মা লক্ষ্মীৰ কৃপা পাবলৈ ৰাতি মনে মনে এই কাম কৰিবলৈ নাপাহৰিব : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, February 18, 2022

মা লক্ষ্মীৰ কৃপা পাবলৈ ৰাতি মনে মনে এই কাম কৰিবলৈ নাপাহৰিব : Assamese Fact

Assamese Fact

 

 যদি আপোনালোকেও খাদ্য খোৱাৰ পাছত নিজৰ কাঁহীত হাত ধোৱে তেতিয়া এইসমূহ কথা আজিয়েই জানি লওঁক। ( Assamese Fact )


 ইয়াৰ লগতে যদি আপোনালোকে আৰ্থিক সমস্যা সন্মুখীন হৈছে তেতিয়া ৰাতি মনে মনে পাকঘৰত এইটো কাম কৰক তেতিয়া আপোনালোক হৈ পৰিব ধনবান। লগতে মা লক্ষ্মী এনেকুৱা ঘৰৰ প্ৰতি আকৰ্ষিত হৈ পৰে। 


বাস্তু শাস্ত্ৰতৰ অনুসৰি ঘৰৰ ভিতৰত সকাৰাত্মকতা বজাই ৰাখিবলৈ আৰু সুখ-সমৃদ্ধি আনিবলৈ বা  বজাই ৰাখিবলৈ কিছুমান উপায়ৰ বিষয়ে কোৱা হৈছে। লগতে এনেকুৱা কিছুমান কাৰ্যৰ বিষয়ে কোৱা হৈছে যিবোৰ অনুচিত।


আধুনিক জীৱনশৈলীৰ ফলত আমাৰ জীৱনত বিভিন্ন ধৰণৰ পৰিৱৰ্তন আহিছে।সেয়েহে, মানুহে নিজৰ সংস্কৃতি পাহৰি গৈছে আৰু বহুতো ভুল অভ্যাস গ্ৰহণ কৰিছে।যাৰ প্ৰভাৱ আমাৰ জীৱনত পৰিছে।


আগতে, মানুহে মাটিত বহি খাদ্য খাইছিল ।যাৰ ফলত শৰীৰ আৰু পৃথিৱীৰ শক্তিৰ এক মিলন ঘটিছিল।যাৰ কাৰণে মানুহ স্বাস্থ্যবান আৰু শক্তিশালী আছিল।


আজিকালি,  মানুহৰ দুৰ্বলতা এক সাধাৰণ কথা হৈ পৰিছে। প্ৰাচীন কালত খাদ্য খোৱা কিছুমান নিয়ম বিষয়ে কোৱা হৈছে যিবোৰ আমি পালন কৰিব লাগে।


এই নিয়মবোৰ বৈজ্ঞানিক দৃষ্টিকোণৰ পৰাও সঁচা বুলি প্ৰমাণিত হৈছে। বাস্তু শাস্ত্ৰৰ অনুসৰি কোনবোৰ নিয়ম আমি খাদ্য খোৱা সময়ত পালন কৰিব লাগে জানো আহঁক।



১.বাস্তু শাস্ত্ৰৰ মতে, পাকঘৰক বৃহস্পতি গ্ৰহৰ প্ৰতীক বুলি কোৱা হয়।পাকঘৰ বাথৰুম লগত হ'ব নালাগে আৰু ওপৰ ,তলটো হ'ব নালাগে। পাকঘৰ বাথৰুম সন্মুখতো হ'ব নালাগে।পাকঘৰৰ বেৰ বাথৰুম বেৰৰ লগত লাগি থাকিব ও নালাগে।পাকঘৰৰ দৰ্জা বাথৰুমৰ দৰ্জা সন্মুখতো বনাব নালাগে। ইয়াৰ ফলত বাথৰুমৰ সকলো নকাৰাত্মক শক্তি পাকঘৰত প্ৰৱেশ কৰে। যাৰ প্ৰভাৱ আপোনালোকৰ স্বাস্থ্যত পৰিব পাৰে।



২.খোৱাৰ সময়ত দিশৰ ধ্যান ৰখাতো প্ৰয়োজন। পূৰ্ব আৰু উত্তৰ দিশৰ ফালে মুখ কৰি খাদ্য খোৱাটো উত্তম বুলি কোৱা হয়। এইটো সৰ্বশ্ৰেষ্ঠ দিশ। ইয়াৰ ফলত মানুহৰ স্বাস্থ্য ভাল হৈ থাকে আৰু দেৱী-দেৱতাৰ কৃপা লাভ কৰে। দক্ষিণ দিশৰ ফালে মুখ কৰি খাদ্য খালে মান- সন্মান প্ৰাপ্ত হয় আৰু পিতৃসকলৰ আশীৰ্বাদ প্ৰাপ্ত হয়।কিন্তু যিসকলৰ মাক দেউতাক জীয়াই আছে তেওঁলোকে দক্ষিণৰ ফালে মুখ কৰি খাব নালাগে। পশ্চিমৰ ফালে মুখ কৰিব খাদ্য খাব লাগে। বাস্তু শাস্ত্ৰৰ অনুসৰি নেতৃত্ব কোণ অৰ্থাৎ দক্ষিণ -পশ্চিম দিশৰ ফালে মুখ কৰি খাদ্য খালে পাচনতন্ত্ৰ দূৰ্বল হৈ পৰে। পেটৰ বেমাৰ হয়।



৩. খাদ্য খোৱাৰ আগত সদায় মুখ,হাত ,ভৰি ধুই ল'ব লাগে। ইয়াৰ ফলত আয়ু বৃদ্ধি হয়।তিতা ভৰিৰে সৈতে খাদ্য খোৱাটো শুভ বুলি গণ্য কৰা হয়। জল পঞ্চতত্ব‌ ভিতৰত এটা। মাটিত বহি খাদ্য খোৱা ফলত মাটি আৰু পানী মিলন‌ ঘটে। যাৰ ফলত মগজুলৈ শক্তি ভালকৈ প্ৰেৰণ হয়। লগতে মন শান্ত হৈ থাকে আৰু খঙ নাইকীয়া কৰে। দক্ষিণ -পূৰ্ব দিশৰ ফালে মুখ কৰি খাদ্য খালে যৌন সম্পৰ্কীয় বেমাৰ হ'ব পাৰে। ইয়াৰ উপৰিও স্বপ্ন দোষ হয়। ( Assamese Fact )


৪. শাস্ত্ৰৰ অনুসৰি মাটিত ধাৰি পাৰি খাদ্য খোৱাতো সৰ্বশ্ৰেষ্ঠ বুলি কোৱা হয়। চকিত বহি ভৰি লৰাই খাদ্য খোৱাতো অশুভ বুলি কোৱা হয়। যিসকলৰ আৰ্থিক অৱস্থা বেয়া আৰু পইচা ইনকম কৰা চিন্তা থাকে সেইসকলে পশ্চিম ফালে মুখ কৰি খাদ্য খাব লাগে। এই দিশৰ ফালে মুখ কৰি খাদ্য খালে মানুহৰ আৰ্থিক অৱস্থা ভাল হয়।



৫.ধ্যান ৰাখক কেতিয়াও ভঙা বা লেতেৰা বাচন-বৰ্তনত খাদ্য খোৱা উচিত নহয়।এনেকুৱা কৰাটো দুৰ্ভাগ্যক আমন্ত্ৰণ জনোৱাৰ সমান। যদি পাকঘৰত  ভঙা বাচন-বৰ্তন আছে, তেতিয়া ইয়াক সোনকালেই পেলাই দিয়ক।খোৱাৰ বাবে সৰ্বশ্ৰেষ্ঠ বুলি পিতলৰ বাচনক বিবেচনা কৰা হৈছে। লগতে ঈশ্বৰক ভোগ‌ দিবলৈ তাম, পিতল আৰু ৰূপৰ বাচন-বৰ্তন ব্যৱহাৰ কৰিব লাগে।



৬. বিচনাত বহি কেতিয়াও খাদ্য নাখাব।এইয়া অন্নক অপমান কৰা হয় আৰু ৰাহু অপ্ৰসন্ন হৈ পৰে। বিচনা কপাহেৰে তৈয়াৰ কৰা হয় আৰু ই আমাৰ শৰীৰৰ শক্তি বাহিৰলৈ যাবলৈ নিদিয়ে।খোৱাৰ সময়ত আমাৰ লিভাৰৰ গৰম উলাই যায়। বিচনাত বহি খালে এই গৰম আমাৰ শৰীৰতে থাকি যায় আৰু মাটিলৈ যাব নোৱাৰে ।যাৰ ফলত আমাৰ পাচনতন্ত্ৰ বেয়া হৈ পৰে।মাটিত বহি খাদ্য খালে আমাৰ তাপমাত্ৰা সঠিক হৈ থাকে।



৭.আহাৰ খোৱাৰ পিছত, কিছুমান মানুহে তেওঁলোকৰ প্লেটত হাত ধুৱে।ইয়াৰ দ্বাৰা মা অন্নপূৰ্ণাৰ অপমান হয়। লগতে চন্দ্ৰ আৰু শুক্ৰ অপ্ৰসন্ন হৈ পৰে। ঘৰৰ পৰা  উন্নতি আঁতৰি যায়। সেই কাৰণে আহাৰ খোৱাৰ পিছত, ভুলতেও প্লেটত হাত ধুৱ নালাগে। প্লেটত জোঠা বস্তু এৰাতো অন্ন‌ অপমান  কৰা হয়। ইয়াৰ ফলত মা অন্নপূৰ্ণাৰ শাও লাগে।



৮.ৰাতিপুৱা গা ধুইহে পাকঘৰত প্ৰৱেশ কৰিব লাগে। যদি সম্ভৱ নহয়, তেন্তে আপুনি হাত আৰু ভৰি ভালদৰে ধোৱাৰ পিছতহে পাকঘৰত প্ৰৱেশ কৰিব লাগে।গেছ জ্বলোৱাৰ আগতে মা অন্নপূৰ্ণাক স্মৰণ কৰিব লাগে আৰু গেছক নমস্কাৰ কৰিহে খাদ্য ৰান্ধিব লাগে।



৯.আপোনালোকৰ পাকঘৰত থকা নিমখ, হালধি আৰু চাউলৰ এই তিনিটা বস্তু কেতিয়াও শেষ হ'ব নালাগে।এই তিনিটা বস্তুৰ শাস্ত্ৰ আৰু আধ্যাত্মিক দিশৰ পৰা বহুত মহত্বতা আছে।এই তিনিটা বস্তুৰ এটা বস্তু আমাৰ পাকঘৰত শেষ হৈ গ'লে ইয়াক অশুভ বুলি কোৱা হয়।



১০.  পাকঘৰত কলহ বা খোৱা পানী উত্তৰ-পূৰ্ব দিশত থ'ব লাগে।লগতে মন কৰিব যে পানীৰ কলহ বা পানীৰ বাচনটো সদায় ভৰি থাকিব লাগে ।খালিকৈ পানীৰ কলহ বা পানীৰ বাচন ৰাখিলে ধন-সম্পত্তি কম হয়। ভৰি থকা পানীৰ কলহ বা পানীৰ বাচন সুখ-সমৃদ্ধিৰ প্ৰতীক। সন্ধিয়া ভগৱান ওচৰত চাকি জ্বলোৱা পাছত পানীৰ কলহ বা পানীৰ বাচনৰ ওচৰতো চাকি জ্বলাব লাগে। ইয়াৰ দ্বাৰা ঘৰখনলৈ  সুখ-সমৃদ্ধি আহে। 



খাদ্য বনাওতে প্ৰথমতো ৰুটি গৰুৰ বাবে শেষৰটো ৰুটি কুকুৰৰ বাবে ৰাখিব লাগে। সদায় খোৱাব লাগে। এনেকুৱা কৰিলে আপোনালোকৰ পাকঘৰৰ বাস্তু দোষ নাইকীয়া হৈ পৰে আৰু অন্নপূৰ্ণা ও প্ৰসন্ন হৈ পৰে।


পাকঘৰলৈ জোতা,চেন্দেল পিন্ধি যাব নালাগে। কাৰণ ইয়াত মা অন্নপূৰ্ণায়ে বাস কৰে। এনেকুৱা কৰিলে মা অন্নপূৰ্ণাক অপমান কৰা হয় আৰু তেওঁ ৰুস্থ হৈ পৰে। পাকঘৰৰ টেপটো যদি বেয়া তাৰ পৰা পানী পৰি থাকে তেতিয়া ইয়াৰ বহুত বেয়া প্ৰভাৱ ঘৰত পৰে। ধন বেছি খৰচ হয় । সেই কাৰণে পাকঘৰ বা ঘৰৰ অন্য টেপ যদি বেয়া তাৰ পৰা পানী পৰি থাকে তেতিয়া সোনকালেই ভাল কৰাই লওঁক।


এতিয়া জানো আহঁক ৰাতিপুৱা শুই উঠি ঘৰৰ কি বস্তুৰ দৰ্শন কৰিব নালাগে।


১. পাকঘৰত সোমায়েই যদি আমি সকলোতকৈ প্ৰথমে জেঠি,মকৰা আদি মৰি থকা দেখো তেতিয়া এইবোৰ বহুত অশুভ বুলি কোৱা হয়। আপোনালোকে সেইবোৰ সোনকালেই উঠাই পেলাই দিব লাগে। তাৰ পিছত সেই ঠাইখিনি ভালকৈ চফা কৰি ভগৱানৰ নাম ল'ব লাগে আৰু কিবা ভুল কৰিছোঁ যদি ক্ষমা কৰিব বুলি ক'ব লাগে।



২.  পাকঘৰত সোমায়েই যদি আমি সকলোতকৈ প্ৰথমে চাকু,চুৰী বা কটাৰী দেখো তেতিয়া ইয়াৰ নকাৰাত্মক প্ৰভাৱ আমাৰ জীৱনত পৰে। এইসমূহ বস্তুৱে কটা কাম কৰে। সেই কাৰণে গোটেই দিনটো ধ্যান ৰাখক আৰু কাৰো লগত কাজিয়া নকৰিব। নহ'লে আপোনালোকৰ সম্পৰ্ক বেয়া হৈ পৰিব পাৰে।

এইসমূহ আছিল সেইসমূহ বস্তু যিবোৰ আপোনালোকে ৰাতিপুৱা উঠি দেখিব বা চাব নালাগে।


এতিয়া জানো আহঁক কি সেইটো কাম যিটো মনে মনে ৰাতি পাকঘৰত কৰিব লাগে। যদি আপোনালোকৰ পইচা অভাৱ হৈছে,চাকৰি বা ব্যৱসায়ত ধন‌ হানিৰ সন্মুখীন হৈছে, তেতিয়া আপোনালোকে ৰাতি শুৱাৰ আগত এবাল্টি পানী ভৰাই  পাকঘৰত থ'ব লাগে। ৰাতিপুৱা এই পানীৰ ব্যৱহাৰ ঘৰৰ কামত বা ঘৰ মুচিবলৈ কৰিব লাগে। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ নকাৰাত্মকতা আঁতৰি যায়। মা লক্ষ্মী এনেকুৱা ঘৰৰ প্ৰতি আকৰ্ষিত হৈ পৰে । ইয়াৰ ফলত ধাৰৰ পৰা মুক্তি পায় আৰু মানুহ ধনবান হৈ পৰে।



নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো , ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages