এই কাহিনীটোৱে আপোনাক আপোনাৰ বেয়া পৰিস্থিতিতো সহায় কৰিব : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, February 20, 2022

এই কাহিনীটোৱে আপোনাক আপোনাৰ বেয়া পৰিস্থিতিতো সহায় কৰিব : Assamese Fact

Assamese Fact

 

প্ৰিয় পাঠকসকল আমাৰ জীৱনতো সঁচাকৈয়ে বৰ আচৰিত নহয়নে? ( Assamese Fact )


কেতিয়াবা ,কেতিয়াবা আমাৰ জীৱনলৈ এনেকুৱা কিছুমান সুখ আহি যায় যিবোৰ আমি কেতিয়াও নাভাবোয়েই আৰু কেতিয়াবা, কেতিয়াবা জীৱনলৈ এনেকুৱা কিছুমান দুখ আৰু সমস্যা আহি যায় ,তাক আমি সহ্যয়েই কৰিব নোৱাৰোঁ। কেতিয়াবা, কেতিয়াবাতো সকলো ভালেই হয়, কিন্তু কেতিয়াবা  এটাৰ পাছত আনটো বিপদে আহি আমাক  চাৰিওফালৰ পৰা বেৰি ধৰে ।


 জীৱনত সময় সদায় একে হৈ নাথাকে, কেতিয়াবা সুখৰ মূহুৰ্ত থাকে আৰু কেতিয়াবা দুখৰ  সাগৰে বেৰি ধৰে। সুখৰ মূহুৰ্তবোৰতো কপূৰৰ দৰে উৰি যায়, শেষ হৈ যায়,আমি  গমেই নাপাওঁ কেতিয়া আমাৰ সুখৰ মূহুৰ্তবোৰ আমাৰ পৰা হেৰাই যায় আৰু বেয়া সময় বা সমস্যাৰ সময় এনেকুৱা যে, কটোৱাটোৱেই কষ্টকৰ হৈ পৰে , এনেকুৱা লাগে যেন সময় ৰৈ গৈছে আৰু পাৰ নোহোৱা হৈছে। দুখ আৰু সমস্যাৰ সময়ত এটা ,এটা ক্ষণ হাজাৰ  ,হাজাৰ বছৰৰ দৰে  লাগে। কিন্তু জীৱনত যিমানেই বিপদ নাহক কিয়, মানুহে কেতিয়াও নিজৰ সাহস হেৰুৱাব নালাগে, কাৰণ  যিজন লোকৰ সাহস আছে তেওঁ ডাঙৰতকৈও  ডাঙৰ বিপদ আৰু সমস্যাক পাৰ কৰিব পাৰে।

 


প্ৰশ্ন এইটো নহয় যে সমস্যা কিমান ডাঙৰ, প্ৰশ্ন এইটোহে যে সাহস আৰু ধৈৰ্য কিমান ডাঙৰ। সমস্যা তেতিয়াহে ডাঙৰ লাগে ,যেতিয়া আপোনাৰ সাহস তাতকৈ কম থাকে,যদি আপুনি সাহস আৰু ধৈৰ্য ডাঙৰ কৰি লয় তেতিয়া সমস্যা নিজে নিজেই সৰু হৈ যাব। আজি আমি কথা পাতিম এনে ৩টা কথাৰ বিষয়ে  যিকেইটা প্ৰয়োগ কৰি  যিমানেই সমস্যা আৰু খেলি মেলি আহি যাওঁক,  যদি সেই সময়ত আপুনি এইকেইটা কথা মনত ৰাখিব তেতিয়া কঠিনতকৈও কঠিন পৰিস্থিতিও আপুনি হাঁহি হাঁহি পাৰ কৰি দিব।


সকলোতকৈ প্ৰথম কথা যে , ধৈৰ্য ৰাখক,ভয় নাখাব,সাহস নেহেৰুৱাব। বিপদৰ সময়ত প্ৰথমতে মানুহৰ লগ এৰে তেওঁৰ সাহসে। আৰু যেতিয়া আপোনাৰ সাহসে আপোনাৰ লগ এৰি দিয়ে তেতিয়া আপোনাৰ  ধৈৰ্যয়েয়ো লগ এৰি দিয়ে, শুদ্ধ সিদ্ধান্ত ল'ব নোৱাৰা হয়।যদি আপুনি কোনোবা বিপদত পৰি যায় তেতিয়া ভয় নাখাব।ভয় খালে মন অশান্ত হয়,মগজুৱে ভালদৰে কাম নকৰা হয়। সেইবাবে এইটো বহুত জৰুৰী যে বিপদৰ সময়ত আপুনি আপোনাৰ মনটো শান্ত ৰাখক,মনটো শান্তিত থাকিলে বিপদৰ সময়ত আপুনি কেনেকৈ তাৰপৰা ওলাব , তাৰ বিষয়ে শান্তিত ভাবিব পাৰিব।


বেয়া সময় আৰু পৰিস্থিতিৰ পৰা আপুনি তেতিয়াহে ওলাব পাৰিব  যেতিয়া আপুনি সাহস আৰু ধৈৰ্য নেহেৰুৱাই। যদি আপোনাৰ ওচৰত সাহস আছে তেতিয়া বিপদৰ সময়ত ই আপোনাক বুদ্ধিৰে ওলাই আহিবলৈ সাহস দিব , ৰাষ্টা দেখুৱাব। বিপদতো এনেকুৱা যে আপুনি যিমান ভয় খাই সি আপোনাক সিমানেই ভয় খোৱাব। আৰু যদি সমস্যাৰ ওচৰত আপুনি বুকু  ডাঠি থিয় দিয়ে তেতিয়া সমস্যা ভয়তে পলাব। গতিকে জীৱনত যিমান বিপদ আহিলেও হাৰ নামানিব।


এটা কথা মনত ৰাখিব যে জীৱনৰ কোনো সমস্যাত আপুনি তেতিয়ালৈকে নাহাৰে যেতিয়ালৈকে আপুনি নিজৰ ওচৰত নাহাৰে।যদি আপোনাৰ জীৱনত আগবঢ়াৰ উৰ্দম আৰু সাহস আছে তেতিয়া আপোনাক  পৃথিৱীৰ কোনো বিপদ বা সমস্যাই আগবঢ়াত বাধা প্ৰদান কৰিব নোৱাৰে। আৰু দ্বিতীয় কথাটো এইটো মনত ৰাখক যে এইটো সময়  ক্ষণস্থায়ী,এই সময় সদায় ৰৈ নাথাকে, অস্থায়ী, মাত্ৰ অলপ সময়ৰ বাবে ৰৈ থাকে । কাৰণ আপুনি  যেতিয়া কোনো সমস্যাক ক্ষণস্থায়ী বুলি মানি লয়,অলপ সময়ৰ আলহী বুলি মানি লয়, তেতিয়া সেই দুখ আৰু সমস্যা আপোনাৰ বহুত পাতল যেন লাগিবলৈ লয়, বহুত সৰু যেন লাগিবলৈ লয়, কিন্তু যেতিয়া আপুনি ভাবে যে কেতিয়া মোৰ দুখৰ অন্ত হ'ব, তেতিয়া  সেই দুখ আৰু সমস্যা আপোনাৰ বাবে ডাঙৰ যেন লাগিবলৈ ধৰে। আপুনি নিজৰ জীৱনতো দেখিছে যে ,যদি   আপুনি কোনো ঠাইত অলপ সময়ৰ বাবে ৰয় , তেতিয়া ভাবে যে  ক'তনো আমি ইয়াত সদায় থাকিব লাগিব , গতিকে আমি যদি কোনো সমস্যাৰ অলপ সময়ৰ বাবে সন্মুখীন হ'ব লগা হৈছে তেতিয়া কোনো কথা নাই। এনেকুৱাই এই জীৱনটোও। ( Assamese Fact )


যদি আমি মানি লওঁ যে ক'তনো এই বিপদটো সদায়েই আমাৰ জীৱনত থাকিব, ক'তনো এই  কঠিন সময় আৰু সমস্যা সদায়েই থাকিব, যিদৰে আজিলৈকে সকলো সমস্যা আৰু বিপদ আহিছিলে আৰু গুচি গৈছিলে , তেনেকৈয়ে এই সমস্যাও এদিন নহয় এদিন গুচি যাব। আৰু আপোনাৰ এই বিশ্বাস যে দুখবোৰ আমাৰ জীৱনত সদায়েই নাথাকে আৰু ই ক্ষন্তেকীয়া এই কথাটোৱেই  আপোনাক দুখ আৰু সমস্যাৰ পৰা পৰিত্ৰাণ দিয়াত সহায় কৰে। গতিকে দুখ আৰু সমস্যাৰ পৰা হাৰি কেতিয়াও বহি নাথাকিব বৰঞ্চ এইটো বিশ্বাস ৰাখিব যে মই এই  দুখ আৰু সমস্যাৰ পৰা অতি সোনকালেই পৰিত্ৰাণ পাম আৰু তৃতীয় কথাটো হ'ল যে আপোনাৰ জীৱনত যদি কোনো   দুখ বা বিপদ আহে তেতিয়া তাৰ পৰা ওলাবলৈ আপুনি আপোনাৰ সম্পূৰ্ণ শক্তি   লগাই দিয়ক। 


এবাৰ এজন ব্যক্তি মহান বিষাদ শুক্ৰাজৰ  ওচৰলৈ গ'ল আৰু সি নিজৰ সমস্যাৰ বিষয়ে কবলৈ ধৰিলে যে মোৰ  জীৱনত ইমান দুখ আৰু সমস্যা আছে, মই তাৰপৰা ওলাবলৈ বহুতো চেষ্টা কৰিলোঁ কিন্তু সফল হ'ব পৰা নাই। তেওঁ শুক্ৰাজক ক'লে যে, অনুগ্ৰহ কৰি মোক এটা পথ দেখুৱাওঁক,কিবা এটা মাৰ্গ কওঁক যে ,মই ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। শুক্ৰাজে  তেওঁক এখন নদীৰ কাষলৈ লৈ গ'ল আৰু তেওঁক  নিজৰ লগত গা ধোৱলৈ  আগ্ৰহ প্ৰকাশ কৰিলে আৰু ক'লে তোমাৰ সকলো সমস্যাৰে  সমাধান ইয়াৰ পানীৰ তলতেই আছে। তুমি নিজৰ মূৰতো ইয়াত তিয়ালেই সকলো সমস্যাৰ পৰা পৰিত্ৰাণ পাই যাবা। যেতিয়া তেওঁ নিজৰ মূৰতো পানীত তিয়ালে ,শুক্ৰাজে তেওঁক পানীৰ মাজলৈ ঠেলি দিলে আৰু তেওঁৰ মূৰৰ ওপৰত   জাঁপ মাৰি উঠি দিলে। সেই ব্যক্তিজনে শক্তিশালী শুক্ৰাজক তেওঁৰ কান্ধৰ পৰা নমাবলৈ বহুত চেষ্টা কৰিলে কিন্তু তেওঁ অসমৰ্থ হ'ল আৰু  যেতিয়া তেওঁ  ভাবিলে যে তেওঁ এতিয়া মৰি যাব  , তেওঁ বহুত জোৰ লগালে আৰু  আৰু তেওঁতকৈ বেছি শক্তিশালী  শুক্ৰাজক নিজৰ গাৰ পৰা  আতঁৰাই পঠিয়ালে আৰু বাহিৰলৈ আহি শুক্ৰাজৰ ওপৰত খং কৰিবলৈ ধৰিলে। এইটো কি উপায় আপোনাৰ,ইনেয়েই মই সমস্যাত আছোঁ আৰু  আপুনি মোক মৰাৰ  ষৰযন্ত্ৰ ৰচিছেঁ। 


শুক্ৰাজে ক'লে তোমাৰ সকলো সমস্যা সমাধান এই কথাটোতে লুকাই আছে। যেতিয়া তুমি ডুবিছিলা তেতিয়া তুমি কিমান জোৰ লগাইছিলা? ব্যক্তিজনে  ক'লে-মই প্ৰথমে কি কৰিম ভাবি পোৱা নাছিলো। মই  প্ৰথমে ভাবিছিলোঁ যে আপুনি ধেমালি কৰিছে আৰু  আপুনি নিজে নিজেই আতঁৰি যাব কিন্তু যেতিয়া মই উশাহ ল'বলৈ কষ্ট পাবলৈ ধৰিলো আৰু  আপুনি আতঁৰাৰ নাম নোলোৱা হ'ল, তেতিয়া মই  ভাবিলো যে এই পাগল মানুহজনে দেখুন মোক মাৰিয়েই পেলাব আৰু যদি মই জীয়াই থাকিব বিচাৰোঁ মই মোৰ গোটেই শক্তি প্ৰয়োগ কৰিব লাগিব আৰু তেতিয়া মই মোৰ সম্পূৰ্ণ শক্তি লগাই নিজৰ জীৱন ৰক্ষা কৰি ললোঁ। তেতিয়া শুক্ৰাজে ক'লে যে তোমাৰ সমস্যাবোৰ দূৰ কৰাৰ বাবে এইটোৱেই উপায় যে তুমি নিজৰ সমস্যা দূৰ কৰিবলৈ সম্পূৰ্ণ শক্তি লগাই দিয়া আৰু তুমি যেতিয়া সেই দুখ আৰু সমস্যাবোৰ আঁতৰাবলৈ সম্পূৰ্ণ শক্তি লগাই দিবা তেতিয়া বিশ্বাস কৰা সেই সমস্যাবোৰ নিজেই আতঁৰি যাব। 


আপোনাৰ জীৱনলৈও যদি সমস্যা আহে বা দুখ আহে তেতিয়া আপুনি সাহস নেহেৰুৱাব ,বৰঞ্চ নিজৰ সম্পূৰ্ণ শক্তি লগাই  আপুনি সেই সমস্যাতো আঁতৰাব লাগিব আৰু জিকিব লাগিব। যিজন ব্যক্তিয়ে নিজৰ দুখ কষ্টৰ আগত অস্ত্ৰ  নেপেলাই বৰঞ্চ সেই সমস্যাৰ আগত থিয় দিয়ে তেওঁহে শেষত সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে বা জয় কৰিব পাৰে। আপোনাৰ জীৱনত লাগিলে হাজাৰ সমস্যা আহক কিন্তু নিজকে কেতিয়াও দুৰ্বল বুলি নাভাবিব, নিজক কেতিয়াও হৰা বুলি নাভাবিব। নিজৰ ওপৰত দয়া নকৰিব,সাহস বনক , নিজৰ শক্তি বনক । যদি আপুনি নিজৰ দুখৰ লগত নিজে যুঁজ দিবলৈ সাজু হৈ থাকে তেতিয়া আপোনাক কাৰোৰে প্ৰয়োজন নহয় আৰু যদি আপুনি দুখলৈ  ভয় কৰি হাৰি যায় তেতিয়া কাৰোৰে সহায় আপোনাৰ কামত নাহিব।দুখ আৰু সমস্যাবোৰ যদি  আপোনাৰ, তেতিয়া যুঁজো আপুনিয়েই দিব লাগিব আৰু জিকিবও আপুনিয়েই লাগিব।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো , ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages