এই ৮ টা সপোন সদায় গোপনে ৰাখিব লাগে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, February 9, 2022

এই ৮ টা সপোন সদায় গোপনে ৰাখিব লাগে : Assamese Fact

Assamese Fact


এই ৮  টা সপোন সদায় গোপনে ৰাখিব লাগে।কেতিয়াও কাকো ভুলতে হ'লেও ক'ব নালাগে।এতিয়া আপোনাৰ ধনী হোৱাৰ দিন ওচৰ চাপি আহিছে। ( Assamese Fact )


এই ৮  টা সপোন সদায় আপোনালোকে গোপনে ৰাখিব লাগে।যদি ধনী হ'ব বিচাৰে।আমি বিভিন্ন ধৰণৰ বেলেগ বেলেগ সপোন দেখোঁ।সপোনবোৰ আমাৰ বাস্তৱ জীৱনৰ সৈতে সংযুক্ত।


ৰাতি আমি বহুতো ধৰণৰ অদ্ভুত আৰু ভয়ানক সপোন দেখো।আমি ইয়াৰ বিষয়ে নাজানোও।সপোনৰ পৃথিৱীখনক এখন সুন্দৰ পৃথিৱী বুলি গণ্য কৰা হয় আৰু ভয়ানকও।


ইয়াৰেই কিছুমান সপোন এনেকুৱা আছে যিবোৰ আমি সকলোৰে সৈতে আলোচনা কৰিব নোৱাৰো। কিন্তু ভুলটো এই ৮  টা সপোনৰ বিষয়ে আনৰ লগত আলোচনা নকৰিব।অন্যথা, কোনো ফল আপোনালোকে নাপাব। কোটিপতি হোৱাৰ আগতেই আপোনাৰ সপোনবোৰ ভাগি পৰিব। কেতিয়াও এই ৮ টা সপোনৰ বিষয়ে কাকো নক'ব সদায় গোপনে ৰাখিব। এতিয়া জানো আহঁক কি সেই ৮  টা সপোন কি কি।


১.সপোনত ঈশ্বৰক বা ভগৱানক দেখা।আমি বহুবাৰ দেখিছোঁ যে প্ৰায়ে মানুহে সপোনত ভগৱানক দেখে।যিটো তেওঁলোকে সকলোকে কৈ ফুৰে বা জুইৰ দৰে বিয়পাই দিয়ে। এনেকুৱা কৰাটো অশুভ বুলি ধৰা হয়।শাস্ত্ৰৰ অনুসৰি দিব্য শক্তি তেওঁলোকৰ সপোন বা সন্মুখলৈহে আহে ,যি ভগৱানৰ প্ৰিয়।যাৰ হৃদয়খন কোমল আৰু যি ধনী হ'বলৈ গৈ আছে।যেতিয়া আপোনাৰ সপোনত ঐশ্বৰিক শক্তি বা দিব্য শক্তিয়ে দেখা দিয়ে তেতিয়া ইয়াক সদায়ে গোপনে ৰখা উচিত বা ৰাখিব লাগে।কেতিয়াও কাকো ভুলতে হ'লেও ক'ব নালাগে।অন্যথা, ইয়াৰ ফলাফল বিপৰীত হ'ব পাৰে।কাৰণ এইসমূহ ধনী হোৱাৰ সংকেত। ভগৱান আপোনালোকৰ সপোনত এই কাৰণে আহিছে যে তেওঁ বিচাৰে আপোনালোক যাতে সুখত থাকক । কাৰণ আপুনি এজন ভাল হৃদয়ৰ ব্যক্তি আৰু তেওঁ আপোনাক বহুত কিবা কিবি দিব বিচাৰে। সেই কাৰণে ইয়াৰ আদৰ কৰক আৰু কাৰো লগত আলোচনা নকৰিব।



২.সপোনত তীৰ্থস্থান দেখা।যেতিয়া এজন ব্যক্তিয়ে তেওঁৰ সপোনত তীৰ্থস্থান দেখে। তেতিয়া সেই ব্যক্তিজনক  ইতিবাচক শক্তিয়ে ঘেৰি থাকে।এনে সপোন সকলোৰে লগত আলোচনা কৰিব নালাগে। সপোনত তীৰ্থস্থান দেখা মানে ই আপোনালোকৰ মনোকামনা বা আকাংক্ষা পূৰণ হোৱাৰ সংকেত দিয়ে। এতিয়া আপোনালোকৰ ধনী হোৱাৰ দিন ওচৰ চাপি আহিছে। 

( Assamese Fact )


৩.সপোনত সেউজীয়াই ভৰি থকা খেতি বা সেউজীয়া ৰঙ।যদি আপোনালোকে সপোনত সেউজীয়াই ভৰি থকা খেতি বা সেউজীয়া ৰঙ , গছ-গছনি দেখে তেতিয়া বুজি ল'ব লাগে যে আপোনালোকৰ ব্যৱসায় বা চাকৰিত সফলতা অৰ্জন হ'ব। ক'ৰবাৰ পৰা ঘৰলৈ সুখ অহাৰ সংকেত।এই সপোনটোৰ পৰা জানিব পাৰি যে ধনৰ দেৱী মা লক্ষ্মী আপোনালোকৰ ওপৰত প্ৰসন্ন হৈছে। আপোনালোকে কিবা শুভ সংবাদো পাব পাৰে।এই সপোনটো ও আপোনালোকে কাৰো লগত আলোচনা কৰিব নালাগে।



৪.গংগাৰ বৈ যোৱা ধাৰা। যেতিয়া আপোনালোকে এনেকুৱা সপোন দেখে তেতিয়া আপোনালোকে সুখী হ'ব লাগে। কাৰণ ইয়াৰ অৰ্থ হ'ল আপোনালোকৰ ঘৰলৈ সুখ আহিব।  এই সপোনটোৰ বিষয়ে আপোনালোকে কাকো ক'ব নালাগে।এই সপোনটোৱে আপোনালোকৰ পাপৰ বিনাশ কৰে। লগতে এইটো বুজাই যে আপুনি এজন পবিত্ৰ ব্যক্তি আৰু আপুনি ধন লাভ কৰিব।



৫.সপোনত যদি আপোনালোকৰ মা- দেউতায়ে পানী খুওৱা দেখে , তেতিয়া জানি লওঁক যে আপোনালোকে এতিয়া সফলতা অৰ্জন কৰিব। আপোনালোকৰ সপোনত মা- দেউতা আহিছে মানে আপোনালোকে ভগৱানৰ আশীৰ্বাদ লাভ কৰিছে। এনেকুৱা ব্যক্তিয়ে সফলতা অৰ্জন কৰে।



 ৬.আনহাতে যদি ওখ পাহাৰ বা পৰ্বতৰ পৰা বৈ যোৱা পানী বা সেই পানী  খোৱা দেখে, তেতিয়া নিশ্চিত ৰূপে আপোনালোক ধনী হ'ব। কাৰণ এই সপোনটো বিশেষ কিছুমান মানুহয়েহে দেখে।



৭. যদি সৰু ল'ৰা ছোৱালী বা পুৰুষ মহিলাই সপোনত মা লক্ষ্মীক দেখে, তেতিয়া আপোনালোকে  মনে মনে থাকিব লাগে।এই সপোনটোৰ বিষয়ে ভুলতেও  আপোনালোকে কাকো ক'ব নালাগে। কাৰণ এইটো আপুনি ধনবান হোৱাৰ সংকেত আৰু আপোনাৰ দুখ নাইকীয়া হোৱাৰ সংকেত। কাৰণ কিছুমান বিশেষ ব্যক্তিৰ সপোনতহে মা লক্ষ্মীয়ে দেখা দিয়ে। কোৱা হয় যাৰ ওপৰত  মা লক্ষ্মীয়ে কৃপা দৃষ্টি পেলায় তেওঁ ৰজা হৈ পৰে। সেই কাৰণে এই সপোনটোৰ বিষয়ে ভুলতেও ক'ব নালাগে।



৮. শাস্ত্ৰৰ অনুসৰি সপোনত জেঠি দেখা বহুত শুভ বুলি ধৰা হয়। সপোনত জেঠি দেখিলে ভৱিষ্যতে হ'ব লগা বহুত শুভ ঘটনাৰ সংকেত পোৱা যায়।শাস্ত্ৰৰ অনুসৰি সপোনত জেঠি দেখা মানে ধন লাভ হোৱাৰ সংকেত।এই ধন হঠাতে প্ৰাপ্ত হয় আৰু এই সপোনে ঘৰখনত শান্তি অহাৰ সংকেত দিয়ে। 


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages