ঘৰত বহি ধন উপাৰ্জন কৰাৰ আটাইতকৈ সহজ উপায় : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, February 15, 2022

ঘৰত বহি ধন উপাৰ্জন কৰাৰ আটাইতকৈ সহজ উপায় : Assamese Fact

Assamese Fact

 

আপোনালোক যদি শিক্ষাৰ্থী , পঢ়াৰ লগতে যদি পইচাও উপাৰ্জন কৰিব বিচাৰে যাতে নিজৰ খৰচৰ বাবে ঘৰৰ পৰা পইচা খুজিব নালাগে। ( Assamese Fact )


নহ'লেবা আপুনি মাক-দেউতাক আৰ্থিক ভাৱে সহায় কৰিব বিচাৰে বা আপুনি ভালকৈ পঢ়া-শুনা  কৰা কিন্তু চাকৰি পোৱা নাই। চাকৰি কৰি আছে যদিও তাত পোৱা পইচাত ভাল লগা নাই বা আনন্দিত নহয় তেতিয়া আজি আমি আপোনালোকক এনেকুৱা কিছুমান কথা কম,যাৰ সহায়ত আপোনালোকে আজৰি সময়ত নিজৰ মোবাইল বা লেপটপ আৰু ইন্টাৰনেট সংযোগৰ সহায়ত কেনেকৈ পইচা উপাৰ্জন কৰিব পাৰিব। 


বহুত মানুহে কয় যে মই দিন ৰাত কষ্ট কৰিবলৈ সাজু আছোঁ। কিন্তু মই একো ৰাস্তা বিচাৰি পোৱা নাই। কেনেকৈ পইচা উপাৰ্জন কৰোঁ।আজি আমি যিবোৰ উপায়ৰ বিষয়ে কম সেইবোৰ বহুত চিধা , ইয়াত একো প্ৰৱঞ্চনা বা ঠগা নহয়।ই বহুত Legal. 


আমি কোনো কোম্পানীৰ প্ৰমোচন কৰা নাই।যিবোৰ কম আপোনালোকৰ ভালৰ বাবেই কম। সেই পদ্ধতিবোৰৰ সহায়ত কেনেকৈ বেছি পইচা উপাৰ্জন কৰিব পাৰি তাৰ বিষয়েও কম। 


আপোনালোকৰ যিমান পঢ়া-শুনা বা বন্ধু আদি হ'লেও ৰাতিটো খাবলৈ ভাতটো লাগিবয়েই। ঘৰৰ খৰচো আছে। দেশৰ অৰ্থনৈতিক ব্যৱস্থা উন্নয়নো কৰিব লাগিব। বহুত বস্তু থাকে যিবোৰৰ কাৰণে আমাক পইচা লাগেই।


 যিবোৰ উপায় আজি আমি কম সেইবোৰ আপোনালোকে ভালকৈ বুজিব লাগিব। যদি বুজি নাপায় তেতিয়া আপোনালোকে আমাকে দোষ দিব যে আমি  ইনকম কৰিব পৰা নাই ইয়াৰ পৰা।


পইচা উপাৰ্জন কৰা দুটা পদ্ধতি আছে। প্ৰথমতো হ'ল- Active ইনকম দ্বিতীয়টো Passive ইনকম। এতিয়া Active আৰু Passive ইনকম কি। 


Active ইনকম সেইটো ইনকম  যিটো আপোনালোকে কাম কৰি থকা লৈকেহে পাব। উদাহৰণ স্বৰূপে- যদি কোনোবাই হাজিৰা কৰে আৰু তেওঁৰ এদিন বেমাৰ হৈ যায়। তেতিয়া তেওঁ পইচা পাব  জানো। নাপায়। অৰ্থাৎ কাম বন্ধ মানে পইচা বন্ধ। আমাৰ বহুত মানুহে এনেকুৱা চাকৰি পিছতেই দৌৰে। হয় আপোনালোকে যিমান শাৰীৰিক কাম কৰিব সিমানেই সুস্থ হৈ থাকিব। কিন্তু যদি আপোনাৰ বেমাৰ হয় বা ভগৱানে নকৰক দূৰ্ঘটনা হয়। তেতিয়া আপোনালোকে শাৰীৰিক কাম কৰিব নোৱাৰে আৰু আপোনালোকৰ ইনকমো নোহোৱা হয়। এইটো ইয়াৰ নিগেটিভ পইন্ট।


Passive ইনকম - উদাহৰণস্বৰূপে- ধৰি লওঁক কোনোবাই বহুত শাৰীৰিক কষ্ট কৰি ইনকম কৰিলে আৰু সেই ইনকমেৰে ঘৰ বনালে তাৰ পিছত সেই ঘৰটো ভাড়াত দি দিলে। তেতিয়া সি ১০ দিন বেমাৰত পৰিলেও তাৰ ইনকম কমি যাব জানো।নাযায় কাৰণ ভাড়াটো পাবয়েই। এইটোৱে এই পদ্ধতিটোৰ প্ৰজিটিভ পইন্ট। আগতে মানুহজনে Active ইনকম কৰি আছিল আৰু পাছত তাক Passive ইনকমলৈ সলনি কৰি ল'লে। এই Passive ইনকম নিগেটিভ পইন্ট হ'ল- আপোনালোকে ইয়াৰ ডাইৰেক্ট ইনকম কৰিব নোৱাৰে। 


ইয়াৰ বাবে আপোনালোকে প্ৰথমতে Active ইনকম বা কাম কৰিব লাগিব। Passive ইনকম বহুত লাহে লাহে হয় আৰু যেতিয়া হৈ যায় তেতিয়া মানুহ বহুত আৰামত থাকিব পাৰে।আমি এইটো কোৱা নাই যে  Passive ইনকম হ'লে আপোনালোকে শুই থাকিব লাগে।কাম কৰি থাকক। যিমান আপোনালোকে কাম কৰিব দেশৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে ভাল হ'ব।Passive ইনকমৰ ফলত চিন্তা নাথাকে যে আগৰ মাহলৈ কাম থাকিব নে নাথাকে। 


আজি আমি আপোনালোকক যিবোৰ উপায়ৰ বিষয়ে কম সেইবোৰৰ কিছুমান Active  ইনকম আৰু কিছুমান Passive ইনকম।


১. Freelancing - ইয়াৰ অৰ্থ হ'ল পইচা লৈ আনক কিবা চাৰ্ভিচ দিয়া। এনেকুৱা বহুত চাৰ্ভিচ আছে যিবোৰ আপোনালোকে ঘৰতে বহি দিব পাৰে । উদাহৰণ স্বৰূপে- আপুনি Photo Editing কৰি বহুত ভাল পায় আৰু তাকে আপুনি বহুত ভাল কৰক বা ইমপ্ৰোভ কৰক। যেতিয়া সেই কামটো ভালকৈ কৰিব পৰা হ'ব তেতিয়া তাক ইনকমলৈ সলনি কৰিব পাৰিব।  যিকোনো কোম্পানী চিম্বল, ইউটিউবৰ  চিম্বল, ফেচবুক পেজৰ চিম্বল বা যিকোনো ফটোৰ লগত জড়িত কাম আপুনি কৰিব পাৰে। 


তাক আৰু ইমপ্ৰোভ কৰিলে Graphic Designing কৰিব পাৰে। তাৰ বাবে আপুনি নিজৰ লেপটপ বা মোৱাইলত থকা  Photo Editor তে মগজ লগাব লাগিব। অলপ Photo Editing ৰ বিষয়ে ক'লো । ইয়াৰ উপৰিও যদি আপোনালোকে লিখাত ভাল তেতিয়া কোনোবা চিনেমাৰ কাহিনী লিখিব পাৰে। কোনোবা কাহিনীৰ লিৰিক্স লিখিব পাৰে। কাৰোবাৰ Resume ও বনাব পাৰে। এইবোৰো Freelancing ৰ ভিতৰতে আহে। 


ইয়াৰ কাৰণে বহুত famous ৱেবছাইট আছে।নিজৰ মোৱাইল বা লেপটপৰ সহায়ত এইবোৰত Account বনাব পাৰে। তাৰ ভিতৰত দুটা ৱেবছাইটৰ নাম আজি আমি আপোনালোকক কম। প্ৰথমতো হ'ল- Fiverr.com আৰু দ্বিতীয়টো হ'ল- Upwork.com এইকেইটা ৱেবছাইটত আপোনালোকে নিজৰ Account বনাব পাৰে। 


এইবোৰত এবাৰ Account বনালে তাৰ পিছত আপোনালোকে নিজৰ প্ৰফাইলত ধ্যান দিব লাগিব। কেইদিনমানৰ কাৰণে কম পইচাত কাম কৰিব লাগিব। যেতিয়া ৰেটিং পাই গৈ থাকিব তেতিয়া আপোনালোকৰ ইনকামো বাঢ়ি গৈ থাকিব। এতিয়া কথা আহে ইয়াৰ পৰা কিমান ইনকাম কৰিব পাৰি। ইয়াৰ একো সীমা নাই। প্ৰথম বছৰত একো ইনকাম কৰিব নোৱাৰিলেও দ্বিতীয় আৰু তৃতীয় বৰ্ষত লাখ টকা ইনকাম কৰিব পাৰিব পাৰে। ইয়াত সময় লাগে। কিন্তু এবাৰ আপোনাৰ ইমেজ যদি অনলাইনত বনি যায় তেতিয়া পইচায়ে পইচা। আপুনি দীঘলীয়া কন্টেকো কৰিব পাৰে।



২. ইউটিউব-  ইউটিউবত আপোনালোকে সাধাৰণতে ভিডিঅ' চাই। কিন্তু আপোনালোকে জানেনে যে ইউটিউবৰ পৰা আপোনালোকে ভাল ইনকম কৰি থাকিব পাৰে। উদাহৰণ স্বৰূপে- আপুনি যদি ভিডিঅ' বনাই আপোনাৰ ভাল টেলেন্ট আছে।কমেডি,গান গায় বা মানুহক মটিভেচন দিব পাৰে।


যেতিয়া আপোনালোকৰ Followers বা  Subscriber ৰ বাঢ়ি যাব ভিউচ আহিব, তেতিয়া এটা প্ৰগ্ৰেম আছে Google Adsense তাত গৈ আপোনালোকে Sign up কৰিব লাগিব আৰু নিজৰ Account বনাব লাগিব। তাৰ পিছত আপোনালোকৰ ভিডিঅ' ত Ad আহিবলৈ আৰম্ভ কৰিব। যিমান আপোনাৰ ভিউচ আৰু Ad আহিব সিমানেই আপোনালোকৰ ইনকমো হ'ব। তাৰ কাৰণে আপোনালোকৰ এনেকুৱা গুণ থাকিব লাগিব যে কিবা এটা বিষয়ৰ ওপৰত আপুনি বহুত ভিডিঅ' বনাব পাৰে। 

ভিডিঅ' যিটি বনালে নহ'ব আপোনালোকে তাৰ quality ৰ ওপৰতো ধ্যান দিব লাগিব। বহুত মানুহে কি ভুল কৰে তাৰ তাৰ বস্তু কপি কৰে। কাৰোবাৰ ভিডিঅ' লৈ নিজৰ চেনেলত দি দিয়ে। ইয়াৰ পৰা একো নহয়। য'ত আপুনি আছে তাতে থাকি যাব। যেতিয়ালৈকে আপোনালোকৰ কামত originality নহয়। যেতিয়ালৈকে আপুনি এনেকুৱা একো নবনাই যি আনৰ চেনেলত অহা নাই তেতিয়ালৈকে আপোনালোকৰ চেনেল grow নহ'ব। এতিয়া কথা আহে ইউটিউবৰ পৰা কিমান ইনকাম কৰিব পাৰে। ইয়াৰো একো সীমা নাই। মাহেকীয়া ইনকম হ'ব বোলে ১০-২০ হাজাৰ। কিন্তু যিমান কাম আপোনালোকে কৰিব ,যিমান ভিউচ আপোনালোকৰ আহিব তাৰ হিচাপত আপোনালোকৰ ইনকম হ'ব। আপুনি যদি বহুত চেষ্টা কৰিছে তেতিয়া ইনকমো বহুত হ'ব। কিন্তু চৰ্ট কাট বা কাৰো কপি কৰিব নালাগে। কাৰণ  ইউটিউবত কপি ৰাইটৰ নিয়ম বহুত ষ্টিক। যদি আপোনালোকে ভুল কৰে আপোনালোকৰ সম্পূৰ্ণ চেনেলটো বৰবাদ হৈ যাব। ইউটিউবৰ পৰা Passive ইনকম হয় এবাৰ ইনকম হোৱাৰ পাছত ভিডিঅ' বেছি দিয়ক বা নিদিয়ক আপোনালোকৰ ইনকম হৈ থাকিব।


৩.Affiliate Marketing-  আপোনালোকে অনলাইন চ'পিংটো কেতিয়াবা নহয় কেতিয়াবা কৰিছে চাগে।  Flipkart, Amazon  আদিৰ পৰা। মোৱাইল বা বহুত ধৰণৰ বস্তু চ'পিং কৰে চাগে। Affiliate Marketing ৰ অৰ্থ হ'ল আপোনালোকে আনৰ প্ৰডাকবোৰ প্ৰম'ট কৰা। আপোনালোকে যদি এটা স্পিকাৰ Flipkart বা Amazon দেখিলে আৰু আপোনালোকৰ লগৰ কোনোবাই যদি স্পিকাৰ ল'ম বুলি কৈ আছিলে তেতিয়া আপুনি নিজৰ Affiliate Marketing ৰ লিংকটো লগৰটোক দি দিব পাৰে। সি যদি সেই লিংকটোত ক্লিক কৰি সেই বস্তুটো কিনে তেতিয়া তাৰ এটা কমিচন থাকে যেনে-৪% বা ৮%  বেলেগ বেলেগ বস্তুবোৰত বেলেগ বেলেগ হ'ব পাৰে। আপুনি আপোনাৰ কমিচন নিজৰ Account ত পাই যাব। ইয়াৰ কাৰণে আপোনালোকৰ Affiliate ৰ Account হ'ব লাগিব। Flipkart, Amazon দুয়োটাই প্ৰভাইট কৰাই। আপোনালোকৰ Followers হ'ব লাগে। ফেচবুক ইনষ্টাগ্ৰাম বা টেলিগ্ৰাম আদিত। আপোনালোকে মানুহক ক'ব লাগিব যে এইটো বস্তু এনেকুৱা এইটো ভাল আৰু তাৰ পৰা ল'বলৈ মান্তি কৰাব লাগিব। এইটো এটা প্ৰক্ৰিয়া Affiliate Marketing ৰ পৰা পইচা ইনকম কৰা। ( Assamese Fact )


৪. Share Market- Share Market ক আপোনালোকে জুৱাৰ নামেৰে জনা চাগে। কিন্তু যাৰ ইয়াৰ ওপৰত  ভালকৈ জ্ঞান হৈ যায় বা  যি ইয়াৰ ওপৰত  ভালকৈ অধ্যয়ন কৰে তাক কোটিপতি হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে। যদি আপোনালোকে ভুল কৰে তেতিয়া কোটিপতিৰ পৰা ভিক্ষাৰীও হৈ যাব পাৰে। ইয়াৰ বাবে বহুত ধৈৰ্য লাগিব। ইয়াৰ বাবে  প্ৰথমতে আপোনালোকক বহুত বেছি জ্ঞানৰ প্ৰয়োজন হ'ব। কেতিয়াবা জ্ঞানৰ নহয় বাৰু কপাল বা ভাগ্য ও লাগে।ইয়াৰ বাবে বহুত ধৈৰ্য লাগিব। ইয়াৰ কাৰণে আপোনালোকৰ এটা Demat account হ'ব লাগিব। Demat account আপোনালোকে অনলাইনটো খুলিব পাৰে। যেনে- 5paisa  , zerodha আদিত। নহ'লেবা আপোনালোকে বেংকতো খুলিব পাৰে। HDFC, SBI আদিতো আপোনালোকে Demat account খুলিব পাৰে। তাৰ কাৰণে আপোনালোকক পান কাৰ্ড,আধাৰ  কাৰ্ড আদি লাগিব। তাৰ পিছত আপোনালোকে নিজৰ এটা সুৰক্ষিত সীমা চাব লাগিব। আপুনি গোটেই পইচা লগাই বহি গ'লেতো নহ'ব। সেইবোৰ বোলে লোকচান হ'ল আৰু আপোনালোকৰ তাত এতিয়া একো নাই তেনেকে নহ'ব ন। সেই কাৰণে আপোনালোকে নিজেই এটা লিমিট বান্ধি ল'ব লাগিব যে মই ইমানহে পইচা লগাব পাৰিম। ইয়াৰ পৰা মই Share Market ত খেলিব পাৰিম। তাৰ পিছত আপুনি তাত পইচা লগাব পাৰিব। তাত আপোনালোকে দীঘলীয়া বা চুটী সময়ৰ বাবে পইচা লগাব পাৰে।


 ৫.এতিয়া কথা আহে ৱেবছাইটৰ। ৱেবছাইট বনোৱাতো বহুত বেছি ডাঙৰ কথা নহয়। বহুত সহজ কথা। আপোনালোকে wordpress লৈ যাওঁক আৰু নিজৰ account বনাওঁক । তাৰ পাছত আপোনালোকে নিজৰ এটা ৱেবছাইট প্ৰস্তুত কৰি ল'ব পাৰিব। তাৰ পিছত আপোনালোকে কি কৰিব লাগিব যে তাত কন্টেন লিখিব লাগিব। তাত আপোনালোকে blogging কৰিব লাগিব। ধৰি লওঁক আপোনালোকে তাত ভাল কবিতা, কাহিনী,ফটো আদি দিব পাৰে। যেতিয়া আপোনালোকৰ ৱেবছাইটত ভালকৈ ট্ৰেফিক আহিবলৈ ধৰিব তেতিয়া আপোনালোকে Google Adsense ত গৈ নিজৰ ৱেবছাইটতো approve কৰাই লওঁক। তাৰ পিছত Google Adsense য়ে আপোনালোকৰ ৱেবছাইটত Ad চলাবলৈ ধৰিব তাৰ পাছত আপোনালোকৰ ৱেবছাইটত যিমান ভিউচ আহিব যিমান মানুহে ক্লিক কৰিব সিমানেই পইচা আপোনালোকৰ ইনকম হ'ব। কিন্তু ধ্যান ৰাখিব নিজৰ ৱেবছাইটৰ  Ad ত কেতিয়াও নিজেই ক্লিক কৰিব নালাগে। ন'হলেবা আপোনালোকৰ account বেণ্ড হৈ যাব পাৰে।ৱেবছাইটৰ কাৰণে আপোনালোকক অলপ বেচিক জ্ঞান লাগিব। তাৰ উপৰিও creativity লাগিব যে কি বিষয়ৰ ওপৰত ৱেবছাইট মই বনাব পাৰোঁ। তাৰ পিছত আপোনালোকে নিজৰ ৱেবছাইটৰ এটা নাম ৰাখিব লাগিব যিটোক Domain  বুলি কোৱা হয়। এইবোৰ আপোনালোকে Godaddy বা বেলেগ ৱেবছাইটৰ পৰা কিনিব পাৰে। ইয়াৰ পিছত hosting লাগিব। hosting অৰ্থ হ'ল আপোনালোকৰ ৱেবছাইটৰ ডাটা  আপোনালোকে ক'ত ৰাখিব। hosting ৰ বাবে বহুত free plan আছে। কিন্তু যেতিয়া আপোনালোকৰ  ৱেবছাইট ভৰিবলৈ ধৰিব ভাল ট্ৰেফিক আহিবলৈ ধৰিব তেতিয়া আপোনালোকে free plan ত  থাকিব নালাগে।  paid hosting ল'ব লাগে। কাৰণ এইবোৰ বহুত সুৰক্ষিত আৰু ফ্ৰাচটো। তাৰ customer support ও বহুত ভাল। এটা উপায় এইটোও ৱেবছাইট বনাই ইনকম কৰা।


৬. Income tax Advisor - আপোনালোক Income tax Advisor হ'ব পাৰে। আজিকালি আপোনালোকে দেখিছে চাগে আপোনালোক tax ৰ শ্ৰেণীত আহঁক বা নাহঁক,আপোনালোকে Income tax ফাইল কৰিবয়েই লাগিব। আজিকালিও আমাৰ দেশত এনেকুৱা কিছুমান মানুহ আছে যিয়ে Income tax দিবলৈ নাজানে। তেওঁলোকে ভাবে এইটো বহুত কঠিন কাম। কিন্তু এনেকুৱা একো নাই বহুত সহজ। আপোনালোকে  Income tax দিবলৈ শিকি যাওঁক আৰু আনকো উৎসাহিত কৰক যে Income tax দিয়ক এইটো দেশৰ কাৰণে ভাল। সকলোৱে Income tax দিবয়েই লাগিব। তেওঁলোকক উৎসাহিত কৰা বা বুজোৱা বাবে আপোনালোকে কিবা এটা ফিচ ল'ব পাৰে। এনেদৰে মানুহক Income tax ৰ বিষয়ে কৈ নীতি নিয়মবোৰৰ বিষয়ে কৈ তাৰ পৰাও আপোনালোকে ইনকম কৰিব পাৰে। ইয়াৰ বাবে আপোনালোকক বেছি সময়ো নালাগে আৰু এইটো বহুত ডাঙৰ বস্তুটো নহয়।


৭. আপোনালোকে অনলাইন ক্লাছ কৰিব অৰ্থাৎ অনলাইন ক্লাছ আনৰ বাবে খুলিব পাৰে। আপোনালোকে ভাবিব ইউটিউবটো কৰিব পাৰি । কিন্তু তাৰ বাবে এটা বিষয়ত সম্পূৰ্ণ ৰূপে জ্ঞান থাকিব লাগিব তেতিয়াহে আপোনালোকে শিকাব পাৰিব।  ইয়াৰ কাৰণে বহুত ৱেবছাইট আছে উদেইমি,আন একাডেমি আদি বহুত আছে। ইয়াৰ কাৰণে ইন্টাৰনেট  লাগে আৰু যদি কিবা লাগে হ'ব পাৰে সেইবোৰ সেই কোম্পানীটোৱে আপোনালোকক দি দিয়ে। ইয়াৰ বাবে আপোনালোকে তেওঁলোকৰ লগত কথা পাতিব লাগিব তেওঁলোকৰ প্লেন কি, কিমান পইচা দিয়ে, কিমান পঢ়াব লাগে।


৮. আপোনালোকে Android app ও বনাব পাৰে। যেনেকে ৱেবছাইট বনোৱা সহজ তেনেকে Android app বনোৱা ও  সহজ। অনলাইন বহুত app আছে যাৰ দ্বাৰা আপোনালোকে ও  Android app ডেভলপ কৰিব পাৰে। কিন্তু আপোনালোকে আৰু গভীৰলৈ যাব বিচাৰে যদি তাৰ ভাষা শিকক। ইয়াৰ ফলত কি হ'ব কিবা ভাল app বনাই আপোনালোকে  Play Store দিব পাৰিব। দিয়া পাছত Google AdSense ৰে সংযোগ কৰি দিব তেতিয়া যিমানে ডাউনলোড কৰিব ,এড আহিব সিমানেই ইনকম হ'ব। এইটোও ওৱান টাইম ইনভেষ্টমেন্ট।


৯. Domain names-  Domain names ৱেবছাইটৰ নাম হয়।যেনে- google.com এই যে google.com এইটো এটা Domain name হয়। facebook.com এইটোও এটা Domain name হয়। এই Domain name বোৰ কিনা হয়। উদাহৰণ স্বৰূপে- আপুনি যদি নৃত্য এখন স্কুল বা এটা ক্লাছ খুলিব বিচাৰে তাৰ নাম dancing class.com. এইটো ও এক প্ৰকাৰৰ Domain হৈ গ'ল। আপুনি যদি ভাবি চিন্তি এনেকুৱা এটা নাম লয় যাৰ ফলত ভৱিষ্যতে তাৰ ডিমান্দ বহুত বাঢ়িব বা  আপোনাৰ কপাল ভাল আছিল সেই নামটোতে এটা কোম্পানী হৈ গ'ল । যেতিয়া এটা  কোম্পানী খোলা হয় তেতিয়া তাক এটা ৱেবছাইটো লাগে ন। তেতিয়া সেইসময়ত যদি কোনোবাই সেই Domain name টো লৈ থৈছে তেতিয়া সেই কোম্পানীটোৱে তেওঁক অফাৰ দিব যে আপোনাক আমি ইমান পইচা দিম এই Domain name টো আপুনি আমাক দি দিয়ক।


 এইটো এটা দীঘলীয়া সময়ৰ ইনভেষ্ট। ইয়াত আজি পইচা লগালে কাইলৈ পোৱা নাযায়। ইয়াত single short ত ইনকম হয়। আপুনি পইচা লগাই থওঁক।আপোনাৰ যেতিয়া sale হ'ব অৰ্থাৎ এইটো এটা আপোনাৰ অনলাইন সম্পত্তি। যেতিয়া আপোনাৰ sale হ'ব তেতিয়া আপোনাৰ ভাল ইনকম হ'ব পাৰে বা নহ'বও পাৰে। ইয়াত আপোনালোকে বহুত সোনকালেই ঘূৰাই নাপায়। কিন্তু যদি আপোনালোকৰ ওচৰত পইচা আছে ব্যৱসায়ৰ ওপৰত জ্ঞান আছে তেতিয়া আপোনালোকে ভাবি চিন্তি এটা Domain name কিনিব পাৰে। হ'ব পাৰে ভৱিষ্যতে সেই Domain name টো কাৰোবাক লাগে। তেতিয়া তেওঁলোকে আপোনাক পইচা অফাৰ কৰিব । ইয়াৰ কাৰণে ও বহুত অনলাইন ৱেবছাইট আছে। যাৰ ভিতৰত এটা হ'ল-Godaddy. তাত গৈ আপোনালোকে  account বনাওঁক  আৰু ৪০০ বা ৫০০ টকাত আপোনালোকে এটা Domain name পায় যাব। আৰম্ভণিতে  আপোনালোকে  ১ ডলাৰতো পাব পাৰে। এইটো নিৰ্ভৰ কৰে আপোনালোকে কেনেকুৱা Domain name লৈছে। Domain name ৰ ওপৰতে পইচাটো নিৰ্ভৰ কৰে।



১০. Sell Photography-  আপোনালোকে যদি ফটো মাৰি ভাল পায় তেতিয়া আপোনালোকে ভাল ভাল  ফটো মাৰি এটা ৱেবছাইট আছে shutterstock তাত দিব পাৰে। তাৰ বাবে এটা কেমেৰা ,লেপটপ লাগে । কাৰণ লেপটপ দ্বাৰা ফটোখন ক্ৰপ বা বেছি ভাল কৰিব পাৰে। যেতিয়া আপোনালোক বহুত  ভাল ফটোগ্ৰাফাৰ হৈ যাব , আপোনালোকৰ ষ্টকত বহুত ফটো থাকিব তেতিয়া আপোনালোকৰ তাৰ পৰা ইনকম হ'বলৈ ধৰিব।ইয়াৰ কাৰণে আপোনালোকৰ shutterstock ত account থাকিব লাগিব আৰু তাৰ ওপৰত ভালকৈ জ্ঞান থাকিব লাগিব। 


পইচা ইনকম কৰা প্ৰক্ৰিয়াত কোনো চৰ্ট কাট নাথাকে।আমি ভাবো ঘৰত বহি পইচা ইনকম কৰিম।ফ্ৰিতে ইনকম হ'ব। এনেকুৱা একো নহয় সকলোতে কষ্ট কৰিব লাগে। লেপটপ,মোৱাইল আদিতকৈও বেছি প্ৰয়োজনীয় হ'ল - যোগ্যতা। আপোনালোকৰ কিবা বিশেষত্ব বা গুণ থাকিব লাগিব,যিবোৰ আপোনালোকে পইচালৈ সলনি কৰিব পাৰে। 


আপোনালোকে নিজেই ভাবক আপোনালোকৰ বাবে কোনটো ভাল উপায়। আমি আজি ১০ টা  উপায় ক'লো। যোগ্যতা, পঢ়া-শুনা আদি সকলো থাকিলেও মানুহক পইচা লাগেই। পইচা অবিহনে আজিকালি একো কাম নহয়।



নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো , ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages