জীৱনসংগীনিৰ অবিহনে জীৱন আধৰুৱা আৰু অৰ্থহীন । সংগীনিৰ কামনা সকলোৱে কৰে কিন্তু প্ৰশ্ন হল সংগীনি কেনেকুৱা হব লাগে আৰু কাক জীৱনসংগী কৰিব লাগে ? কেৱল ৰূপ ,লাৱণ্যই ভাল সংগীৰ পৰিচয় নেকি । ( Assamese Fact )
এই লেখাত আচাৰ্য চাণক্যই ছোৱালীৰ বিষয়ে কোৱা সেই গুণবোৰৰ বিষয়ে জনাম যিবোৰ গুণ থকা ছোৱালীক পালে পলম নকৰাকৈয়ে বিবাহ কৰি লব লাগে ।
যদি কোনো ব্যক্তিয়ে বিবাহক লৈ নিজৰ জীৱন সংগীৰ কেৱল সৌন্দৰ্য্যকহে যদি গুৰুত্ব দিয়ে তেতিয়া সেইটো তেওঁৰ বাবে আটাইতকৈ ডাঙৰ ভুল হব । আৰু দ্বিতীয়তে সদায় বিবাহৰ পূৰ্বে ভালদৰে স্ত্ৰীগৰাকীৰ বিষয়ে জানি লোৱাটো প্ৰয়োজনীয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হল স্ত্ৰী গৰাকীয়ে নিজৰ ইচ্ছা অনুযায়ী বিবাহ কৰিবলৈ মান্তি হোৱা । কিয়নো বলেৰে কৰা বিবাহৰ বাবে পুৰুষৰ ভৱিষ্যতলৈ যথেষ্ট সমস্যা উৎপন্ন হব পাৰে যিটো বিবাহিত জীৱনৰ বাবে উচিত নহয় ।
চাণক্য অনুসৰি যদি কোনো স্ত্ৰীয়ে আপোনাক বহুত প্ৰেম কৰে আৰু আপোনাৰ বিষয়ে বহুতো চিন্তা কৰে তেতিয়া তেনে স্ত্ৰীক পলম নকৰাকৈ বিবাহ কৰিব লাগে । কিয়নো তেনে স্ত্ৰীয়ে আপোনাৰ পৰিয়ালৰ যথেষ্ট যত্ন লব আৰু কেতিয়াও আপোনাক দুখী বা নিৰাশ নকৰে ।
চাণক্য অনুসৰি ধাৰ্মিক চিন্তা ধাৰাৰ স্ত্ৰীক বিবাহ কৰিলে ভাগ্য উদয় হয় । যি ঘৰত দৈনন্দিন নীতি-নিয়মেৰে পূজা পাঠ কৰে তেনে ঘৰত ভগৱানৰ বাস হয় আৰু আপোনাৰ ওপৰত ভগৱানৰ কৃপা বৰ্তী থাকে । সেইবাবে জীৱন সংগীনি সংস্কাৰী আৰু ধাৰ্মিক হোৱাটো অত্যন্ত প্ৰয়োজনীয় বুলি গণ্য কৰা হয় ।
চাণক্য নীতিৰ মতে জীৱন সংগীনিৰ ধৈৰ্য্য থকাটো প্ৰয়োজনীয় কিয়নো তেনে স্ত্ৰীয়ে কেতিয়াও আপোনাক আপোনাৰ কঠিনতকৈও কঠিন সময়ত হাত এৰি নিদিয়ে আৰু সকলো বিপদত আপোনাৰ লগত থিয় হৈ থাকিব আৰু আপোনাৰ ওচৰলৈ কোনো ধৰণৰ সমস্যা আহিবলৈ নিদিয়ে আৰু যেতিয়া আপোনাৰ ধৈৰ্য্য হেৰাই যাব বা আপুনি নিজকে স্বম্ভালিব নোৱাৰা হব তেতিয়া আপোনাক স্বম্ভালিব । ( Assamese Fact )
আচাৰ্য চাণক্য কৈছে যে কেতিয়াও ক্ৰোধিত মহিলাক বিবাহ কৰিব নালাগে কিয়নো এনে মহিলাই আপোনাৰ গোটেই পৰিয়ালটো ধ্বংস কৰি দিব পাৰে । ক্ৰোধক জীৱনৰ শত্ৰু বুলি কোৱা হৈছে যদি পতি-পত্নি দুয়োৱে কাজিয়া কৰে তেতিয়া জীৱনত অশান্তি বৃদ্ধি পোৱাটো স্বাভাৱিক । আৰু যি ঘৰত কাজিয়া হৈ থাকে তেনে ঘৰত সুখ কেতিয়াও আহিব নোৱাৰে । চাণক্য অনুসৰি এগৰাকী সন্তুলিত মহিলা বিবাহৰ বাবে উপযোগী । এনে মহিলাই কম ধনেৰে আপোনাৰ ঘৰ চলোৱাৰ লগতে বেয়া দিনৰ বাবেও কিবা নহয় কিবা সাঁচি ৰাখে । এনে মহিলাই অধিক যি টি নিবিচাৰে আৰু বস্তুবোৰ বেয়া হব নিদিয়ে। সেইবাবে এনে স্বভাৱৰ মহিলাৰ লগত বিবাহ কৰাটো উচিত নিৰ্ণয় হব ।
মনুষ্যই এনে মহিলাক বিবাহ কৰিব লাগে যি মহিলাই আপোনাৰ গাত তেওঁৰ পিতৃৰ প্ৰতিচ্ছবি দেখা পায় আৰু আপোনাৰ আদৰ কৰে নিশ্চিত ৰূপত এনে মহিলা আজ্ঞাকাৰী আৰু সৰল স্বভাৱৰ হয় । যি কেতিয়াও আপোনাৰ মানসিক অশান্তিৰ কাৰণ নহয় ।
যি মহিলাই আপোনাৰ পৰিয়ালক নিজৰ পৰিয়াল বুলি ভাবে তেনে মহিলা সুখদায়ক আৰু মংগলদায়ক প্ৰমাণিত হয় । এনে মহিলাই আপোনাৰ যত্ন লোৱাৰ লগতে আপোনাৰ পৰিয়ালৰ যত্ন লব আৰু এনে মহিলা ঘৰত অহাৰ লগে লগে আপোনাৰ পৰিয়াল সদায় সম্পন্ন, সমৃদ্ধ, প্ৰফুল্ল আৰু আনন্দত থাকিব ।
চাণক্য নীতিয়ে কয় যে বিবাহৰ আগতে চাব লাগে যাতে স্ত্ৰীগৰাকী অধিক কথা পতা স্বভাৱৰ নহয় যাতে আৰু সদায় মধুৰ বচন কোৱা হয় যাতে । ভাগৰ আৰু চিন্তাত থকা পুৰুষৰ বাবে পত্নীৰ মধুৰ কথাবোৰে ঔষধিৰ কাম কৰিব পাৰে আৰু কঠোৰ কথাবোৰ কাঁইটৰ দৰে বিন্ধিব পাৰে ।
সুখী জীৱনৰ বাবে ভাল জীৱনসংগী নিৰ্বাচন কৰাটো অত্যন্ত মহত্বপূৰ্ণ । যদি আপোনাৰ সংগী ভাল হয় আৰু কঠিন সময়তো লগত থিয় হৈ থাকে তেতিয়া জীৱনৰ কঠিনতকৈও কঠিন সময় সহজে পাৰ কৰিব পাৰিব । যদি আপুনি জীৱনসংগীনিৰ কথা ভাবিছে তেতিয়া চাণক্য নীতিত কোৱা এই গুণবোৰ স্ত্ৰীগৰাকীৰ আছেনে নিশ্চয় লক্ষ্য কৰিব । কিয়নো ৰূপ আৰু বাহ্যিক সৌন্দৰ্যতাই আকৰ্ষিত কৰে কিন্তু আপোনাৰ জীৱনৰ বাবে কষ্টদায়ক হব পাৰে ।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।
No comments:
Post a Comment