স্নান বা গা ধুৱাতো মানুহৰ নিজৰ ইচ্ছা । স্নান নকৰাৰ ফলত আপোনাৰ জীৱনত কি কি নাকাৰাত্মক প্ৰভাৱ পৰিব পাৰে জানোঁ আহক । ( Assamese Fact )
কিন্তু হিন্দু ধৰ্মৰ পুৰাণ বা শাস্ত্ৰত স্নান বা গা ধুৱা লগত জড়িত বহুতো কথা কোৱা হৈছে। যেনে- মানুহে কেতিয়া গা ধুৱ লাগে। কোন সময়ত গা ধুৱ লাগে। কেতিয়া গা ধুলে মানুহৰ নিজৰ ধন, মান-সন্মান, সুখ-সমৃদ্ধি নাইকীয়া হয়।
হিন্দু ধৰ্মৰ পুৰাণ বা শাস্ত্ৰত স্নান বা গা ধুৱা লগত জড়িত যিবোৰ কথা আছে , সেইবোৰ বিজ্ঞানেও প্ৰমাণ কৰিছে। গৰুড় পুৰাণৰ মতে যিসকল ব্যক্তিয়ে প্ৰতিদিন শাস্ত্ৰত থকা মতে নিয়ম পালন কৰে। সেইসকলেহে দিব্য শক্তি বা জ্ঞান লাভ কৰে।
প্ৰাতঃ কালত স্নান কৰা ফলত মানুহে লৌকিক আৰু অলৌকিক ফল প্ৰাপ্ত কৰে।প্ৰাতঃ কালত স্নান কৰা ফলত পাপ কৰা ব্যক্তিসকলো পবিত্ৰ হৈ পৰে। সেই কাৰণে প্ৰাতঃ কালত স্নান কৰিব লাগে।
গৰুড় পুৰাণত ব্ৰহ্মা ভগৱানে গৰুড় পক্ষীক গা ধুৱা লাভৰ বিষয়ে কৈছে। যেতিয়া ৰাতি মানুহে শুৱে তেতিয়া মানুহৰ মুখৰ পৰা লেলাউতি বা বিভিন্ন গোন্ধ উৎপন্ন হয়।যাৰ ফলত মানুহৰ শৰীৰটো অপবিত্ৰ হৈ পৰে।
সেই কাৰণে মানুহে ৰাতিপুৱা শুই উঠি স্নান কৰিব লাগে আৰু নিজৰ অপবিত্ৰতা নাইকীয়া কৰিব লাগে। সেই কাৰণে মানুহে ৰাতিপুৱা শুই উঠি মল-মূত্ৰ ত্যাগ কৰি নিজৰ কাম কৰি প্ৰাতঃ কালত স্নান কৰিব লাগে। তাৰ পিছতহে ধাৰ্মিক কাৰ্য কৰিব লাগে। ( Assamese Fact )
স্নান নকৰাকে মানুহে ধাৰ্মিক কাৰ্য কৰিলে কেতিয়াও তাৰ ফল নাপায়।স্নান নকৰাকে ধাৰ্মিক কাৰ্য কৰা ব্যক্তিজনক পাপী বুলি কোৱা হয়। সদায় গা ধুৱ লাগে বুলি একো কথা নাই। কিন্তু ৰাতিপুৱা সোনকালেই উঠি গা ধুৱাতো এটা কাৰ্য বুলি ধৰ্মত কোৱা হয়।
কোনোবা ব্যক্তিয়ে যদি গা নুধুৱাকে নিজৰ দিনৰ আৰম্ভণি কৰে তেতিয়া সেই ব্যক্তিজনৰ দিনটোত একো কাম ভাল নহয়। কাৰণ গা নুধুলে মানুহৰ চাৰিওফালে নাকাৰাত্মক শক্তি আগুৰি ধৰে।
কোৱা হয় নাকাৰাত্মক শক্তিয়ে তাতহে বাস কৰে য'ত অপবিত্ৰতা থাকে। হিন্দু ধৰ্মত অলক্ষ্মীৰ কথাও কোৱা হয়।অলক্ষ্মী লক্ষ্মী দেৱী ভনিয়েক। প্ৰতিদিন গা নুধুৱা মানুহৰ ঘৰত অলক্ষ্মীয়ে বাস কৰে।স্নান কৰা ফলত দু সপোন আদিও নাহে।
গা ধুৱা ভাল প্ৰক্ৰিয়া এইটো যে প্ৰথমতে মানুহে ভৰিত পানী দিব লাগে। তাৰ পিছত কান্ধত আৰু তাৰ পাছত মূৰত দিব লাগে। সেই কাৰণেই আগতে ঋষি মুনি পৰা ধৰি সকলোৱে পুখুৰী বা নদীত স্নান কৰে।
গৰুড় পুৰাণত গা ধুৱাৰ ৬ টা বেলেগ বেলেগ নিয়মৰ বিষয়ে কোৱা হৈছে।এটা যি মানুহে মূৰত পানী নধলাকে ধুৱে বা তিতাঁ কাপোৰে গা মুচি নিজকে চফা কৰে ।মানে গা বেয়া হ'লে।
দ্বিতীয়টো হ'ল বৰুণ স্নান যিটো পানীত ডুব মাৰি কৰা হয়। তৃতীয়টো হ'ল - দিব্য স্নান। ৰ'দত কৰা স্নানক দিব্য স্নান বুলি কোৱা হয়। চতুৰ্থ হ'ল -বায়াবেহ স্নান ।এই স্নানক বহুত মহত্বপূৰ্ণ স্নান বুলি কোৱা হয়। এই স্নান শৰীৰত থকা ধূলি আৰু মলি নাইকীয়া কৰি কৰা হয়।
এই স্নানক বহুত মহত্বপূৰ্ণ বুলি কোৱা হয়।লগতে পবিত্ৰ বুলিও কোৱা হয়। আগ্নেয় স্নান।এই স্নান শৰীৰত ভষ্ম লগাই কৰা হয়। মন্ত্ৰ স্নান।এই স্নানত শৰীৰত মন্ত্ৰ গাই পানী দিয়া বা ধলা হয়।
মন্ত্ৰ আৰু ভষ্ম স্নান পণ্ডিত আৰু অঘৰীবোৰে বেছি কৰে।গৰুড় পুৰাণত গা ধুৱা আগত আৰু পাছত কি কৰিব লাগে তাৰ বিষয়েও কোৱা হৈছে।
গা ধুৱা আগত ভালকৈ দাতঁ চফা কৰিব লাগে। গা ধুই উঠি ভগৱান, পূৰ্বপুৰুষৰ সকলৰ আশীৰ্বাদ ল'ব লাগে।স্নান কৰি উঠি গায়ত্ৰী মন্ত্ৰ গাই সূৰ্যক প্ৰণাম কৰিব লাগে।জল অৰ্পণ কৰিব লাগে।
জীৱন সফলতা প্ৰাপ্ত কৰিবলৈ হ'লে এনেদৰে স্নান কৰিব লাগে।মন চফা হোৱাতো বহুত ভাল বা মহত্বপূৰ্ণ। মন চফা ৰখাৰ লগতে মানুহে শৰীৰটো ও চফা কৰি ৰাখিব লাগে। প্ৰতিদিনে গা ধুলে মানুহ বেমাৰৰ পৰাও বাচি থাকে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।
No comments:
Post a Comment