আপুনিও জীৱনক লৈ এনেধৰণৰ চিন্তা কৰি আছে নেকি : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, January 24, 2022

আপুনিও জীৱনক লৈ এনেধৰণৰ চিন্তা কৰি আছে নেকি : Assamese Fact

Assamese Fact


আমাৰ সকলোৰে জীৱনত বহুতো সমস্যা আহে কিন্তু সেইবোৰৰ বিষয়ে আমি চিন্তা কৰি থকাটো আমাৰ বাবে উচিত হয় জানোঁ ? ( Assamese Fact )


আমাৰ জন্মৰ আগতেই খাটাং হৈ থাকে যে আমাৰ বিয়া বা বিবাহ কাৰ লগত হ'ব। আমাৰ ল'ৰা ছোৱালী কোন হ'ব।


 আমাৰ জন্মৰ আগতেই এটোও খাটাং হৈ থাকে যে আমাৰ কিমান ধন হ'ব অৰ্থাৎ আমাৰ জীৱনলৈ কিমান পইচা আহিব। 


আমাৰ জন্মৰ আগতেই এটোও খাটাং হৈ থাকে যে আমি এই পৃথিৱীত কিমান দিন থাকিম। ৬টা বস্তু ভগৱানৰ ওচৰত থাকে।


ৰাম চৰিত্ৰ মানসত লিখা আছে। জন্ম, মৃত্যু, বিবাহ ,গতি য'ত যেতিয়া আছে তাতে হ'ব। হানি,লাভ, জন্ম, মৃত্যু, মান, অপমান । 


কোৱা হয় অৰ্জুনে পিতামহ ভীষ্মক মাৰিছিল। অৰ্জুনে মৰা নাছিল পিতামহ ভীষ্মক, সেই সময়ত মৰা সময় আছিল। অৰ্জুনে নমৰা হ'লে বেলেগে মাৰিলে হয় কাৰণ সেইটোৱেই মৰা সময় আছিল।


জন্ম, মৃত্যু কাৰ হাতত আছে জানেনে? ভগৱানৰ হাতত। তোমাৰ অৰ্থাৎ আমাৰ বা আপোনালোকৰ ভাগ্যত যি আছে সেইয়া আপুনি পাবয়ে তাক কোনেও কাঢ়ি নিব নোৱাৰে। 


যিটো আপোনালোকৰ ভাগ্যত নাই সেইটো কেতিয়াবা বহুত কষ্ট কৰা পাছতো নাপায়।কৰ্ম কৰি যাওঁক। কিমান মান-সন্মান পাব ,কিমান অপমান পাব এই সকলোবোৰ আগতেই খাটাং হৈ থাকে। ( Assamese Fact )


আজি যদি আপোনালোকক কোনোবাই অপমান কৰিছে তেতিয়া ভাবি ল'ব এইটো আপোনালোকৰ পাপৰেই ফল। 


সেই কাৰণে সদায় সকাৰাত্মক চিন্তা ধাৰা কৰক। কৰ্ম কৰক কিন্তু কেতিয়াও বেছি চিন্তা নকৰিব।যি হ'ব লগা আছে হ'বয়ে।


 ভগৱান ৰাম বনবাসলৈ যাব লগা হৈছিল। তেওঁ ভগৱান আছিল কিন্তু বনবাসলৈ নোযোৱা হ'ল জানো।সতীয়ে যগ্যাত দেহ ত্যাগ কৰিছিল। ভগৱান শিৱয়ে ৰখাব পাৰিলে হেঁতেন। কিন্তু পাৰিলে জানো।


যি হ'ব লগা আছে কোনে সলাব পাৰিব কোনেও নোৱাৰে। ভগৱানেও নোৱাৰিলে আমিটো মানুহ। আমাৰ ভাগ্যত যি আছে হ'বয়ে আৰু আমি যি পাব লগা আছে পাময়ে।


নিজকে ভগৱানৰ ওচৰত সমৰ্পণ কৰি দিয়ক। দ্ৰুপদীৰ বস্ত্ৰ হৰণ কৰোঁতে তেওঁ কিমান সকলোকে ৰক্ষা কৰিবলৈ কাকুতি মিনতি কৰিলে। কিন্তু সকলোৱে মূৰ তল কৰি দিলে। 


শেষত ভগৱানেহে দ্ৰুপদীক বচালে। বিপদত আনে সহায় নকৰিলেও ভগৱানে কৰে। সেই কাৰণে ভগৱানৰ ওপৰত বিশ্বাস ৰাখক আৰু কৰ্ম কৰি যাওঁক।


 জীৱনত যিমান পাৰে ভাল কাম কৰিবলৈ চেষ্টা কৰক আৰু নিজকে ভগৱান ওচৰত সমৰ্পণ কৰক । সকলো ঠিক হৈ যাব।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages