প্ৰিয় পাঠকসকল আজি আমি আপোনালোকক এনেকুৱা ৭ টা Attitude ৰ বিষয়ে কম, যদি এইসমূহ আপোনালোকে নিজৰ জীৱনৰ অংশ হিচাপে গঢ়ি তোলে তেতিয়া মানুহ আপোনাৰ বা আপোনালোকৰ ফালে আকৰ্ষিত হ'বলৈ ধৰিব। ( Assamese Fact )
কাৰণ ল' অফ এট্ৰেকচনে কয়-" ইউ দওন'ট এট্ৰেক হোৱাট ইউ অউন, ইউ এট্ৰেক হোৱাট ইউ আৰ "। সেই কাৰণে যেতিয়া আপোনালোকে কাৰোবাৰ লগত কথা পাতে বা লগ কৰে প্ৰথমতে মানুহে আপোনালোকক বা আপোনাক আপোনাৰ Attitude চাইয়ে আপোনাৰ যোগ্যতা কিমান মনতে বিচাৰ কৰি লয়।
যদি আপোনালোকৰ এই ৭ টা Attitude ৰ এটাও নাই তেতিয়া মানুহ আপোনাৰ প্ৰতি আকৰ্ষিত নহ'ব। কাৰণ আকৰ্ষণীয় হ'বলৈ এই ৭ টা Attitude আপোনালোকৰ থকাতোঁ বহুত জৰুৰী।
১. বিং এক্সটিমলি ক্লিয়াৰ (Being Extremely clear)- আপোনালোকে কেতিয়াবা নহয় কেতিয়াবা এইটো অনুভৱ কৰিছে চাগে,যেতিয়া আপোনালোকে কাৰোবাৰ লগত কথা পাতে আৰু সেই ব্যক্তিজনে কিবা এনেকুৱা কথা কৈ দিয়ে, যিবোৰ শুনি আপোনালোক দুখী হৈ পৰে বা আপোনালোকৰ বেয়া লাগে।
তেতিয়া সেই কথাটো আঁতৰাবলৈ মানুহে ঘূৰাই পকাই কথাটো ক'বলৈ ধৰে। যেনে - মোৰ কথাটোৰ এইটো অৰ্থ নাছিল। তুমি ভুল বুজিছা। মোক বুজাবলৈ দিয়া। মই এইটো কোৱা নাছিলোঁ। এইবোৰ কৈ সেই ব্যক্তিজনে এইটো প্ৰমাণ কৰিব বিচাৰে যে আপুনি বা আপোনালোকে তেওঁৰ কথাটো বুজি পোৱা নাই। আপোনালোকৰ বা আপোনাৰ বুজা সক্ষমতা কম।
এনেদৰে কথাটো ঘূৰাই পকাই কৈ তেওঁ আপোনালোকক বা আপোনাক কনফিউচ (Confuse) কৰি দিয়ে। যাৰ ফলত আপোনালোকে বুজি নোপোৱা হয় তেওঁ আচলতে কি ক'ব বিচাৰি আছে বা কি কৈছে।যদি কোনোবাই নিজৰ কথা বাৰে বাৰে সলনি কৰে । অৰ্থাৎ যি কয় সেইটোত নাথাকি বেলেগ কয় বা মিছা কথা কয়। তেনেকুৱা ব্যক্তিক মানুহে পচন্দ নকৰে।
ইয়াৰ বিপৰীতে যিজনে সচাঁ কথা কয় আৰু কনফিডেন্টেৰে নিজৰ কথা মানুহৰ সন্মুখত ৰাখে।যদি কিবা বেয়াকৈ কয় সেই ব্যক্তিজনে আপুনি দুখ কৰিলে সেই কথাটো কৰিছোঁ বুলি মানি লয় বা নিজৰ ভুল মানি লয়। কথাটো নুঘূৰাই ,কথা চিধাকে কয়, তেনেকুৱা ব্যক্তিক বা তেনেকুৱা Attitude সকলোৱে বহুত পচন্দ কৰে। কাৰণ এনেকুৱা ব্যক্তিক মানুহে নিৰ্ভয় , সচাঁ, আচল আৰু শক্তিশালী মনোভাৱৰ লগতে শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী বুলি ভাবে।
২. ৰিজেকচন ইচ এট্ৰেকটিভ- (Rejection is Attractive)- ভাবক আপুনি যদি কাৰোবাৰ লগত ডেটলৈ যাব লগা আছে আৰু তাৰ আধা ঘন্টাৰ আগত আপোনাৰ কিবা কাম উলাল।যাৰ ফলত আপুনি আপোনাৰ ডেট কেঞ্চেল কৰিব লগা হ'ল আৰু আপুনি যদি যাৰ লগত যাব তাক মেচেজ কৰে যে আজি তুমি আহিব নালাগে আজি আমি ডেট কেঞ্চেল কৰোঁ। এনেকুৱা কৰা আগত বহুত মানুহে ভাবে যে কৰোঁ জানো সি বা তাই আকৌ খঙ কৰিব নেকি?
কিন্তু অধিক সংখ্যক মানুহ লগত এনেকুৱা নহয়। এনেকুৱা কৰা ফলত ইজনৰ সন্মুখত চাব-কঞ্চিয়াচলি আপোনাৰ প্ৰতি ৰেচপেক বাঢ়ি যাব।এইটোৱে দেখুৱাই যে আপোনাৰ জীৱনত আৰু বহুত গুৰুত্বপূৰ্ণ কাম আছে।
আনক ইনেই সময় দিয়াতকৈ নিজৰ কামত গুৰুত্ব আছে। যাৰ ফলত মানুহ আপোনাৰ ফালে আৰু আকৰ্ষিত হ'বলৈ ধৰে। সেই কাৰণে সকলো সময়তে আনৰ কাৰণে এভেলেবুল হৈ নাথাকিব।
আপুনি ভাবে চাগে আপুনি নিজৰ কাম এৰি আনক সময় দিলে তেওঁ আপোনাক বহুত ভাল পাব। কিন্তু এনেকুৱা সদায় বা সকলো সময়তে নহয়। আপুনি যদি এনেকুৱা কৰি থাকে লাহে লাহে সেই ব্যক্তিজনে আপোনাক শ্ৰদ্ধা নকৰা হ'ব।
সেই কাৰণে নিজৰ জীৱনত এই Attitude টো বৃদ্ধি কৰিব লাগে। আপুনি সদায় কোনোবাই মাতিলে যাব নোৱাৰো বুলিও নক'ব। অৰ্থাৎ এটা সীমাত থাকি কৰিব লাগে।
৩. দা চচিয়েল লিডাৰ ( The social Leader)- আকৰ্ষণীয় ব্যক্তিসকল নিজৰ কামতেই নহয় ,চচিয়েল প্লেটফৰ্মটো লিডাৰ হৈ থাকে। তেওঁলোকে কেতিয়াও নিজেই আগত খোজ আগবঢ়াবলৈ ভয় নকৰে। তেওঁলোকে কেতিয়াও অচিনাকী মানুহৰ লগত কথা পাতিবলৈ ভয় নকৰে।
সদায় নতুন প্ৰতিশ্ৰুতিৰ সন্মুখীন হ'বলৈ সাজু হৈ থাকে। ক'বলৈ গ'লে তেওঁলোকে নিজৰ ওপৰত বিশ্বাস ৰাখে।যিটো কিছুমান মানুহে কৰিব নোৱাৰে। এই Attitude টো আন মানুহে বহুত ভাল পায়। যেনে- এখন চিনেমাত মুখ্য নায়কজনে হয়।কাকো ভয় নকৰে সকলো সমস্যাতে আগবাঢ়ি যায়।
আমি এনেকুৱা স্বভাৱৰ মানুহবোৰ ইনেই বহুত পচন্দ কৰোঁ। সেইয়েহে জীৱনটো বহুত মানুহে সচাঁ নায়ক হ'ব বিচাৰে।যাক মানুহ বা জীৱনে নহয় ,তেওঁহে সকলোকে লিড কৰি থাকে। সেই কাৰণে আপুনি ও এজন লিডাৰ হ'বলৈ চেষ্টা কৰক।
এজন চচিয়েল লিডাৰ হ'বলৈ হ'ল আপুনি অকল নিজৰ মগজুৰ কিছুমান ভাব চিন্তা সলনি কৰিব লাগিব। য'ত নিজৰ কাৰণে আনৰ লগত লাগিব লাগে লাগক নিজৰ কাৰণে কৰক।
৪. উৱৰ্লক এৱে এটিটিউড ( Walk Away Attitude)- যদি আপোনালোক বা আপুনি কাৰোবাৰ লগত সম্পৰ্কত আছে বা আপোনাৰ কোনোবা বন্ধু আছে,যিয়ে আপোনাক শ্ৰদ্ধা নকৰে। সদায় কাজিয়া হয় আৰু আপোনাক গুৰুত্ব নিদিয়ে।তাত Walk Away Attitude থকা সকলে কেতিয়াও সকলো ঠিক কৰিবলৈ চেষ্টা নকৰে।
তেওঁলোকৰ চেল্ফ ৰেচপেক ইমান হাই হয় যে তেওঁলোকে অলপতে যিকোনো সম্পৰ্ক শেষ কৰি দিব পাৰে। কিন্তু সাধাৰণ মানুহে একেটা কথাতে কাজিয়া কৰি থাকে। আনহাতে সেই সকলে চুপচাপ সেই কথাটো তাতে এৰি দিয়ে।
কাৰণ তেওঁলোকৰ কাৰণে তেওঁলোকৰ সময় আৰু শক্তি বহুত প্ৰয়োজনীয়। যদি আপুনি কাৰোবাক ইমপ্ৰেচ কৰিব বিচাৰে তেতিয়া তেওঁ তেতিয়াহে ইমপ্ৰেচ হ'ব যেতিয়া আপুনি তাৰ মূল্য বুজিব বা তাক গুৰুত্ব দিব।
কিন্তু আপুনি যদি তেওঁক নিজতকৈও বেছি গুৰুত্ব দিয়ে তেতিয়া সেই ব্যক্তিজনে ভাবিব আপুনি তেওঁক এৰিব নোৱাৰে আৰু তেওঁ আপোনাক গুৰুত্ব নিদিয়া হ'ব । সেই কাৰণে সকলো সময়তে এনেকুৱা নকৰিব। এনেকুৱা এটা Attitude নিজৰ মাজত ৰাখক যাতে আনে ভাবে মই এওঁক বেয়া ব্যৱহাৰ কৰিলে এওঁ মোক এৰি যাব পাৰিব ।
( Assamese Fact )
৫. কোৱাইট কনফিডেন্ট( Quiet Confidence)- সকলো প্ৰকাৰৰ কনফিডেন্ট সদায় আকৰ্ষণীয় নহয়। উদাহৰণ স্বৰূপে- কোনোবাই যদি নিজৰ সফলতাৰ বিষয়ে এটা লগৰ আনটো যোগ দি কৈছে তেতিয়া কোনেও এইবোৰ শুনিবলৈ ভাল নাপায়। যদি আপোনালোকে একো নোকোৱাকৈ মানুহক দেখাব পাৰে তেতিয়াহে ভাল।
আপোনাৰ ওচৰত বহুত ধন-সম্পত্তি আছে আৰু আপুনি সেইবোৰ যদি আনক দেখাই তেতিয়া সেই ব্যক্তিজন আপোনাৰ ফালে আকৰ্ষিত নহয় ধন-সম্পত্তিৰ ফালেহে আকৰ্ষিত হ'ব।
আকৌ যদি আপোনাৰ ওচৰত বহুত ধন-সম্পত্তি আছে আৰু আপুনি বহুত দান-পুণ্য কৰে তেতিয়া এইটো মানুহে দেখি আপোনাৰ ফালে আকৰ্ষিত হ'ব। মানুহ আপোনাৰ কেৰেকটাৰ আৰু কনফিডেন্ট দেখিহে আকৰ্ষিত হ'ব।আপোনাৰ সফলতা বা ধন-সম্পত্তি দেখি নহয়। এই Attitude টোকে Quiet Confidence বোলে। য'ত আপুনি Confidence হয় কিন্তু চিঞৰি চিঞৰি আনক নকয়।
৬. ইনপাৰফেকলি পাৰফেকট ( Imperfectly perfect)- প্ৰেকফল ইফেক্টৰ অনুসৰি যদি আপুনি ভুল কৰে তেতিয়া মানুহ আপোনাৰ ফালে আকৰ্ষিত হৈ পৰে। Elliot Aronson য়ে এই কথাটো প্ৰথমতে অনুধাৱন কৰিছিল বা সকলোকে কৈছিল। কেনেকৈ ভুলৰ দ্বাৰা মানুহক আকৰ্ষিত কৰিব পাৰি।
বহুত মানুহে নিজৰ ভুলবোৰ লোকোৱাবলৈ যিকোনো সীমা পাৰ কৰে। তেওঁলোকে মিছা কথা কয়,মগজুৰ লগত খেলে আৰু নিজকে এনেকুৱা কৰি দেখুৱাই যে তেওঁ একেবাৰে perfect। এনেকুৱা কৰিলে সন্মুখৰজনে তেওঁলোকক To good to be true ব্যক্তিত্বৰ অধিকাৰী ৰূপে চাবলৈ লয়। যি একদম perfect।
কিন্তু লগতে সকলোৱে জানে এইটো কেতিয়াও সম্ভৱ নহয়। সেই কাৰণে যিসকলে নিজৰ ভুল নোলোকোৱাই আৰু আনৰ লগত কাজিয়া কৰে সেই সকল ব্যক্তি বহুত আকৰ্ষণীয় হৈ পৰে। কাৰণ কোনো perfect নহয়।আমি ভুল সকলোৱে কৰোঁ আৰু তাৰ পৰা শিকিয়ে আগবাঢ়ি যাওঁ। যেতিয়া আপোনালোকক এনেকুৱা দেখিব তেতিয়া মানুহে আপোনাৰ লগত সংযোগ কৰিব বিচাৰে। কাৰণ ভাবে আপুনি তেওঁৰ দৰেই একেই যি নিজৰ ভুলৰ দ্বাৰা শিকিবলৈ চেষ্টা কৰিছে।
৭. ৰি-উৱৰ্ক এটিটিউড( Rework Attitude)- ধৰি লওঁক যদি কাৰোবাৰ স্বাস্থ্য ভাল নহয় বা বহুত বেয়া। তাৰ নিজৰ ওপৰত সন্তোলন নাই তেওঁ বহুবাৰ ভাল কৰিবলৈ চেষ্টা কৰে কিন্তু নোৱাৰে। শেষত গিভ আপ কৰি দিয়ে আৰু অসুস্থ জীৱন জীয়াই থাকে।
তেতিয়া আপুনিয়ে কওঁক , এনেকুৱা মানুহ আপুনি জানো ভাল পাব।যিকোনো কামতে গিভ আপ কৰা এটা কথা থাকে সেইটো হ'ল ফেইল হোৱা।
ফেইন যিমানে হয় সিমানেই হাৰ মানি লোৱা সম্ভাৱনা থাকে। ইয়াৰ পৰা হোৱা নাকাৰাত্মকতাই আপোনাক বাধ্য কৰে যে এই কামটো নকৰিবা।
কিন্তু Roger Fritz নামৰ ব্যক্তিজনে কৈছিল যে ফেইল হৈ যেতিয়া আমি হাৰ মানো তেতিয়াহে একো ভাল নহয় । কাৰণ আমি জানো চেষ্টা কৰিলে এদিন নহয় এদিন হ'ব। যেনে- অংক এটা যদি আপুনি সমাধান কৰি আছে আৰু মাজতে ভুল হ'ল। তেতিয়া কি আপুনি হাৰ মানি নকৰে নেকি? বাৰে বাৰে কৰিবলৈ চেষ্টা কৰে ন আৰু শেষত সেইটো সমাধান হয় যায়।এই একেই Rework Attitude আপোনালোকে নিজৰ জীৱনটো আনি ল'ব লাগে। যদি এবাৰত কিবা নোৱাৰে ভাবি ল'ব লাগে যে সেইটো আপোনাৰ ভুল ।যিটো আপুনি শুদ্ধ কৰিব লাগিব আৰু আপুনি কৰিব পাৰিব ।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।
No comments:
Post a Comment