আপুনি বুদ্ধিয়ক ব্যক্তি নে মূৰ্খ ব্যক্তি জানি লওঁক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, January 29, 2022

আপুনি বুদ্ধিয়ক ব্যক্তি নে মূৰ্খ ব্যক্তি জানি লওঁক : Assamese Fact

Assamese Fact


আপোনালোকৰ মনলৈ এইটো প্ৰশ্ন আহে নেকি যে আপোনালোক এজন বুদ্ধিমান ব্যক্তি হয়নে নহয়?  ( Assamese Fact )


 পৃথিৱীত দুই প্ৰকাৰৰ মানুহ থাকে।এটা হ'ল- বুদ্ধিয়ক আনটো হ'ল-মূৰ্খ । যিসকলে নাজানেই যে জীৱনটো কেনেকৈ জীয়াই থাকিব লাগে। কিন্তু বহুবাৰ এনেকুৱা হয় ,যাক আমি  মূৰ্খ বুলি ভাবো সি বহুত বুদ্ধিয়ক হয় অন্য ব্যক্তিতকৈ। আজি আমি এনেকুৱা ১৩ টা কথা কম যিকেইটা যদি আপোনালোকৰ আছে, তেতিয়া আপুনি এজন বুদ্ধিয়ক মানুহ।


১. এজন বুদ্ধিয়ক মানুহৰ নিজৰ ভাব চিন্তা আৰু নিজৰ শব্দত কনট্ৰল অৰ্থাৎ তেওঁ সকলো সন্তোলিত কৰি ৰাখে বা তেওঁ সকলোতে সন্তোলন থাকে। যদি এইকেইটা আপোনালোকৰ আছে , তেতিয়া আপোনালোকে সকলো ঠাইতে সন্মান পাব। মানুহৰ মৰমৰ হৈ পৰিব আৰু সকলোতকৈ জৰুৰী কথা আপুনি বিপদত পৰা সম্ভাৱনা বহুত কম হৈ যাব।


 মানুহ বেয়া পৰিস্থিতিত কেতিয়া পৰে জানেনে যেতিয়া তেওঁৰ নিজৰ  ভাব চিন্তা আৰু নিজৰ শব্দত কনট্ৰল নাথাকে। সকলোতকৈ জৰুৰী কলা এটো হ'ব লাগে যে মানুহে নিজৰ ভাব চিন্তাত কনট্ৰল কৰি ৰাখিব লাগে। লগতে শব্দকো। আপোনালোকৰ শব্দৰ আৰম্ভণি ভাব চিন্তাৰ পৰা হয়। সেইকাৰণে যদি আপোনালোকে নিজৰ ভাব চিন্তা ভাল কৰি ৰাখে তেতিয়া তেনেকুৱায়েই শব্দ উচ্চাৰণ হ'ব।যদি আপোনালোকৰ  ভাব চিন্তা শক্তিশালী হয় তেতিয়া আপোনালোকে শব্দও শক্তিশালী হ'ব। যাৰ ফলত আপোনালোকে সকলোৰে হৃদয় জয় কৰিব পাৰিব। মানুহে বহুবাৰ নিজৰ ভাব চিন্তাক স্বভালী ৰাখিব নোৱাৰে । তাৰ ফলত যিটি কৈ দিয়ে আৰু সেই কাৰণে বহুবাৰ বিপদতো পৰে। সেই কাৰণে নিজৰ ভাব চিন্তা আৰু শব্দত নিয়ন্ত্ৰণ ৰাখক। কাৰণ এইটো এটা বুদ্ধিয়ক মানুহৰ চিন।



২. এজন বুদ্ধিয়ক মানুহে কেতিয়াও আনক কপি অৰ্থাৎ অনুসৰণ নকৰে। কাৰণ তেওঁলোকে জানে যে সকলোৰে নিজৰ নিজৰ এটা গুণ থাকে। কোনোবা যদি বগা ,কোনোবা ক'লা।কোনোবা যদি ডাঙৰ ,কোনোবা সৰু। সকলো ষ্টাইল বা প্ৰক্ৰিয়া সকলোৰে ওপৰত ভাল নালাগে। 


এজন মূৰ্খ ব্যক্তিয়েই সেইটোৱে কৰে। আজিকালিটো এইটোৱে হয় যে ভাবে তাৰ তাত এইটো আছে, মোৰ তাতো থাকিব লাগে।নিজকে ভাল দেখুৱাবলৈ বহুত চেষ্টা কৰে আৰু এইকাৰণেই বহুত মানুহে বহুত পইচা ইনেই খৰচ কৰি দিয়ে। সেই কাৰণে যদি আপোনালোকে কাৰোবাক অনুসৰণ কৰে, তেতিয়া অনুসৰণ কৰিবলৈ এৰি দিয়ক। তেতিয়াহে আপোনালোক এজন বুদ্ধিমান ব্যক্তিৰ শাৰীত আহি পৰিব।



৩. বুদ্ধিয়ক মানুহে কেতিয়াও অভাৰ স্মাৰ্ট দেখুৱাব নিবিচাৰে। অভাৰ স্মাৰ্টনেচে কেতিয়াও স্মাৰ্টনেচক নবঢ়াই কমাইহে। কেতিয়াবা কেতিয়াবা  অভাৰ স্মাৰ্টনেচে মানুহক সমস্যাত পেলাই । উদাহৰণ স্বৰূপে-  অমল আৰু বিমল দুয়োজনে একেলগে ৰাস্তাত গাড়ী চলাই আছে। তেনেকুৱাতে অমলে নিজৰ  বাইক চলোৱা টেলেন্ট দেখুৱাব ধৰে। সি দেখুৱাব বিচাৰে যে মোৰ দৰে আনে  বাইক চলাব নোৱাৰে । কিন্তু সি এইটো পাহৰি যায় যে তাৰ আশে-পাশে ও বহুত মানুহে বাইক চলাই আছে। তাৰ কি আহে যায়। এসময়ত তাৰ ভাৰসাম্যতা হেৰাই যায় আৰু সি তাৰ অভাৰ স্মাৰ্টনেচৰ কাৰণে গৈ নলাত পৰে। তাৰ পিছত সকলোৱে তাক লাজ দিয়ে আৰু হাঁহিবলৈ ধৰে।


 এইসকলকে কোৱা হয় মূৰ্খ ব্যক্তি। কিন্তু আনহাতে বিমলে জানে যে সি যদি ভালকৈ গাড়ী চলাই আনক দেখুৱাবলৈ স্পীডত নায়ায তেতিয়া তাৰ  অমলৰ দৰে নহয় আৰু কোনোৱেও তাৰ ওপৰত নাহাঁহে । এই পৰিস্থিতিটোৰ পৰা বা উদাহৰণটোৰ পৰা আপোনালোকে বুজি পালে চাগে বুদ্ধিয়ক ব্যক্তি কোন আৰু বুদ্ধিয়ক ব্যক্তি কেনেকুৱা স্বভাৱৰ।


৪. কেতিয়াও অৰ্থ নথকা কথাত এজন বুদ্ধিয়ক মানুহে তৰ্ক নকৰে। এইটো কথা আপোনালোকে শুনিছে চাগে যে বুদ্ধিয়ক মানুহে মনে মনে অৰ্থাৎ চুপচাপ থাকে ।যেতিয়া প্ৰয়োজন হয় তেতিয়াহে কথা কয়। এজন বুদ্ধিয়ক আৰু বুজা মানুহে জানে যে কেতিয়াও অৰ্থ নথকা কথাত তৰ্ক কৰি লাভ নাই। তেওঁলোকে কেতিয়াও অৰ্থ নথকা কথাত লাগি নাথাকে। 


কিছুমান মানুহে গ্ৰুপ বনাই চাহ খাই আৰু তেতিয়াই তেওঁলোকৰ মাজত কিবা কথাত তৰ্ক- বিতৰ্ক হয়। এইবোৰ অকল মূৰ্খ মানুহৰ প্ৰমাণ। সেই কাৰণে কেতিয়াও এজন বুদ্ধিয়ক মানুহে অৰ্থ নথকা কথাত তৰ্ক- বিতৰ্ক কৰি নাথাকে।



৫. এজন বুদ্ধিয়ক মানুহে কেতিয়াও আনৰ পৰা বেছি আশা নকৰে। আনৰ পৰা বেছি আশা কৰিলে সদায় কষ্ট বা দুখেই পাব। আশা কৰাতোৱে সকলোতকৈ বেয়া অভ্যাস।এই কথাটো এটা বুদ্ধিয়ক বা বুজি পোৱা মানুহে জানে। 


আশা লাগিলে ছোৱালী বা ল'ৰা পৰা কৰক , আপোন মানুহ পৰা কৰক বা অচিনাকিৰ পৰা যদি বেছি কৰে তেতিয়া সদায় কষ্ট বা দুখেই পাব। আজিকালি কিছুমান ল'ৰা ছোৱালীয়ে নিজৰ মাক-দেউতাকৰ আশাত উপণিত হ'ব নোৱাৰে আৰু আপোনালোকে সেই সকলৰ পৰাই আশা কৰে। 


আশা আৰু বিশ্বাসৰ মাজত পাৰ্থক্য আছে। বিশ্বাস কৰক কিন্তু আশা সম্পূৰ্ণ কৰি বহি নাথাকিব। আনৰ ওপৰত আশা কৰি সপোন নেদেখিব ।এইবোৰ বহুত ভুল কাম বা কথা। যদি আপোনালোক এজন বুদ্ধিমান বা বুজা ব্যক্তি তেতিয়া আশা -ভৰষা আনতকৈ বেছি নিজৰ ওপৰত কৰক।  ( Assamese Fact )




৬. বুদ্ধিমান বা বুদ্ধিয়ক মানুহে একান্ত অৰ্থাৎ একান্ত মনে বা য'ত একান্ত মনে থাকিব পাৰি তাতহে বেছি মহত্বতা দিয়ে। এজন বুদ্ধিয়ক মানুহে অকলশৰীয়াকৈ থাকি বহুত ভাল পায় বা পচন্দ কৰে। অকলশৰীয়াকৈ থকা মানে এইটো নহয় যে ঘৰৰ পৰা উলোৱা বন্ধ কৰি দিব। তেওঁলোকে নিজৰ আনখন পৃথিৱী বনাই লয়। য'ত তেওঁলোকে শান্তি অনুভৱ কৰে। নতুন নতুন বুদ্ধি বা উপায় আহে।যি মানুহৰ মাজলে নাহে। এওঁলোকে নিজৰ লগত সময় কটায় আৰু অকলশৰীয়াকৈ থাকি বেছি ভাল পায়।



৭. এজন বুদ্ধিয়ক মানুহে আনক মহত্ব বা গুৰুত্ব দিয়া আগত নিজক দিয়ে। আনে আপোনালোকক গুৰুত্ব দিয়ক বা নিদিয়ক , কিন্তু আপোনালোকে নিজক গুৰুত্ব দিব লাগে। ইয়াত চেল্ফফিচ বুলি কোনো কথা নাই। কাৰণ যেতিয়ালৈকে আপোনালোকে নিজক সন্মান নকৰে তেতিয়ালৈকে আনে আপোনালোকক কিয় সন্মান কৰিব। 


নিজতকৈ বেছি আনক গুৰুত্ব দিলে ,সদায় গুৰুত্বহীন আৰু হিনমান্যতাহে অনুভৱ কৰিব। নিজকে যদি গুৰুত্ব দিয়ে তেতিয়া সকলোৱে আপোনাক গুৰুত্ব দিব আৰু আপোনাৰ লগত থাকি ভাল পাব। সেই কাৰণে নিজক মহত্ব বা গুৰুত্ব দিয়াতো জৰুৰী। কাৰণ এজন বুজা বা বুদ্ধিয়ক মানুহে নিজক মহত্ব বা গুৰুত্ব দিবলৈ কেতিয়াও নাপাহৰে।



৮. এজন বুদ্ধিয়ক মানুহে সমস্যাই দেখি ভয় খাই পাছ পৰি নাযায়। এজন বুদ্ধিয়ক মানুহে সমস্যা সমাধান কৰি আৰু মগজু চলাই অৰ্থাৎ কিবা কথা ভাবি তাক কৰি ভাল পায়। এওঁলোকে সদায় প্ৰতিশ্ৰুতিৰে কাম কৰি ভাল পায় আৰু কৰে। সদায় জিকিবলৈ চেষ্টা কৰে। এওঁলোকে সদায় নতুন কিবা এটা কৰিবলৈ  আৰু শিকিবলে চেষ্টা কৰে।এইবোৰো এজন বুদ্ধিয়ক মানুহৰ চিন।



৯. এওঁলোকে ব্যস্ত থাকি বহুত ভাল পায়। কেতিয়াও ইনেই বহি নাথাকে। কাৰণ এওঁলোকে জানে যে ইনেই বহি থকাতোঁ মানুহৰ বাবে কিমান বেয়া বা হানিকাৰক। আজিকালি  ইনেই বহি থকা ব্যক্তিক কোনে পচন্দ কৰে ,নকৰে ন? কোৱা হয় যে খালি মগজুত চেটানে বাস কৰে। অৰ্থাৎ খালি মগজুত বেয়া কথাৰে ভৰি পৰে। বুদ্ধিয়ক আৰু বুজা মানুহে এই কথাটো ভালকৈ জানে আৰু মানে। সেই কাৰণে এজন বুদ্ধিয়ক মানুহে ইনেই বহি নাথাকে। সদায় কিবা নহয় কিবা শিকি থাকিব বা থাকে। 


ব্যস্ত থকা মানে এইটো নহয় যে  আপোনালোকে ইনষ্টাগ্ৰামৰ ৰিল বা বেলেগ ভিডিঅ' চাই থাকিব। কাৰণ তাক ব্যস্ত থকা বুলি নকয় ,সময় পাৰ কৰা বুলি কয়। অলপ চাব লাগে কিন্তু ঘন্টা ধৰি ঘন্টা চোৱাতো মূৰ্খতাৰ চিন। সেই কাৰণে যদি এজন বুদ্ধিয়ক মানুহ হ'ব বিচাৰে তেতিয়া ব্যস্ত থাকিবলৈ শিকক।



১০. বুদ্ধিয়ক মানুহে সদায় নিজৰ কাম আৰু ভাব চিন্তাক চফা কৰি ৰাখে। এওঁলোকে নিজৰ কাম আৰু ভাব চিন্তাক সদায় ভাল আৰু শুদ্ধ কৰি অৰ্থাৎ কোনো খুকুজা নথকাকে ৰাখে । এওঁলোকৰ যি আশা আৰু পিছৰ কাম থাকে সেইবোৰো তেওঁলোকে ভালকৈ কৰে একো ৰৈ নোযোৱাকে। এওঁলোকে চিধা কথা কোৱা আৰু ভালকৈ কাম কৰাতোঁ পচন্দ কৰে। কিন্তু এজন মূৰ্খ ব্যক্তিয়ে নিজৰ ৰাস্তা বা আশাতে সন্দেহ কৰে আৰু কেতিয়াও বুজিয়ে নাপায় যে তেওঁ কি কৰি আছে। সেই কাৰণে নিজৰ ভাব চিন্তাক ভাল আৰু চফা কৰি ৰাখক। নিজৰ লক্ষ্যক সদায় চফা বা খুট নথকাকে ৰাখক।



১১. এওঁলোকে কোনো পৰিস্থিতিতে লৰালৰি নকৰে। এজন বুদ্ধিয়ক মানুহে কেতিয়াও যিকোনো পৰিস্থিতিতে খৰখেদা বা লৰালৰিকৈ নকৰে। কেতিয়াও খঙত বা দুখত সিদ্ধান্ত নলয়। এওঁলোকে জানে অলপ সময়ৰ বাবে কৰা  খৰখেদা বা লৰালৰিয়ে এওঁলোকৰ মাহৰ কাম বেয়া কৰি দিব পাৰে। এওঁলোকে যেতিয়া সিদ্ধান্ত লয় বহুত ভাবি চিন্তি আৰু যুক্তিৰ সহায়তহে লয়। যাৰ ফলত এওঁলোক বহুত সমস্যাৰ পৰা হাৰি বা বাচি যায়। কিন্তু এজন মূৰ্খ ব্যক্তিয়ে আনৰ কথা শুনি যিকোনো সিদ্ধান্ত কৰি লয় আৰু পাছত সেই  সিদ্ধান্ততে অনুতাপ কৰে।



১২.এওঁলোকে নিজৰ কৰ্তব্য বা দায়িত্ব সময়ত পালন কৰে। এজন বুদ্ধিয়ক মানুহে নিজৰ কৰ্তব্য বা দায়িত্ব সময়ত পালন কৰিবলৈ ভালকে জানে। আপোনালোকৰ বহুতে এলাহৰ চিকাৰ হয়।সকলো মানুহে অলপ এলাহ কৰেই। কিন্তু সমস্যা তেতিয়াহে আহে যেতিয়া মানুহে এদিনৰ কাম কৰিবলৈ ১০ দিন লগাই। এনেকুৱা এলাহ হ'ব নালাগে। এজন বুদ্ধিয়ক মানুহে সময়ৰ মূল্য বুজি পায় আৰু সেই কাৰণে তেওঁ এইটোও জানে দেৰিকৈ উঠিলেও কামটো আজিয়ে কৰিব লাগিব আৰু সেই কাৰণে তেওঁ সেই কামটো ৰাতি শুৱাৰ আগত হ'লেও শেষ কৰিহে শুব।



১৩.এজন বুদ্ধিয়ক মানুহে পৰিস্থিতিৰ অনুসৰিয়ে কাম কৰে বা প্ৰতিক্ৰিয়া কৰে। বহুত মানুহ এনেকুৱা আছে যি নিজৰ মতে কাম কৰে বা থাকে। তেওঁলোকে বুজিয়ে নাপায় যে কেতিয়া , ক'ত কেনেদৰে প্ৰতিক্ৰিয়া কৰিব লাগে। কিন্তু যিসকল বুদ্ধিয়ক ব্যক্তি তেওঁলোকে পৰিস্থিতিৰ অনুসৰিয়ে প্ৰতিক্ৰিয়া কৰে। এনেকুৱা নহয় যে যেতিয়া তেতিয়াই যিটি প্ৰতিক্ৰিয়া কৰিব। এওঁলোকে পৰিস্থিতিটো ভালকৈ স্বভালী ল'বও পাৰে।


এইয়া আছিল ১৩ টা গুণ ।যিবোৰ গুণ এজন বুদ্ধিয়ক মানুহৰ থাকে ।



নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages