লে খুজিবলৈ নোযোৱা দৰ্শনেই কৰি লোৱা।সুদামা দৰ্শনৰ বাবে ওলাল।
২/৪ কি.মি .যোৱাৰ পাছত তেওঁ এজনক সুধিলে দ্বাৰকা ক'ত? বাটৰুৱাজনে ক'লে- ভাই আপুনি দ্বাৰকা কেনেকৈ যাব? দ্বাৰকা বহু দূৰত। আপোনাৰতো শৰীৰতে শক্তি নাই।
তেওঁ ক'লে -যোৱাটো মোৰ কাম , পোৱা নোপোৱাতো ভগৱানে জানিব। এজন গাড়ীচালকে তেওঁক লগ পাই সুধিলে-ভাই ক'ত যাবা? তেওঁ ক'লে মই দ্বাৰকা যাওঁ।চালকজনে ক'লে -উঠা মইও তালৈকে যাওঁ।
সেই গাড়ীচালকজন অন্য কোনো নহয় স্বয়ং ভগৱান শ্ৰীকৃষ্ণয়েই আছিল। ভগৱানে ভক্তক বিভিন্ন ৰূপত আহি সহায় কৰে। আজিলৈকে আমাক যিসকল মানুহে সহায় কৰিছে তেওঁলোক ভগৱানৰে এটা এটা ৰূপ।
সুদামা দ্বাৰকা পালেগৈ আৰু দ্বাৰত দ্বাৰপালক যেতিয়া ক'লে মোক ভগৱানৰ দৰ্শন কৰাই দিয়া আৰু দ্বাৰপালে ভগৱানক গৈ ক'লত তেওঁ দৌৰি আহিল আৰু সুদামাক হৃদয়ত লগাই লৈ ক'লে মিত্ৰ তুমি বৰ দেৰি কৰি দিলা । বহুত দেৰি কৰি দিলা।
তেওঁক নি আসনত বহোৱালে , চকুৰ পানীৰে ভৰি ধোৱালে আৰু ক'লে-মিত্ৰ বৌয়ে কি দি পঠিয়াইছে মোৰ কাৰণে?সুদামাই চাৰি মুঠি চাউল উলিয়াই দিলে।
প্ৰথম মুঠি আৰু দ্বিতীয় মুঠি খোৱাৰ পাছত তৃতীয় মুঠি খাবলৈ লওঁতে ৰুক্মিণীয়ে থাপ মাৰি ধৰিলে আৰু ক'লে সকলো আপুনিয়েই খালে আমি কি খাম।
কথাতে কয় ভগৱানক অলপ দিয়া তেওঁ আমাক বহুত দি দিয়ে।দুমুঠি চাউল দিলত ভগৱানে তেওঁক দুখন লোকৰ সম্পত্তি দি দিলে। সেইবাবে অন্নদান শ্ৰেষ্ঠ দান। আমি যদি পৰোপকাৰত অলপ হাত আগবঢ়াও ভগৱানে আমাক বহুত দি দিয়ে। সেইকাৰণে যাৰ যিমান সামৰ্থ্য সেই অনুসাৰে পৰোপকাৰ কৰি যাব লাগে। ভগৱানৰ ভক্তিতকৈ ডাঙৰ কাম একো নাই।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।
No comments:
Post a Comment