৯৫% ব্যক্তিয়ে নিজৰ এই শক্তিবোৰৰ বিষয়ে নাজানে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, February 1, 2022

৯৫% ব্যক্তিয়ে নিজৰ এই শক্তিবোৰৰ বিষয়ে নাজানে : Assamese Fact

Assamese Fact


প্ৰিয় পাঠকসকল আমি সকলোৱে চুইমিং পুলত থাকি ভাল পাওঁ নহ‌নে বাৰু ?গৰম দিনত চুইমিং পুলত থকা মজায়েই সুকীয়া নহয়নে বাৰু ? ( Assamese Fact )


মানুহে গৰমৰ দিনত ঘন্টা জুৰি ঘন্টা  পুলত কটায় যাৰ ফলত তেওঁলোকৰ চকুহাল ৰঙা পৰা দেখা যায়। আপোনালোকে ভাবে যে চকুহাল পুলৰ পানী চাফা কৰিবলৈ মিহলোৱা  ক্ল'ৰিণৰ ফলত ৰঙা হয়। 


কিন্তু আপুনি ভবাতো একেবাৰে অশুদ্ধ। আমেৰিকাত হোৱা এটা ৰিচাৰ্জৰ পৰা মাত্ৰ ৫শতাংশ মানুয়েহে এই কথা মানিছে যে এই গোন্ধ শৰীৰত থকা ক্লৰামাইটৰ পৰা আহে। ক্লৰামাইট এবিধ লিকোইড আৰু ই মানৱ শৰীৰৰ পৰা ওলোৱা ঘাম আৰু প্ৰস্ৰাৱ যেতিয়া ক্লৰিণৰ লগত মিলে তেতিয়া ই ক্লৰামাইট উৎপন্ন কৰে। 


দৰাচলতে চকুত হোৱা পুৰনি আৰু ৰঙা পৰাৰ মূখ্য কাৰণ এই প্ৰস্ৰাৱ। এতিয়া আমি আপোনাক যি কম সেইয়া  শুনি আপুনি আচৰিত হৈ যাব। আপুনি জানেনে যে কল হ'ল ৰেডিঅ'একতিভ।কলত ৰেডিঅ'এতিভ আইচৌ আৰু  পটেছিয়াম- ৪০থাকে। তেতিয়া কি কল খোৱা বন্ধ কৰি দিম।


 যদি আপুনি কলৰ পৰা ওলোৱা ৰেডিয়েছনৰ পৰা মৰিব বিছাৰিছে তেতিয়া আপুনি এবাৰতে এক কোটি কল খাব লাগিব যি সম্ভৱ নহয়। সেইকাৰণে ভয় নকৰিব আৰু খুব কল খাওঁক আৰু স্বাস্থ্য বনাওঁক।


 এতিয়া আপুনি ভাবিব যে বিজ্ঞানীসকলৰ ওচৰত কি একো কাম নাই যে তেওঁলোক প্ৰেমৰ কথাক লৈ ব্যস্ত হৈ পৰিছে। কোৰিয়াত হোৱা এটা ৰিচাৰ্জত পোৱা গৈছে যে যদি কোনো পুৰুষ আৰু মহিলাই ১০ছেকেণ্ডতকে বেছি চুম্বণ কৰে তেতিয়া ৮ কোটিতকৈ বেছি বেক্টেৰিয়া এওঁলোকৰ মুখত সুমাই যায়। শুনি ভয় নাখাব।এই বেক্টেৰিয়াবোৰ আমাৰ বাবে লাভজনকহে মাত্ৰ কিছুমানেহে আমাক ক্ষতি কৰিব পাৰে।সৰহ শতাংশয়ে কিন্তু লাভকাৰী। 


যদি আপুনি কোনোবা এখন হৰ'ৰ চিনেমা চাই বা চুইমিং পুলৰপৰা উঠি আহোঁতে যদি অকস্মাতে ডাঙৰ বতাহ আহিলে কি হ'ব , দুয়োটা পৰিস্থিতিতে আপুনি ভয় নাখাবনে আৰু আপোনাৰ নোমবোৰ থিয় হৈ যাব ? এনেকুৱা দুটা বেলেগ বেলেগ ঘটনাত আমাৰ শৰীৰটোৱে একেধৰণৰ সংকেত কিয় দিয়ে ? এইটো এটা সামান্য শাৰীৰিক ঘটনা। যিটো আমাৰ পূৰ্বপুৰুষ সকলৰ পৰায়েই  চলি আহিছে। যাক Goosebumps বা নোমবোৰ থিয় হোৱা বুলি কোৱা হয়। ঠাণ্ডাত  জন্তুবোৰৰো থিক একেই হয় ,ভয় লাগিলে সিহঁতৰ নোমবোৰ থিয় হৈ যায়।  নোমবোৰ যিমান ঘন হ'ব সিমানেই গৰম ৰখাই থ'ব পাৰিব। বিপদৰ সময়ত নোমবোৰ থিয় হোৱাৰ কাৰণ হ'ল নিজকে সংৰক্ষিত কৰা।  যেনে -জীৱ -জন্তুৰ ভিতৰত যেতিয়া মেকুৰীয়ে ভয় খাই তেতিয়া সিহঁতি নিজৰ Goosebumps ক মেলি বা বহল কৰি বেলেগ জীৱ -জন্তুক ভয় খোৱাই। ষ্টেচ হ'ৰমনে চাবকঞ্চিয়াচ লেভেলত নিঃসৰণ কৰা ফলতে নোমবোৰ থিয় হৈ যায়। সেই কাৰণে এনেকুৱা হ'লে আপোনালোকে বুজি পাব লাগে যে শৰীৰটোৱে আমাক সহায় কৰিব খোজে। ( Assamese Fact )


যদি আপুনি পানীত বহু দেৰি কাম কৰে আপোনাৰ হাতবোৰ সোঁতোৰা পৰি যায় নহয়নে? বিজ্ঞানীসকলে অনুমান কৰিছে যে ইয়াৰ কাৰণ হ'ল আমাক ৰক্ষণাবেক্ষণ দিয়া । হাতত পৰা সোঁতোৰাই হাতখনৰ কাৰ্যক্ষমতাৰ কমিবলৈ নিদিয়ে আৰু ভৰিত পৰা সোঁতোৰাই ভৰিখন পিছলি যাবলৈ নিদিয়ে । হয়নে লাভকাৰী। 


মানুহৰ দৰে এক প্ৰজাতিৰ বান্দৰ আৰু অন্য জীৱৰো একেই লক্ষণ দেখা যায়।বহুতো মানুহে ভাবে যে সৰুতে দাড়ি খুৰালে বা মূৰ তকলা কৰি দিলে চুলি ঘনকৈ গজে। কিন্তু এইটো আমাৰ জেনেটিক কথাহে।


 কথাটো হ'ল মূৰৰ চুলি কটাৰ পাছত যেতিয়া সৰু সৰু চুলিবোৰ গজে তেতিয়া ঘন যেন লাগে আৰু তাকে আমি চুলি ঘনকৈ গজা বুলি ভবো কিন্তু বাস্তৱত তেনে নহয়। 


আকৌ বহুতো মানুহৰ ধাৰণা যে এবাৰ পকা চুলি এডাল চিঙিলে তাৰ বিপৰীতে বহুতো চুলি পকি যায়। এইটো সম্পূৰ্ণ ভূল ধাৰণা। মানৱ শৰীৰ কেইবাটাও উপাদানৰ দ্বাৰা গঠিত। তাৰ ভিতৰত সোণ এডোখৰো থাকে। কিন্তু ইয়াৰ পৰিমাণ বহুত কম থাকে।৭০কেজিৰ এজন ব্যক্তিৰ গাত ইয়াৰ পৰিমাণ ০.২মিলিগ্ৰামহে থাকে। অৰ্থাৎ ৪০হাজাৰ ব্যক্তিৰ শৰীৰত মাত্ৰ ৮গ্ৰামহে সোণ পোৱা যাব।  


বহুতো মানুহে দুখ  তথা হতাশাত ভুগিলে চকুপানী ওলাই। বহুতে আকৌ অলপ অলপ কথাতেই চকু পানী নিগৰাই।এই চকুৰ পানীৰ পৰাই বহু লোকে আমি দুখত আছোঁ বুলি অনুমান কৰিব পাৰে। আমাৰ চকুৰ পানীত গ্লিচাৰিণ এনকেফিলিন্ নামৰ এবিধ পদাৰ্থ আছে যি আমাৰ চকুহালক সকাহ অনুভৱ কৰাই। সেইবাবে কন্দাৰ পাছত আমি পাতল অনুভৱ কৰোঁ।


 আমাৰ মানৱ ইন্দিয়ক ৫ ভাগত ভাগ হৈছে।যেনে চকুৰে চোৱা,নাকেৰে গোন্ধ লোৱা, কাণেৰে শুনা জিভাৰে সোৱাদ লোৱা, ছালেৰে গম পোৱা।এই কথা এৰিষ্ট'টলে ৩৫০ খ্ৰীষ্টপূৰ্বত লিখি উলিয়াইছিল।


 বিজ্ঞানীসকলে অনুমান কৰিছে যে ইয়াৰ উপৰিও আমাৰ আৰু কিছুমান ইন্দিয় আছে যেনে- চেঞ্চ অফ বেলেঞ্চ,চেঞ্চ অফ টেমপ্ৰেচাৰ, চেঞ্চ অফ  পেইন আদি আৰু এইবোৰ প্ৰত্যেকৰে বেলেগ বেলেগ। যেনে আমাৰ মাজত থকা চেঞ্চ অফ থ্ৰাচে আমাক কৈ দিয়ে যে আমাৰ পানীৰ পিয়াহ লাগিছে। 


কিন্তু যিবিলাকৰ এডিপটেচিয়া আছে তাৰ এই সংকেট নিদিয়ে আৰু তাৰ পিয়াহত মৃত্যুও হ'ব পাৰে। কেঞ্চাৰ ৰোগীৰ চুলি কাটি দিয়া বা চুলি সৰি যোৱা আপোনালোকে দেখিছে। 


তেওঁলোকে বহুতো দৰব পাতি খাৱ লগা হয় বাবে তেওঁলোকৰ চুলিত ইয়াৰ প্ৰভাৱ পৰা দেখা যায়। কেঞ্চাৰৰ বেক্টেৰিয়া ধ্বংস কৰিবলৈ ডাক্তৰে কিম'থেৰাপিৰ ব্যৱহাৰ কৰিব লগা হয় যাৰ বাবে চুলি সৰি যায় । অৱশ্যে বিভিন্ন উপকৰণৰ দ্বাৰা এইবোৰৰ পৰা পৰিত্ৰাণ পাব পাৰি।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages