আপুনি বা অন্য ব্যক্তিয়ে বেশ্যা এগৰাকীৰ নাম শুনাৰ লগে লগে নাক কোঁচ খোৱাই লয় । আমাৰ এনেকুৱা লাগে যে আমি কাৰ নাম শুনি ললো । ( Assamese Fact )
কেৱল সেয়াই নহয় বেশ্যা নাম শুনাৰ লগে লগে ইয়াক নুশুনাৰ ভাও জোৰো । যদি আপোনাক এইটো কও যে আপুনি বেশ্যা কিছুমান গুণ আকোৱালি ধনী হব পাৰে তেতিয়া আপোনাৰ কেনেকুৱা লাগিব ।
এই লেখাত আপোনাক বেশ্যাৰ সেই গুণবোৰৰ বিষয়ে জনাম যিবোৰ আকোৱালি আপুনি ধনী হব পাৰিব । বন্ধুসকল আপুনি নিশ্চয় অসুৰ আৰু দেৱতা সকলৰ মাজৰ যুদ্ধৰ বিষয়ে নিশ্চয় শুনিছে । যত অসুৰৰ গুৰু আছিল শুক্ৰাচাৰ্য । যি জন গুৰু আছিল অসুৰৰ কিন্তু তেওঁ মনুষ্যক বিষয়ে এনেকুৱা কিছুমান কথা লিখিছে যিবোৰ এতিয়াও প্ৰাসংগিক । যেনেদৰে চাণক্য নীতি, বিদুৰ নীতিৰ চৰ্চা হয় তেনেদৰে গুৰুচাৰ্যৰ নীতিও যথেষ্ট প্ৰসিদ্ধ । বহুতে সেই নীতিবোৰ পঢ়াৰ লগতে নিজৰ জীৱনতো সেইবোৰ পালন কৰে । তাৰ ভিতৰত গুৰু শুক্ৰাচাৰ্যই কৈছে যদি ব্যক্তিয়ে জীৱনত সফলতা অৰ্জন কৰিব বিচাৰে তেতিয়া বেশ্যা এই দুটা গুণ নিশ্চয় আকোৱালি লব লাগে ।
শুক্ৰাচাৰ্যই এটা শ্লোক লিখিছে যত তেওঁ কৈছে , " বেশ্যা এগৰাকী এনেকুৱা মহিলা হয় যি পৃথিৱীৰ ভিতৰত সকলোতকৈ নিম্নতম মহিলা ভিতৰৰ এগৰাকী মহিলা । কিন্তু কাৰো চাকৰ নহয় । বেশ্যায়ে সম্বন্ধ গঢ়াৰ পৰিৱৰ্তে ধন নিশ্চয় লয় কিন্তু সেইসকলৰ চাকৰ নবনে । ইয়াৰ বিপৰীতে অন্য ব্যক্তিক নিজৰ গোলাম কৰাত সক্ষম হয় । সন্মুখৰ ব্যক্তিক নিজৰ সুন্দৰতাৰ জৰিয়তে নিজৰ অধীনত কৰিব পাৰে । সেইবাবে গুৰু শুক্ৰাচাৰ্যই কৈছে বেশ্যা দৰে কোনো ব্যক্তিয়ে আনৰ গোলাম হব নালাগে । ইয়াৰ বাবে তেওঁক যিমানেই ধন নিদিয়ক কিয় কেতিয়াও গোলাম হব নালাগে । যেনে আপুনি যদি কৰবাত চাকৰি কৰি আছে তেতিয়া আপুনি গোটেই জীৱন এইটো ভাবি পাৰ নকৰিব যে , আপুনি তেওঁৰ গোলাম হয় । আপুনি আপোনাৰ মালিকৰ বাবে সকলো কাম কৰক এজন কৰ্মচাৰী দৰে , গোলামৰ দৰে নহয় । আপুনি কিবা ভাল কৰিবলৈ চিন্তা কৰক , কিবা ভাল কাম কৰক গোলামৰ চিন্তাধাৰা মনলৈ নানিব । কিয়নো আপুনি যেতিয়ালৈকে এজন গোলামৰ দৰে কাম কৰিব তেতিয়ালৈকে কোনো ভাল কাম কৰিব নোৱাৰিব । যদি আপুনি মনৰ পৰা গোলামৰ মনোভাৱ আতৰাই দিয়ে তেতিয়া জীৱনত সফল হব পাৰিব ।আৰু বহুত ধন অৰ্জন কৰিব পাৰিব । ( Assamese Fact )
দ্বিতীয়টো হল , বেশ্যায়ে কেতিয়াও সম্বন্ধ বনোৱা ব্যক্তিজনৰ পৰিস্থিতি কেনেকুৱা সেই বিষয়ে নাভাবে । আৰু ব্যক্তিজনৰ দুখৰ লগতো বেশ্যাৰ একো গুৰুত্ব নিদিয়ে । কেৱল নিজৰ কামৰ লগতহে স্বাৰ্থ জড়িত থাকে । সেইবাবে মনুষ্যই কেৱল নিজৰ কামৰ ওপৰতহে ধ্যান দিব লাগে । গুৰু শুক্ৰাচাৰ্যই কয় যে যদি মনুষ্য কেৱল নিজৰ কামৰ ওপৰত ধ্যান দিয়ে তেতিয়া মনুষ্যই জীৱনত বহুত দূৰলৈকে আগবাঢ়ি যাব পাৰে ।
ইয়াৰ বৰ্ণনা চাণক্য নীতিতো পোৱা যায় । ৰজাৰ আগত দুখ-ভাৱনা, বেশ্যাত আগত কাৰোবাৰ পীড়া, যমৰাজৰ আগত কন্দা , জুইৰ আগত চিঞৰা , চুৰৰ আগত ভিক্ষা খুজা, সৰু লৰা-ছোৱালীক বুজোৱা, ভিক্ষাৰীৰ সন্মুখত দুখ প্ৰকট কৰা, আৰু মানুহক অশান্তি দিয়া মানুহৰ আগত দয়াৰ আশা কৰাত কোনো লাভ নাথাকে । এইসকলৰ একো কথায়ে গাত নালাগে । এইসকলৰ কেৱল নিজৰ কামতহে ধ্যান থাকে অন্য কোনো কথাকে গুৰুত্ব নিদিয়ে । আৰু সকলো মনুষ্যই এনেকুৱাই কৰিব লাগে ।
ইয়াৰ ওপৰিও শুক্ৰাচাৰ্যই কয় যে আপোনাৰ ওচৰত যিমান ধন নাথাকক কিয় পৰিয়ালৰ সদস্যৰ বাদে ইয়াৰ বিষয়ে কেতিয়াও কাৰো আগত কব নালাগে । লাগিলে সেইয়া যিমানেই ভাল আত্মীয় বা বন্ধুয়েই হওঁক জনাব নালাগে । কিয়নো ধনে আপোনাৰ জীৱনত বহুতো সুখ-সুবিধা আনিব পাৰে । আৰু বহুবাৰ আপোনাৰ চিন্তাৰ কাৰণো হব পাৰে । সেইবাবে ধন সম্পত্তিৰ বিষয়ে কেতিয়াও কাকো কব নকব । এনে কৰিলে আপুনি নিজৰ সমস্যাৰ আমন্ত্ৰণ দিয়াৰ দৰে হয় । যিয়ে আপোনাক ধনীৰ পৰা দুখীয়াও কৰিব পাৰে ।
এগৰাকী বেশ্যা যি আনৰ লগত সম্বন্ধ গঢ়ি ধন ঘটে সেই গৰাকীয়েও সংকটৰ সময়ত জীৱনত জীয়াই থকাৰ শিক্ষা দিয়ে আৰু মনুষ্যই বেশ্যাৰ এই দুটা গুণ আকোৱালি নিজৰ জীৱনত সফল হব পাৰে ।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।
বহুত অমূল্য কথা আছে, ভালটো লব পৰাটো হে আছল কথা , পৰামৰ্শ সচাই গ্ৰহণীয়,
ReplyDelete