পত্নীয়ে কি বিচাৰে স্বামীৰ পৰা। ক'বলৈ গ'লে সকলোৰে স্বভাৱ বেলেগ বেলেগ হয়। কিন্তু কিছুমান কথা এনেকুৱা আছে যি ইজনে সিজনৰ পৰা বিচাৰে। ( Assamese Fact )
স্বামীয়ে যেনেকৈ কিছুমান কথা পত্নীৰ পৰা আশা কৰে তেনেকৈ পত্নীয়েও কৰে। আজি আমি আপোনালোকক ক'বলৈ উলাইছোঁ পত্নীয়ে স্বামীৰ পৰা কি কি বিচাৰে।
১.প্ৰথমতে তেওঁ এইটো বিচাৰে যে তেওঁৰ জৰুৰী কথাবোৰ স্বামীয়ে বুজি পায়। উদাহৰণ স্বৰূপে- যদি নতুনকৈ বিয়া হৈ আহিছে তেতিয়া পত্নীক সকলো কথা বা কাম বুজিবলৈ সময় লাগে ।তেনে ক্ষেত্ৰত স্বামীয়ে বুজি পাব লাগে। পত্নীয়ে কিবা দুখত থাকিলেও অলপ বুজিব লাগে যে তেওঁৰ কি হৈছে বা সেই সময়ত তেওঁক লগ দিব লাগে।
২.পত্নীৰ লগত খোলাকে আৰু গভীৰকে কথা পাতিব লাগে।যেনে- স্বামীক যদি পত্নীয়ে কিবা কথা সুধে কি হ'ল বা কিয় মন মাৰি আছা এনেকুৱা বিভিন্ন ধৰণৰ কথা সুধিলে কিছুমান স্বামীয়ে অকল এটা কথা কৈ থৈ দিয়ে। এনেকে নহয় পত্নীৰ লগত খুলি কথা পাতক।কি হৈছে ,কিয় মন বেয়া সকলো খুলি ক'ব লাগে। অকল নিজৰ বিষয়েই যে ক'ব লাগে তেনেকুৱা নহয়। পত্নীকো সূধিব লাগে।
৩. গুৰুত্ব দিয়ক। গুৰুত্ব নিদিয়া দৰে নকৰিব । কাৰণ পত্নীয়ে বিচাৰে স্বামীয়ে গুৰুত্ব দিয়াটো।যেনে- আপুনি যদি অকল মোবাইলত বা কিবা কামতে ব্যস্ত থাকে আৰু পত্নীক একো নকয় বা কথা নাপাতে তেতিয়া পত্নীয়ে দুখ কৰে আৰু ভাবে মোক গুৰুত্ব নিদিয়ে। সেই কাৰণে যিমান ব্যস্ত হ'লেও পত্নীক অলপ সময় দিব লাগে।
৪. পত্নীয়ে যদি কিবা ভাল কাম কৰে তেতিয়া তেওঁক স্বামীয়ে উৎসাহ দিব লাগে ক'ব লাগে যে তুমি ভাল কৰিছা বা আমোক টামোক।উৎসাহ দিলেহে মনোবল বাঢ়ে। সেই কাৰণে কিবা ভাল কাম কৰিবলে উৎসাহ দিয়ক । পত্নীয়ে ও বিচাৰে মোৰ এই কামটোৰ বাবে স্বামীয়ে মোক উৎসাহ দিয়ক, ভাল বুলি কওঁক।
৫.পত্নীক অকল গালি দি নহয় মৰমেৰে সকলো কথা ক'ব লাগে।পত্নীয়ে ভুল কৰিব পাৰে। কিন্তু সেই বুলি তেওঁক গালি দিয়া বা খঙ কৰাতোঁ ভাল কথা নহয়। তেওঁক মৰমেৰেও বুজাব পাৰে তেতিয়াও তেওঁ বুজি পাব আৰু সেই ভুলটো নকৰিব । সেই কাৰণে সদায় খঙ বা গালি দি নহয় মৰমেৰে ও ক'ব লাগে।
৬.পত্নীয়ে বিচাৰে স্বামীয়ে যাতে পত্নীক সন্মান কৰে বা দিয়ে। কাৰণ পত্নীয়ে সকলো কাম কৰে পত্নী ঘৰৰ লক্ষ্মী ও ঘৰৰ অন্নপূৰ্ণাও ।পত্নীয়ে নিবিচাৰে যে তেওঁক পূজা কৰাটো তেওঁ বিচাৰে যে অলপ সন্মান দিয়ক। মহিলাসকলক কিবা যদি দিব বিচাৰে তেতিয়া সকলোতকৈ ডাঙৰ বস্তু হ'ল সন্মান।
৭. পত্নীক গুৰুত্ব বা পত্নীক মূল্য দিব লাগে।যেনে- স্বামীয়ে যদি কিবা ল'ব বিচাৰিছে বা কিবা কৰিব বিচাৰিছে তেতিয়া পত্নীক ক'ব লাগে সুধিব লাগে । তেতিয়াহে পত্নীয়ে ভাল পায় ভাবে মোৰ স্বামীয়ে মোক কিবা কৰিলে সুধে বা কয়।পত্নীয়েটো এইটোৱেই বিচাৰে।
৮.নিজৰ দায়িত্ববোৰ বুজিব লাগে আৰু পত্নীক লগত সকলো কথা পাতিব লাগে। পত্নীৰ দায়িত্ব পালন কৰিব লাগে । তেতিয়াহে পত্নীয়ে ভাল পায়।
৯.মৰমত থাকিব লাগে।ইজনে সিজনৰ লগ দিব লাগে। ইমান মৰম হ'ব লাগে যে ইজনে সিজন নহ'লে থাকিব নোৱাৰে।কাৰণ মৰমেৰেহে সম্পৰ্ক ভাল কৰিব পাৰি। স্বামীয়ে যদি পত্নীক বহুত মৰম কৰে তেতিয়া কেতিয়াও সেই সম্পৰ্কটো বেয়া নহয় আৰু পত্নীয়ে ও স্বামীক বেয়া নাপায়।
১০. পত্নীক কেতিয়াও নিজতকৈ কম বুলি নক'ব বা অনুভৱ নকৰাব। কাৰণ পত্নীয়ে বিচাৰে স্বামীয়ে পত্নীক সম মৰ্যদা দিয়াটো। সেই কাৰণে কেতিয়াও পত্নীক পিছ পৰা বুলি অনুভৱ নকৰাব।
১১. স্বামীয়ে সদায় পত্নীক বেয়া মানুহৰ পৰা ৰক্ষা কৰিব লাগে ।কাৰণে পত্নীয়ে স্বামীক সুৰক্ষা দিয়াটো বিচাৰে। স্বামীয়ে যদি কোনোবাই পত্নীক জোকালেও একো নকয় তেতিয়া পত্নীয়ে বহুত দুখ অনুভৱ কৰে। পত্নীৰ বাবে স্বামী প্ৰেৰণাদায়ক হৈ পৰিব লাগে।
১২.ইটোৱে সিটোৰ পৰা যি বিচাৰে যেনেকে বিচাৰে তেনেকৈ বা তাত ঠিয় দিবলৈ চেষ্টা কৰিব লাগে। যেনে- এজনে যদি সকলো কৰে আনজনে নকৰিলে হ'ব জানো দুয়োজনে চেষ্টা কৰক। যিদৰে স্বামী গোটেই পৰিয়ালৰ কাৰণে ইনকম কৰে । ঠিক সেইদৰে পত্নীয়েও নিজৰ কাৰণে নহয় ঘৰখনৰ সকলোৰে কাৰণে কাম কৰে।গতিকে ইটোৱে সিটোৰ কথা অলপ ভাবক আৰু সেইদৰে যিমান পাৰে চলিবলৈ চেষ্টা কৰক।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment