Fraser Doherty কয় যে মই যেতিয়া ৮ বছৰীয়া আছিলোঁ তেতিয়া আমাৰ ঘৰৰ সন্মুখত এজন ফাৰ্মাৰ আছিল। যাৰ এখন কুকুৰা বা ব্ৰয়লাৰৰ ফাৰ্ম আছিল। ( Assamese Fact )
নাজানো কিয় মোৰ এই ব্যৱসায়টো বহুত ভাল লাগিল। মই ভাবিলো এই ব্যৱসায়টোত চোন বেছি কষ্ট নাই। কুকুৰা বা বয়লাৰক খাবলৈ খাদ্য দিব লাগে আৰু তাৰ পাছত সিহঁতৰ কণীবোৰ বিক্ৰী কৰিব লাগে।
মই সেইটো ভাবি ফাৰ্মাৰজনৰ ওচৰলৈ গৈছিলো আৰু তেওঁৰ পৰা কিছু কণী বিচাৰিছিলো।সেই ফাৰ্মাৰজনে বহুত কণী এটা বাকতচ ভৰাই ইনেই দি দিলে। তাৰ পিছত মই মোৰ মা-দেউতাৰ ওচৰলৈ গ'লো। মোৰ নতুন ব্যৱসায়টোৰ বিষয়ে ক'বলৈ।
মই ক'লো এই কণীবোৰ মই গৰম দিম আৰু তাৰ পাছত ইয়াৰ পৰা কুকুৰা উলাব ।কুকুৰাবোৰে কণী পাৰিব আৰু মই সেইবোৰ বিক্ৰী কৰিম। তেতিয়া মোৰ মা-দেউতায়ে ভাবিলে যে এই সৰু ল'ৰাটোৱে কেনেকৈ কণীবোৰ গৰম দিব। কিন্তু তথাপিও তেওঁলোক মান্তি হ'ল।
মই কণীবোৰ টিভিটোৰ ওপৰত থৈ দিলোঁ। তেতিয়াৰ টিভিবোৰ বাকচৰ নিচিনা আছিল আৰু গৰম হৈ থাকিছিল। তাৰ পৰা কেইদিনমানৰ পাছত চাৰিটা কুকুৰা পোৱালি উলাল। আমি সিহঁতৰ কাৰণে বাগিচাতে এটা সৰু ঘৰ বনাই দিলোঁ। সিহঁতৰ নামো ৰাখিলোঁ ।যেতিয়া সিহঁতি কণী পাৰিবলৈ ধৰিলে তেতিয়া মই সেই কণীবোৰ ওচৰ চুবুৰীয়াক বিক্ৰী কৰিবলৈ ধৰিলো।
কিন্তু এদিন যেতিয়া মই ঘৰলৈ আহিলো তেতিয়া গম পালোঁ যে এটা শিয়ালে মোৰ গোটেই কেইজনী কুকুৰা খাই পেলালে। সেই দিনা মই বহুত দুখ কৰিলোঁ। সেইটো মোৰ সৰুকালত এটা ব্যৱসায় আছিল ।যিটো মই এটকাও খৰচ নকৰাকৈয়ে আৰম্ভ কৰিছিলোঁ। তাৰ পিছতো মই বহুত ব্যৱসায় আৰম্ভ কৰিছিলোঁ। কিন্তু পিছত মই এটা কোম্পানী খুলিলো, যিটো আজিও মই চলাই আছোঁ আৰু ই মোক মিলিনিয়াৰ বনাইছে।
এবাৰ মই স্কুল বন্ধ থাকোঁতে গাঁৱলৈ গৈছিলো মোৰ আইতাক লগ কৰিবলৈ। মই দেখিলোঁ যে আইতায়ে সদায়ৰ দৰে জেমছ বনাই আছিল আৰু সেইবোৰ বহুত টেষ্টি আছিল।কিয় নাজানো মই সিদিনা জেমছ খাই বহুত ভাল পালোঁ আৰু আইতাক জেমছ বনাবলৈ শিকাই দিবলৈ ক'লো। সেই দিনা আমি বহুত ঘন্টা জেমছ বনালো আৰু সেইবোৰ জাৰত ভৰাই দিলোঁ । তাৰ পাছত মই আকৌ চুপাৰ মাৰ্কেটলৈ গৈ ফল কিনি আনিলো আৰু নিজেই বনালো।
জেমছবোৰ ঠাণ্ডা হোৱাৰ আগতেই মই সেইবোৰ ওচৰ চুবুৰীয়া ওচৰলৈ লৈ গ'লো আৰু তেওঁলোকক জেমছবোৰ খাই কেনেকুৱা লাগিল সুধিলো।ওচৰ চুবুৰীয়া মানুহে ক'লে আমি খাই বহুত ভাল পালোঁ আৰু আমি তোমাক পইচা ও দিম লাগিলে। তাৰ পিছত মই ওচৰ চুবুৰীয়া মানুহক জেমছ বিক্ৰী কৰিবলৈ ধৰিলো ।
এখন লুকেল নিউজ পেপাৰে মোৰ কাহিনীটো ও দিলে যে কেনেকৈ এটা ১৫ বছৰীয়া ল'ৰাই জেমছ বিক্ৰী কৰি নিজৰ ব্যৱসায় আৰম্ভ কৰিছে। তাৰ পিছত এনেকুৱা দিন আহিল অকল মই পাকঘৰত দিনটো জেমছ বনাইয়েই থাকিব লগা হয়। সপ্তাহত মই ১ হাজাৰটা জেমছৰ বটল বিক্ৰী কৰিছিলোঁ। কিন্তু মাক-দেউতাই এইবোৰৰ কাৰণে অশান্তি পাইছিল কাৰণ তেওঁলোকৰ ভাত বনাবলৈ ও দিগদাৰ হৈছিল।
তাৰ পিছত মই ভাবিলো জেমছ এতিয়া মই কিবা ফেক্টৰীত বনাব লাগে। সেইকাৰণে প্ৰথমতে মই জেমছৰ বিষয়ে বহুত ৰিচাৰ্জ কৰিলোঁ। তাৰ পিছত মই গম পালোঁ যে জেমছৰ বিক্ৰী প্ৰত্যেক বছৰতে কম হয় । কাৰণ এটা হ'ল- মিঠা বেছি আৰু আনটো হ'ল - মানুহে জেমছত নতুন কিবা এটা বিচাৰিছিল। বহুত ৰেচিপি মই চালোঁ তাৰ পাছত মই এটা উপায় পালোঁ।যাৰ দ্বাৰা মই চেনি নোহোৱাকৈ টেষ্টি জেমছ বনাব পাৰোঁ। অৰ্থাৎ ১০০% ফলৰ সহায়ত।
মই ভাবিলো এই জেমছবোৰ মই চুপাৰ মাৰ্কেটত বিক্ৰী কৰিম। কাৰণ সিহঁতৰ তাত বহুত ষ্ট'ৰ থাকে। যাৰ ফলত মোৰ বিক্ৰী বহুত ভাল হ'ব। মই এখন Waitrose নামৰ চুপাৰ মাৰ্কেটলৈ গ'লো। য'ত মোৰ নিচিনা নতুন মানুহক নিজৰ বস্তু বিক্ৰী সুবিধা দিয়ে। তেওঁ আচৰিত হ'ল মই জেমছ বিক্ৰী কৰা কথাত। তাৰ মালিকজনে ক'লে তেওঁ মোৰ ১০০% ফলৰ জেমছৰ উপায়টো বহুত ভাল পাইছে।
কিন্তু তেওঁ ক'লে তাৰ আগত ভাল পেকেজিং তৈয়াৰ কৰিব লাগিব। এটা Brand বনাব লাগিব আৰু তাৰ দাম কমাব লাগিব আৰু ৰেচিপি অলপ সলনি কৰিব লাগিব তেতিয়াহে তেওঁ মোৰ জেমছবোৰ চুপাৰ মাৰ্কেটত বিক্ৰী কৰিব। এইটো শুনি মই বহুত সুখী হ'লো আৰু মোৰ সপোন আছিল মোৰ জেমছবোৰক এটা সফল প্ৰডাক্ট বনোৱা।
বহুত ডিজাইনাৰ আৰু মাৰ্কেটিঙৰ মানুহক লগ কৰিলোঁ। তাৰ পাছত এই জেমছটোৰ নাম ৰাখিলোঁ চুপাৰ জেমছ। তাৰ কাৰণে মই বহুত পেকেজিং তৈয়াৰ কৰিলোঁ। কাৰণ চুপাৰ জেমছ চুপাৰ হিউমেনৰ দৰে লাগিছিল। সেই কাৰণে আমি এই Brand টোৰ কাৰণে বহুত কাহিনী তৈয়াৰ কৰিলোঁ। যাতে মানুহে এই জেমছটোৰ কথা জানে।
তাৰ পিছত মই জেমছৰ ফেক্টৰীবোৰলৈ যাবলৈ ধৰিলো। যাতে তেওঁলোকে মোৰ বাবে জেমছ বনাবলৈ লয় আৰু মই বহুত পৰিমাণত বিক্ৰী কৰিব পাৰোঁ। বহুসংখ্যক ফেক্টৰীৰ মালিকে মোৰ জেমছ বনাবলৈ মনা কৰি দিলে।কোনেও মোৰ প্ৰডাক্টটোৰ ওপৰত বিশ্বাস কৰা নাছিল। কিছুমানে ভাবিছিল মই ১৭ বছৰীয়া ল'ৰা মোৰ ব্যৱসায় ওপৰত একো জ্ঞান নাই। কিন্তু এজন ফেক্টৰীৰ মালিকে মোৰ প্ৰডাক্টটোৰ বনাই চাব বিচাৰিলে। কাৰণ তেওঁলোকৰ জেমছৰ বিক্ৰী কমি গৈছিল আৰু তেওঁলোকৰ বহুত মেচিন ফ্ৰী আছিল । যিবোৰত মোৰ জেমছৰ ৰেচিপি চাব পৰিছিল।
যেতিয়া মই মোৰ জেমছৰ ষ্ট'ক সেই চুপাৰ মাৰ্কেটলৈ লৈ গ'লো তেতিয়া তেওঁলোকে মোৰ সকলো বস্তুৰ কাৰণে মনা কৰি দিলে। তেওঁলোকে ক'লে মই যিটো ফেক্টৰীত জেমছৰ বনোৱাইছো সেইটো বহুত Costly । সেই কাৰণে প্ৰফিট মাৰ্জিন বহুত কম হ'ব। মোৰ Branding ৰ পদ্ধতিটো ও তেওঁলোকে ভাল নাপালে আৰু জেমছৰ সুৱাদু ও ভাল নাপালে। এইবোৰত মই সম্পূৰ্ণ এবছৰ নষ্ট কৰি দিছিলোঁ। অলপ দিন মই চিন্তাত থাকিলো। তাৰ পিছত মই আকৌ চেষ্টা কৰিব বিচাৰিলো।
মই আকৌ এক্সপাৰ্টক লগ কৰিলোঁ আৰু তেওঁলোকে মোক পেকেজিঙৰ গুৰুত্বতাৰ বিষয়ে ক'লে যে কেনেকে এটা ভাল পেকেজিঙে প্ৰডাক্টটোৰ মূল্য বঢ়াব পাৰে। তেওঁলোকে মোক কেইটামান উদাহৰণ দিলে য'ত পেকেজিং সলনি কৰিলত প্ৰডাক্টটোৰ মূল্য বাঢ়ি গৈছিল। তাৰ পিছত মই Brand বিষয়ে গম পালোঁ যে বহুসংখ্যক মানুহে এইটো ভুল কৰে যে তেওঁলোকে নিজৰ প্ৰডাক্টটোৰ বিষয়ে ১০ ৰিজন দিব বিচাৰে যাৰ কাৰণে মানুহে তেওঁলোকৰ প্ৰডাক্টটো কিনে।
কিন্তু ভাল এইটো যে সকলোতকৈ ভাল এটা ৰিজন লওঁক আৰু সেইটোকে বাৰে বাৰে মানুহৰ আগত ক'ব লাগে আৰু এই ৰিজনটোৱেই আপোনাৰ প্ৰডাক্টটোত থাকিব লাগে। মইয়ো মোৰ জেমছৰ সকলোতকৈ ভাল ৰিজনটো গম পালোঁ।১০০% ফল। ইয়াৰ উপৰি মই মোৰ প্ৰডাক্টটোত আৰু একো যোগ দিয়া কথা নাভাবিলো ।
তাৰ পিছত আকৌ এজন ফেক্টৰী মালিক বিচাৰি আকৌ চুপাৰ মাৰ্কেটলৈ গ'লো। তেওঁলোকক মই নিজৰ প্ৰডাক্টটো লগতে তাৰ Costing, Margin ৰ বিষয়ে ক'লো। এইবাৰ তেওঁলোকৰ মোৰ প্ৰডাক্টটো ভাল লাগিল আৰু প্ৰথম দিনাই আমি ফেক্টৰীত ৫০ হাজাৰ জেমছৰ জাৰ বনালো। সেই দিনা মোৰ সফলতাৰ দিন আছিল।
মোৰ কথা বহুত কেইখন নিউজ পেপাৰত লিখা হ'ল। কেনেকৈ এটা সৰু ল'ৰা মিলিনিয়াৰ হ'ল। মোক আৰু মোৰ আইতাক প্ৰিন্স চাৰ্লছে বকিংগম পেলেচলৈ মাতিলে। চুপাৰ জেমছক National Museum of Scotland তো ৰখা হ'ল। ইয়াৰ পিছত মই আৰু বহুত নতুন ব্যৱসায় আৰম্ভ কৰিলোঁ। মই এনভল্পত কফি ব্যৱসায়, বিয়েৰৰ চাবক্ৰিপচন ব্যৱসায় আৰু ওটচৰ ব্যৱসায়ো খুলিলো। মোৰ বহুত উপায় অসফল হ'ল আৰু এইবোৰৰ পৰা মই বহুত কথা ও শিকিলোঁ। যিবোৰ আজি মই আপোনালোকক ক'ব বিচাৰিছোঁ।
প্ৰথম কথা বা পাঠ - Wantrepreneurship - অৰ্থৰে কয় যে Wantrepreneurs সেইসকল যিসকলে ব্যৱসায়ৰ বিষয়ে বহুত অধ্যয়ন কৰে। এওঁলোকে কিতাপ পঢ়ে বিভিন্ন মিটিঙলৈ যায় আৰু বহুত ৰিচাৰ্জ কৰে। এওঁলোকে এইটোও জানে যে এইটো সপ্তাহৰ বাবে কোনো ভাল ব্যৱসায় উপায়। কিন্তু এওঁলোকে একো কৰি নাচায়। কাৰণ এওঁলোকে ভাবে কৰি চালে যদি পিছত ব্যৱসায়টো নচলে তেতিয়া কি হ'ব।অৰ্থৰে এওঁলোকক Wantrepreneurs বুলি কয় আৰু কয় যে আমি কেতিয়াও নিজৰ উপায়টো প্ৰয়োগ কৰি চাবলৈ ভয় কৰিব নালাগে। অলপ অলপ ইনভেষ্টমেন্ট কৰি হ'লেও নিজৰ উপায়বোৰ প্ৰয়োগ কৰি চাব লাগে। আমাৰ ১০ টা উপায়ৰ ৯ টা উপায় অসফল হৈ গ'লেও সেই ৯ টা কথা বা পাঠ আমাৰ বাবে MBA ডিগ্ৰীতকৈও বহুত বেছি ফলপ্ৰসূ হ'ব। যাৰ কাৰণে আমি বহুত পইচা খৰচ কৰিছোঁ। যিটো ১০ নম্বৰ উপায় আপোনালোকৰ সফল হ'ব সেইটোৱেই বাকী ৯ টা অসফল উপায়ৰ পইচা উলিয়াই দিব।
দ্বিতীয় কথা বা পাঠ- Tell Everyone about Your Ideas- অৰ্থৰে কয় যে বহুসংখ্যক মানুহে নিজৰ Idea বোৰ আনৰ আগত নকয়। তেওঁলোকে ভাবে মোৰ Idea টো বহুত বেলেগ ধৰণৰ মই যদি এইবোৰ কাৰোবাক কওঁ তেতিয়া মোৰ Idea কোনোবাই কপি কৰি ল'ব। কিন্তু ৯৯% কেছত বহুত কম মানুহৰ তাতহে ইউনিক Idea থাকে। সফলতা Idea ৰ দ্বাৰা নহয় তাৰ প্ৰয়োগ দ্বাৰাহে পোৱা যায়। আমি যদি আমাৰ Idea আনৰ লগত আলোচনা কৰোঁ তেতিয়া তেওঁলোকে ক'ব পাৰে আমাৰ Idea ত কি নাইকীয়া হৈ আছে আৰু কি কমি আছে। যিবোৰ আমাৰ কাৰণে জৰুৰী।
তৃতীয়টো কথা বা পাঠ- Be Optimistic and Pessimistic- অৰ্থৰে কয় যে যিটো ব্যৱসায় Idea আমাৰ তাত আছে সেইটো আমি দুটা প্ৰকাৰে Validite কৰিব লাগে। অৰ্থাৎ এইটোও ভাবিব লাগে চলি গ'লে কি কৰিম আৰু নচলিলে কি কৰিম। এই চিন্তা ধাৰাবোৰেই আমাক সৃজনীশীল প্ৰতিভাৰ গৰাকী কৰি তোলে।
চতুৰ্থ কথা বা পাঠ- Be willing to try, start at small level to validate the Idea, Grow only when you get Response.... অৰ্থৰে কয় যে সদায় অলপ ইনভেষ্টমেন্টৰ দ্বাৰাই চেষ্টা কৰিব লাগে। ইয়াৰ দ্বাৰা আমি সোনকালেই জানিব পাৰোঁ যে যিটো Idea আমি ভাবি আছিলোঁ সেইটো মাৰ্কেটেও ভাল পাইছে নে নাই। সেই কাৰণে অলপ ইনভেষ্টমেন্টৰ দ্বাৰাই মাৰ্কেটৰ অনুভৱৰ বিষয়ে জানিব লাগে আৰু লাহে লাহে নিজৰ ব্যৱসায় Idea বৃদ্ধি কৰি যাব লাগে। Idea বোৰ প্ৰয়োগ কৰিবলৈ ভয় নাখাব।ইয়াক এটা টিউচনত দিব লগা পইচাৰ দৰে লওঁক। ইনেও আমি টিউচন ক্লাছ আদিত পইচা খৰচ কৰোঁ।
পঞ্চম কথা বা পাঠ- Use Internet- অৰ্থৰে কয় যে Internet অহাৰ পাছত ব্যৱসায় কৰাতোঁ বহুত সহজ হৈ পৰিল। আগতে এজন টিম মেম্বাৰ বিচাৰিবলৈ বহুত দিন বা মাহ লাগে । আজিকালি আমি Internet ৰ সহায়ত দুদিনতে এজন টিম মেম্বাৰ বিচাৰিব পাৰোঁ।অৰ্থৰে ৪৮ ঘন্টাৰ অৰ্থাৎ দুদিনত এটা Idea প্ৰয়োগ কৰিছিলে আৰু তাক ব্যৱসায়লৈ ৰূপান্তৰ কৰি দিছিল। এইটো আছিল তেওঁৰ ওটচৰ ব্যৱসায়। এইসকলোবোৰ তেওঁ এটা Shopify নামৰ ৱেবছাইট খুলি কৰিলে। সেই কাৰণে যিমান সোনকালেই পাৰে নিজৰ ব্যৱসায়ক Internet লৈ আনিবলৈ চেষ্টা কৰক।
ষষ্ঠ কথা বা পাঠ- Add Story to Explain Ideas- অৰ্থৰে কয় যে মই মোৰ চুপাৰ জেমছৰ ব্যৱসায় এটা কাহিনী ৰূপে এতিয়াও আনৰ আগত কওঁ। এই পদ্ধতিটো Branding ৰ কাৰণে বহুত ভাল। ইয়াৰ দ্বাৰা আমাৰ Castomar আমাৰ লগত আৱেগিক ভাবে জড়িত হৈ পৰে।
আজি আমি গম পালোঁ যে কেনেকৈ এজন মধ্যবিত্ত পৰিয়ালৰ ল'ৰা মিলিনিয়াৰ হৈ গ'ল আৰু সেইটোও অলপ পইচা ইনভেষ্ট কৰি। তেওঁ এই যাত্ৰাত বহুত কথা বা পাঠ শিকিলে। যেনে- Wantrepreneurship পৰা বচা । অৰ্থাৎ অকল Idea ৰ দ্বাৰা একো নহয়। যিটো জৰুৰী সেইটো হ'ল প্ৰয়োগ কৰা।
দ্বিতীয়তে নিজৰ Idea আনৰ আগত ক'বলৈ ভয় কৰিব নালাগে। কাৰণ আনে আপোনাক তাত থকা দূৰ্বলতা বোৰৰ বিষয়ে ক'ব পাৰে। তৃতীয়টো আমি আমাৰ ব্যৱসায়টোৰ দুই প্ৰকাৰে ভাবিব লাগে। তাৰ পিছত ব্যৱসায় কেনেকৈ অলপ ইনভেষ্টমেন্টৰ দ্বাৰা কৰিব লাগে তাৰ বিষয়ে জানিলো। যাতে আমাৰ Idea মাৰ্কেটে ভাল পাই নে নাপায় জানিব পাৰি।
তাৰ পিছত ইন্টাৰনেটৰ দ্বাৰা কেনেকৈ নিজৰ ব্যৱসায় প্ৰয়োগ বা বৃদ্ধি কৰিব পাৰি জানিলো। শেষত কাহিনী যিটো বহুত ভাল পদ্ধতি ।যাৰ দ্বাৰা মানুহক নিজৰ প্ৰডাক্টৰ বিষয়ে ক'ব পাৰি।
এইসকলোবোৰ কথা আমি Fraser Doherty ৰ কিতাপ 48 Hour Start Up ৰ পৰা কৈছোঁ। অৰ্থৰে কয় যে মই এইখন কিতাপ এইকাৰণে লিখিছো যাতে আপোনালোকে এইসমূহ ভুলৰ পৰা বাচিব পাৰে। যিবোৰ মই কৰিছিলোঁ। Job নকৰি যাতে ব্যৱসায় আৰম্ভণি কৰিব পাৰে আৰু স্বাধীন ,সফল হ'ব পাৰে।যিটো মই কৰিছিলোঁ।
সেই কাৰণে Gigl App বনোৱা হৈছে যিবোৰ পঢ়ি আপোনালোকে সফল হ'ব পাৰে আৰু আনৰ ভুলৰ পৰা শিকিব পাৰে। এই App টোত আপোনালোকে বহুত কিতাপ শুনিব পাৰে আৰু পঢ়িব পাৰে। যেনে- ৰিচ ডেড পৌৰ ডেড, ডি লাৰ্ন চাৰ্টাপ, ১০০ ডলাৰ চাৰ্টাপ আদি।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো , ধন্যবাদ।
No comments:
Post a Comment