পত্নীৰ লগত কেনেকৈ থাকিব লাগে।আজি আপোনালোকক কম যে কিদৰে আপুনি নিজৰ পত্নীক সুখী কৰি ৰাখিব পাৰিব। ( Assamese Fact )
বহুতো মহিলাৰ অভিযোগ থাকে যে তেওঁলোকে নিজৰ স্বামীক সকলো সময়তে সহযোগিতা আগবঢ়াই। কিন্তু তথাপিও তেওঁলোকে স্বামীৰ পৰা কোনোধৰণৰ সহযোগিতা লাভ নকৰে।
জানো আহঁক আপোনালোকে কিদৰে পত্নীসকলক সুখী আৰু আনন্দিত কৰি ৰাখিব পাৰিব। এই ৯টা কথা মনত ৰাখিলে আপোনালোকৰ জীৱনত বহুত ভাল প্ৰভাৱ পৰিব।
এই ৯টা পদ্ধতিৰ দ্বাৰা আপোনালোকে পত্নীসকলক সুখী অনুভৱ কৰাব পাৰে-
১/ প্ৰথম কথা তেওঁক সন্মান দিবলৈ শিকক। তেওঁৰ আবেগক সন্মান দিবলৈ শিকক, নিজৰ পত্নীৰ ভাব আবেগক শুনাৰ চেষ্টা কৰক আৰু তেওঁৰ কথাক সমানেই গুৰুত্ব দিয়ক, কথাবোৰ মন দি শুনাৰ পাছতহে নিজৰ মন্তব্য আগত ৰাখক ।যেনে ঘৰত বা বাহিৰত বা ল'ৰা ছোৱালীৰ আগত তেওঁক তাচ্ছল্য নকৰা, আদৰ সন্মান দিয়া আদি।
২/ নিজৰ পত্নীক সমান স্থান দিয়াৰ চেষ্টা কৰক। তেওঁৰ সকলো কামতে সহযোগিতা আগবঢ়োৱাৰ চেষ্টা কৰক। আপোনাৰ ঘৰখনক তেওঁহে সুন্দৰ বনাই। গতিকে তেওঁকো সমানেই গুৰুত্ব দিয়ক । উদাহৰণস্বৰূপে কিছুমান সৰুসুৰা কথাত লাগি নাথাকি আলোচনাৰ মাজেৰে জীৱনটো চলাই নিয়ক।
৩/ তেওঁৰ মনটোক বুজাৰ চেষ্টা কৰক আৰু লগতে নিজৰ মনৰ সমস্যা বা কথাবোৰ তেওঁৰ লগত আলোচনা কৰক। আপুনি আপোনাৰ মনত কোনো কথা নাৰাখিব চাব সমস্যাৰ সমাধান ওলাই গৈছে। ( Assamese Fact )
৪/তেওঁক অগ্ৰাধিকাৰ দিবলৈ শিকক। তেওঁক কোনো দিনত সকলোতকৈ বিশেষ বুজোৱাৰ প্ৰয়াস কৰক।যেনে- ফুৰাবলৈ লৈ যাওঁক,গিফ্ট দিয়ক, তেওঁৰ লগত সময় কটাওক ।চাব তেওঁ আপোনাক কেতিয়াও নিৰাশ নকৰে।
৫/ তেওঁক বিশ্বাস দিবলৈ আৰু কৰিবলৈ শিকক। তেওঁৰ বিশ্বাস জিকিবলৈ শিক্ষক, এনেকুৱা কোনো কাম নকৰিব যাতে তেওঁ আপোনাক সন্দেহৰ চকুৰে চাই।যেনে-আপুনি যদি কাৰোবাৰ লগত ফোনত কথা পাতিছে তেতিয়া কি পাতিছে, কাৰ লগত পাতিছে তেওঁক জনাওঁক বা কওঁক। তেওঁ চাব বুলি ফোনটো বা কাৰোবাৰ মেচেজ কাটি দিয়া আদি কামবোৰ নকৰিব।
৬/ঘৰৰ সৰু -সুৰা কামত তেওঁক সহায় কৰি দিয়ক। আপোনাৰ পত্নীয়ে যদি বাহিৰত কাম কৰে বা ঘৰতো কাম কৰে তেতিয়া তেওঁক সৰু -সুৰা কামত সহায় কৰি দিয়ক, তেওঁৰ কেয়াৰ লওঁক । উদাহৰণ স্বৰূপে- সৰু ল'ৰাটোৱে যদি কান্দে আপুনিয়ে তাক লৈ শুৱাই দিয়ক।ভাত ৰান্ধোতেও তেওঁক যিমান পাৰে সিমান সহায় কৰক।
৭/তেওঁৰ ইচ্ছাক অগ্ৰাধিকাৰ দিয়ক। মহিলাসকলৰো বহুতো ইচ্ছা আকাংক্ষা থাকে তাক গুৰুত্ব দিয়ক। তেওঁৰ ইচ্ছাক সন্মান দি আগবাঢ়ি যাবলৈ উৎসাহিত কৰক। যেনে- তেওঁৰ যদি পঢ়া বা কিবা কৰা ইচ্ছা আছিল বা আছে তেতিয়া তাক অগ্ৰাধিকাৰ দিয়ক। তেওঁৰ আশা পূৰণ কৰিবলৈ চেষ্টা কৰক।
৮/তেওঁলোককো সকলোৰে সমানে গুৰুত্ব দিয়ক।ঘৰৰ সৰু সৰু কথাত তেওঁলোকৰ বিচাৰ আগত ৰাখিবলৈ দিয়ক। বিশ্বাস কৰক মহিলা গৰাকী বহুত আনন্দিত হ'ব । যেনে- ক'ৰবাৰ পৰা আহি অকল মোবাইল বা আনৰ লগত কথা পাতি থাকিলেই নহ'ব পত্নীকো সময় দিব লাগে গুৰুত্ব দিব লাগে ।
৯/তেওঁলোকক আবেগিক ভাবে সহযোগ কৰক। জীৱনত যি সময়ত তেওঁলোকক আপোনাৰ প্ৰয়োজন বোধ হয় আপুনি তেওঁৰ লগত থিয় হৈ ৰওঁক। তেওঁক মৰম আৰু আদৰ দিয়ক। উদাহৰণ স্বৰূপে- যদি কোনোবাই তেওঁক প্ৰতাৰণা কৰিছে আৰু যদি তেওঁ কিবা কথাত আবেগিক ভাবে ভাগি পৰিছে তেতিয়া তেওঁক সাহস দিয়ক আৰু তাৰ পৰা উলাই আহিবলৈ সহযোগিতা কৰক।
সমন্ধ এটা মধুৰ তেতিয়াহে হয় যেতিয়া তাত মৰম আৰু বিশ্বাস থাকে। ৰাস্তা তেতিয়া হেৰাই যায় যেতিয়া হৃদয় ভাগৰুৱা হৈ পৰে সেই কাৰণে হৃদয়ক ভাগৰুৱা হ'বলৈ নিদিব। গতিকে এই কেইটা কথা সদায় মনত ৰাখি জীৱনত আগবাঢ়ি যাওঁক।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।
Xundor likhise.
ReplyDeleteধন্যবাদ 🙏🏻🙏🏻🙏🏻
Deleteআপোনাৰ মতামত মই একমত। কিন্তু পত্নী গৰাকী য়েও পতি জনৰ বাবে সময় অকন দিব
ReplyDeleteলাগিব। অকল মবাইল আৰু কামত ব্যস্ত থাকিলে কাৰোৰে ভাল নালাগে।