মহিলাসকলে পাকঘৰত এনেধৰণৰ কাম কৰিলে বহুতো লোকচানৰ সন্মুখীন হব পাৰে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, January 27, 2022

মহিলাসকলে পাকঘৰত এনেধৰণৰ কাম কৰিলে বহুতো লোকচানৰ সন্মুখীন হব পাৰে : Assamese Fact

Assamese Fact


খাদ্য প্ৰস্তুত কৰোঁতে বা বনাওঁতে বহুতো সাৱধানতা অৱলম্বন কৰিব  লাগে। পাকঘৰত মানুহে বহুতো ভুল কৰে যাৰ পোনপটীয়া প্ৰভাৱ আমাৰ আৰ্থিক জীৱনত পৰে আৰু যাৰ ফলত যথেষ্ট সমস্যাৰ সন্মুখীন হব লগা হয় । ( Assamese Fact )


প্ৰথম কথা চেন্দেল পিন্ধি পাকঘৰলৈ যাব নালাগে। ঠাণ্ডা দিনত লাগিলে তাত এখন পীড়া বা কিবা পাৰি লওঁক। য'ত থিয় হৈ আপোনালোকে খাদ্য বা ভাত বনায়। 


আপোনালোকে কোনোবাই ক'ব যে আমাৰ পাকঘৰত পিন্ধা চেন্দেল বেলেগ। কিন্তু চেন্দেলটো চেন্দেলেই ন। আপোনালোকে চেন্দেল পিন্ধি বিজুলীৰ তাঁৰ চুলে আপোনালোকৰ কাৰেন্ট নালাগে। কিন্তু নিপিন্ধাকে চোলে কাৰেন্ট লাগিব।কিয় জানেনে? কাৰণ চেন্দেল পিন্ধাৰ ফলত মাটিৰ লগত সংযোগ নাথাকে আৰ্থ নাপায় ।সেইকাৰণে আমাৰ কাৰেন্ট নালাগে। 


আৰ্থ আমি মাটিৰ পৰা পাওঁ । অৰ্থাৎ মাটিৰ পৰা যি পজিটিভ শক্তি পোৱা যায় তাকে মানুহে  আৰ্থ বুলি কয়।যিটো দেখা পোৱা নাযায়।


 সেই কাৰণে খাদ্য প্ৰস্তুত কৰোঁতে চেন্দেল পিন্ধিব নালাগে। কাৰণ মাটিৰ পৰা যি আমি পজিটিভ শক্তি পাওঁ।সেইয়া আমাৰ শৰীৰৰ দ্বাৰা গৈ খাদ্যত প্ৰৱেশ কৰে। কিন্তু চেন্দেল পিন্ধিলে সেই শক্তি নাইকীয়া হৈ যায় আৰু সেই শক্তি আপোনাৰ  বা আমাৰ খাদ্যত প্ৰৱেশ কৰিব নোৱাৰে। 


এইটো আপোনালোকে জানে ন যে আৰ্থ আমি মাটিৰ পৰা পাওঁ। সেই কাৰণেটো বিজুলী বিভাগৰ মানুহে সদায় চেন্দেল আৰু জোতা পিন্ধি থাকে।যাতে  কাৰেন্ট নালাগে ।


 খাদ্য বনাওঁতে সদায় সুখত বা প্ৰসন্ন হৈ বনাব লাগে। খাদ্য বনাওঁতে সদায় ভগৱানৰ নাম লৈ বা জাপ কৰি বনাব লাগে। তেতিয়া খাদ্য সুস্বাদু হৈ পৰে। কাৰণ এইয়া পজিটিভ শক্তি।  ( Assamese Fact )


বাতাবৰণৰো এটা প্ৰভাৱ পৰে ন।খাদ্য বনাওঁতে যদি খঙত বা গালি দি দি বনাই তেতিয়া তাৰ বেয়া প্ৰভাৱ আনৰ ওপৰত পৰাতকে নিজৰ ওপৰত বেছি পৰে। পাকঘৰটো মন্দিৰ সেইকাৰণে সদায় প্ৰসন্নতাৰে বনাব লাগে।


গালি দি বা খঙ কৰি বনাব নালাগে। সেই কাৰণে খাদ্য পবিত্ৰ ভাবণাৰে বনাব লাগে। মন্দিৰত যেনেকৈ পবিত্ৰ মনেৰে সোমাই তেনেকে পাকঘৰতো সোমাব লাগে। এই দুটা ঠাইৰ পৰা আপোনালোকৰ বিচাৰৰ উদগম বা উদয় হয়। 


সেই কাৰণে পাকঘৰটো সিমানেই পবিত্ৰ কৰি ৰাখিব লাগে যিমান আমি আমাৰ মন্দিৰটো ৰাখোঁ। লেটেৰা কৰি ৰাখিলে ঘৰত লক্ষ্মীয়ে বাস নকৰে। শান্তি নহ'ব।


 সেই কাৰণে পাকঘৰটো লেটেৰা কৰি ৰাখিব নালাগে।ৰাতি যদি লেটেৰা বাচন বৰ্তন নুধোৱে তেতিয়া এটা কাম কৰিব বাচনখিনি বেলেগ ঠাইত থৈ দিব ।কিন্তু পাকঘৰত নহয়। 


মা লক্ষ্মী আৰু মা অন্নপূৰ্ণা ৰাতি আহে ।আহি যদি চাফ-চিকুণ দেখে কিমান প্ৰসন্ন হ'ব ।ৰাতি ১০ টা বজালৈকে এটা পজিটিভ শক্তি থাকে।


১১ টা বজাৰ পৰা নাকাৰাত্মকতা আহি পৰে আৰু এইয়া ৩ টা লৈকে থাকে।আকৌ ৰাতিপুৱা ৪ টাৰ পৰা পজিটিভ শক্তিয়ে প্ৰৱেশ কৰে। 


সেই কাৰণে পজিটিভ শক্তি থাকোঁতে লেতেৰা হৈ থাকিব নালাগে। পাৰিলে গা ধুইহে পাকঘৰত সোমাব লাগে। পুৰুষসকলেও পাৰিলে গা ধুইহে পাকঘৰত সোমাব লাগে। 


পবিত্ৰ মনে গা ধুই পাকঘৰত যদি খাদ্য প্ৰস্তুত কৰে, তেতিয়া সেই পবিত্ৰতা খাদ্য খোৱা সকলৰ গাতটো আহি পৰে। ৰাতিপুৱা উঠি প্ৰথমতে স্নান কৰিব লাগে।


 তাৰ পাছত সূৰ্য ভগৱানক জল অৰ্পণ কৰিব লাগে আৰু পবিত্ৰ কাপোৰ পিন্ধি পাকঘৰত প্ৰৱেশ কৰিব লাগে। ল'ৰা ছোৱালীকো স্কুললে গা ধুৱাই পঠিয়াব লাগে ।


স্কুলো মন্দিৰয়ে। পবিত্ৰতাৰ কথা আজিকালি মানুহে ধ্যান নাৰাখে। শুদ্ধ হৈ থাকিলেহে বুদ্ধিও শুদ্ধ হৈ থাকে। সেই কাৰণে ঘৰখন শুদ্ধ কৰি ৰাখক।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages