অন্তিম সৎকাৰত ১৬ টা শৃঙ্গাৰ কৰি মহিলাক কিয় বিদায় দিয়া হয় জানি লওঁক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, January 26, 2022

অন্তিম সৎকাৰত ১৬ টা শৃঙ্গাৰ কৰি মহিলাক কিয় বিদায় দিয়া হয় জানি লওঁক : Religious Studies

Religious Studies


আপোনালোকেও যদি এগৰাকী বিবাহিত মহিলাৰ মহত্ব বুজি পোৱা নাই তেতিয়া এগৰাকী বিধৱা মহিলাৰ পৰা জানি লওঁক তেওঁ কিমান সমস্যাৰ সন্মুখীন হ'ব লগা হয়। ( Religious Studies )


 সেইকাৰণে যদি কোনো বিবাহিত মহিলাৰ আগতেই মৃত্যু হয় তেতিয়া তেওঁক ভাগ্যশালী বুলি মনা হয় আৰু তেওঁক ১৬ টা শৃংগাৰৰ সৈতে চিতাত তুলি বিদায় দিয়া হয়।


 ইয়াৰ পিছৰ অৰ্থ কি আপোনালোকে জানেনে? আপোনালোকে জানেনে চন্দ্ৰমাৰ ১৬ টা কলাৰ অবিহনে যিদৰে এজন লোক আধৰুৱা  সেইদৰে ১৬ টা শৃংগাৰৰ অবিহনে এগৰাকী মহিলাও আধৰুৱা।


 আমাৰ চাৰিখন বেদৰ ঋষবেদটো ১৬ টা শৃংগাৰৰ মহত্বৰ বিষয়ে কোৱা হৈছে। ১৬টা শৃংগাৰৰ মহত্বৰ বিষয়ে জানিবৰ বাবে এটা কাহিনী আগবঢ়ালোঁ।


 ৰাজকুমাৰী সীতাৰ বিবাহৰ সময়ত তেওঁৰ মাতৃয়ে তেওঁক এই ১৬টা শৃংগাৰৰ মহত্বৰ বিষয়ে বিৱৰি  কৈছিল যে আমাৰ ১৬টা শৃংগাৰৰ ভিতৰত ফোটটো অৰ্থাৎ বিন্দিটোৰ অৰ্থ হ'ল সূৰ্যটোৱে যিদৰে সদায় ৰাতিপুৱা উদয় হৈ সংসাৰ খন উজ্জিৱিত কৰে সেইদৰে তুমিও নিজৰ বেয়া গুণসমূহ ত্যাগ কৰি নিজৰ সজ গুণেৰে পৰিয়ালৰ সকলো লোককে প্ৰভাৱান্বিত কৰিব পাৰিব লাগিব।


 দ্বিতীয়টো হৈছে কাজল ।কাজল লগোৱাৰ অৰ্থ হৈছে ই আমাক বেয়া শক্তিৰ পৰা দূৰত ৰাখে আৰু আমি সদায় শীতল পূৰ্ণ হৈ থাকিবলৈ শিকিব লাগে ।


 ডাঙৰৰ ওচৰত আমি সদায় নেত্ৰ তলত ৰাখি কথা ক'ব আৰু শুনিব লাগে । তৃতীয়তে হ'ল নাকফুলি। নাকফুলি পিন্ধাই অৰ্থ হ'ল যে আমি আমাৰ মনটো নিয়ন্ত্ৰিত কৰা অৰ্থাৎ আমাৰ চঞ্চল মনটোক স্থিৰ কৰি নিজৰ কৰ্তব্য কৰি যোৱা। ( Religious Studies )


সেন্দুৰৰ ফোটটোৰ অৰ্থ হ'ল যে স্বামীগৃহৰ লগতে পৃতিগৃহৰ মৰ্যদা হানি নকৰা আৰু ‌এনেকুৱা কাম কৰা যাতে সকলোৱে গৌৰৱ অনুভৱ কৰে।কানত পিন্ধা ফুলিজোৰৰ অৰ্থ হ'ল আনৰ অসৎ কথা শুনাৰ পৰা বিৰত থকা।


হাতত পিন্ধা আঙঠিটোৰ অৰ্থ হ'ল যে আপুনি আজিৰ পৰা আপোনাৰ স্বামীৰ প্ৰতি নিষ্ঠাবান থাকিব আৰু হৃদয়ত থকা স্বামীৰ প্ৰতিচ্ছবিয়ে নিজকে প্ৰজ্বোলিত কৰিব ।


ভৰিত পিন্ধা আঙঠিটোৰ অৰ্থ হ'ল সদায় চল কপতৰ পৰা নিজকে দূৰত ৰখা। তেতিয়াহে স্বামীৰ ঘৰখনত মান সন্মান আৰু প্ৰতিষ্ঠা লাভ কৰিব পাৰি, ভৰিত পিন্ধা পায়েলজোৰৰ অৰ্থ হ'ল ই সৌভাগ্যৰ প্ৰতীক।


পায়েলৰ মধুৰ ধ্বনিয়ে ঘৰৰ চৌদিশ প্ৰজ্বোলিত ‌কৰিব আৰু সদায় এইটো মনত পেলাব যে তেওঁৰ স্থান পতিৰ চৰণত যিদৰে দেৱী লক্ষ্মীৰ স্থান ভগৱান বিষ্ণুৰ চৰণত। হাতত পিন্ধা খাৰুজোৰৰ অৰ্থ হ'ল এতিয়াৰ পৰা তেওঁ সদায় কঠোৰ বচন আৰু কথা পৰা নিজকে আঁতৰাই ৰাখিব লাগিব।


 হাতৰ ওপৰ অংশত পিন্ধা আভোষণৰ অৰ্থ হ'ল পতিৰ ঘৰৰ ধন সম্পত্তিৰ ধ্যান ৰখা আৰু স্বামীৰ  ধনৰ অনাহকত ব্যয় কৰাৰ পৰা বিৰত থকা। কঁকালত পিন্ধা কমাৰবন্ধ ধাৰণ কৰাৰ অৰ্থ হ'ল  স্ত্ৰী গৰাকী পতিৰ ঘৰৰ স্বামিনী হোৱা আৰু সকলো দায়িত্ব শুকলমে পালন কৰা।


মূৰত ধাৰণ কৰা হযোগ গজৰাৰ অৰ্থ হ'ল এই গজৰা পিন্ধি পূজা পাতল কৰিলে তাৰ সুগন্ধয়ে দশোদিশ পুলকিত কৰি ঘৰত ধন-সম্পত্তি বৃদ্ধি কৰিব।


ডিঙিত পিন্ধা আভোষণৰ অৰ্থ হ'ল নিজৰ স্বামীৰ সফলতাত সহযোগ আগবঢ়োৱা আৰু আনন্দিত হোৱা। হাতত লগোৱা জেতুকাৰ অৰ্থ হ'ল পৰিয়ালত হাঁহি আৰু আনন্দৰ লালিমা জীয়াই ৰখা।


শিৰত লোৱা সেন্দুৰৰ অৰ্থ হ'ল পতিৰ আয়ুস দীঘল হোৱাৰ মনোবাঞ্ছা কৰা।ডিঙিত পিন্ধা মঙ্গল সূত্ৰ ডালে সদায় সুখী দাম্পত্য জীৱনৰ বাবে শক্তি প্ৰদান কৰিব আৰু নৱ স্বামীৰ প্ৰতি সন্দেহৰ ভাব অহাৰ পৰা দূৰত ৰাখিব। 


লগতে ই আপোনাৰ জীৱনত সুখৰ সঞ্চাৰ কৰিব। সেইবাবে এই ১৬টা শৃংগাৰৰ মহত্ব ধাৰ্মিক দিশতে নহয় বৈজ্ঞানিক দিশতো পোৱা যায়।



নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


 ( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages