সময় এনেকুৱা এটা বস্তু যিটো আমাৰ গোটেই জীৱনৰ ধন-সম্পত্তি খৰচ কৰিও কিনিব নোৱাৰোঁ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, February 10, 2022

সময় এনেকুৱা এটা বস্তু যিটো আমাৰ গোটেই জীৱনৰ ধন-সম্পত্তি খৰচ কৰিও কিনিব নোৱাৰোঁ : Assamese Fact

Assamese Fact


এজন ধনী মানুহৰ কাহিনী ,এই কাহিনীটো জনা পাছত জীৱনত‌ কেনেদৰে জীয়াই থাকিব লাগে শিকি যাব । ( Assamese Fact )


এজন বহুত ধনী ব্যক্তি আছিল । সি গোটেই জীৱন ধন উপাৰ্জন কৰোঁতেই পাৰ কৰি দিলে । তাৰ ওচৰত ইমানেই ধন আছিলে যে সি যি মন যায় তাকেই কিনিব পাৰিছিল কিন্তু সি জীৱনত কাকো সহায় কৰা নাছিল । 


আনকি সি নিজৰ ওপৰতো ধন খৰচ কৰা নাছিল , সি নিজৰ পচন্দৰ কাপোৰো কিনা নাছিল আৰু ভাল ভাল খাদ্যও খোৱা নাছিল আৰু নিজৰ ইচ্ছা আৰু সপোনবোৰো পূৰণ নকৰিলে । সি নিজৰ গোটেই জীৱন কেৱল ধন উপাৰ্জন কৰোঁতেই পাৰ কৰি দিলে আৰু কেতিয়া তাৰ বয়স পাৰ হৈ বুঢ়া হৈ পৰিল সি গমেই নাপালে আৰু তাৰ জীৱনৰ শেষ মূহুৰ্তত উপস্থিত হলহি । 


তাৰ মুখত মৃত্যু আহি উপস্থিত হলহি আৰু মৃত্যুয়ে কলে তোৰ জীৱনৰ শেষ মূহুৰ্ত আহি গল আৰু মই তোক লগত লৈ যাবলৈ আহিছো । মৃত্যৰ এই কথা শুনি সেই মানুহজনে কলে মই নিজৰ জীৱনটো ভালদৰে পাৰ নকৰিলোৱেই । মই জীৱনত ধন ঘটিবলৈ কাম কৰোঁতে ইমানেই ব্যস্ত হৈ পৰিলো যে মোৰ দিনবোৰ খৰচ কৰিবলৈ সময়ো নাপালো কিন্তু এতিয়া মোক সেই দিনবোৰ খৰচ কৰিবলৈ অলপ সময় লাগে কিন্তু মৃত্যুয়ে কলে মই তোমাক আৰু সময় দিব নোৱাৰো তোমাৰ জীৱনৰ সকলো সময় সমাপ্ত হৈছে আৰু এতিয়া সেই দিনবোৰ বৃদ্ধি কৰিব নোৱাৰি । 


মৃত্যুৰ সেই কথা শুনি মানুহজনে কলে মোৰ বহুত ধন আছে লাগিলে তাৰ আধা তুমি লৈ লোৱা কিন্তু মোক এবছৰ হলেও দিয়া , এবছৰ বেছিকৈ দিয়া জীৱনটো ভালদৰে জীয়াই পাৰ কৰিবলৈ । মৃত্যুয়ে কলে এনেকুৱা সম্ভৱ নহয় , তেতিয়া ব্যক্তিজনে কলে মোৰ ৯০% ধন তোমাক দিব পাৰো মোক মাত্ৰ এমাহৰ সময় দিয়া মোৰ ইচ্ছাবোৰ পূৰণ কৰিবলৈ ,নিজৰ সপোন পূৰণ কৰিবলৈ । কিন্তু মৃত্যুয়ে পুনৰ মানা কৰি দিলে । ( Assamese Fact )



তেতিয়া মানুহজনে আকৌ কলে তুমি মোৰ গোটই ধন লৈ লোৱা কিন্তু মোক এদিনৰ সময় দিয়া ।তেতিয়া মৃত্যুয়ে কলে তোমাক এদিনৰ বাদ দিয়া মই তোমাক এঘন্টাৰো সময় দিব নোৱাৰো । তুমি সময়ৰ পৰা ধন প্ৰাপ্ত কৰিব পাৰা কিন্তু কেতিয়াও ধনৰ পৰা সময় প্ৰাপ্ত কৰিব নোৱাৰা । 


যেতিয়া মানুহজনে বুজি পালে যে মই গোটেই জীৱন উপাৰ্জন কৰা ধন দিও নিজৰ বাবে এদিন কিনিব নোৱাৰো তেতিয়া মানুহজনৰ চকুত চকুপানী আহি গল । কিয়নো সি বুজি পালে জীৱনৰ মূল্য ধনতকৈ বহুত বেছি । 



বন্ধুসকল এই কাহিনীটো আমাৰ জীৱনৰ লগতেই জড়িত আমিও নিজৰ জীৱনটো এনেদৰে দৌৰি ফুৰো যে এদিন আৰাম কৰিম ভৱিষ্যতে জীৱনটো আনন্দ কৰিম কিন্তু কেতিয়াও সেই দিনটো নাহে । কিয়নো আমি গোটেই জীৱন দৌৰিবলৈ, কাম কৰিবলৈ অভ্যাস কৰো আৰু যি অভ্যাস জীৱনভৰ কৰা হয় সেইটো আমাৰ এৰিব নোৱাৰা অভ্যাসত পৰিণত হৈ পৰে । 


বহুতো মানুহ যিসকলে অৱসৰ গ্ৰহণ কৰিলে তেওঁলোকেও অনুভৱ হয় যে আমাৰ অৱসৰ হল যদিও জীৱনত আৰাম নাই কিয়নো আমাৰ মনটোৱে গোটেই জীৱন দৌৰা ফুৰা আদিৰ অভ্যাস কৰিলে সেইবাবে আজিও মনটোৱে দৌৰিয়ে থাকে ।


বন্ধুসকল এই কাহিনীৰ পৰা আমি এইটো শিক্ষা লব পাৰো যে জীৱনত যি কৰিবলগীয়া আছে সেইটো আজিয়েই কৰা কাইলৈ কৰিম বুলি থৈ নিদিবা কিয়নো কালি কেতিয়াও নাহে আমি সদায় আজিত জীয়াই থাকো কিয়নো কালিতো আমাৰ শব্দত , প্লেনিংত আৰু কথাত আছে বাস্তৱিকতাত কালি কেতিয়াও নাহে । আপুনি জীৱনত যিয়েই কৰক লাগিলে ধন উপাৰ্জন কৰক , সফলতা অৰ্জন কৰক কিন্তু এইবোৰৰ পিছত ইমানো পাগল হৈ নপৰিব যে জীৱনটো জীয়াই থাকিবলৈও পাহৰি যায় ।



নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages