আপোনালোকে দেখিছে চাগে নৱৰাত্ৰিৰ ৯ দিন যিসকলে মানে সেইসকলে এই ৯ দিন পিয়াঁজ আৰু নহৰু সেৱন নকৰে। ( Religious Studies )
পিয়াঁজ আৰু নহৰু শাক-পাচলি ভিতৰতে পৰে তেতিয়া কিয় নৱৰাত্ৰিত এইসমূহ খাবলৈ মনা কৰা হয়।কি কয় আমাৰ ধৰ্ম গ্ৰন্থসমূহে ইয়াৰ বিষয়ে জানো আহঁক-
প্ৰিয় পাঠকসকল নৱৰাত্ৰিত বা বেলেগ ব্ৰত বা পূজা অৰ্চনা কৰা দিনত পিয়াঁজ আৰু নহৰু সেৱন নকৰা পিছত এটা পুৰণি কথা আছে। যাৰ অনুসৰি যেতিয়া সৃষ্টিৰ আৰম্ভণি সময়ত সমুদ্ৰ মন্থন কৰা হৈছিল তেতিয়া তাৰ পৰা এটাৰ পিছত এটা বহুত ৰত্ন উলাইছিল।
একেবাৰে শেষত অমৃতৰ এটা কলহ উলাইছিল। যেতিয়া অমৃতৰ এই কলহটোৰ কাৰণে ধন মন্ত্ৰী প্ৰকট হ'ল তেতিয়া অসুৰসকলৰ ধৈৰ্য্যৰ সীমা পাৰ হৈ গ'ল। তেওঁলোকে ধন মন্ত্ৰীৰ পৰা অমৃতৰ কলহটো ল'বলৈ চেষ্টা কৰিলে।
এইবোৰ দেখি দেৱতাসকলে ভগৱান বিষ্ণুক ক'লে- আপুনি আমাক সহায় কৰক। তেতিয়া ভগৱান বিষ্ণুয়ে ক'লে- অসুৰে অমৃত প্ৰাণ কৰি অমৰ হোৱাতো সৃষ্টিৰ বাবেও হিত নহয়। এনেদৰে কৈয়ে তেওঁ মোহিনী ৰূপ ধাৰণ কৰি ল'লে।
ভগৱান বিষ্ণুৰ এই মোহিনী অৱতাৰৰ বিষয়ে আপোনালোকে ইনেও শুনিছে চাগে। মোহিনী ৰূপ ধাৰণ কৰি ভগৱান অসুৰসকলৰ মাজলৈ গ'ল। অসুৰসকলে এনেকুৱা মন মোহি যোৱা ৰূপ দেখি মুগ্ধ বা মোহিত হৈ পৰিল। তাৰ পিছত মোহিনীয়ে ক'লে আপোনালোকে ইনেই কাজিয়া বা যুদ্ধ কৰিছে মই এই অমৃত দেৱতা আৰু অসুৰসকলক সমানে ভাগ কৰি দিম।
তাৰ পিছত তেওঁ দুটা শাৰী বনালে এটা দেৱতাৰ আনটো অসুৰৰ। চল কৰি অকল অমৃত দেৱতাসকলহে খোৱাবলৈ ধৰিলে। মোহিনীৰ ৰূপ দেখি অসুৰসকলে বুজি পোৱা নাছিল যে অমৃত অকল দেৱতাসকলেহে প্ৰাণ কৰি আছে।
কিন্তু ৰাহু আৰু কেতু নামৰ দৈত্য দুটাই মোহিনীৰ এই চল বা চলনাক বুজি পালে আৰু ৰূপ সলনি কৰি দেৱতাৰ শাৰীত বহি থাকিল আৰু এনেকে সিহঁতি অমৃত প্ৰাণ কৰিলে। সেই অমৃত তেওঁলোকৰ কন্ঠৰ লৈকেহে গৈ পাইছিল তেতিয়াই ভগৱান বিষ্ণুয়ে এই চলনা বুজি পালে আৰু তেওঁ সুদৰ্শন চক্ৰৰে তেওঁলোকৰ মূৰকেইটা কাটি দিলে। ( Religious Studies )
সেই কাৰণে ৰাহু আৰু কেতুৰ শৰীৰটো অমৰ নহ'ল। কিন্তু সিঁহতৰ মূৰকেইটা সদায়ৰ কাৰণে অমৰ হৈ পৰিল। কোৱা হয় যে যি ঠাইত ৰাহুৰ মূৰৰ তেজ পৰিছিল তাৰ পৰাই পিয়াঁজ গজি আহিছিল। আনহাতে যি ঠাইত কেতুৰ মূৰৰ তেজ পৰিছিল তাৰ পৰা নহৰুৰ উৎপত্তি হ'ল।
দুয়োজনৰে তেজত অমৃত আছিল সেই কাৰণে পিয়াঁজ আৰু নহৰু বহুত উপকাৰীতাও আছে। এই দুয়োটাই বহুত ৰোগৰ পৰা বচাই। কিন্তু এই দুয়োটাৰ উৎপত্তি ৰাক্ষসক তেজৰ পৰা হৈছে।
আপোনালোকে দেখিছে চাগে এইকেইটা বস্তু খোৱাৰ পাছত মুখৰ পৰা অলপ বেয়া গোন্ধ আহে। সেই কাৰণে ব্ৰত বা পূজাৰ দিনা এইদুয়োটা খোৱাতো ভুল বুলি ধৰা হয়।
ইয়াৰ উপৰিও আয়ুৰ্বেদে পিয়াঁজ আৰু নহৰুক তামসিক ভোজন বুলি ধৰে। আয়ুৰ্বেদত খাদ্যক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে- সাত্বিক, ৰাজসিক,তামসিক।
সাত্বিকত শান্তি,সংযম আৰু পবিত্ৰতাৰ দৰে গুণ আহে। ৰাজসিকত আনন্দ আৰু প্ৰসন্নতাৰ দৰে গুণ । আনহাতে তামসিক অহংকাৰ, উত্তেজনা,খঙ আদিৰ দৰে গুণবোৰক ধৰা হয়। সেই কাৰণে পিয়াঁজ আৰু নহৰুক তামসিক প্ৰবৃত্তিৰ ভোজনত বা খাদ্যত বৰ্গীকৰণ কৰা হৈছে।
শাস্ত্ৰৰ অনুসৰি পিয়াঁজ আৰু নহৰুৱে অহংকাৰ, উত্তেজনা,খঙ আদিৰ দৰে প্ৰবৃত্তি বৃদ্ধি কৰে। যাৰ ফলত পূজা অৰ্চনা কৰোঁতে বাধা আহিব পাৰে। সেই কাৰণে নৱৰাত্ৰিৰ ৯ দিনত যিসকলে ব্ৰত নাৰাখে সেইসকলেও ৰাজসিক আৰু তামসিক ভোজন বা খাদ্যৰ পৰা দূৰত থাকিব লাগে। অকল সাত্বিক ভোজন বা খাদ্যহে খাব লাগে।
যাতে নৱৰাত্ৰিৰ ৯ দিনত পাছত ভক্তসকলৰ দেৱীৰ পূজা-অৰ্চনা কৰোঁতে আধ্যাত্মিক শক্তিৰ অভাৱ নহয়। পিয়াঁজ আৰু নহৰু নিচিনা বস্তু খোৱাৰ ফলত শৰীৰত গৰম বৃদ্ধি হয় আৰু যাৰ ফলত মনত না না প্ৰকাৰৰ ইচ্ছা জন্ম হয় আৰু মন ভ্ৰমিত হৈ পৰে।
লগতে এই শাৰদীয় নৱৰাত্ৰিৰ ব্ৰত অক্টোবৰ নহ'লেবা নম্বেবৰত আহে আৰু আপোনালোকে জানে যে এই সময়খিনিত বতৰ সলনি হয়। বিজ্ঞানে ও এইটো মানে যে ঋতুৰ এই সালসলনি সময়ত শৰীৰত শাৰীৰিক দূৰ্বলতাই দেখা দিয়ে।যাৰ ফলত ভোজন বা খাদ্য হজম হোৱাত বাধা আহিব পাৰে আৰু সমস্যা হ'ব পাৰে।
নৱৰাত্ৰিৰ কেইদিনত যেতিয়া সাত্বিক ভোজন বা খাদ্য খোৱা হয়, তেতিয়া সেইবোৰ সহজতে হজম হৈ যায় আৰু শৰীৰৰ পাচন তন্ত্ৰ ভাল হৈ থাকে। সেই কাৰণে এইকেইদিনত পিয়াঁজ আৰু নহৰু ভোজন বা খাদ্যত প্ৰয়োগ কৰা নহয় বা খোৱা নহয় ।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।
No comments:
Post a Comment