এবাৰ এজন সাধুক এজন ব্যৱসায়ীয়ে সুধিলে - "বাবা মই ব্যৱসায়ত কিয় উন্নতি সাধন কৰিব নোৱাৰো । ( Assamese Fact )
অলপ দিন চলাৰ পাছতেই মোৰ ব্যৱসায় কিয় বন্ধ হৈ যায় ,মোক এটা উপায় দিয়ক।" সাধু ব্যক্তিজনে ক'লে-"সকলো ব্যৱসায়ীয়ে বা কোনো লোকে ৰাতিপুৱা ঘৰৰ পৰা ওলোৱাৰ আগতেই ভগৱানক চিন্তা কৰক।
তাৰ পাছত ভগৱানক নমন কৰি কওঁক হে, ভগৱান মই যি কামৰ বাবে ওলাইছো সেইয়া মোৰ কাম নহয় সকলো আপুনিয়েই দিয়া মোৰ। সকলো আপোনাৰেই , গতিকে মোক সফল হ'বলৈ আশীৰ্বাদ কৰক ।
"এইবুলি এডোখৰ গুৰ লওঁক আৰু ঘৰৰ দক্ষিণ দিশৰ পিনে দলিয়াই দিয়ক। ইয়াৰ কোনো মন্ত্ৰ নাই , এইদৰে কৰিলে আপোনাৰ আশে-পাশে থকা পোক-পৰুৱা ,মাখি আদিয়ে সেই মিঠা খাব আৰু আপোনাক আশীৰ্বাদ কৰিব।
সেইদৰে ঘৰৰ পৰা উলায়েই কোনো গৰু ছাগলী বা কুকুৰক যদি খাদ্য খোৱাই তেন্তে আপোনাৰ দিনতো মঙ্গল হব, আপোনাৰ ব্যৱসায়িক দিশত উন্নতি সাধন হ'বলৈ ধৰিব ।
এদিন এজন খৰিকটীয়ায়ে খৰি কাটি আহোঁতে এজন সাধুৱে তেওঁক সত্যনাৰায়ণ পূজাৰ প্ৰসাদ খাবলৈ দিলে । খৰিকটীয়াই ভাবিলে মই এই কামটো কৰি বিক্ৰী কৰা টকাৰে ভগৱান সত্যনাৰায়ণৰ কথা শুনিম।
সেইদিনা সি দুগুণ টকা পালে অৰ্থাৎ আমি যি ভোগ কৰো বা পাওঁ সকলোৰে মালিক সেই ওপৰত থকা জন।আমি মাত্ৰ এটা সূত্ৰহে। ( Assamese Fact )
ৰজা ভাৰতেও ভগৱান ৰামচন্দ্ৰক নিজৰ মালিক বুলি মানি ৰাজকাৰ্য্য চলাই নিব পাৰিছিল। নিজৰ পত্নীক সদায় সুখত ৰখাৰ চেষ্টা কৰক । কাৰণ পত্নী সকল ঘৰৰ লক্ষ্মী ।
ঘৰৰ লক্ষ্মী সুখত থাকিলেহে ঘৰলৈ লক্ষ্মীৰ আগমণ হব । গতিকে চেষ্টা কৰক যাতে ঘৰৰ পৰা ওলোৱাৰ সময়ত তেওঁলোকৰ লগত মনোমালিন্য নহয় ,নহ'লে লক্ষ্মী অসন্তুষ্ট হৈ যায়।
অন্য এজন ব্যক্তিয়ে তেওঁক সুধিলে বাবা ভগৱানতো আমাৰ পৃতি, তেওঁ আমাক জন্ম দিছে , তেতিয়া তেওঁ আমাক পূৰ্ণ্য কৰাৰ প্ৰেৰণায়ে নিদিয়ে কিয়,পাপ বোলা বস্তুটো তেওঁ কিয় বনালে ।
বাবায়ে ক'লে -পৃথিৱীত সকলো বস্তুৰেই দুটা ভাগ থাকে সেইটো আমাৰ ওপৰত নিৰ্ভয় কৰে যে আমি কোনটো বাচি ল'ও।কাৰণ ভগৱানে আমাক বিবেক বুদ্ধি দিছে , বিচাৰ বিবেচনা কৰাৰ বাবে।
যিদৰে মাক-দেউতাৰ কৰ্তব্য আমাক পঢ়োৱা শুনোৱাৰ । তাৰ পাছততো আমিয়েই বিবেচনা কৰিব লাগিব আমি কোনটো পথ বাচি লও। ভগৱানে আমাক স্বাধীন কৰি জন্ম দিছে।
গতিকে আমি নিজৰ শুদ্ধ পথ নিজে বাচি লব পাৰো। ভগৱানৰ ভক্তিতেই পৰম আনন্দ আছে বাকী সকলো মৃথ্যা। অৰ্থাৎ সংসাৰৰ সকলো বস্তুৱেই ভগৱানৰ এটা ৰূপ।
গতিকে ভগৱানৰ চিন্তা অবিহনে এই সংসাৰৰ কোনো অস্তিত্ব নাই । ভগৱানৰ ভক্তিৰ দ্বাৰায়েই সকলো দুখৰ পৰা পৰিত্ৰাণ পাব পাৰি ।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।
No comments:
Post a Comment