বিভিন্ন ৰোগত মেথিগুটিক এনেদৰে ব্যৱহাৰ কৰক : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, January 24, 2022

বিভিন্ন ৰোগত মেথিগুটিক এনেদৰে ব্যৱহাৰ কৰক : Assamese Health Tips

Assamese Health Tips


গোটেই বিশ্বতে বহুলভাৱে ব্যৱহৃত হোৱা, মচলা ঔষধি বিধেই হৈছে মেথি (Fenugreek) যাৰ বৈজ্ঞানিক নাম- (Trigonella Foenum graecum)। ( Assamese Health Tips )


বিভিন্ন ব্যঞ্জনত উপকৰণ হিচাপে ব্যৱহাৰ হোৱা মেথি বহু ঔষধি গুণেৰে ভৰপূৰ। সেয়হে মেথিক মচলা ঔষধি বুলি উল্লেখ কৰিছে। পাতৰ পৰা আৰম্ভ কৰি গুটিলৈকে বিভিন্ন ব্যঞ্জন আৰু ঔষধ হিচাপে ব্যৱহাৰ হয়। দাইলত ফোৰণ দিবলৈ ব্যৱহাৰ হোৱা পাঁচ ফোৰণৰ ই অন্যতম মুখ্য উপকৰণ। আচাৰ বনাঁওতে মেথিগুটিৰ ব্যৱহাৰ হয়। ইয়াৰ মলমলীয়া গোন্ধে আচাৰৰ সোৱাদ দুগুণে বঢ়াই তোলে। উত্তৰ ভাৰতীয় ব্যঞ্জন সমূহত ব্যৱহাৰ হোৱা কচুৰি মেথি আন একো নহয়। শুকুৱাই লোৱা মেথিৰ পাতহে। দক্ষিণ এছিয়াৰ বিভিন্ন ব্যঞ্জনত মেথিৰ শাক আৰু গুটিৰ ব্যৱহাৰ কৰা হয়। মধ্য প্ৰাচ্যৰ দেশ সমূহটো মেথিৰ ব্যৱহাৰ হয়। ইয়াৰ উপৰিও প্ৰাচীন কালৰে পৰা বিশ্বৰ বিভিন্ন দেশত মেথিক বনৌষধি হিচাপে ব্যৱহাৰ কৰি অহা হৈছে। ইথিওপিয়াত মেথিগুটিক ডায়েবেটিচ ৰোগৰ বনৌষধি হিচাপে ব্যৱহাৰ কৰা হয়। ঠিক তেনেদৰে আয়ুর্বেদ শাস্ত্ৰত বিভিন্ন ৰোগ নিৰাময়ত মেথি গুটিৰ ব্যৱহাৰ উল্লেখ আছে। মেথি গুটিত ভিটামিন এ, বিভিন্ন প্ৰকাৰৰ ভিটামিন বি যৌগ, ভিটামিন কে, পটাচিয়াম, কেলছিয়াম, আইৰন, মেগনেছিয়াম, মেংগানিজ, জিংক আদি পোৱা যায় বাবে, মেথিগুটি বহু ৰোগত উপকাৰী। এটা বিশেষ যৌগৰ (sotolon) বাবে মেথিৰ আকৰ্ষিত গোন্ধটো পোৱা যায়। 


বিভিন্ন ৰোগত মেথিৰ উপকাৰীতা সমূহ হল-


১) ডায়েবেটিচ ৰোগত মেথিগুটিৰ ব্যৱহাৰ কৰিলে উৎকৃষ্ট ফল পোৱা যায়। ইয়াত থকা এবিধ বিশেষ এমিন এচিদে(4- hydroxy isouleucine) অগ্নাশয়ৰ পৰা ইনচুলিন ক্ষৰণ হোৱাত সহায়তা কৰে। ইয়াৰ উপৰিও দৈনিক খাদ্য তালিকাত যদি অলপ হলেও মেথিগুটি থাকে, তেতিয়া ই ডায়েবেটিচ ৰোগ হোৱাত বাধা দিয়ে। ডায়েবেটিচ ৰোগীয়ে মেথিগুটি খোৱাৰ নিয়ম কেইটা হল-


১/এচামুচ মেথিগুটি এগিলাচ পানীত গোটেই ৰাতি তিয়াই ৰাখক। পাছদিনা খালী পেটতে পানী গিলাচ খাওক। (লগতে মেথিগুটি কেইটা চুবাই খাব পাৰে)। ( Assamese Health Tips )


২) মেথিগুটি ভালদৰে ধুই ৰদ'ত ভালদৰে শুকুৱাই লওক। তাৰপাছত কেৰাহিত শুকান ৰঙচুৱাকে ভাজি লওক। ঠাণ্ডা হোৱাৰ পাছত মিক্সিত দি পাউদাৰ বনাই, বটলত ভৰাই ৰাখক। দৈনিক এচামুচ বা দুই চামুচ ভাতৰ লগত খাওঁক। এইদৰে গুড়ি কৰি খালে খাবলেও ভাল লাগে। তিতা কমি যায়। মাজে মাজে ব্লাড চুগাৰ টেষ্ট কৰাই থাকিব। 


৩/আধা চামুচ মেথি গুঁড়ি, আধা চামুচ আমলখিৰ গুড়ি মিহলাই খাওক। দিনে এবাৰ বা দুবাৰ মাজে সময়ে। আমলখিও ডায়েবেটিচ ৰোগীত উপকাৰী। 


৪/উচ্চ ৰক্তচাপ, কলেষ্টৰল, নিয়ন্ত্রণ কৰাত মেথিগুটি উপকাৰী। ইয়াত থকা এবিধ ফাইবাৰৰ (galactomannan) বাবে উচ্চ ৰক্তচাপ আৰু কলেষ্টৰল নিয়ন্ত্রণ হয়। যাৰ উচ্চ ৰক্তচাপ আৰু কলেষ্টৰলৰ সমস্যা আছে, তেওঁলোকে খাদ্য তালিকাত মেথিগুটি অন্তর্ভুক্ত কৰক। লগতে ৰিফাইন, চুগাৰ (চেনি) ময়দাৰ পৰা বনোৱা ব্যঞ্জন, স্নেহ যুক্ত, আহাৰ জাংক ফুড, চিজ, মাখন, নিমখ, যিমান পাৰে কমাই খাওক। দৈনিক তিনিফুটাঁকৈ কেঁচা বা সেকা নহৰু খাওক। 


৫/চুলিৰ স্বাস্থ্য ৰক্ষাত মেথিৰ ব্যৱহাৰ অতি চমৎকাৰী। উফি, চুলি সৰা আদি, বিভিন্ন সমস্যাত মেথিৰ ব্যৱহাৰ কৰিলে, সুফল পোৱা যায়। তাৰে দুটামান দিহা হৈছে-


#মেথি গুটি পিচি পেষ্ট বনাই চুলিৰ গুড়িত ২০মিনিটমান লগাই থওক। তাৰপাছত চেম্পু কৰি ধুই দিয়ক। এনেকৈ সপ্তাহত এবাৰ ব্যৱহাৰ কৰক। 


#নাৰিকল তেলৰ লগত মেথিগুটি সিজাই, ঠাণ্ডা হোৱাৰ পাছত, চেকনিৰে চেকি লৈ বটলত ভৰাই ৰাখক। চেম্পু কৰাৰ আগদিনা ৰাতি, সেই তেল চুলিৰ গুড়িত মালিচ কৰক। নিশ্চয় সুফল পাব। 


#মেথিগুটিৰ পেষ্ট আৰু দৈৰ পেক চুলিত লগালেও উফিৰ সমস্যা দূৰ হয়। 


৬) কোষ্ঠকাঠিন্য, বদহজম, এচিডিটি, আদি সমস্যাত মেথিশাক বা মেথিগুটি খালে সুফল পোৱা যায়। ভাজি গুড়ি কৰি মেথিগুটি অকণমান এগিলাচ পানীত মিহলাই নিতৌ খালে গেছৰ আৰু বদহজমৰ সমস্যা আঁতৰি যায়। 


৭/মহিলাৰ মাহেকীয়া হোৱাৰ পূৰ্ৱৰ কিছুমান সমস্যাত, মেথিগুটি খালে সুফল পোৱা যায়। ইয়াৰ উপৰিও ৰজনিবৃত্তিৰ সময়ত (Menopause) সময়ত সৃষ্টি হোৱা বিভিন্ন সমস্যাত মেথিগুটিৰ দৈনিক ব্যবহাৰে সুফল দেখা যায়। ডালি, ৰুটি, পৰাঠা, আদিত মেথিগুটি দি খাওক। 


৮/স্তনপান কৰোৱা মহিলাৰ দুগ্ধ উৎপাদনত মেথিগুটিৰ ব্যৱহাৰ উপকাৰী। ইয়াত থক এবিধ যৌগই (Diosgenin) দুগ্ধ উৎপাদনত সহায়তা কৰে। ভোজনৰ লগত নিয়মিত মেথিগুটি সেৱন কৰিলে দুগ্ধ উৎপাদন কাৰ্য্য খৰতকীয়া হয় আৰু লগতে দুগ্ধৰ শোধনো হয়। দুগ্ধবতী মহিলাই দুগ্ধৰ পৰিমাণ বঢ়াব বিচাৰিলে, কেচাঁ অমিতাৰ তৰকাৰী, মচুৰ দাইল আদি প্ৰটিন জাতীয় খাদ্য বেছিকৈ খাব লাগে। কচু শাকৰ জালুকীয়া খালেও ভাল কাৰণ কচুত পৰিমাণে আইৰন থাকে। 


৯) ছালৰ বিভিন্ন ৰোগত, বিশেষ কৰি ভেকুঁৰ জনিত কিছুমান ৰোগত (fungal disease) মেথিগুটি ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। ইয়াৰ বাবে কেইচামুচ মান মেথিগুটি পানীত এৰাতি তিয়াই ৰাখক। ৰাতিপুৱা তাৰ লগত কেঁচা হালধীৰ পেষ্ট বনাই আক্রান্ত অংশত আধা ঘন্টা মান লগাই ৰাখক। তাৰপাছত ধুই দিব লাগে। 


১০/শেষতীয়া গবেষণায় পৰা যনা গৈছে যে, মেথিগুটি সেৱন কৰিলে ষ্ট্ৰেচ, বা মানসিক অৱসাদ জনীত সমস্যাত সুফল পোৱা যায়। ইয়াৰ বাবে মেথিৰ হাৰ্বেল চাহ বনাই খাব পাৰে। তুলসী, পদিনা, নেমুৰ ৰস, ডালচেনি, মেথিগুটি আৰু মৌ দি বনোৱা এই হাৰ্বেল চাহ বহু উপকাৰী। 


১১/যিসকলে নিজৰ বৰ্ধিত ওজন লৈ চিন্তিত, তেওঁলোকে দৈনিক খাদ্যতালিকাত মেথিগুটি অন্তর্ভুক্ত কৰক। লগতে যোগাভ্যাস, প্ৰানায়ম, সঠিক খাদ্য গ্রহণ কৰক। নিশ্চয় সুফল পাব। 



এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages