আপোনালোকে হয়তো এনেকুৱা মহিলাৰ কথা নিশ্চয় শুনিছে যিসকল মহিলাই বিবাহৰ পাছত স্বামীৰ পৰা বহুতো অত্যাচাৰ সহিব লগা হয় । ( Assamese Fact )
কিন্তু আপুনি এনেকুৱা কিছুমান মহিলাৰ কথা শুনিছেনে যিসকলে পুৰুষকো অত্যাচাৰ চলায়।তাৰ বাবে পুৰুষসকল মানসিক ভাৱে ভাগি পৰে আৰু তেওঁলোক তেওঁলোকৰ বিবাহৰ সিদ্ধান্তক লৈ চিন্তাত পৰে যে এনেকুৱা কি অশুভ ক্ষণ আছিলে যেতিয়া তেওঁ বিয়া কৰাইছিল।
যাৰ কোনো নাই তাৰ লগত ভগৱান থাকে। সমাজত মহিলাক সমানে অগ্ৰাধিকাৰ দিয়া কথাটো বেয়া নহয়। কিন্তু তাৰ আঁৰত পুৰুষসকলৰ ওপৰত চলোৱা অত্যাচাৰ ভাল নহয়।
কিন্তু পুৰুষসকলৰ লগত হোৱা এনে উৎপীড়নৰ কথা শুনাটো দূৰৰে কথা গুৰুত্বয়ে দিয়া নহয়। এনেকুৱা নহয় যে তেনেকুৱা মহিলাৰ বাবে আইনৰ কোনো শাস্তি নাই। কিন্তু যিসকল মহিলাই এই শাস্তি ভোগ কৰিবলৈ নাপায় তেওঁলোকৰ কাৰণে গৰুড় পুৰাণৰত মৃত্যুৰ পাছত শাস্তি প্ৰদান কৰা উল্লেখ আছে।
আহঁক আজি আমি এনেকুৱা শাস্তিৰ বিষয়ে জানো যিবিলাক শাস্তি তেওঁলোকে পুৰুষসকলক প্ৰতাৰিত কৰাৰ বাবে পাব লগা হয়।
গৰুড় পুৰাণ অনুসৰি যেতিয়া গৰুড় পখী ভগৱান শ্ৰীকৃষ্ণৰ ওচৰ পাই তেওঁক এনেকুৱা এটা প্ৰশ্ন উত্থাপিত কৰিলে যিটো শুনি ভগৱান শ্ৰীকৃষ্ণয়ে হাঁহিলে আৰু ক'লে গৰুড় তোমাৰ কলিযুগত হ'ব লগা কাৰ্যৰ আভাষ হৈ গ'ল।
আপোনালোকে জানেনে তেওঁ কি প্ৰশ্ন কৰিছিল ? তেওঁ সুধিছিল যে "প্ৰভু আপুনি কৈছিলে যে কলিযুগত মানুহে যি কৰ্ম কৰে তাৰ মতে ফল ভোগ কৰিব লাগিব। কিন্তু যদি মহিলাসকলে পুৰুষসকলক অত্যাচাৰ কৰে ,তেতিয়া কি শাস্তি প্ৰদান কৰা হ'ব? ( Assamese Fact )
" ভগৱান নাৰায়ণে উত্তৰত কৈছিল যে কলিযুগত যেতিয়া পুৰুষসকলক নাৰীসকলে নিজৰ প্ৰেমিকৰ বাবে বা ধন সম্পত্তিৰ বাবে বা স্বামীক মিছা যৌতুক দাবী কৰা অপৰাধত ফচোৱাৰ চেষ্টা কৰিব তেতিয়া তেওঁলোকে ইয়াৰ হিচাপ নৰকত দিব লগা হয়।
আহঁক আমি জানো তেওঁলোকে কি কি শাস্তি ভোগ কৰিব লগা হয়।যদি কোনো পত্নী তেওঁৰ স্বামীৰ লগত তেতিয়ালৈকেহে থাকে যেতিয়ালৈকে তেওঁৰ ওচৰত ধন সম্পত্তি থাকে। তেতিয়া তেওঁ নৰকত তম্ৰিশ্ৰম নামৰ শাস্তি ভোগ কৰিব লগা হয়।
য'ত তেওঁক উলোটাকৈ ওলমাই লৈ তেতিয়ালৈকে হাতুৰীৰে গজাল মাৰি থকা হয় যেতিয়ালৈকে তেওঁৰ মুখেৰে তেজ ওলাই মূৰ্চ্ছা নাযায় ।
দ্বিতীয় অপৰাধটো হৈছে স্বামীক মিছা যৌতুকৰ অপৰাধত ফচোৱাৰ চেষ্টা কৰা এই অপৰাধৰ বাবে তেওঁ কেইবা যুগলৈ চক্ৰবাক্ পখী হৈ কটাব লগা হয় আৰু মনুষ্য জনম পোৱাৰ সুবিধা লাভ কৰিব নোৱাৰে।
হিন্দু ধৰ্মত পত্নীসকল ধৰ্মপৰায়ণা বুলি জনা যায় যদিও এতিয়া তাৰ বিপৰীত হৈছে । এনে মহিলাক নৰকত এখন চোকা অস্ত্ৰৰে আঘাত কৰা হয় আৰু চাবুকেৰে আঘাত কৰা হয়।
প্ৰেমত আঘাত দিয়া মহিলাক মল -মূত্ৰৰে ভৰা এটা পাত্ৰত পেলায় দি শাস্তি প্ৰদান কৰা হয় । আকৌ কিছুমান মহিলাই পুৰুষৰ লগতো বলৎকালৰৰ নিচিনা ব্যৱহাৰ কৰে এনে মহিলাক নৰকত হিংস্ৰোক জন্তু, বিষাক্ত পোক-পৰুৱাৰ মাজত এৰি দিয়া হয় আৰু শাৰীৰিক কষ্ট দিয়া হয়।
ইয়াৰ ওপৰিও যিসকল মহিলাই স্বামীক নিজৰ প্ৰেমিকৰ লগত মিলি মাৰে বা ঠগে তাক নৰকত হাজাৰটা কুকুৰ হতোৱাই কামুৰোৱা হয় আৰু তেজৰে পৰিপূৰ্ণ এটা কোঁৱাত পেলোৱা হয় আৰু কেইবা হাজাৰটাও ঘৰিয়ালৰ দ্বাৰা কামোৰোৱা হয়।
পুৰুষ আৰু মহিলা যেতিয়া সমান তেতিয়া সকলোকে সমানে গুৰুত্ব দিয়ক। তেতিয়াহে সকলো মানুহ প্ৰতাৰণাৰ পৰা বাচিব পাৰিব ।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।
No comments:
Post a Comment