আপোনাৰ জীৱনত যদি এনেকুৱা সময় আহিছে ,যেতিয়া আপোনাৰ সংগী বা Ex বহুত সুখত আছে। কিন্তু আপুনি বহুত দুখত বা তেওঁক লৈ বহুত চিন্তিত আছে । ( Assamese Fact )
এনেকুৱা কিয় হয় আৰু এনেকুৱা পৰিস্থিতিত আমি কি কৰিব লাগে। এইবোৰৰ বিষয়ে আজি আমি আপোনালোকক ক'বলৈ উলাইছোঁ।
এনেকুৱা পৰিস্থিতি আমাৰ জীৱনত বহুবাৰ আহে। সিহঁতি নিজৰ জীৱনত সুখত থাকে। কিন্তু আমি চিন্তা বা দুখত থাকো আৰু তেওঁলোকৰ লগত থাকিব বিচাৰোঁ।
ভুল সেই ব্যক্তিজনৰ হয় আৰু চিন্তিত বা দুখত আমি থাকোঁ। কোনোবা যদি আপোনাৰ ওচৰৰ পৰা আতঁৰি গৈছে আৰু আপুনি তাক আপোনাৰ লগত থাকিবলৈ জোৰ কৰিছে, তেতিয়া একো সমস্যা নাই।
আপুনি যদি বেলেগ বেলেগ প্ৰক্ৰিয়াৰে সেই ব্যক্তিজনৰ লগত কথা পাতিব বিচাৰিছে তেতিয়াও তাত সমস্যা নাই। কিন্তু এটা সীমা লৈকে ।যদি আপুনি সেই সীমাটো পাৰ কৰে, তেতিয়া আপোনাক চিন্তিত আৰু ডিপ্ৰেচন হোৱাৰ পৰা কোনেও বচাব নোৱাৰে।
প্ৰয়োজনতকৈ বেছি আনৰ জীৱনত সোমাবলৈ চালে আপুনি ইনেও চিন্তিত আৰু ডিপ্ৰেচন হ'ব।প্ৰয়োজনতকৈ বেছি আনৰ জীৱনত সোমাবলৈ চালে আপুনি ইনেও কেতিয়াও সুখত থাকিব নোৱাৰে।
আপুনি বা আপোনালোকে এনেকুৱা পৰিস্থিতিত নিজকে আত্মসংযম কৰি তুলিব লাগিব।আনক চাই বা আনৰ জীৱনত সোমাই যদি আপুনি চিন্তা বা ডিপ্ৰেচনত আছে তেতিয়া এইটো বহুত বেয়া কথা। ( Assamese Fact )
আপোনালোকে যিমান পাৰে সেই ব্যক্তিজনৰ জীৱনত নিজকে কম সোমোৱাবলৈ চেষ্টা কৰিব লাগে।যদি আপুনি যি কামেই হক প্ৰয়োজনতকৈ বেছি কৰে তেতিয়া আপোনাক কোনেও চিন্তাৰ পৰা মুক্ত কৰিব নোৱাৰে।যিজন ব্যক্তিয়ে আপোনাক এৰি সুখত আছে।
সি আপোনাৰ জীৱন কি চলি আছে কি হৈছে চাব বিচাৰা নাই । সেই কাৰণে সি ইমান সুখত আছে।সেই ব্যক্তিজনে আপোনাৰ জীৱনত কি চলি আছে তাক জানিবলৈ বেছি চেষ্টা নকৰে আৰু সেই ব্যক্তিজনে আপোনাৰ লগত জোৰ কৰি কথা পাতিব নিবিচাৰে ।
নিজকে আত্মসংযম কৰি ৰাখক ।তেতিয়া ইয়াৰ পৰা আপোনাৰ বহুত মূল্য বাঢ়িব আপোনাৰ সন্মানো বাঢ়িব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক বহুত মজবুত হৈ পৰিব।
যদি নিজকে আত্মসংযম কৰি সম্পৰ্কত থাকে তেতিয়া আপোনাৰ বা আপোনালোকৰ সম্পৰ্ক বহুত মজবুত হৈ পৰিব।
জোৰ কৰি সেইকাৰণে কথা পাতিবলৈ চেষ্টা নকৰিব।অলপ সময় নিজৰ লগতো কটাবলৈ অৰ্থাৎ অকলশৰীয়াকৈ থাকিবলৈ চেষ্টা কৰিব লাগে।
তেওঁকো অলপ সময় দিব লাগে কথাবোৰ ভাবিবলৈ। যদি আপোনালোকে ১০-১৫ বাৰ ফোন কৰে মেচেজৰ ওপৰি মেচেজ কৰে তেতিয়া সেই ব্যক্তিজনে আপোনাক গুৰুত্ব নিদিয়া হয় আৰু আপুনি দুখত থাকিলেও তেওঁ আপোনাক গুৰুত্ব নিদিয়া হয়।
আবেগ আৰু অনুভূতিবোৰক অলপ জীয়াই থাকিবলৈ দিব লাগে যদি আপোনালোকে সম্পৰ্কটো ভালকৈ ৰাখিব বিচাৰে। মৰি মৰি নিজকে দুখ দি সেই ব্যক্তিজনক পাবলৈ চেষ্টা নকৰিব।
কাৰণ যদি আবেগ আৰু অনুভূতিবোৰ নাথাকে তেতিয়া সদায় কাজিয়াহে হ'ব। আপুনিও অলপ সময় লওঁক ,তাইক বা তাকো অলপ সময়ৰ দিয়ক যাতে তেওঁ বুজি পায় আৰু তাৰ পিছতো যদি বুজি নাপায় তেতিয়া তেওঁক এইটো অনুভৱ কৰিবলৈ দিয়ক যে যাৰ ভুল সিয়ে ক্ষমা খুজিব লাগিব।
আমি আপোনালোকক Attitude দেখুৱাবলৈও কোৱা নাই কিন্তু আপোনালোকে নিজক সংযম কৰিবলৈ শিকক।তেতিয়াহে আপোনালোকে সুখত থাকিব পাৰিব ।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment