আপুনি সঁচাকৈয়ে এলেহুৱা হয় নেকি : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, January 24, 2022

আপুনি সঁচাকৈয়ে এলেহুৱা হয় নেকি : Assamese Fact

Assamese Fact


এলাহ কি? এলাহ কিয় লাগে? ইয়াক কেনেকৈ নাইকীয়া কৰিব পাৰি।ইয়াৰ বিষয়ে এটা কাহিনীৰ জৰিয়তে জানো আহঁক।  ( Assamese Fact )


এবাৰ এজন এলেহুৱা মানুহে এজন বৌদ্ধ ভিক্ষুক ক'লে -মোৰ ভিতৰত বহুত এলেহুৱা ভাব আছে ।যাৰ ফলত মই যি কৰিব বিচাৰোঁ কৰিব নোৱাৰোঁ।জীৱনত‌ কৰিব বিচৰা একো কৰিব নোৱাৰোঁ। 


মই কি কৰোঁ।মোক কিবা ৰাস্তা দিয়ক। সেই বৌদ্ধ ভিক্ষুজনে ক'লে- তোমাৰ সম্পূৰ্ণ বিশ্বাস আছেনে যে তোমাৰ ভিতৰত এলেহুৱা ভাব আছে। তেতিয়া সি ক'লে হয় অকল মইয়ে নহয় আমাৰ গাঁৱৰ সকলোৱে মানুহেই কয়।


 তেতিয়া বৌদ্ধ ভিক্ষুজনে ক'লে- তোমাৰ ওচৰত কিবা প্ৰমাণ আছে নেকি তুমি এলেহুৱা বুলি।আছে। কি প্ৰমাণ আছে? তেতিয়া মানুহজনে ক'লে মই জানো যে ব্যায়াম কৰাতোঁ মোৰ স্বাস্থ্য কাৰণে ভাল।কিন্তু জানি বুজিও মই কৰিব নোৱাৰোঁ। 


কাৰণ মই এলাহৰ বাবে ৰাতিপুৱা সোনকালেই উঠিবয়ে নোৱাৰোঁ। তেতিয়া বৌদ্ধ ভিক্ষুজনে ক'লে- অ' তুমি এনেকুৱা এলাহ ভাবৰ কাৰণে দুঃখিত হৈ আছা।হয়। কিন্তু তুমি জানানে এলাহ কি? 


সেই মানুহজনে ক'লে- মই এইটো নাজানো যে এলাহৰ অৰ্থ কি? কিন্তু এইবোৰ যি সকলো বহুত পুৰণা।বৌদ্ধ ভিক্ষুজনে ক'লে- প্ৰথমতে তুমি এইটো বুজি লোৱা যে যিবোৰ বস্তু প্ৰাকৃতিক ভাৱে মানুহৰ ভিতৰত আছে তাৰ কিবা নহয় কিবা উপয়োগ আছে।


 সেইবোৰ ভাল বা বেয়া নহয়। এলাহ এটা ভাৱণা, বিচাৰ।যাক আমি জানি শুনি বা নজনাকে উৎপন্ন কৰোঁ। তেতিয়া সেই ব্যক্তিজনে ক'লে- কেনেকৈ ?  ( Assamese Fact )


 এলাহ উৎপন্ন হোৱা দুটা কাৰণ আছে।এটা শাৰীৰিক আৰু আনটো মানসিক ।যেতিয়া আমি পুষ্টিহীন বা অলাগতীয়াল কিছুমান বস্তু খাওঁ ।তেতিয়া আমি আমাৰ শৰীৰত এলাহ ভাৱ উৎপন্ন কৰোঁ। 


কাৰণ এই শৰীৰটো শক্তিৰ ফলত চলে আৰু আমি যেনেকুৱা শক্তি দিওঁ তেনেকেই এই শৰীৰটো চলে।ভুলকে বহা,ভুলকে খোজ কঢ়া,ভুলকৈ শুৱা ফলতো এলাহ ভাৱ উৎপন্ন হয়।


আমি কেতিয়াও নাচাওঁ যে আমি বহা,খোজ কঢ়া,শুৱা শুদ্ধ ৰূপত কৰিছোঁ নে নাই। বৌদ্ধ দেৱে কেতিয়াও বহোতে ৰাজহাড় বেকা কৰি নবহে।শুৱাৰ সময়তো কেতিয়াও শৰীৰত জোৰ পেলাই নুশুৱে। খোজ কাঢ়োতেও তেওঁ দুটা ভৰিৰ এটা ভাৰসাম্যতা বজায় ৰাখে। 


বৌদ্ধ দেৱেৰ কথা শুনিয়ে তেওঁক বুজিব লাগিব যে তেনেকুৱা নহয়। তেওঁক চাই ও বহুত কথা বুজিব আৰু জানিব পাৰি। ৰাতিপুৱা সোনকালেই নুঠাতোও এটা শাৰীৰিক এলাহ।


 তেতিয়া সেই ব্যক্তিজনে ক'লে- হয় , মইয়ো ৰাতিপুৱা সোনকালেই‌ উঠিব নোৱাৰোঁ। তেতিয়া বৌদ্ধ ভিক্ষুজনে হাঁহি মাৰি ক'লে- যদি ৰাতি শুৱাৰ এটা সময় নিৰ্ধাৰণ কৰি লোৱা তেতিয়াহে তুমি ৰাতিপুৱা সোনকালেই উঠিব পাৰিবা। প্ৰত্যেক বৌদ্ধ ভিক্ষুৱে অনুশাসনৰ পালন কৰিব লাগে। 


তেতিয়া ব্যক্তিজনে ক'লে- কিন্তু ক'ৰ পৰা আৰম্ভণি কৰিব লাগিব। তেতিয়া বৌদ্ধ ভিক্ষুজনে ক'লে-এতিয়াৰ পৰা কৰা। এতিয়া যি কৰি আছা সেইটোৰ পৰা কৰা।শৰীৰৰ কিছুমান কাৰ্যৰ ফলতেই মনে এলাহ ভাব উৎপন্ন কৰে। 


মানসিক এলাহৰ এটা কাৰণ হ'ল আমাৰ ভুল বিশ্বাস। আমি ভাবো আগতেও আমি এইটো কৰিব নোৱাৰিলোঁ । এতিয়াও নোৱাৰোঁ।আমি এইটো নাচাওঁ যে এইবাৰ আৰু পিছৰ বাৰৰ মাজত বহুত পাৰ্থক্য আছে। এতিয়া সকলো সলনি হ'ব পাৰে।


যেতিয়া আমি নিজৰ ওপৰত বিশ্বাস কৰিব নোৱাৰোঁ তেতিয়া এলাহে আমাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে।এলাহ ভাব আমাৰ নাথাকিলেও কেতিয়াবা কিছুমান মানুহৰ লগত থাকি থাকি আমাৰ ভিতৰলৈ আহি যায়। 


এনেকুৱা এই কাৰণে হয় যেতিয়া আমি এলেহুৱা মানুহৰ লগত থাকোঁ। তেতিয়া সেই ব্যক্তিজনে ক'লে- হয়, আপুনি ঠিকেই কৈছে। বৌদ্ধ ভিক্ষুজনে ক'লে-তৃতীয়টো কাৰণ হ'ল মন স্পষ্ট নোহোৱা।  যেতিয়া আমাৰ মন স্পষ্ট নহয় আৰু আমাৰ তাত বহুত বিকল্প থাকে ।তেতিয়া আমি এলেহুৱা হৈ পৰোঁ।



 যদি এটা বিকল্প থাকে তেতিয়া আমাৰ মন স্পষ্ট হৈ থাকিব।এলাহৰ চতুৰ্থ কাৰণ হ'ল কিবা কাম বহুত জৰুৰী নোহোৱা। এলাহে তেনেকুৱাহে কাম কৰাত বাধা প্ৰদান কৰে যি কাম বহুত জৰুৰী নহয়। 


তেতিয়া মানুহজনে ক'লে- ধন্যবাদ , মই এতিয়া এলাহৰ সকলো খেল বুজি পালোঁ। তেতিয়া বৌদ্ধ ভিক্ষুজনে ক'লে- মোৰ এটা কথা মনত ৰাখিবা য'ত স্পষ্টতা নাই আৰু জৰুৰী যি কাম নহয় তাত এলাহ থাকিবয়ে।য'ত স্পষ্টতা আছে আৰু কামতো জৰুৰী তাত এলাহ কেতিয়াও থাকিব নোৱাৰে।



নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages