দুখ দূৰ কৰা পাঁচটা উপায় : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, February 24, 2022

দুখ দূৰ কৰা পাঁচটা উপায় : Assamese Fact

 

Assamese Fact

কেতিয়াবা কেতিয়াবা সকলো মানুহৰে জীৱনলৈ এনেকুৱা সময় আহে, তেতিয়া এনেকুৱা লাগে যে সকলোবোৰ শেষ হৈ গ'ল।( Assamese Fact )


যেন এই কঠিন পৰিস্থিতিত মোৰ লগ কোনেও দিয়া নাই। সকলোৱে অকল নিজৰ মাজতেই সোমাই আছে।কাৰো একো আহে নাযায় যে আমাৰ সমস্যা বা দুখ কিয় হৈছে। এনেকুৱা লাগে যেন বহুত অকলশৰীয়া আমি। 


যেন সময়ে ৰৈ গ'ল।ৰৈ গ'ল জীৱনটো।সময় পাৰয়েই নহয়। এনেকুৱা লাগে যেন এটাৰ পাছত আৰু এটা সমস্যা আহি আছে। বস্তুবোৰ সমাধানয়েই নহয়। 


এনেকুৱা পৰিস্থিতিত বহুবাৰ মানুহ নিজৰ জীৱনৰ লগতেই হাৰি যায়। এনেকুৱা লাগে যেন জীয়াই থকা ,মৰাটো একেই সমান। মানুহে জীয়াই থকা আশায়েই এৰি দিয়ে। 


যদি আপোনাৰ নিজৰ কোনোবা যাক আপুনি ভাল পায়।যিয়ে আপোনাৰ কাৰণে জীৱনত বহুত কিবাকিবি কৰিছে। তেতিয়া আপুনি সেই মানুহজনক এই পৰিস্থিতিৰ পৰা কিছুমান সৰুসুৰা কথাৰে বাহিৰলৈ উলিয়াই আনিব‌ পাৰে । 


এই পাঁচটা সৰুসুৰা কথা যদি আমি যিকোনো দুখত থকা মানুহক কওঁ , তেতিয়া তেওঁ জীয়াই থকা নতুনকৈ  আশা পাব।এই পাঁচটা সৰুসুৰা কথা ফলত কান্দি থকা মানুহেও হাঁহিবলৈ ধৰিব।


১.Emotional support- ভাৱনাৰ support. যিজন ব্যক্তি দুখত আছে, তাৰ ভাৱনা আৰু দুখ যদি বুজি নাপায়। তেতিয়া সি কেতিয়াও সেই দুখবোৰৰ পৰা উলাই আহিব নোৱাৰে।যদি আমি দুখত থকা ব্যক্তিজনৰ সমস্যাটো বুজো। সি যদি অনুভৱ কৰে কোনোবা আছে মোৰ দুখ, কষ্ট বুজি পোৱা । তেতিয়া তাৰ আধা দুখ তেনেকৈয়ে নাইকীয়া হৈ যাব। সৰু সৰু কথাৰে যিকোনো দুখী মানুহৰ জীৱনতো সুখেৰে ভৰাই তুলিব পাৰি। 


তেওঁক এইটো কোৱা মোৰ তোমাৰ ওপৰত বিশ্বাস আছে। তুমি নিজকে এই পৰিস্থিতিৰ পৰা সোনকালেই বাহিৰলৈ উলিয়াই আনিবা। তোমাৰ বহুত সাহস আছে। তুমি যি ভাবা যি বিচাৰা কৰিব পাৰা।যেতিয়া এজন মানুহে নিজকে অবাঞ্ছিত বুলি অনুভৱ কৰে। মোৰ কাৰো প্ৰয়োজন নাই, কোনেও মোক ভাল নাপায়। তেতিয়া মানুহ ড্ৰিপেচনলৈ গুচি যায়।চিন্তাত পৰে।কিন্তু যেতিয়া তেওঁ এনেকুৱা অনুভৱ কৰে, কোনোবাই মোৰ বিষয়ে চিন্তা কৰে।কোনোবাই মোৰ সুখ দুখৰ বিষয়ে চিন্তা কৰে।তেতিয়া এজন ব্যক্তি আটাইতকৈ গভীৰ কষ্টৰ পৰা ওলাই আহিব পাৰে।


যদি আমি এজন ব্যক্তিক বাৰে বাৰে এইটো কৈ থাকো। তুমি এনেকুৱা , তুমি তেনেকুৱা। তোমাৰ এইসমূহ দূৰ্বলতা আছে, তুমি এইটো কৰিব নোৱাৰা। তেতিয়া এজন ভাল আনন্দত থকা ব্যক্তিও হতাশ হৈ পৰিব।যদি কোনোবাই হতাশাগ্ৰস্ত ব্যক্তি এজনক আপুনি এইটো কয় যে তুমি বহুত ভাল, তুমি সকলো কৰিব পাৰা। তেতিয়া সেই হতাশাগ্ৰস্ত ব্যক্তিজনেও হাঁহিবলৈ আৰম্ভ কৰিব।


এজন বিজ্ঞানীয়ে এটা পৰীক্ষা কৰিছিল।তেওঁ দুজোপা উদ্ভিদ ৰোপণ কৰিছিল, তেওঁ সেই দুজোপা উদ্ভিদক সমান পৰিমাণৰ পানী দিছিল। সূৰ্য ৰশ্মি ,সাৰ দিছিল। তেওঁ দুজোপা উদ্ভিদকে সকলোবোৰ একেইদৰেই দি থাকিল। কিন্তু তেওঁ গৈ এজোপা উদ্ভিদৰ কথা বেয়াকৈ কৈ থাকিছিল।তেওঁ সেই উদ্ভিদ জোপাক বৰ বেয়াকৈ কৈ‌ থাকিছিল আৰু আনজোপা উদ্ভিদক তেওঁ খুব মিঠা মিঠা কথা কৈছিল। বহুত ভাল ভাল কথা কৈছিল। সকলোবোৰ একেই হোৱাৰ পাছতো তেওঁ যিজোপা গছক বেয়া বেয়াকৈ কৈছিল ,সেইজোপা গছ মৰহি গ'ল। মৰি গ'ল। 


প্ৰশংসা কৰা দ্বিতীয় জোপা উদ্ভিদত ফুল উলাবলৈ ধৰিলে। সেই গছজোপা ভাল হৈ উঠিল। সকলোবোৰ একেই হোৱাৰ পাছতো যাক প্ৰত্যাখ্যান কৰা হ'ল ,যাক ঠাট্টা কৰা হ'ল,যাক অপমান কৰা হ'ল। সেই গছজোপা মৰি গ'ল।যেতিয়া আমাৰ কথাবোৰে গছ-গছনি, উদ্ভিদৰ ওপৰত ইমান প্ৰভাৱ পেলাব পাৰে। তেতিয়া আপুনি ভাৱক এজন ব্যক্তিৰ হৃদয়ত ইয়াৰ কিমান প্ৰভাৱ পৰিব পাৰে? যেতিয়া এজন ব্যক্তি দুখত থকা দেখে,উদাস হৈ থকা দেখে তেতিয়া তেওঁক Emotional support কৰক। ( Assamese Fact )


ভাবনাত্মক ৰূপে তেওঁৰ লগত থাকক।দুখৰ সময়ত যদি কোনোবাই তেওঁৰ লগ দিয়ে , তেতিয়া মানুহে সদায় তেওঁক মনত ৰাখে।যেতিয়া মই ইমান সমস্যাত পৰিছিলো, তেতিয়া এই মানুহজনে মোক সমৰ্থন কৰিছিল।যেতিয়া কোনোবাই এনে পৰিস্থিতিত তেওঁৰ লগ এৰি দিয়ে,তেতিয়াও মানুহে সদায় তেওঁক মনত ৰাখে।যাৰ বাবে মই সকলো কৰিছিলো।যেতিয়া সমস্যাই মোক আঘাত কৰিছিল,  তেতিয়া এওঁলোকে মোৰ লগ এৰি দিলে।যিসকল এই পৰিস্থিতিৰ মাজত সোমাই আছে।আপুনি যদি তেওঁৰ দুখ-কষ্ট আঁতৰাব বিচাৰে,  সুখত থকা চাব বিচাৰে। তেতিয়া আপুনি তেওঁক ভাবনাৰে সঁহাৰি দিয়ক।



২.যেতিয়াই এজন ব্যক্তি এনে পৰিস্থিতিত থাকে। তেতিয়া আপুনি তেওঁক কওঁক, চিন্তা নকৰিব, ভয় নকৰিব।আমি আপোনাৰ লগত আছো, মই আপোনাৰ লগত আছো।যিয়েই নহওঁক, আমি একেলগে চাম।একেলগে থাকিম।অকমানো ভয় নকৰিবা।অকমানো চিন্তা নকৰিবা। যিকোনো ডুবি যোৱা বা ভাগি  যোৱা ব্যক্তিক মাত্ৰ এইটো কৈ দিব, মই আপোনাৰ লগত আছো। তেওঁ জীৱন যাপন কৰিবলৈ এটা নতুন শক্তি পাব। অকল কোৱায়েই নহয়, তেওঁ যদি সমস্যাত আছে, তেওঁক লগো দিয়ক।



৩. যিজন মানুহ দুখত থাকে , তেওঁৰ এনেকুৱা লাগে সময় যেন ৰৈ গ'ল। আপুনি এইটো কেতিয়াও নাভাবিব যে সময় সদায় একেই থাকে।যেতিয়া সুখৰ সময় থাকে, তেতিয়া সময় সোনকালে পাৰ হৈ যায়।বহুতে কয় যে নাজানো কেনেকৈ ইমান ভাল সময় ইমান সোনকালে পাৰ হৈ গ'ল আৰু দুখৰ সময়ত, সময়টো যেন ৰৈ যায়।এটা এটা মুহূৰ্ত এটা শতিকাৰ দৰে লাগে। আপুনি এনেকুৱা ব্যক্তিক আশ্বাস দিয়ক যে এই সময়টোও পাৰ হৈ যাব। যেনেকে জীৱনৰ প্ৰতিটো প্ৰত্যাহ্বান অতিক্ৰম কৰি, দুখ-কষ্ট বোৰ অতিক্ৰম কৰি, আজি আমি ইয়াত আছোঁ । এইটো সময়ো পাৰ হৈ যাব।চিন্তা নকৰিব , সকলোবোৰ ভাল হ'ব। 



৪.আমি সদায় এটা ভুল কৰোঁ যেতিয়া এজন মানুহ সমস্যাত থাকে  ,দুখত থাকে তেতিয়া আমি বহুত উপদেশ দিবলৈ ধৰো। বহুবাৰ মানুহ এনেকুৱা পৰিস্থিতিত থাকে।যেতিয়া তেওঁলোকে কাৰো একো উপদেশ বুজি নাপায়। এনেকুৱা পৰিস্থিতিত আপুনি তেওঁক একো উপদেশ নিদিব। অকল তেওঁৰ কথাবোৰ শুনক।অকল তেওঁৰ সমস্যাবোৰ বুজিবলৈ চেষ্টা কৰক। এনেকুৱা পৰিস্থিতিত আপুনি একো কোৱা প্ৰয়োজন নাই। যদি সি নিজৰ সকলো দুখ , সমস্যা আপোনাৰ আগত কৈ ‌দিয়ে। যিবোৰ সি নিজৰ হৃদয়ত থৈ দিছে, তেতিয়া তাৰ বা তেওঁৰ সকলো দুখ আতঁৰি যাব। এনেকুৱা পৰিস্থিতিত উপদেশ দিয়াতকৈ বেছি ভাল আপুনি তেওঁৰ কথা শুনি তেওঁৰ দুখ দূৰ কৰক।



৫.যেতিয়াই এজন ব্যক্তিয়ে সমস্যাৰ সৈতে যুঁজি থাকে।দুখত থাকে আৰু ইমান বিচলিত হৈ যায় যে তেওঁ বাহিৰলৈ উলাই আহিবলৈ কোনো উপায় দেখা নাপায়।যদি আপুনি বিচাৰে যে তেওঁ সোনকালে দুখৰ পৰা উলাই আহক।তেতিয়া আপুনি এই কামটো কৰক।তাক তাৰ গুণাগুণবোৰ বিষয়ে কওঁক।তেওঁ কিমান বিশেষ তেওঁক সেইটো কওঁক।তেওঁ কিমান ভাল তেওঁক সেইটো কওঁক। তেওঁক এইটো কওঁক তেওঁ যি পাইছে সেইবোৰ বহুত মানুহে পোৱা নাই।কাৰণ যেতিয়াই এজন ব্যক্তি হতাশ হয়।দুখত থাকে। তেতিয়া তেওঁ অনুভৱ কৰে যে তেওঁৰ জীৱনৰ সকলোবোৰ বস্তুয়েই ভুল।তেওঁ নিজৰ মাজতো সকলো ভুল দেখে।


যেতিয়া আপুনি তেওঁক তেওঁৰ গুণবোৰ মনত পেলাই দিয়ে। ভাল কথাবোৰ মনত পেলাই দিয়ে। তেওঁ যি পাইছে সেইবোৰ কথা মনত পেলাই । তেতিয়া যিকোনো মানুহ যিমান দুখত নাথাকক লাগিলে তেওঁ সকলো পাহৰি যাব আৰু তাৰ জীৱনত নতুন এটা জীৱন আহি পৰিব। জীৱনত দুখ যিমানেই ডাঙৰ নহওঁক আপুনি যদি সাহসক তাতকৈ বেছি কৰি তোলে, তেতিয়া কোনো দুখ আপোনাৰ ওচৰত তিস্থি থাকিব নোৱাৰিব।


মনত ৰাখিব যদি আপুনি হাৰ মানি লয় তেতিয়া দুখ জিকি যাব। যদি আপুনি জিকিম বুলি  ভাবি ল'লে তেতিয়া দুখ হাৰি যাব। জিকিব বিচাৰিলে সাহস থাকিব লাগিব। যুঁজিব লাগিব আৰু আগবাঢ়ি যাব লাগিব। সেই কাৰণে যি সময় চলি আছে ,যি পৰিস্থিতি চলি আছে। আমি সপত ল'ব লাগে যে কাইলৈ লাগিলে যিয়ে হওঁক।এই সময়ত বা এই পৰিস্থিতিত আমি সুখত থাকিম। হাঁহি দেখুৱাম। 


জীৱনটো ভাল কৰিবলৈ গোটেই জীৱন আছে। আহঁক সেই সময়খিনি ভাল কৰি লওঁ ,য'ত জীৱনটো থিয় হৈ আছে। লাগিলে যিয়ে পৰিস্থিতি আহঁক , আপোনাৰ সিমান শক্তি আছে যে আপুনি সেই পৰিস্থিতি পাৰ কৰি যাব পাৰে। সকলো দুখ, কষ্ট পৰা আপুনি নিজকে উলিয়াই আনিব পাৰে। কাৰণ আপুনি গোটেই জীৱনটো এনেকৈ উলিয়াই আহিছে।


 এতিয়াও উলিয়াব আৰু আগলৈও উলিয়াই দেখুৱাব। নিজৰ সাহসক জাগৰণ কৰক আৰু নিজৰ শক্তিবোৰ চিনি পাওঁক। দুখৰ লগত জিকি হাঁহি দেখুৱাওক।

নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো , ধন্যবাদ। 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page



No comments:

Post a Comment

Advertisement

Pages