যদি আপোনালোকে সঁচাকৈয়ে টকা উপাৰ্জন কৰিব বিচাৰিছে তেতিয়া এইসমূহ কথা জানি লওঁক । আমাৰ ৪টা এনেকুৱা বদ অভ্যাস আছে যি আমাক কেতিয়াও ধনী হ'বলৈ নিদিয়ে। ( Assamese Fact )
আহক আমি জানোঁ এনে কি অভ্যাসে আমাৰ অগ্ৰগতিত বাধা প্ৰদান কৰে। আপুনি যদি সত পথেৰে টকা উপাৰ্জন কৰিব বিচাৰিছে আৰু মধ্যবৃত্তৰ পৰা ধনী হ'ব বিচাৰিছে তেতিয়া এইসমূহ কথা মনত ৰাখিব।
যদি আপুনি বহুত টকা উপাৰ্জন কৰিব বিচাৰিছে, বেংক বেলেঞ্চ বঢ়াব বিছাৰিছে, সোনকালে ধনী হ'ব বিচাৰিছে তেতিয়া এইসমূহ কথা শেষলৈকে শুনক আৰু সেইবোৰ মানুহেটো শুনকেই যি কয় যে এইবোৰৰ পৰা একো নহয়। আজি আমি আপোনালোকৰ টকা উপাৰ্জন কৰাৰ যি দৃষ্টিভংগী তাক সলাই দিম।
আহক কথা পাতো প্ৰথমতো বেয়া অভ্যাসৰ বিষয়ে, এই চাৰিটা অভ্যাসৰ ভিতৰত আটাইতকৈ বেয়া অভ্যাসটো হ'ল poor mentality ।
যদি আপুনি ভাবিছে যে আপুনি সেইকাৰণে ধনী হ'ব পৰা নাই কাৰণ মানুহে আপোনাক হ'ব দিয়া নাই , চৰকাৰে আপোনাক ধনী হ'বলৈ দিয়া নাই, টেক্স চিচটেমে আপোনাক ধনী হ'বলৈ দিয়া নাই। অৰ্থাৎ আপুনি সদায় নিজৰ বিফলতাৰ কাৰণে আনক দুখ দিয়ে। আপোনাৰ এই poor mentalityয়ে আপোনাৰ আটাইতকৈ ডাঙৰ বেয়া গুণ আৰু ডাঙৰ শত্ৰু।
মানুহে কয় এই ধনী মানুহবোৰে আমাক ধনী হ'বলৈ নিদিয়ে । ধনী মানুহবোৰ ধনী হৈ গৈ আছে আৰু আমি দিনে দিনে দুখীয়া হৈ গৈ আছো। সকলোৰে ওপৰত দুখ দিব পাৰে নিজক বাদ দি। মানুহে নিজৰ ওপৰত কোনো দুখ নিদিয়ে।
কোনোবাই যদি কিবা উপায় দিয়ে তেওঁলোকে শুনি বৰ ভাল পায়। কিন্তু যেতিয়া কৰাৰ সময় আহি পৰে তেতিয়া ক'ব তেনেকুৱা নহয় । তেনেকে কোনেও টকা উপাৰ্জন কৰিব নোৱাৰে, ধনী তেনেকৈ হৈ যাব নি?ধনী মানুহবোৰেতো কিবা বেলেগেই কৰে। আচলতে তেনেকুৱা নহয়, সফল হ'বলৈ যিবিলাক নিয়ম আছে সেইবোৰ বৰ সহজ।
আপুনি জানে যে আপুনি টকা উপাৰ্জন কৰিব লাগে কিন্তু আচলতে আপুনি টকা উপাৰ্জন কৰিবয়েই নালাগে। টকা কমাব লাগে কিন্তু যেতিয়া কাম কৰাৰ সময় আহি পৰে কিবা নহয় কিবা খুট ওলিয়াই আপুনি নিজকে বুজায় লয় ।কাম যিকোনো হ'ব পাৰে মই কোনো পাৰতিকোলাৰ কামৰ কথা কোৱা নাই ।
আপুনি সদায়েই নিজকে সন্মত কৰাই লয় যে আমি য'ত আছো থিকেই আছোঁ। ইয়াতকৈও বেয়া কথা যে সদায় টকা টকা কৰি থাকিব আৰু শেষত নিজেই ক'ব কি হ'ব টকা উপাৰ্জন কৰি সকলো ইয়াতেই এৰি যাব লাগিব। তেতিয়া কিয় টকা টকা কৰি থাকে।
এই poor mentality ৰ পৰা যিমান সোনকালেই ওলায় আহিব সিমানেই টকা ঘটাত সহজ হ'ব। মোৰ বহুত বন্ধুৱে মোক কয় কি হ'ব ধনী হৈ গোটেই দিনটো টকাৰ কথায়েই ভাবি থাকিব লাগিব টকাৰ টেনচন লৈ থাকিব লাগিব।
মই তেওঁলোকক বুজালো যে টকাৰ টেনচন সেইসকলে নলয় যাৰ ওচৰত ধন সম্পত্তি আছে বৰঞ্চ সি লয় যাৰ টকা পইছাৰ অভাৱ,তাক টকা লাগে। আকৌ মোৰ বন্ধুজনে ক'লে যে টকায়ে মানুহক শান্তিত জীয়াই থাকিবলৈ নিদিয়ে। মই কিয় উপাৰ্জন কৰিম টকা।মই তাক ক'লো টকাৰে তুমি এনেকুৱা কাম কৰিব পাৰা যিটো কৰাৰ তোমাৰ ক্ষমতা নাই।সি ক'লে কি?মই ক'লো দুখীয়া লৰা ছোৱালীক পঢ়োওৱা,যি বিকলাংগ ল'ৰা ছোৱালী আছে আৰু গোটেই জীৱন তেওঁলোকে তেনেদৰে কটাবলগীয়া হ'ব তেওঁলোকৰ কাৰণে কাম কৰা, চিকিৎসালয় বনোৱা , ভাল কাম কৰা।
পাৰিবা জানো কৰিব ,যদি নোৱাৰা আগত কৰাৰ যোগ্য বনা আৰু যেতিয়া কৰিব পৰিবা মনটোত এক বেলেগ ধৰণৰ শান্তি নাপাবানে? নিশ্চয় পাবা। তেতিয়া কোনে কৈছে যে টকা উপাৰ্জন কৰি শান্তি পোৱা নাযায় ,শান্তি পোৱা যায় তোমাৰ লক্ষ্যৰ পৰা ।তুমি ভাল কাম কৰিব বিচাৰিছা নে বেয়া কাম। ভাল আৰু বেয়া কাম ধনী মানুহৰো হয়, ধনী মানুহেও কৰে আৰু দুখীয়া মানুহৰ লগতো হয় আৰু দুখীয়া মানুহেও কৰে ।
যাৰ মেনটেলিটি যেনেকুৱা সি তেনেকুৱা কামেই কৰিব , ইয়াক টকাৰ লগত জোৰা নিদিব । অক্ষয় কুমাৰে অলপতে কোটি টকা দান কৰিছিলে। কোনোবাই ক'ব নি তেওঁক টকা থকা মানুহে বেয়া কাম কৰে বুলি । নিশ্চয় নহয়, আপোনাৰ মেনটেলিটিয়ে আপোনাক ভাল বেয়া কাম কৰায়। ইয়াত ধনী দুখীয়াৰ কোনো কথা নাই। ( Assamese Fact )
তেতিয়া এই মেনটেলিটিৰ পৰা বাহিৰ উলাওক যে টকা উপাৰ্জন কৰা জৰুৰী নহয় , নিশ্চয় জৰুৰী। প্ৰথম বেয়া গুণটো বুজিলে নিশ্চয়, পৌৰ মেনটেলিটি যত টকা উপাৰ্জন কৰাৰ ক্ষেত্ৰত কেৱল নিগেটিভিটি আছে যে অকল টকা বেয়া কামৰ পৰাহে আহে আৰু বেয়া কামতে খৰছ হয়। এনেকুৱা নহয়, সেইবাবে আমি ইয়াৰ পৰা বাহিৰ ওলাব লাগিব।
দ্বিতীয় বেয়া অভ্যাসটো হ'ল এটাৰ পাছত এটা দৌৰা অৰ্থাৎ Rat race. অৰ্থাৎ দেখাক দেখি দৌৰা।যেনে- চাকৰি। এইটো এটা ডাঙৰ সমস্যা য'ত ইটো আনটোৰ পাছত দৌৰি আছে। ইয়াত সকলোৱে ধনী হ'বতো বিচাৰিছে আৰু ভাবিছে যে মই কোনো এটা চাকৰি কৰি ধনী হ'ব পাৰিম।
কিন্তু এই চাকৰিয়ে মানুহক ধনী হ'বলৈও নিদিয়ে দুখীয়া হ'বলৈও নিদিয়ে। কিমান বিলিনিয়ৰ , মিলিনিয়ৰে চাকৰি কৰি আজি সেই ঠাই পাইছেগৈ।এজনো নাই,যি সেই যোগ্যতা অৰ্জন কৰিছে নিজৰ চাকৰিক বাদ দিহে বনিছে।
ধনী মানুহৰ আগত ফাউণ্ডাৰ, ক্ৰিয়েটৰ, অৰিজিনেটৰ, এনটৌপিনৰ আদি লাগি থাকে আৰু এই সকল লোকে নিজৰ হাত ভৰি চলাই নহয় বৰঞ্চ মগজুহে চলায় আৰু বেলেগৰ পৰা চাকৰি কৰায় আৰু যিটো কাম অকলে কৰিব পাৰিলেহেঁতেন তাক মালটিপ্লাই কৰি বেলেগৰ পৰা চাকৰি কৰায়।আৰু যিজন চাকৰিৰ এই জঞ্জালত ফচি গ'ল আৰু ভাবিছে যে চাকৰি কৰি ধনী হৈ যাম তেওঁ মৃত্যু পৰ্যন্ত ধনী হ'ব নোৱাৰে।
ধনী সেইজনহে বনিব যাৰ কাৰণে তেওঁ চাকৰি কৰিছে। চাকৰিত যদি ১লাখ টকাৰ পাইছে তেতিয়া ভাবক যে সেইজনে আপোনাক ১লাখ টকা কিয় দিছে, কাৰণ তোমাৰ দৰে কেইবাজনো লোকে তেওঁৰ কাৰণে কাম কৰি তেওঁক কোটি টকা দিছা। সেই লাভৰ পৰা এটা সৰু অংশহে তেওঁ আপোনাক দিছে যাতে তেওঁ আৰু কমাব পাৰে , আপোনাক ব্যৱহাৰ কৰিব পাৰে, আপোনাৰ পৰা আৰু প্ৰফিট ল'ব পাৰে।
সেইবাবে আপুনি এনেকুৱা মানসিকতাৰ পৰা বাহিৰ ওলাব লাগিব যে অকল চাকৰি কৰিয়েই আপুনি স্বাধীন হৈ যাব, ধনী হৈ যাব। চাকৰিয়েই যদি আপোনাৰ সপোন তেতিয়া নহ'ব , আপুনি টকা ইনভেষ্ট কৰি তাক মালটিপ্লাই কৰিব লাগিব। আপোনাৰ তলত আনক কাম কৰাই অৰ্থাৎ আপুনি এনেকুৱা কাম কৰক যত টকা উপাৰ্জনেই নহয় আপোনাৰ কৰিও ভাল লাগে।
যিসকল ব্যক্তি ধনী হৈছে তেওঁলোকৰ উদ্দেশ্য কেৱল টকা উপাৰ্জন কৰায়েই নহয় তেওঁলোকৰ নিজৰ হবি বা পেচন পূৰণ কৰা আৰু টকা নিজে নিজেই আহি যাব পেচনৰ পৰা। পেচনৰ পৰা টকা আহে। কিন্তু যদি আপুনি মাহৰ শেষত চেলাৰিৰ বাবে ৰৈ থাকে তেতিয়া সেইটো বেলেগ কথা। যদি আপুনি আপোনাৰ চাকৰিত সন্তোষ্ট তেতিয়া মোৰ ক'ব লগা একো নাই কিন্তু যদি আপুনি ধনী হ'ব বিচাৰিছে তেতিয়া আপুনি হাত ভৰি নহয় মগজু চলোৱাৰহে প্ৰয়োজন।
তৃতীয়তে যদি আপুনি ৰিক্স ল'ব নোখোজে তেতিয়া আপুনি কেতিয়াও ধনী হ'ব নোৱাৰে। অৰ্থাৎ যদি আপুনি ভাবি লয় যে আপুনি ৰিক্স লৈ কংগাল বনি যাব তেতিয়া আপুনি কেতিয়াও ধনী হ'ব নোৱাৰে। যদি আপুনি ভাবিছে যে আপোনাৰ ওচৰত ধন নাথাকিলে আপুনি কেনেকৈ কাম চলাব তেতিয়া আপুনি ধনী হ'ব নোৱাৰে।
এৰণ মেক্সৰ তিনিখন ৰকেট ফেইল হৈ গৈছিলে আৰু চতুৰ্থ খনৰ বাবে টকা নাছিলে কিন্তু যদি তেওঁ ৰিক্স লৈ লোণ লৈ চতুৰ্থ খন লঞ্জ নকৰিলেহেঁতেন তেতিয়া তেওঁ আজি পৃথিৱীৰ বিখ্যাত পুৰুষসকলৰ শাৰীত নাথাকিলেহেঁতেন।
যি নিজৰ ওপৰত কনফিডেন্ট আৰু বিশ্বাসী সিহে সফল হ'বলৈ সক্ষম হয়।যদি আপুনি ৰিক্স ল'ব নোৱাৰে, নিজৰ ওপৰত কনফিডেন্ট নাই, আপোনাৰ ওচৰত কোনো প্লেনেই নাই তেতিয়া কেনেকৈ সফল হ'ব। ৰিক্সৰ অৰ্থ এইটো নহয় যে আপুনি কোনো কথা নভবাকৈয়ে কিবা এটা ষ্টেপ লৈ ল'লে আৰু তাক হনুমানজীৰ ভৰষাত এৰি দিলে । তেনেকুৱা নহয় , ৰিক্স তেতিয়া ল'ব যেতিয়া প্লেনটো লজিক থকা বিধৰ হয়।
কামটো হৈ যায় আৰু নিজৰ ওপৰত কনফিডেন্ট থাকে যদি লোকচানো হয় তাক সহিব পৰা ক্ষমতা থাকে। যদি ভয় কৰি থাকে যে কি হ'ব,মোৰ চাকৰি গুচি যাব তেতিয়া আপুনি আগবঢ়িব নোৱাৰিব আৰু ব্যৱসায়িক সকলে ইয়াৰ সুবিধা বহুত লয়। যদি আপুনি কোনোবা দোকানলৈ গৈছে আৰু আপোনাৰ জোতা এযোৰ পচন্দ হৈছে আৰু ল'বলৈও মন আছে আৰু নাইয়ো তেনে সময়তে সেই দোকানীজন আপোনাৰ ওচৰলৈ আহিব আৰু ক'ব লৈ লওঁক ছাৰ বহুত ভাল পিচ আৰু শেষৰ যোৰহে আছে আকৌ কেতিয়া আহিব ঠিক নাই আৰু আপুনি বাধ্য হৈ যায় জোতাযোৰ কিনিবলৈ ।
আপোনাৰ মনত তেওঁ এই কথা সোমোৱাই দিলে যে শেষৰ যোৰহে আছে। আপুনি এই কথাটোতেই জোতাযোৰ লৈ ল'লে ,লাগিলে তেনেকুৱা ৫০পিচেই সেই দোকানীজনৰ ওচৰত পৰি থাকক। সেইবাবে অসুৰক্ষিত হৈ থকাৰ পৰা দূৰত থাকক। এইটো আমাৰ মনৰ ভ্ৰান্তি যে আমি টকা কমাই আছো যেতিয়া চেইভ আছো। আমি ১লাখ টকা উপাৰ্জন কৰি আছো কিন্তু যদি ভগৱানে নকৰক আপোনাৰ এনে কোনো বেমাৰ হৈ গ'ল যে আপোনাক ৪০লাখ টকাৰ প্ৰয়োজন হ'ল তেতিয়া আপুনি কি কৰিব। গতিকে চেইভ কোনো মানুহেই নহয়।
ৰাষ্টাত খোজ কঢ়া মানুহজনৰ যিমান ৰিক্স এৰোপ্লেনত ঘূৰি ফুৰাজনৰো একেই ৰিক্স। কোনো চেইভ নহয়। সেইবাবে ৰিক্স ল'বলৈ শিকক।
চতুৰ্থ বেয়া অভ্যাসতো হ'ল যিটো আপুনি ভালদৰে বুজিব লাগিব। দুখীয়া মানুহে টকা উপাৰ্জন কৰি জমা কৰে আৰু ধনী মানুহে টকা উপাৰ্জন কৰি সেই টকাৰে ইনভেষ্ট কৰে। মানুহে ভাবে টকা বিচালে
ধনী হৈ যাব কিন্তু ধনী মানুহে টকা উপাৰ্জন কৰি সেই টকাৰে ইনভেষ্ট কৰে ।
দুখীয়া মানুহে টকা উপাৰ্জন কৰি বেংকত জমা কৰাৰ কথা ভাবে কিন্তু ধনী মানুহে টকাৰে টকা বনায়। তেওঁলোকৰ প্ৰত্যেকটো টকায়ে তেওঁলোকৰ কাৰণে কৰ্মচাৰীৰ দৰে কাম কৰে। টকা সাঁচি কোনো ধনী নহয় ।যদি আপুনি ১কোটি টকা পাই যায় আৰু বেংকত থৈ দিয়ে বা ঘৰত থৈ দিয়ে তেতিয়া সেইটো ভাল কথা নহয়। আপোনাৰ টকাৰ ভেলো কেতিয়াও নাবাঢ়ে। সেইবাবে ইনভেষ্ট কৰি আপুনি মূল্যবৃদ্ধিৰ লগত যুঁজিবলৈ প্ৰস্তুত হৈ থাকিব পাৰে। সেইবাবে ইনভেষ্ট কৰক।
এতিয়া আমি গম পালো যে কোনকেইটা অভ্যাসে আমাক আগবঢ়িবলৈ নিদিয়ে। সেইকেইটা হ'ল-পৌৰ মেনটেলিটি যেনে-কি হ'ব টকা উপাৰ্জন কৰিলে, ইয়াত কিমান টকা পাম, টকাতো বেয়া কাম কৰিহে উপাৰ্জন কৰিব পাৰি আদি, দ্বিতীয়টো হ'ল Rat race যেনে- চাকৰি পোৱাৰ বাবে হাবাথুৰি খোৱা যত কোনো ব্যক্তি ধনী নহয়, বৰঞ্চ তাক ধনী কৰে যাৰ তলত কাম কৰে।
তৃতীয়টো হ'ল ৰিক্স নোলোৱা আৰু ৰিক্স কোনে নলয় যাৰ নিজৰ ওপৰত কনফিডেন্ট নাই আৰু চতুৰ্থটো বেয়া অভ্যাস হ'ল এইটো ভবা যে টকা জমা কৰি ধনী হ'ব পাৰি। এইটো সম্পূৰ্ণ ভূল ধাৰণা।
টকা ইনভেষ্ট কৰিহে টকা বনাব পাৰি। সেইবাবে ইনভেষ্ট কৰিবলৈ শিকক। ভাল চিন্তা কৰক আৰু লক্ষ্য স্থিৰ কৰি আগবাঢ়ি যাওঁক।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।
No comments:
Post a Comment