কৃষ্ণয়ে ৰাধাক ইমান ভাল পাইছিল তথাপিও কিয়‌ বিয়া নাপাতিলে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, January 26, 2022

কৃষ্ণয়ে ৰাধাক ইমান ভাল পাইছিল তথাপিও কিয়‌ বিয়া নাপাতিলে : Religious Studies

Religious Studies


যেতিয়া প্ৰেমৰ কথা আহে তেতিয়া আমাৰ মনলৈ ৰাধা- কৃষ্ণৰ কথা আহে। কিছুমান মানুহৰ মনলৈ এইটো প্ৰশ্ন আহে, যদি কৃষ্ণয়ে ৰাধাক ইমান ভাল পাইছিল তেতিয়া বিয়া নাপাতিলে কিয়? ( Religious Studies )


হিন্দু ধৰ্মৰ গ্ৰন্থসমূহত এই কথাটোৰ লগত জড়িত বহুত কথা বৰ্ণনা কৰা আছে। প্ৰথমতে পোৱা যায় যে ৰাধা কোনো বেলেগ নহয়, তেওঁ ভগৱানৰে অংশ। 


শ্ৰীকৃষ্ণক আত্মাৰাম বুলি কোৱা হয়।যি নিজৰ আত্মাৰ লগতে আনন্দ বা স্ফুৰ্তি কৰে । তেওঁক আনন্দ অনুভূতিৰ বাবে আনৰ প্ৰয়োজন নাই। তেওঁৰ আত্মা ৰাধায়ে। সেই কাৰণে ৰাধা- কৃষ্ণক কেতিয়াও বেলেগ কৰিব পৰা নাযায়।


এই ক্ষেত্ৰত ৰাধা- কৃষ্ণক বেলেগ হোৱা আৰু বিয়া হোৱা নোহোৱাৰ একো প্ৰশ্নয়ে নুঠে। কৃষ্ণই নিজক দুটা ৰূপত প্ৰকট কৰিছে।এইয়া ভগৱানৰে এটা মনোৰম ৰূপ।পুৰাণত তেওঁৰ এই ৰূপক ৰহস্য, আধ্যাত্মিক আৰু দৰ্শনৰ লগত জড়িত কৰি চোৱা হয়। 


ব্ৰহ্মবৈবদ পুৰাণত বৰ্ণিত কথা অনুসৰি কৃষ্ণৰ লগত ৰাধা গৌলৌকত থাকিছিল । তেওঁ উপস্থিত থাকোঁতেই কৃষ্ণয়ে তেওঁৰ দ্বিতীয় পত্নী বিজয়া লগত বনত ঘূৰি ফুৰিছিল। তেতিয়াই ৰাধা আহি পালে আৰু তেওঁ বিজয়াক খঙ কৰি তাৰ পৰা গুচি গ'ল।


শ্ৰীকৃষ্ণৰ মিত্ৰ আৰু শ্ৰীৰামায়ে ৰাধাৰ এই ব্যৱহাৰ ভাল নাপালে আৰু তেওঁলোকে ৰাধাক বেয়া বেয়াকৈ ক'বলৈ ধৰিলে।ৰাধাই খঙতে শ্ৰীৰামাক পিছৰ জন্মত শংখ চুৰ ৰাক্ষসক হ'বলৈ শাওঁ দিলে।


 সেই কাৰণে শ্ৰীৰামায়েও ৰাধাক পৃথিৱীত জন্ম হৈ ১০০বছৰ কৃষ্ণৰ পৰা আঁতৰত থাকিবলৈ শাওঁ দিলে। তেতিয়া কৃষ্ণই ক'লে তোমাৰ মনুষ্য ৰূপত যেতিয়া জন্ম হ'ব, তেতিয়া তুমি সদায় মোৰ লগতেই থাকিবা। ( Religious Studies )


 কিন্তু ৰাধা আৰু কৃষ্ণ বেলেগ হৈ গৈছিল। এবাৰ কৃষ্ণয়ে নাৰদৰ লগত চল কৰিলে আৰু নাৰদক বান্দৰৰ ৰূপ দি দিলে আৰু সেই কাৰণে নাৰদে লক্ষ্মীৰ স্বয়ংবৰত বহুত লাজ পালে আৰু আহি কৃষ্ণক পত্নীৰ লগত বিয়োগ হ'বলৈ শাওঁ দিলে। 


সেই কাৰণে ৰাম অৱতাৰত  ৰামে সীতাৰ বিয়োগ সহ্য কৰিব লগিয়া হৈছিল আৰু কৃষ্ণ অৱতাৰত দেৱী ৰাধাৰ। আন এটা পৌৰাণিক কথা অনুসৰি ৰাধা কৃষ্ণতকে ৫বছৰ ডাঙৰ আছিল। কিন্তু তেওঁলোকৰ মাজত বহুত প্ৰেম আছিল।


যেতিয়া গাঁওত ৰাধা- কৃষ্ণৰ প্ৰেমৰ চৰ্চা হ'বলৈ ধৰিলে, তেতিয়া ৰাধাৰ গাঁৱৰ মানুহে ৰাধাক ঘৰৰ পৰা বাহিৰলৈ উলাব নিদিয়া হ'ল। কৃষ্ণই মাকক ৰাধাক লগত বিয়া পাতিম বুলি ক'লে আৰু মাকে ক'লে তাইৰ বিয়া আনৰ লগত থিক হৈ আছে। 


কিন্তু কৃষ্ণই নুশুনিলে ।সেই কাৰণে কৃষ্ণৰ দেউতাকে তেওঁক গৰ্গ ঋষি ওচৰলৈ লৈ গ'ল।গৰ্গ ঋষিয়ে কৃষ্ণক বুজালে চোৱা তোমাৰ জন্ম বিশেষ কাৰণত হৈছে। তুমি পালনহাৰ।


এই সংসাৰত তুমি ধৰ্ম স্থাপন কৰিবা। তুমি ৰাধাক বিয়া পাতিব নালাগে। তেতিয়া কৃষ্ণয়ে ক'লে- যদি মই ধৰ্ম স্থাপন কৰিব লাগিব তেতিয়া কি মই তাৰ আৰম্ভণি অধৰ্ম সহায়ত কৰিম নেকি ? 


যিয়ে মোক ভাল পায় আৰু মই যাক ভাল পাওঁ তাক এৰি। এইটো ন্যায় নেকি? তেতিয়া মনে মনে গৰ্গ ঋষিয়ে কৃষ্ণক সকলো কথা ক'লে আৰু কৃষ্ণয়ে তেতিয়া একো ন'কলে। 


তাৰ পিছৰে পৰা তেওঁৰ দশা আৰু দিশ সলনি হৈ পৰিল।শ্ৰীকৃষ্ণয়ে কৈছিল ৰাধা মোৰ আত্মা সেই কাৰণে মই বিয়া পাতো বা নাপাতো তাত কোনো কথা নাই। 


সেই কাৰণে আপোনালোকে ও যদি কাৰোবাক ভাল পায় আৰু আপোনালোকৰ তাইৰ বা তেওঁৰ লগত যদি বিয়া নহয় তেতিয়া নিৰাস নহ'ব । তেওঁৰ প্ৰেম নিজৰ মনত ৰাখিব যেনেকে শ্ৰীকৃষ্ণয়ে কৰিছিল।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


 ( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages