আপোনালোকে জানে চাগে মানুহে যেনেকুৱা কৰ্ম কৰে তেনেকুৱা ফল ভোগ কৰে। কিন্তু আপোনালোকে জানেনে যে আমি কৰা কিছুমান কাম এনেকুৱা আছে যিবোৰে আমি মৰা পাছতো আমাৰ লগ নেৰে। ( Religious Studies )
এই কৰ্ময়েই আমাৰ পিছৰ জন্ম কেনেকুৱা হ'ব তাক নিৰ্ধাৰিত কৰে। গৰুড় পুৰাণে এই সন্দৰ্ভত আমাক বিস্তাৰিত ভাবে জানিবলৈ দিয়ে।
আজি আমি আপোনালোকক এনেকুৱা ১১টা কৰ্ম বিষয়ে কম যাৰ ফলত মানুহে জন্তুৰ হৈ জন্ম ল'ব লগা হয়।
১. মিত্ৰৰ লগত চল কৰাৰ ফলত- মিত্ৰতাৰ সম্পৰ্ক বহুত বেলেগ ধৰণৰ হয়। কোৱা হয় এজন সঁচা মিত্ৰয়ে সময় আহিলে প্ৰাণৰো আহুতি দিব পাৰে।যেতিয়া মিত্ৰয়ে মিত্ৰক ঠগে তেতিয়া কি হয় তাৰ বিষয়েও গৰুড় পুৰাণত কোৱা হৈছে। সেইসকল ব্যক্তিয়ে মৃত্যুৰ পিছত নৰকত স্থান পায় আৰু পাহাৰত থকা চিলনী হৈ জন্ম গ্ৰহণ কৰিব লগা হয়।যিয়ে মৰা বস্তু খাই যেনে তেনে জীৱন নিৰ্বাহ কৰে।
২. ধৰ্মক অপমান কৰা ফলত- এই পৃথিৱীত এনেকুৱা বহুত মানুহ আছে যিয়ে নিজৰ ধৰ্মৰ লগতে আন ধৰ্মকো বহুত সন্মান কৰে। কিন্তু ইয়াৰ বিপৰীতে কিছুসংখ্যক লোকে আনৰ ধৰ্মক বেয়া পোৱাৰ লগতে নিজৰ ধৰ্মকো ভাল নাপায়। এনেকুৱা ব্যক্তিসকলে পুৰাণত লিখা কথা বিশ্বাস নকৰে আৰু নিজৰ অল্প বুদ্ধিৰ প্ৰমাণ দিয়ে। সেইসকল ব্যক্তিয়ে মৃত্যুৰ পিছত নৰকত স্থানতো পাবয়ে লগতে কুকুৰ হৈ জন্ম গ্ৰহণ কৰি,য'তে-ততে ভুকি থাকিব।
৩.আপোন মানুহৰ অনাদৰ কৰিলে- এই সংসাৰত কাৰো জীৱন আপোন মানুহৰ অবিহনে হ'ব নোৱাৰে।এই ক্ষেত্ৰত মাক-দেউতাক আৰু গুৰুক তুলনায়ে কৰিব নোৱাৰি। কাৰণ গুৰুয়েই মানুহক উচ্চ শিখৰ লাভ কৰাত সহায় কৰে। যিসকল ব্যক্তিয়ে এওঁলোকৰ লগত বেয়া ব্যৱহাৰ কৰে,তেওঁলোকে জন্ম গ্ৰহণ নকৰে গৰ্ভতে বহুবাৰ মৃত্যু গ্ৰহণ কৰে। ( Religious Studies )
৪.জ্ঞান বিলাই নিদিয়া সকল- বামুণসকলক এজন ব্যক্তিয়ে সকলো বস্তুটো দান দিব নোৱাৰিলেও, বামুণসকলৰ কৰ্তব্য যে তেওঁ নিজৰ জ্ঞানৰ সহায়ত সকলোৰে কল্যাণ কৰিব লাগিব।যদি এনেকুৱা নকৰে তেতিয়া এই জন্মত তেওঁৰ খ্যাতি বেয়া হোৱাৰ লগতে তেওঁ পিছৰ জন্মত গৰু হৈ জন্ম ল'ব লাগিব। তাৰ পিছত আজীৱন নিজৰ কৰ্মৰ বিষয়ে চিন্তা কৰিব লাগিব।
৫.চল কৰা সকল- এই সংসাৰত বহুত এনেকুৱা মানুহ আছে যিয়ে নিজৰ কৰ্ম বা চলৰ সহায়ত আনক ঠগি থাকে। আজীৱন এইবোৰ কৰিয়ে খাই । তেওঁলোকে পিছৰ জন্মত ফেঁচা হৈ জন্ম গ্ৰহণ কৰে।
৬.অপমান কৰা মহিলাসকল- যি মহিলাই নিজৰ শাহুৰ আৰু শাহুৱেকক বেয়াকে কয় আৰু তেওঁলোকৰ সেৱা নকৰে।যেতিয়াই মন যায় ঘৰত কাজিয়া কৰে, তেওঁলোকে পিছৰ জন্মত জোক হৈ জন্ম গ্ৰহণ কৰে।
৭. খাদ্য বা অন্ন চুৰসকল - অন্ন দানক বহুত ডাঙৰ দান বুলি কোৱা হয়। কিন্তু কিছুমান মানুহ এনেকুৱা আছে যিয়ে খাদ্য বা অন্নৰ চুৰ কৰে। এওঁলোকে মৃত্যুৰ পিছত আকৌ নিগনি হৈ জন্ম লয়।
৮. গালি দিয়া সকল- শাস্ত্ৰত কোৱা আছে মানুহে এনেকুৱা শব্দ ক'ব নালাগে যিয়ে আনক আঘাত কৰে। কিন্তু কিছুমান মানুহ এনেকুৱা আছে যিয়ে সৰু সৰু কথাত আনক গালি দিয়ে।এই সকল ব্যক্তিয়ে ছাগলী হৈ জন্ম গ্ৰহণ কৰে।
৯.বেয়া দৃষ্টিৰ ব্যক্তিসকল- যিসকল ব্যক্তিয়ে মহিলাসকলক বেয়া দৃষ্টিৰে চাই আৰু সদায় তেওঁলোকৰ মনত কামনা ভাব চলি থাকে।তেনে ব্যক্তিসকলে মৃত্যুৰ পিছত গাধ হৈ পৃথিৱীলৈ আহে।
১০. বেয়া চিন্তা কৰা সকল- আপোনালোকে দেখিছে চাগে সংসাৰৰ প্ৰায়ভাগ মহিলাই পতিবত্ৰা হয়। তেওঁলোকে আন পুৰুষৰ বিষয়ে চিন্তা নকৰে। কিন্তু কিছুমান মহিলাই বহুত পুৰুষৰ লগত সম্পৰ্ক কৰে আৰু এই কাৰণে এওঁলোকে অপমানো পায়। এওঁলোকে মৃত্যুৰ পিছত বাদুলি বা জেঁঠি হৈ জন্ম গ্ৰহণ কৰে।
১১.বিষ খাই মৰা সকল- মানুহৰ জীৱন আমি বহুত কষ্টৰ ফলত লাভ কৰোঁ। কিন্তু কিছুমান ব্যক্তিয়ে সংসাৰৰ সাংসাৰিক কথাত ভয় খাই আৰু ভগৱান দিয়া ইমান অমূল্য জীৱনটো শেষ কৰি পেলাই।তেওঁলোকে পিছৰ জন্মত সাপ হৈ জন্ম গ্ৰহণ কৰিব লগা হয়।
এইয়া আছিল মানুহৰ কৰ্মৰ কিছুমান ফল। অৰ্থাৎ মানুহে যি কৰ্ম কৰে তাৰ বিপৰীতে পোৱা জন্ম বিষয়ে। সেই কাৰণে কোৱা হয় জীৱনত ভাল কৰ্ম কৰক। তেতিয়াহে মৃত্যুৰ পিছত ভাল ফল লাভ কৰিব পাৰিব।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।
No comments:
Post a Comment