মহাদেৱক প্ৰসন্ন কৰি মনোকামনা পূৰ্ণ কৰাটো কিমান সহজ জানি লওঁক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, January 24, 2022

মহাদেৱক প্ৰসন্ন কৰি মনোকামনা পূৰ্ণ কৰাটো কিমান সহজ জানি লওঁক : Religious Studies

Religious Studies


পৌৰাণিক কথাবোৰত চকু দিলে দেখা যায় যে ভগৱান শিৱই বহুতো পাপী ৰাক্ষসক ডাঙৰ ডাঙৰ বৰদান দিছিল । যাৰ সময়ে সময়ে পৰিণামবোৰ দেখা গল ।  ( Religious Studies )


যত এফালে ভগৱান বিষ্ণুয়ে বহুত ভাবি চিন্তি যিকোনো বৰদান দিছিল তাতেই আকৌ ভোলানাথে অতি সোনকালে প্ৰসন্ন হৈ বৰদান দি দিছিল । কেতিয়াবা আপোনাৰ মনত এইটো প্ৰশ্ন আহিছেনে যে ভগৱান শিৱই সকলো জানিছিল অৰ্থাৎ অতীত,  বৰ্তমান আৰু ভৱিষ্যতৰ বিষয়ে সকলো জানিছিল কিন্তু তাৰ পিছতো তেওঁ কিয় বৰদান দিছিল ? এই লেখাত আপুনি এই সন্দৰ্ভত জানিবলৈ পাব । 


প্ৰথমতে জানোঁ আহক ভগৱান বিষ্ণুৰ তুলনাত শিৱ বাবাক প্ৰসন্ন কৰাটো ইমান সহজ কিয় ? ভগৱান বিষ্ণুৱে সকলো কথাকে একেবাৰে গভীৰভাৱে বিশ্লেষণ কৰে । সেইবাবে মনা হয় যে তেওঁক প্ৰসন্ন কৰিবলৈ গোটেই জীৱনো কম পৰে । আৰু তেওঁক প্ৰসন্ন কৰিবলৈ বহুত ধৈৰ্য্য লাগে আৰু অসুৰ বোৰক এটা তপস্যাৰ পিছতে বৰদান লাগে । তেওঁলোকে ধৈৰ্য্য ধৰে কিন্তু এটা সময়সীমা লৈকে তাৰ পিছত বৰদানৰ বাবে তীব্ৰ লালসিত হৈ পৰে । সেইবাবেই ভগৱান শিৱক দেৱতাৰ লগতে অসুৰ , দানৱ পিশাচ, গন্ধৰ্ব্ব আদিয়েও পূজা কৰে । যিসকলে ভগৱান বিষ্ণুক বিচাৰে সেইসকলে পৰম ভক্তি অথবা মুক্তিৰ কামনা কৰে লাগিলে সেইয়া অসুৰেই হওঁক । আমাৰ ওচৰত প্ৰহ্লাদ, বলী, বিভীষণ আদি বহুতো উদাহৰণ আছে । অসুৰবোৰে ভৌতিক বস্তু যেনে ধন, ৰাজ্য, ঐশ্বৰ্য , সুৰা, সুন্দৰী ইত্যাদিৰ অতিৰিক্ত একো ভাবিবই নোৱাৰে । যিবোৰ শ্ৰীহৰিৰ ওচৰত নাপায় সেইবাবে সিঁহতে ভগৱান শিৱক পূজা কৰে । 


আনফালে ভগৱান শিৱক ভোলানাথ বুলিও কোৱা হয় অৰ্থাৎ যি সৰল যত মিছা একোৱেই নাই , তেওঁ ইমানেই ভোলা যে সৰু বস্তু এটাৰ পৰাও প্ৰসন্ন হৈ পৰে । আনকি জল অৰ্পণ কৰিলেও প্ৰসন্ন হৈ ভক্তৰ মনোকামনা পূৰ্ণ কৰি দিয়ে । সেইবাবে তেওঁৰ আন এটা নাম আশুতোষ যাৰ অৰ্থ অতি শীঘ্ৰে প্ৰসন্ন হোৱা । এই কথাটো আমি সাধাৰণ ব্যক্তিয়ে জানো যেতিয়া অসুৰসকলতো মহা চতুৰ হয়  তেওঁলোকেতো ভালদৰেই জানে এই বিষয়ে । তেওঁলোকে জানে যে ভগৱান বিষ্ণুৱে অৱতৰিত হৈ পাপৰ নাশ কৰি দিব আৰু তেওঁক প্ৰসন্ন কৰা সহজ নহয় । আৰু আটাইতকৈ ডাঙৰ কথা তেওঁ সদায় এটা সীমাৰ ভিতৰৰ বৰদান হে দিব ওলোটা পোলোটা বৰদান নিদিয়ে । সেইবাবে দৈত্য সকলে ভগৱান বিষ্ণুৰ পৰা দূৰত্ব বনায় ৰাখে । যেতিয়া শ্ৰীহৰিক জনকল্যাণ বাবে কোনো বৰদান বিচৰা হয় তেতিয়া তেওঁ কেতিয়াও ভক্তক নিৰাশা নকৰে । উদাহৰণস্বৰূপে ভক্ত প্ৰহ্লাদ শ্ৰীহৰিৰ এক অনন্য ভক্ত আৰু এক বালক আছিল । তেওঁৰ কোনো সীমাৰ বাহিৰৰ ইচ্ছাও নাছিল । যাৰ বাবে প্ৰহ্লাদৰ ৰক্ষাৰ বাবে শ্ৰীহৰি নিজেই আহিছিল । ভাগৱত পুৰাণৰ অনুসৰি যত ভোলানাথ ১০ হাজাৰ বছৰ তপস্যাত প্ৰসন্ন হৈ  পৰে তাতেই আকৌ ভগৱান বিষ্ণুক প্ৰসন্ন কৰিবলৈ বহু জন্ম লব লগা হয় ।  ( Religious Studies )



ভগৱান শিৱৰ ৰজ, সত , তম এই তিনিটা গুণ গুণৰ সমাৱেশ আছে । অসুৰৰ তামসিক প্ৰবৃত্তিৰ প্ৰদানতা  থাকে আৰু ভগৱান শিৱৰ এই গুণ সমাহিত হৈ আছে , সেয়েহে অসুৰে কেৱল তেওঁৰেই আৰাধনা আৰু তপস্যা কৰে । শিৱ সকলো জাতি, আদিবাসী, বনবাসী, বৰ্গ, সমাজৰ সৰ্বোচ্চ দেৱতা হয় । ভগৱান বিষ্ণু সতগুণী । 


ভগৱান শিৱই বৰদান দি দিছিল কিন্তু তাৰ পিছত অসুৰসকলে ধ্বংস কৰিছিল । যাৰ ভিতৰত আটাইতকৈ ডাঙৰ নাম ৰাৱণৰ আছিল । ৰাৱণে শিৱ বাবাক প্ৰসন্ন কৰিবলৈ বহু বছৰলৈ কঠোৰ তপস্যা কৰিছিল আৰু বহুত শক্তিও লাভ কৰিছিল । বৰদান লাভ কৰি ৰাৱণৰ অহংকাৰ হল যাৰ ফলত বহুতো বেয়া কামত শক্তিৰ অপব্যৱহাৰ কৰিবলৈ ললে । এটা সময়তো এনেকুৱা হৈ পৰিছিল যেতিয়া ৰাৱণৰ নামৰে তিনিও জগত কপি পৰিছিল । ৰাৱণে নিজৰ ভাতৃৰ পৰা সোণেৰে নিৰ্মিত লংকা কাঢ়ি লৈছিল কেৱল সেয়া নহয় গোটেই গ্ৰহবোৰক বন্দী কৰিছিল আৰু শনি গ্ৰহক ওলোটাকৈ ওলোমাই দিছিল । কোৱা হয় যে ৰাৱণৰ সিংহাসনৰ তলত যি নীলা গ্ৰহ আছিল সেয়া শনিদেৱেই আছিল ‌ । যেতিয়া ৰাৱণৰ অহংকাৰ চৰম সীমাত পালে তেতিয়া শ্ৰীৰামে অৱতাৰ লৈ ৰাৱণৰ বধ কৰিলে ‌ । 



এটা অসুৰ আছিল যাৰ নাম ভষ্মাসুৰ আছিল সি ভগৱান শিৱৰ পৰা বৰদান লাভ কৰিছিল আৰু ইয়াৰ আতংকৰ পৰা তিনিও জগতত হাহাকাৰ হৈ গৈছিল । ই বৰদান পাইছিল যে যাৰ ওপৰতেই হাত ৰাখি দিব সি ভষ্ম হৈ পৰিব । এই শক্তিয়েই ভষ্মাসুৰক বহুত অহংকাৰী কৰি তুলিছিল ‌ , প্ৰথমে অমৰত্বৰ বৰদান বিচাৰিছিল কিন্তু ভগৱান শিৱই সৃষ্টিৰ বিধান বিৰোধ বুলি কৈ তাক অন্য বৰদান বিচাৰিবলৈ কলে তেতিয়া ভষ্মা সুৰে নিজৰ বৰদান সলনি কৰি বিচাৰিলে যে যাৰ ওপৰতেই হাত ৰাখিব সেইজন তৎক্ষণাত ভষ্ম হৈ পৰিব আৰু বৰদানৰ অহংকাৰত ইমানেই অহংকাৰী হৈ পৰিছিল যে এদিন শিৱ ভগৱানকে  ভষ্ম কৰিবলে দৌৰাই ফুৰালে । পিছত ভগৱান বিষ্ণুৱে এক সুন্দৰ কন্যাৰ ৰূপ ধাৰণ কৰি এক লীলা ৰচিলে আৰু তাৰ অন্ত কৰিলে সেইবাবে অসুৰসকলৰ বাবে ভগৱান শিৱ অতি প্ৰিয় আছিল কিয়নো তেওঁ বৰদান দিয়াৰ সময়ত বেছি ভাবি নাচায় । আৰু নিজৰ ভক্তৰ সকলো মনোকামনা পূৰ্ণ কৰে লাগিলে সেই ভক্ত ৰাক্ষস বা অসুৰে হওঁক সকলোৰে বৰদান পূৰ্ণ কৰে । 



নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


 ( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages