ধন-সম্পত্তিক লৈ অহংকাৰ কৰা ব্যক্তিৰ লগত কি হয় জানি লওঁক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, January 27, 2022

ধন-সম্পত্তিক লৈ অহংকাৰ কৰা ব্যক্তিৰ লগত কি হয় জানি লওঁক : Assamese Fact

Assamese Fact

আমি কেতিয়াও অহংকাৰ কৰিব নালাগে। কি আছে এনেকুৱা যাক লৈ আমি অহংকাৰ কৰোঁ। ( Assamese Fact )


ঘৰ গাড়ী লৈ অহংকাৰ কৰে আপোনালোকে। ৰাৱণৰ সোণৰ লংকা আছিল তেওঁৰে অহংকাৰ নচলিলে আৰু আমাৰ অহংকাৰ চলিব নেকি?


 সেই কাৰণে কেতিয়াও অহংকাৰ কৰিব নালাগে। শৰীৰৰ অহংকাৰ কৰি কি লাভ এদিন নাইকীয়া হ'ব। সূৰ্য ৰশ্মিয়ে সদায় একে নাথাকে শৰীৰৰ সৌন্দৰ্যতা কি থাকিব। 


অহংকাৰৰ পৰিত্যাগ কৰক আৰু ভাবক মই একো নহয়। মই অকল শূণ্য।মোৰ একো নাই যেতিয়া মই কি কথাত অহংকাৰ কৰোঁ। 


এবাৰ এখন গৰুগাড়ী তলত এটা কুকুৰে খোজ কাঢ়ি আছিল আৰু সি সকলোকে কৈ আছিল চোৱা গাড়ী মই চলাইছো ,চোৱা গাড়ী মই চলাইছো। 


তেতিয়া সেইফালেদি এটা গাধ গৈ আছিল আৰু সি ক'লে - হয় নেকি গাড়ী তুমি চলাইছা তেতিয়া হ'লে ৰৈ দিয়া চোন। কুকুৰটোৰ ৰৈ দিলে আৰু হঠাতে গাড়ীখনো ৰৈ গ'ল। 


তাৰ পিছত গাধটোৱে কুকুৰটোক ক'লে- যোৱা। কুকুৰটো যাবলৈ ধৰিলে  আৰু গাড়ীখনো যাবলৈ ধৰিলে। তেতিয়া কুকুৰটোৱে ভাবিলে হয় গাড়ীখন মইয়ে চলাইছোঁ। 


কিন্তু গাড়ীখন কুকুৰটোৱে নহয় গৰুৱেহে চলাই আছিল। তাৰ পিছতো সি কৈ আছিল গাড়ী মই চলাইছো। সেই কুকুৰটোৰ দৰে আমাৰ দশা হৈছে।


 আমাৰ জীৱনৰ গাড়ী ভগৱানে চলাই আছে। কিন্তু আমি সেই কুকুৰটোৰ দৰে কৈ আছোঁ আমি গাড়ী চলাই আছোঁ।মাকে কেতিয়াবা ল'ৰা ছোৱালীক কয় মই বনাই নুখোৱা হ'লে তোমালোক ভোকত মৰিলা হেঁতেন। ( Assamese Fact )


যাৰ মাক নাই সিহঁতি কি ভোকত মৰিছে নেকি? আমাৰ সকলোৰে পালনহাৰ ভগৱান। সেই কাৰণে ভগৱানৰ ওচৰত নিজকে সমৰ্পন কৰি দিয়ক।


 অহংকাৰী কথা কৈ লাভ নাই। অহংকাৰ কৰিও লাভ নাই। আজি যদি আপোনালোকক আগবাঢ়ি গৈছে সফলতা অৰ্জন কৰিছে , তেতিয়া নিজৰ কাৰণে নহয় ভগৱানৰ কাৰণেহে। 


ভগৱান বিচাৰিছে কাৰণে আপোনালোকক আগবাঢ়ি গৈছে আৰু নিবিচাৰিলে আপোনালোক কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। কষ্ট কৰা মানুহ সমাজত বহুত আছে। কিন্তু সকলোৱে সফলতা অৰ্জন কৰিব নোৱাৰে। 


কষ্ট কৰিব লাগে, কিন্তু কষ্ট লগত ভগৱানৰ আশীৰ্বাদ নাথাকিলে কেতিয়াও আগবাঢ়ি যাব নোৱাৰি। আপোনালোকে এটা কথায়ে ভাবক আপোনালোকে যি খাইছে ,যি লৈছে সকলো ভগৱানৰ কৃপাৰ ফলতে সম্ভৱ হৈছে।


যি হ'ব লগা আছে হ'বয়ে।যাৰ ৰক্ষা ভগৱানে কৰে তাক কোনেও একো কৰিব নোৱাৰে। উদাহৰণস্বৰূপে -আপুনি যদি এৰোপ্লেনৰ পৰা জপিয়াই দিয়ে আৰু আপোনাৰ যদি মৃত্যু হ'ব লগা আছে তেতিয়া হ'বয়ে আৰু যদি হ'ব লগা নাই তেতিয়া নহয়। 


কিমান বাৰ এৰোপ্লেনৰ দুৰ্ঘটনা হৈছে তাত সকলো মানুহ মৰে জানো নমৰে ন? বহুত মানুহ বাচি যায় আৰু কিছুমান মানুহ মৰি যায়। 


কিছুমান কিয় বাচি গ'ল কাৰণ সিহঁতৰ ওপৰত ভগৱানৰ কৃপা দৃষ্টি আছিল। মৰা বা বচোৱা ব্যক্তি এজনেই আছে।সেইজন হ'ল ভগৱান। 


সেই কাৰণে হাঁহি হাঁহি জীয়াই থাকক আৰু মৃত্যুৰ আহিলেও হাঁহি হাঁহি মৰি যাওঁক।যেনেকৈ ভগৱানে ৰাখে তেনেকৈ থাকিব লাগে। আপোনালোকে চিন্তা কি কি কৰিব।কাম ভগৱানৰ যেতিয়া ভগৱানেহে জানিব।


 আপোনালোকে তেওঁৰ ওচৰত নিজকে সমৰ্পন কৰি দিয়ক । তেওঁ সকলো ঠিক কৰি দিব। জীৱন বা মৃত্যুক লৈ কেতিয়াও মোহ কৰিব নালাগে। 


যদি কিবা মোহ কৰিব লগা আছে ভগৱানক লৈ মোহ কৰক। জীয়াই থাকক অকল ভগৱানৰ কাৰণে ,তেওঁ বাহিৰে সকলোৰে জীৱন আধৰুৱা।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages