আপোনাৰ এই অভ্যাসবোৰ এতিয়াই ত্যাগ কৰক অন্যথা বিপদত‌ পৰিব পাৰে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, January 31, 2022

আপোনাৰ এই অভ্যাসবোৰ এতিয়াই ত্যাগ কৰক অন্যথা বিপদত‌ পৰিব পাৰে : Assamese Fact

Assamese Fact


প্ৰিয় পাঠকসকল আপোনালোকে জানেনে আমাৰ কিছুমান বেয়া অভ্যাসে আমাক বৰবাদ কৰি দিব পাৰে ।  ( Assamese Fact )


যিবোৰে আমাক গম নোপোৱাকৈয়ে ভিতৰৰ পৰা খুলি খুলি খাব পাৰে। সেই অভ্যাসৰ ভিতৰত এটা হ'ল ব্লু ফিল্ম চোৱা। আজিকালি  যুৱপ্ৰজন্মৰ কথা বাদেই দিয়ক বয়সস্থৰ পৰা সকলো লোকেই এই বেয়া অভ্যাস গঢ়ি তুলিছে আৰু নজনাকৈয়ে নিজৰ জীৱনটোক ধ্বংসৰ পিনে গতি কৰি নি আছে।


 জীৱনত ইয়াৰ পৰা আত্মসন্মানত আঘাত আহি পৰে। আগতে মানুহ কেৱল মেগাজিন বা বাতৰিকাকতে সীমাবদ্ধ আছিল। কিন্তু বৰ্তমান ইন্টাৰনেটৰ যুগত সৰু ল'ৰা ছোৱালীৰ পৰা বয়সস্থ ব্যক্তিলৈ সকলোৱে ইয়াৰ ব্যৱহাৰ কৰে। অৱশ্যে ইয়াৰ উপকাৰ বহুতো । কিন্তু যুৱ প্ৰজন্ময়ে ইয়াৰ ব্যৱহাৰ বেয়া ভাবে কৰিছে। ফলত তেওঁলোকে নিজকে ক্ষতি কৰিছে ।


 বৰ্তমান এই কাম অকল পুৰুষেই নহয় মহিলাসকলেও কৰিবলৈ লৈছে। যদি আপুনিও এনে কোনো অভ্যাসত নিজকে ধ্বংস কৰিছে তেতিয়া আজিয়েই পৰিহাৰ কৰক। বিজ্ঞানীসকলে গৱেষণা কৰি পাইছে যে যদি কোনো ব্যক্তিয়ে ৭ দিনলৈ কোনো বেয়া কাম নকৰে তেতিয়া তেওঁলোকৰ এই অভ্যাস নিজে নিজেই আঁতৰি যায়। 


যদি কোনো ব্যক্তিয়ে ব্লু ফিল্ম চাইছে তেতিয়া তাৰ গোটেই দিনটো ভাগৰুৱা লাগি থাকিব আৰু কামত মনোযোগ দিব নোৱাৰিব । বহুতো এনে সংস্থা আছে যিবোৰে এই বেয়া অভ্যাসৰ পৰা আঁতৰাই নিয়াত আমাক সহায় কৰে। 


কিছুমান মানুহৰ এই বেয়া অভ্যাস বোৰ ইমানেই লাগি যায় যে তেওঁলোকৰ নিজৰ ওপৰত কন্ট্ৰল হেৰাই যায় আৰু দিনত এবাৰ তেওঁলোকে সেই কামটো নকৰিলে থাকিব নোৱাৰা হয়। কিন্তু কথা যেতিয়া নিজৰ জীৱনৰ তেতিয়া যিকোনো প্ৰকাৰে এৰাব লাগিব। এতিয়া সিদ্ধান্ত আপোনাৰ হাতত , জীৱনটো সুন্দৰকৈ সজাই তুলিব নে আগবঢ়ায় নিব।


 আপোনালোকে জানেনে যি নিজৰ  জীৱিকাক লৈ চিন্তিত নহয় তেওঁলোক জীৱনৰ বাটত ৰৈ যাব লগা হয়। কোনো ছাত্ৰ যদি পঢ়াত  ভাল হয়  সি পঢ়ি শুনি চাকৰি কৰিব। তেতিয়া কি পঢ়া শুনা  কমকৈ কৰা লোক জীৱনত সফল হ'ব নোৱাৰে নি? 


তেওঁলোকো সফল হ'বলৈ সক্ষম হ'ব পাৰে। বৰঞ্চ তেওঁলোক আৰু বেছিহে সক্ষম হৈ উঠিবলৈ সক্ষম বা হয়। ধৰি লওঁক পঢ়া শুনাত আগ্ৰহী ল'ৰাজনে যিটো চাকৰি পালে তাৰ বচে কিবা কাৰণত তাক  অফিচৰ পৰা উলিয়াই দিলে সি বেলেগ কাম সহজে কৰিব নোৱাৰিব। 


কিন্তু যদি এজন ল'ৰায়ে গান গায় ভাল পাই আৰু সি তাক জীৱিকা হিচাবে লৈছে তেতিয়া সি কেতিয়াও নিজৰ জীৱিকা হেৰুৱাবলগীয়া নহয় । সেইবাবে আমি এনে কিছুমান কাম শিকিব লাগে যিবিলাকৰ পৰা আমি স্বাৱলম্বী হ'ব পাৰো । যেনে-এজন  লোকে ভালকে দৰ্জী কৰিব জানে তেতিয়া সি যিকোনো ঠাইতে নিজৰ উৰ্পাজনৰ পথ উলিয়াব পাৰিব।  ( Assamese Fact )


 সেইবাবে আপুনি যিমান টকা উপাৰ্জন কৰে তাৰ কিছু অংশ এনে কিছুমান কামত খটোৱাওক যিটোৰ পৰা আপুনি আৰু বেছি উপাৰ্জন কৰিব পাৰে। যেনে-যদি আপুনি ৫০ হাজাৰ টকা উপাৰ্জন কৰে তাৰে কিছু অংশ  অন্য কোনো ব্যৱসায়িক কামত খটাওক যাতে আপুনি আৰু স্বাৱলম্বী হ'ব পাৰে।


 এনেকুৱা নহয় যে ৫০ হাজাৰ পাই আৰু তাৰে ৪৫হাজাৰ খৰছেই কৰি দিছে। হাতত মাত্ৰ ৫ হাজাৰহে ৰয় । জীৱনত ল'ৰা ছোৱালীৰ কাৰণে খৰচ কৰা আৰু বৃদ্ধ কালৰ সময়ছোৱা অতি দীঘল। তেতিয়া আপুনি উপাৰ্জনো কৰিব নোৱাৰিব। সেইবাবে এতিয়াৰ পৰায়েই ভাবক ।


 কোনোবাই কিবা এটা কাম কৰিবলৈ দিলেই  কৰি দিয়া ব্যক্তি কেতিয়াবা বিপদত পৰিব লগা হয়। অৰ্থাৎ তেওঁ কৈ দিয়ে ,কিন্তু পিছত সেই কামটো তেওঁৰ বাবে আমনিদায়ক হৈ পৰে। সেইবাবে কোনো কামত সন্মতি জনোৱাৰ আগত  কামটো আপোনাৰ বাবে ভাল হ'ব নে বেয়া হ'ব চিন্তা কৰি চাওঁক।


 মানুহে কৰিবলৈ দিয়া কামত সন্মতি জনায় থাকিলেহে ভাল পায় আৰু যদি নকৰোঁ বুলি এবাৰ কৈ দিয়ে তেতিয়া আপোনাক ভাল বেয়া ক'বলৈ আৰম্ভ কৰি দিয়ে। সেইবাবে ভাবি চিন্তিহে হ'ব বুলি ক'ব লাগে। 


এজন ল'ৰাৰ এইটো অভ্যাস আছিল যে সি মানুহক নকৰোঁ বুলি ক'ব নোৱাৰিছিল যদি কোনোৱাই বেয়া পাই যায়। এবাৰ চাৰিজন লোকে একেলগে তেওঁক কাম কৰিবলৈ ক'লে আৰু সদায়েই নিচিনা তেওঁ হ'ব কৈ দিলে। কিন্তু তেওঁৰ ভাগ্য বেয়া আছিল। সময়ত সি এজনৰো কাম ভালকৈ কৰিব নোৱাৰিলে আৰু সকলোৰে  কথা শুনিব লগা হ'ল। তাৰ পাছত তেওঁ ডিপ্ৰেচনলৈ গুচি গ'ল । তেওঁ ভাবিলে  যে মই আজিলৈকে এওঁলোকৰ বাবে কিমান কাম কৰিলোঁ কিন্তু ভাল নাম নাপালো। কিন্তু আজি এটা বেয়া কাম কৰোঁতেই সকলোৱে মোক কথাৰে থকা সৰকা কৰিছে কিয়? সেইবাবে আমি যি কামৰ বাবে যোগ্য সেই কামহে কৰিব লাগে।



মানুহৰ আৰু এটা বেয়া অভ্যাস হ'ল ব্যায়াম নকৰা। বহুতো মানুহে এলাহৰ বাবে এই কাম নকৰে যিটো বহু বেয়া অভ্যাস। সেইবাবে আমি সদায়েই অলপ হ'লেও ব্যায়াম কৰিব লাগে। ব্যায়ামে আমাৰ কৰ্ম স্পৃহা বঢ়ায়। 


এক ৰিৰ্চাজত পোৱা গৈছে যে যিবিলাক মানুহে ব্যায়াম কৰে  তেওঁলোকৰ মগজু বেছি একটিভ হৈ থাকে।  এক ৰিৰ্চাজত বিদাৰ্থীসকলক‌ এ আৰু বি দুটা ভাগত ভাগ কৰি এটা গ্ৰুপত খুব কছৰৎ কৰোৱা হ'ল আৰু অন্য গ্ৰুপটোক শুবলৈ দি অধ্যয়ন কৰিবলৈ দিয়া হ'ল। দেখা গ'ল যে কছৰৎ কৰা বিদ্যাৰ্থী সকলৰ ৰিজাল্ট অন্য গ্ৰুপটোতকৈ বেছি ভাল হৈ উঠিল।

  

 বহুতো মানুহে অকল খায়েই থাকে যাৰ ফলত তেওঁলোক কেতিয়া শকত হৈ গৈ থাকে তেওঁলোকে নিজেই গম নাপায়। সেইবাবে  খোৱাত কন্ট'ল  কৰক। জধে মধে যিটি খাদ্য নাখাব লগতে কছৰৎক নিজৰ জীৱনৰ অংগ কৰি লওঁক। 


বেছি ভোজন কৰাৰ ফলত আমাৰ বেমাৰে দেহত স্থিতি লয় আৰু আমাৰ জীৱন কষ্টকৰ হৈ পৰে। সেইবাবে পুষ্টিকাৰক আহাৰ গ্ৰহণ কৰক আৰু সুস্থ থাকক ।



 মানুহৰ অন্য এটা ভুল হ'ল নকাৰাত্মক চিন্তা, ব্যক্তিৰ লগত থকা। এনে লোকৰ লগত থাকিলে আপুনিও নকাৰাত্মক চিন্তাহে কৰিবলৈ ল'ব।যাৰ ফলত আপুনি কোনো কামতেই আগবঢ়িব নোৱাৰিব। সেইবাবে সদায় প্ৰজিটিভ ভাবক আৰু প্ৰজিটিভ কাম কৰি আগবাঢ়ি যাওঁক।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages