অকলশৰীয়া শব্দটোতকৈ শক্তিশালী আৰু একো নাই : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, February 19, 2022

অকলশৰীয়া শব্দটোতকৈ শক্তিশালী আৰু একো নাই : Assamese Fact

Assamese Fact

 

অকলশৰীয়া,এইটো এটা এনেকুৱা শব্দ যিটো শুনি বহুত মানুহে ভাবে এইটো এটা বহুত নিগেটিভ শব্দ। ( Assamese Fact )


আজি আমি আপোনালোকক এনেকুৱা কিছুমান কথা কম যিবোৰ শুনি আপোনালোকৰ এনেকুৱা লাগিব যে অকলশৰীয়া শব্দটোতকৈ শক্তিশালী আৰু একো নাই।


অকলশৰীয়া শব্দটো নিজৰ মাজতে অন্য এক ব্ৰহ্মাণ্ড বা পৃথিৱী।অকলশৰীয়া তাকহে কয় য'ত মানুহ নিজৰ লগতেই নিজেই নাথাকে।নিজৰ বিচাৰত নাথাকে। 


যিয়ে নিজৰ লগত সময় কটাই সি নিজৰ বিষয়ে জানে। তাক অকলশৰীয়া বুলি নকয়।তাক একান্ত বুলি কয়। বহুত পাৰ্থক্য আছে অকলশৰীয়া আৰু একান্ত মাজত।


 সম্পূৰ্ণ পৃথিৱীৰ নিগেটিভ বিচাৰবোৰৰ পৰা আতঁৰি মানুহে নিজৰ লগত সময় কটায়। তেতিয়া মানুহৰ চৰিত্ৰ,বিচাৰ,শক্তি সকলোতকৈ বেছি হয়। যিয়ে এই অকলশৰীয়া কি বুজি পায় সি আৰু বেলেগ জনা প্ৰয়োজন নাই। কাৰণ সি নিজকে চিনি পালে আৰু বেলেগক চিনি পোৱা প্ৰয়োজন নাই।


 ইয়াত অকলশৰীয়া শব্দটোৰ অৰ্থ হ'ল নিজকে বুজি পোৱা। নিজৰ লগত সময় কটোৱা। নিজৰ ভাষা, লক্ষ্য নিৰ্ধাৰণ কৰা । অকলশৰীয়া হৈ মহান সফলতা লাভ কৰা।কোনে কয় আপুনি অকলশৰীয়া আপোনাৰ ওচৰত সেই সকলোবোৰ বস্তু আছে, সেই সকলোবোৰ ধাতু আছে, যিবোৰ ব্ৰহ্মাণ্ড বা পৃথিৱীৰ কণে কণে আছে।পঞ্চতত্ব আছে।


 নিজৰ চকু বন্ধ কৰি চাওঁক তেতিয়া সৰু সৰু বিন্দু দেখিব। সৰু সৰু ন সেইবোৰ কিনো। সেইবোৰ নিজৰ মাজতেই এক বেলেগ পৃথিৱী। আপোনালোকৰ ভিতৰৰ এক পৃথিৱী। এখন বেলেগ ব্ৰহ্মাণ্ড।


 পৃথিৱীৰত অকল এখনেই ব্ৰহ্মাণ্ড নাথাকে। আজিকালি ৭৮০ কোটি পৃথিৱী আছে এই পৃথিৱীখনত।কোনে কয় আপুনি অকলশৰীয়া। আপুনি অনন্ত।আনে কি লগ এৰিব আপোনাৰ লগত আছিল জানো কেতিয়াবা আপোনাৰ। আনে কি তল পেলাব আপোনাক কেতিয়াবা আনৰ কাৰণে ওপৰলৈ উঠিছিল জানো। নিজৰ কাৰণে উঠিছে। আনে কি কন্দোৱাব আপোনাক কন্দা,হঁহা মানুহ‌ আপুনি নিজেই।


 আপোনালোকে নিজেই নিয়ম বনাই লৈছে কোনোবাই এনেকে ক'লে কান্দি দিম।কোনোবাই এনেকে ক'লে বন্ধু বনাই লম। সি যি ক'লে কৈ দিলে সি আপোনাক কান্দিবলৈ কোৱা নাছিল।কন্দা সিদ্ধান্ত লোৱাজন আপুনিয়েই।আনে যদি কয় জপিয়াই দিয়া কুঁৱাত তেতিয়া কি জপিয়াবা নি? নজপিয়াই ন। তেতিয়া আনে নকোৱাকৈ কেনেকৈ কান্দি দিলা। 


আপুনি নিজৰ অকলশৰীয়া শক্তিক চিনিয়েই পোৱা নাই।কিয় ভগৱানে অকলশৰীয়াকৈ বহিছিল গছৰ তলত সমাধিত।কি তেওঁ অকলশৰীয়া আছিল নেকি।নহয় তেওঁ এখন বেলেগ ব্ৰহ্মাণ্ডত বা পৃথিৱীত আছিল। 


ভবা বা চিন্তা কৰাৰ পদ্ধতি সলনি কৰক। আপোনালোকে নিজৰ নিয়ম নিজেই বনাই লৈছে। নিয়মবোৰ সলনি কৰক। ভাবক অকলশৰীয়াকৈ থকাতোঁ ভাগ্য ফলত পাইছে।ই দূৰ্ভাগ্য নহয়। কাৰণ ইয়াৰ দ্বাৰা আপোনালোকে নিজকে চিনি পাব পাৰে ,নিয়মবোৰ সলনি কৰিব পাৰে, নিজৰ গুণবোৰ চিনি পাব পাৰে। যিমান ভাল বন্ধু আপোনালোকৰ হ'লেও যেনে- দেউতা,ভাইটি,ভন্টি  আদি। কোনোবা লগত আহিছিল নেকি আপোনাৰ‌ যে লগত থাকিব আৰু লগত যাব। 


কিমান মানুহ এই পৃথিৱীৰ পৰা গ'ল কি আপুনি লগত গ'ল নেকি ? আপোনাৰ লগত কিমান মানুহ যাব আপুনি এই পৃথিৱীৰ পৰা বিদায় ল'লে।কোনো নাযায়। তেতিয়া কিয় সোমাই পৰিছে মানুহৰ মেলা মাজত।  অকলশৰীয়াকৈ আগবাঢ়ি যাওঁক। আপুনি অকলশৰীয়া হ'বলৈয়েই আহিছিল ইয়ালৈ। কিন্তু আপুনি নিজৰ অস্তিত্ব হেৰুৱাই পেলালে। ( Assamese Fact )


বহুত ভাগ্যবান আপুনি যদি আপোনাৰ মনত অকলশৰীয়াকৈ থকা সমুদ্ৰ জাগি উঠিছে। কাৰণ আপুনি নিজকে নিজেই বহুত ভাল এটা জীৱন দিব পাৰিব। যেতিয়া আপুনি পৃথিৱীৰ সকলো বস্তুৰ পৰা মুক্ত হৈ যায় । তেতিয়া সুখো আপোনাৰ দুখো আপোনাৰ।হঁহা,কন্দা ও  নিজৰ হৈ যায়। কিবা অনুভূতি কিবা কাৰণত পোৱা নাযায় তাক আপুনি কেনেকৈ লয় আনৰ পৰা ইয়াৰ ফলতেই আপুনি দুখী হয় আনৰ কথাত। কাৰণ তাৰ নিয়মৰ ভিতৰত আছিল কাৰোবাক কিবা কোৱা। আপুনি সেইটোকে দুখ হোৱাৰ কাৰণে হিচাপে লৈ ল'লে। এইটো আপোনাৰ নিয়ম। 


এইটোৱেই সময় নিজৰ জীৱনৰ নিয়মবোৰ সলনি কৰাৰ। আপুনি যদি   অকলশৰীয়া অনুভৱ কৰিছে, তেতিয়া এইটো এটা বহুত ভাল সুযোগ বুলি ভাবি লওঁক। এই সুযোগটো বহুত ভাগ্যৰ বলত পায়। 


এজন বৃদ্ধ মানুহক মৰা সময়ত সুধা হৈছিল আপুনি নিজৰ জীৱনটো কেনেকৈ এতিয়ালৈকে বুজি পালে। তেতিয়া বৃদ্ধ মানুহজনে ক'লে- মই এতিয়ালৈকে  ইমানেই বুজি পালো যে সময় থাকোঁতেই মই নিজৰ জীৱনটো কথা কেতিয়াও বুজিবলৈ চেষ্টায়েই নকৰিলোঁ। মই সকলোকে চিনি পালোঁ কিন্তু নিজক চিনি নাপালোঁ। সেই কাৰণে মই এতিয়ালৈকে জীৱনটো বুজিয়েই নাপালোঁ। এইয়া শব্দ আছিল সেইজন মানুহৰ যি মৰিবলৈ লৈছে। 


আপুনি নিজকে কেনেকৈ চিনি পাব। যেতিয়া নিজৰ লগত সময় কটাব তেতিয়াহে জানিব ন। ভাবিব যে কি কৰি আছোঁ কিয় কৰিছোঁ কাৰ কাৰণে কৰিছোঁ। কোনোবাই যদি লগ নিদিয়ে আপোনাৰ তেতিয়া নিজেই উঠক আৰু ৰেষ্টুৰেন্টতলৈ যাওঁক । গৈ ডিনাৰ কৰি আহঁক অকলে। নিজকে আনন্দ দিব পাৰে ন। নিজেই ভাল যদি সকলো ভাল। অকলে যদিও যাওঁক মাৰ্কেটলৈ গৈ আহঁক ।কি সমস্যা আছে তাত। সকলো মানুহেই অকলশৰীয়া কিন্তু ভাবেহে মোৰ লগত মানুহ আছে বুলি।


 অকলশৰীয়াকৈ থকাতো‌ শাস্তি নহয়।অকলশৰীয়াকৈ থকাতো‌ এটা সুযোগ। এনেদৰে অকলশৰীয়াকৈ থাকিয়েই মানুহে বহুত ডাঙৰ ডাঙৰ কাম কৰি দিলে। কিয়  ডাঙৰ মানুহৰ লগত আনৰ নাম জড়িত কৰা নহয়। কাৰণ কৰা মানুহজন তেওঁ অকলেই আছিল। পৰীক্ষাতো টপাৰ এটা ল'ৰা বা এজনী ছোৱালীহে হয়। মূৰ উঠাই চাওঁক সূৰ্য ও অকলেই ইমান কোটি কোটি বছৰৰ পৰা উলাই আছে। চন্দ্ৰ ও একেই।সকলো অকলশৰীয়া। কাৰো লগত কোনো নাই। 


অকলশৰীয়াকৈ থাকি আপোনালোকে যিটো দুখ অনুভৱ কৰে সেইটো কেতিয়াও হ'ব নালাগে। কাৰণ আপুনি তেতিয়াহে original যেতিয়া আপুনি অকলশৰীয়া। আপোনাৰ ওপৰত কাৰো প্ৰভাৱ নাই। আপোনাৰ চিন্তা স্বাধীন।আপোনাৰ সিদ্ধান্ত নিজৰ। এই পৃথিৱীৰখন এনেকুৱা যে যেতিয়া মানুহে সংঘৰ্ষ কৰি থাকে তেতিয়া মানুহ সদায় অকলেই থাকে। যেতিয়া মানুহ সফল হয় তেতিয়া মানুহৰ অভাৱ নহয়। লাখ মানুহ পাই যায় ভাল পোৱা। 


কিন্তু এইটো কথা মনত ৰাখিব যেতিয়া মানুহে অকলশৰীয়া কি ভালকৈ বুজি পাইছে তেতিয়া সেই মানুহজনে ইতিহাস গঢ়িছে। যদি সকলোতকৈ ওপৰলৈ যাব খোজে জীৱনত, তেতিয়া অকলে উঠিবলৈ বা আগবাঢ়ি যাবলৈ শিকিব লাগিব। মানুহে ক'ব তই অকলে কি কৰিবি, তেতিয়া সেই মানুহজনক আকাশৰ ফালে আঙুলিয়াই দেখুৱাব যে চাওঁক সেই সূৰ্যটোও অকলশৰীয়া। সদায় ভাবক মই অকলেই যথেষ্ট পৃথিৱীৰ সমস্যাবোৰ সমাধান কৰিব কাৰণে। 


কাৰোবাৰ লগ বিচাৰিলে সি কেতিয়াবা নহয় কেতিয়াবা তাৰ কাৰণে কিবা খুজি ল'ব। তাৰ বাবে সাজু থাকিব। কোনোবাই ঠিকেই কৈছে মই অকলে খুজ কাঢ়ি আগবাঢ়ি গ'লো আৰু তাৰ পাছত দেখিলোঁ সকলো সংযোগ হ'ল ভাগ্য উদয় হ'ল। 


আপুনি অকলশৰীয়া হৈ যাক দোষ দি আছে যে মই তাৰ বা তাইৰ বাবে অকলশৰীয়া । সি বা তাই মোক অকলে এৰি দিলে। সেই মানুহজনো সেই সফলতাৰ অংশ হ'ব। যি আজি আপোনাৰ কথা বেয়াকৈ কৈছে তাৰ কাৰণে এটা কাম আপুনি কৰিব পাৰে । কিবা এনেকুৱা কৰক যাৰ ফলত সি বা তাইয়ো আপোনাৰ সফলতাৰ অংশ হৈ পৰে।


 যদি কোনোবাই আপোনাৰ ওপৰত হাঁহে তেতিয়া একো নাই। কাৰণ এতিয়া বা আজি আপোনাৰ ইমান যোগ্যতা বা ক্ষমতা নাই। সেই কাৰণে নিজৰ লগত সময় কটাই এইটো ভাবিবলৈ চেষ্টা কৰক যে আপোনাৰ ওচৰত কি নাই। কি‌য় নাই।কিয় লাগে আৰু কেনেকৈ লাগে। বহুত শক্তি আছে অকলশৰীয়াকৈ থকাত।মোক কোনেও লগ নিদিয়ে বুলি ভাগ্যক দোষ দিয়াটো ভয়াতুৰ মানুহৰ কাম। এইটো তেওঁলোকৰ কাম যাৰ নিজৰ ওপৰত বিশ্বাস নাই। 


কিয় লাগে কাৰোবাৰ আশ্ৰয় আপোনাক । অকলশৰীয়াকৈয়ে ভাল আপুনি। কিন্তু দূৰ্বলতো নহয় আপুনি। আপুনি এতিয়া সেইজন মানুহৰ লগত আছে যি ৬০-৭০ বছৰহে আপোনাৰ লগত থাকিব। এজন মানুহে কৈছিল যাৰ অকলে আগবাঢ়ি যোৱা ক্ষমতা থাকে, তাৰ পিছফালে পৃথিৱী মানুহৰ ভিৰ হৈ থাকে। 


ভিৰত থাকি আপুনি ভিৰৰ পৰা বেলেগ হ'ব নোৱাৰে। ভিৰতকৈ ওপৰলৈ যাব নোৱাৰে। ভিৰতকৈ যদি আপুনি বেলেগ দেখাটো বিচাৰে তেতিয়া আপুনি অকলেই বেলেগ হ'ব লাগিব। ভিৰত থকা প্ৰয়োজন নাই। তাত বহুত মানুহ ফঁচি আছে ফঁচি গ'ল।


 মানি লৈছে আপোনাৰ দুখত সকলোৱে আপোনাক এৰি গুচি যাব। কিন্তু আপোনাৰ জীৱনটো ভালকৈ জীয়াই থকা সাহস তেতিয়াহে আহিব যেতিয়া আপুনি অকলে থাকিও সকলো সমস্যা সমাধান কৰিব। বহুত মানুহ থকা মানে বহুত বেছি উপদেশ । বহুত বেছি confused. 


আমি আজি এইবোৰ ‌কৈছো ইয়াৰ অৰ্থ এইটো নহয় যে আমি আপোনালোকক অকলশৰীয়া কৰিব বিচাৰিছোঁ। যদি আপোনালোকৰ মাজত সকলো ঠিক আছে তেতিয়া একো নাই ।যদি আপোনালোকে ভাবে মোক সকলোৱে এৰি গৈছে বা যায় তেতিয়া আপোনালোকে এইসমূহ কথা মনত ৰখা উচিত।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো , ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages