সাৱধান হওঁক কিয়নো মোবাইলৰ ৰেডিয়েচনৰ পৰা কেন্সাৰ হোৱা সম্ভাৱনা থাকে : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, January 27, 2022

সাৱধান হওঁক কিয়নো মোবাইলৰ ৰেডিয়েচনৰ পৰা কেন্সাৰ হোৱা সম্ভাৱনা থাকে : Assamese Health Tips

Assamese Health Tips


 আমি আপোনালোকক ক'বলৈ উলাইছোঁ মোবাইলৰ ৰেডিয়েচনে কেনেকৈ আপোনালোকৰ বা আমাৰ মগজুত প্ৰভাৱ পেলাব পাৰে। ( Assamese Health Tips )


 আমাৰ বেছিভাগ সময় মোবাইল চাইয়ে পাৰ কৰি দিওঁ।মহামাৰী আৰু লক'ডাউনৰ বাবে মোবাইল ফোনৰ ব্যৱহাৰ আৰু বাঢ়ি গ'ল।


 ফলত মোবাইল পৰা উলোৱা ৰেডিয়েচনে আমাৰ ওপৰত বহুত প্ৰভাৱ বিস্তাৰ কৰিবলৈ লৈছে।মোবাইল পৰা উলোৱা ৰেডিয়েচনে আমাৰ মগজুৰ চেলচৰ লগত সংযোগ কৰিবলৈ চেষ্টা কৰে।


যাৰ ফলত মগজুৰ চেলচবোৰে অশান্তি অনুভৱ কৰে। ইয়াৰ ফলতে আমাৰ মূৰ বিষ, স্মৃতি শক্তি কম হোৱা, কেন্সাৰ,ব্ৰেন টিউমাৰ আদিৰ দৰে বেমাৰ হ‌য়।


 মোবাইলৰ ৰেডিয়েচনে দুই প্ৰকাৰে আমাৰ মগজুত প্ৰভাৱ পেলায়। এটা হ'ল গৰম হৈ । যদি আপোনালোকে কাৰোবাৰ লগত বহুত দেৰি কথা পাতে তাৰ ফলত যে মোবাইলটো গৰম উঠি যায় সি কিমান গৰম হয় জানেনে এক মিনিটত এটা মাইক্ৰৱেব যিমান গৰম হয়।


 এইসমূহ গৰম আপোনালোকৰ মগজুৰ ভিতৰলৈ যায়। এইয়া এটা ৰিচাৰ্জৰ ফলত গম পোৱা গৈছে। এইবোৰ বহুত ভয়ানক হ'ব পাৰে আপোনাকৰ বাবে।


 দ্বিতীয়টো হ'ল - বায়ল'জিকেল ইফেক্ট। আমাৰ কৌশিকাবোৰে এডালৰ লগত সিডাল লগ হৈ থাকে।যিবোৰে আদান প্ৰদান কৰি থাকে। 


 মোবাইল পৰা উলোৱা ৰেডিয়েচনে এই কাৰ্যত বাধা প্ৰদান কৰে। অৰ্থাৎ ইডালে আন ডালৰ লগত সংযোগ কৰিব নোৱাৰে। এই মোবাইল পৰা উলোৱা ৰেডিয়েচন কি ইয়াৰ বিষয়ে জানি লওঁ আহঁক-


মোবাইল পৰা উলোৱা যি ৰেডিয়েচন আমাৰ শৰীৰলৈ যায় ,তাৰ মাত্ৰাক ইচষ্টেফিক এবজবচেন ৰেট (SAR) বুলি কোৱা হয়। 


(SAR) আমাৰ শৰীৰয়ে কিমান ৰেডিয়েচন ল'ব পাৰে তাৰ বিষয়ে আমাক তথ্য দিয়ে।এই (SAR) ৰ এটা সীমা থাকে। কিন্তু সীমাতকৈ বেছি এই (SAR) বায়ুমণ্ডলত বিয়পি পৰিছে, মোবাইল টাৱাৰ আদি বহুত হৈ পৰিছে ।


 ফলত ইয়াৰ পৰিমাণ বৃদ্ধি হৈছে আৰু সেই কাৰণে এইবোৰে মানুহৰ জীৱনত বহুত বেয়া প্ৰভাৱ পেলাইছে। ভাৰতত এই (SAR) স্তৰৰ পৰিমাণ ১.৬ বাৰ্ড প্ৰতি কিলোগ্ৰামতকৈ বেছি হ'ব নালাগে।


 এইটো মান চৰকাৰে আগতেই চাই বা নিৰ্ধাৰণ কৰি থৈছে। কিন্তু টেলিফোন কোম্পানীবোৰে চৰকাৰে দি থোৱা এই পৰিমাণবোৰ মানে জানো। বৈজ্ঞানিক সকলে ইয়াৰ বিষয়ে কৈছে যে এই (SAR) স্তৰৰ পৰিমাণ যদি আমাৰ শৰীৰত বাঢ়ি যায় ই আমাৰ কাৰণে হানিকাৰক হ'ব পাৰে। 


ৰেডিয়েচন আচলতে হয় কি? ৰেডিয়েচনক বিকিৰণ বুলি ও কোৱা হয়।ৰেডিয়েচন আমাৰ বাতাবৰণত বিয়পি পৰা এনেকুৱা এটা শক্তি যি তৰংগৰ মাজেদি চলা চল কৰে।


 আমি ইয়াক ৰেডিঅ' তৰংগ বুলিও ক'ব পাৰোঁ।এই তৰংগবোৰ প্ৰাকৃতিক হয়।যেনে-সূৰ্যৰ পৰা উলোৱা তৰংগ। এইবোৰ তৰংগ প্ৰাকৃতিক তৰংগ। এই তৰংগবোৰেও মানুহক বিপদত পেলাব পাৰে। 


আমাৰ বায়ুমণ্ডলত অজ'ন স্তৰ থকাৰ ফলত ই পৃথিৱীলৈ সেই তৰংগবোৰক আহিবলৈ নিদিয়ে। এতিয়াটো অজ'ন স্তৰটো ফুটা হৈছে। মানুহে এই তৰংগবোৰৰ প্ৰয়োগ নিজৰ হিতৰ কাৰণে কৰিবলৈ ল'লে। যেনে- টিভিৰ ৰিম'ট, মোবাইল ,এক্সৰে, মাইক্ৰৱেব আদি।


এক্সৰে পৰা উলোৱা  তৰংগবোৰ বেছি হানিকাৰক হয়।এই তৰংগবোৰে আমাৰ শৰীৰৰ হাড়বোৰ এৰি আমাৰ শৰীৰৰ বাহিৰলৈ উলাই যায়।এই তৰংগবোৰৰ সংযোগত যদি আমি বহুত দেৰি থাকো তেতিয়া ই আমাৰ কাৰণে হানিকাৰক হৈ পৰে। ই আমাৰ কৌশিকাবোৰত বেয়া প্ৰভাৱ পেলাই। 


এতিয়া জানো আহঁক ৰেডিয়েচন কেইপ্ৰকাৰৰ।ৰেডিয়েচন দুইপ্ৰকাৰৰ - Non Ionizing আৰু Ionizing ৰেডিয়েচন। 


Non Ionizing ৰেডিয়েচনত বহুত কম পৰিমাণে ইলেকট্ৰ' মেগনেটিভ বেবচ তৰংগ উলাই।যাৰ পৰিমাণ হাজাৰৰ পৰা তিনি হাজাৰ মেগাহাৰ্ট  হয়। যেনে- মাইক্ৰৱেব,অবন, লেপটপ আদি এই ৰেডিয়েচনতে আহে। 


 Ionizing ৰেডিয়েচনত বহুত বেছি ইলেকট্ৰ' মেগনেটিভ বেবচ তৰংগ উলাই। যেনে- এক্সৰে মেচিন।ৰেডিয়েচন বেছিকৈ কাৰ বাবে হানিকাৰক। ৰেডিয়েচন সকলোৰে বাবে হানিকাৰক। শিশু, মহিলা, বৃদ্ধ ব্যক্তি আৰু বেমাৰী ব্যক্তি সকলৰ বাবে এই ৰেডিয়েচন বেছি হানিকাৰক। 


সেই কাৰণে পাৰিলে তেওঁলোকৰ ওচৰত এইসমূহ ৰেডিয়েচন কমকৈ থ'ব লাগে। সৰু ল'ৰা-ছোৱালীক কমকৈ ফোন চুবলৈ দিব লাগে। ই শৰীৰৰ বাবে হানিকাৰক হোৱাৰ লগতে চকুৰ ৰশ্মিও কম কৰে। ( Assamese Health Tips )


 আজিকালি বহুত এনেকুৱা হোৱা দেখা গৈছে। লক'ডাউনৰ বাবে ল'ৰা-ছোৱালী ঘৰতে আছে ।যাৰ ফলত সিহঁতি বেছি ভাগ সময় মোবাইলতে ব্যস্ত থাকে। সৰু ল'ৰা-ছোৱালী বা মহিলা পুৰুষ সকলে বেচি মোবাইলতে ব্যস্ত থাকিব নালাগে।


ফোনত কথা পাতিলে ও লাউড স্পিকাৰত দি পাতিব লাগে। ২০১০ চনত  বিশ্ব স্বাস্থ্য সংস্থায়ে এটা ঘোষণা কৰিছিল যে মোবাইল ৰেডিয়েচনৰ পৰা কেন্সাৰ হোৱা সম্ভাৱনা থাকে।


হাংৰি বৈজ্ঞানিক সকলে অধ্যয়ন কৰি পাইছিল যে যিসকল ব্যক্তিয়ে বেছি মোবাইল ব্যৱহাৰ কৰে সেই সকলৰ স্পউন সংখ্যা কম হৈ যায়।


ভাৰতৰ কেৰেলাতো এনেকুৱা এটা অধ্যয়ন কৰিছিল। য'ত তেওঁলোকে অধ্যয়নৰ বাবে মৌ-মাখিৰ ব্যৱহাৰ কৰিছিলে। তেওঁলোকে পালে যে মোবাইল টাৱাৰৰ ৰেডিয়েচনৰ ফলত  মৌ-মাখিৰ সংখ্যা বহুত কমি গৈছে আৰু প্ৰায় নাইকীয়া নিচিনা হৈ পৰিছে।


ৰেডিয়েচন অকল মানুহৰ বাবেই নহয় , জীৱ-জন্তুৰ বাবেও হানিকাৰক।এই  মোবাইল ৰেডিয়েচনৰ পৰা বাচিব কেনেকৈ পাৰি এতিয়া সেইটো কথা ভাবিব লাগে। মহামাৰীৰ ফলত বহু কাম ঘৰৰ পৰা কৰিব লগা হৈছে। 


বহুত কোম্পানীয়ে ঘৰতে বহি মোবাইল বা লেপটপতে  কাম কৰিবলৈ দিছে। সেই কাৰণে তেওঁলোকে বহুত সময় মোবাইল বা লেপটপতে ব্যস্ত হৈ থাকিব লাগে। এতিয়া জানো আহঁক ৰেডিয়েচনৰ পৰা হোৱা বেমাৰৰ পৰা কেনেকৈ বাচিব পাৰি। 


যেতিয়া বহুত জৰুৰী কাম থাকে তেতিয়াহে মোবাইল বা লেপটপৰ ব্যৱহাৰ কৰিব লাগে। পাৰিলে এনেকুৱা এটা ফোন লওঁক য'ত (SAR) স্তৰৰ কম। ইয়াৰ বাবে লেন ফোন বা স্পিকাৰ ফোন ব্যৱহাৰ কৰিব পাৰে।


 গাৰুৰ তলত ফোন লৈ শুৱাতো ভাল নে বেয়া? মোবাইল আৰু টাৱাৰ সকলো সময়তে সংযোগ হৈ থাকে। সেই কাৰণে এই কামটো কেতিয়াও নকৰিব ।যদি কৰে তেতিয়া আজিৰ পৰা থবলৈ বন্ধ কৰি দিয়ক। 


মোবাইলৰ বেছি ব্যৱহাৰ আৰু টাৱাৰৰ ওচৰত বেছি থাকিলে হৃদয়ৰ সমস্যা হ'ব পাৰে। Bluetooth ৰ ব্যৱহাৰ কৰাটো ভাল নে বেয়া? Bluetooth ৰ ব্যৱহাৰ কৰিলে ইয়াৰ ফলত আমাৰ শৰীৰত ৰেডিয়েচনৰ মাত্ৰা বাঢ়ি যায়। 


সেই কাৰণে Bluetooth ৰ ব্যৱহাৰ কৰিলে মোবাইলটো নিজৰ পৰা দূৰত থ'ব লাগে।মোবাইলৰ ৰেডিয়েচনে আমাৰ মগজুৰ লগতে শৰীৰৰ বিভিন্ন অংশতো প্ৰভাৱ পেলাই। সেই কাৰণে যিমান‌ পাৰে কমকৈ মোবাইলৰ ব্যৱহাৰ কৰক।



এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


 ( Assamese Health Tips )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো।


No comments:

Post a Comment

Advertisement

Pages