১৪ আগষ্ট ২০০৫ চনৰ ৰাতিপুৱা সময়ত হিলিৱচ ফ্লাইট ৫২২ চাইপ্ৰচৰ লংকা পৰা গ্ৰীক দেশৰ এথেন্স ইন্টাৰনেছনেল এয়াৰপৰ্ট যাবলৈ সাজু হৈ আছিল। ( Assamese Fact )
ৰাতিপুৱা ৯ বাজি ৭ মিনিটত যোৱাত এৰোপ্লেনখন আকাশত উৰিলে। সেইখনত ১১৫ জন যাত্ৰী আৰু ৬ জন ক্ৰু মেম্বাৰ আছিল আৰু সেইখন উৰাই আছিল ৫৮ বছৰীয়া জাৰ্মানৰ কন্টেকবেচ পাইলত হেনচ জাৰগন মাৰ্টেনে।যাৰ ১৬ হাজাৰ ৯০০ ফ্লাইট আৱাৰৰ অনুভৱ আছিল।
তেওঁ লগত ক্ৰ প্লাইলত ৰূপে আছিল ৫১ বছৰীয়া পেমপচ চাৰলম ।যাৰ ৭ হাজাৰ ৫৪৯ ফ্লাইট আৱাৰৰ অনুভৱ আছিল। ফ্লাইট এটেনডেন্ট ৰূপে এনডিয়াচ প্ৰড'ম' কমাড আছিল।
উৰি যোৱা ৫ মিনিট পিছত অৰ্থাৎ ৯ বাজি ১২ মিনিটত ফ্লাইটখন ১২ হাজাৰ ৪০ ফুট ওপৰ গৈ পালে।এই উচ্চতাত পোৱা লগে লগে ফ্লাইটখনত হঠাতে এলাম বাজিবলৈ ধৰিলে। যেতিয়া এলামটো চোৱা হ'ল সেই এলামটো তললৈ নামিবলৈ দিয়া সংকেত আছিল। যিটো দেখা পাছত দুয়োজন পাইলতে আচৰিত হৈ পৰিল।
কাৰণ এই এলামটো তেতিয়াহে বাজে যেতিয়া ফ্লাইটখন তলত অৰ্থাৎ গ্ৰাউণ্ডত থাকে আৰু উৰিবলৈ সাজু নাথাকে। তেনে ক্ষেত্ৰত ১২ হাজাৰ ৪০ ফুট ওপৰত এই এলামটো বজাৰ সংকেত কি তেওঁলোকে বুজি পোৱা নাছিল।
সেই কাৰণে তেওঁলোকে (ATC) এয়াৰ ট্ৰেফিক কন্টলৰ লগত সংযোগ কৰাটোৱে ভাল হ'ব বুলি ভাবিলে। তেওঁলোকে (ATC) ৰ লগত সংযোগ কৰি সকলো কথা ক'বলৈ ধৰিলে ।কৈ থাকোতেই আকৌ বহুত এলাম একেলগে বাজিবলৈ ধৰিলে। এই এলামবোৰৰ কাৰণে পাইলতৰ মাত (ATC) ব্যক্তিসকলে নুশুনা হৈ থাকিল। ফ্লাইটখনৰ মাষ্টাৰ ক'চন এলামো বাজিবলৈ ধৰিলে। যাৰ অৰ্থ আছিল ফ্লাইটখনৰ বহুত চিষ্টেম একেলগে অ'ভাৰ হিট হ'বলৈ ধৰিছে।
দুয়োজন প্লাইলতৰে অসুবিধা বাঢ়ি গ'ল। তেওঁলোকে বুজি পোৱা নাছিল এইবোৰ কিয় হৈছে। এইবোৰ দেখি ফ্লাইটখনৰ যাত্ৰীসকলে হুলথূল কৰিবলৈ ধৰিলে আৰু ক্ৰু মেম্বাৰে যাত্ৰীসকলক শান্ত হৈ থাকিবলৈ অনুৰোধ কৰিলে। যাত্ৰীসকলে ভালকৈ উশাহ ল'ব পৰা নাছিল। সেই কাৰণে সকলোৰে অক্সিজেন মাস্কবোৰ তললৈ নামি আহিল। যেতিয়া ফ্লাইটখনত অক্সিজেনৰ মাত্ৰা কমি যায়, তেতিয়া অক্সিজেন মাস্কবোৰ নিজেই নিজেই তললৈ নামি আহে।
এইবোৰ হৈ থাকোঁতে ফ্লাইটখন প্ৰায় ১৮ হাজাৰ ফুট ওপৰত আছিল। প্লাইলতকেইজনে বাৰে বাৰে (ATC) ৰ লগত সংযোগ কৰি তেওঁলোকৰ সমস্যা বিষয়ে ক'ব বিচাৰি আছিল। কিন্তু তেওঁলোকৰ কথাবোৰ (ATC) য়ে শুনাই নাছিল। কিছু সময়ৰ পাছত ফ্লাইটখনৰ (ATC) ৰ লগত সংযোগ একেবাৰে নাইকীয়া হৈ গ'ল। তাৰ পিছতো (ATC) য়ে ফ্লাইটখনৰ লগত সংযোগ কৰিবলৈ চেষ্টা কৰিলে । কিন্তু তেওঁলোকে একো উত্তৰ নাপালে।
ফ্লাইটখনে ওপৰলৈ গতি কৰি আছিল। প্ৰায় ভাগ ফ্লাইটখনৰ ১ ঘন্টা ৪৫ মিনিট সময় লাগে। অৰ্থাৎ ১০-৪৫ মিনিটত এই ফ্লাইটখন গ্ৰীক দেশৰ এথেন্স ইন্টাৰনেছনেল এয়াৰপৰ্ট পাব গৈ লাগে। ৯-৩৪ মিনিটত ফ্লাইটখন ৩৪ হাজাৰ ফুট ওপৰ গৈ পালে। তাৰ পিছত ৯-৩৭ মিনিটত এই ফ্লাইটখন এথেন্সৰ ফ্লাইট ইনফৰমেচন ৰিজন গৈ পালে আৰু ১০-১২ মিনিট হৈ যোৱা পৰা ১০-৫০ মিনিটলৈ এথেন্স (ATC) য়ে এই ফ্লাইটখনৰ লগত ৰেডিঅ' কলৰ জৰিয়তে সংযোগ কৰিবলৈ বিচাৰি আছিল। কিন্তু তেওঁলোকে একো উত্তৰ নাপালে।
১০-৪৫ মিনিটত হৈ গৈছিল আৰু এই সময়তে ফ্লাইটখন এথেন্স ইন্টাৰনেছনেল এয়াৰপৰ্টত নামিব লাগিছিল। কিন্তু ফ্লাইটখনৰ একো খবৰ নাছিল। এথেন্স (ATC) য়ে দূৰ্ঘটনাৰ সম্ভাৱনা দেখি দুখন বহুত ভাল এফ ১৬ ফ্লাইট সেই বিমানখনক বিচাৰিবলৈ যাবলৈ দিলে। অলপ সময়ৰ পিছতেই এইকেইখন ফ্লাইটে সেই বিমানখন বিচাৰি পালে আৰু এখন এফ ১৬ ফ্লাইট উৰি আহি এই বিমানখনৰ বহুত ওচৰলৈ আহিছিল ।ভিতৰত কি হৈ আছে চাবলৈ।
তেতিয়া তেওঁ দেখিলে ক্ৰ পাইলতৰ ঠাইত কোনোবা বহি আছে আৰু মুখ্য প্লাইলত জনে মূৰ তললৈ কৰি বহি আছে। তাৰ পিছত এই ফাইটাৰ জেট পিছলৈ গ'ল আৰু ভিতৰত কি হৈছে চালে। কিন্তু আচৰিত কথা এটা আছিল ইমান ওচৰত দুখন ফাইটাৰ জেট ফ্লাইট উৰি থকাৰ পিছতো কোনেও তেওঁলোকক ঘূৰি চোৱা নাছিল।
১১-৪৯ মিনিটত ফাইটাৰ জেটৰ পাইলত কেইজনে দেখিলে এজন ব্যক্তি কেবিনৰ ফালে উঠি গৈছে। কিছু সময়ৰ পিছত সেই ব্যক্তিজন পাইলতৰ চিটত বহা দেখা পোৱা গ'ল। ফাইটাৰ জেট ফ্লাইটৰ পাইলত জনে ইংগিত বা সংকেত দি কি হৈছে সেই ব্যক্তিজনক সুধিবলৈ চেষ্টা কৰিলে। সেই ব্যক্তিজনেও ফাইটাৰ জেট ফ্লাইটৰ পাইলত জনক কিবা ক'বলৈ চেষ্টা কৰিলে কিন্তু একো ক'ব নোৱাৰিলে। ( Assamese Fact )
১১-৫০ মিনিটত ফ্লাইটখনৰ বাওঁ ফালৰ ইঞ্জিনটোৱে কাম কৰিবলৈ বন্ধ কৰি দিলে আৰু বাওঁফালতো তললৈ হেঁচা খাই নামিবলৈ ধৰিলে। সেই ব্যক্তিজনে কৰিবলৈ বহুত চেষ্টা কৰিছিল ।কিন্তু কৰিব পৰা নাছিল। ১২ টা বজাত ফ্লাইটখনৰ সোঁফালৰ ইঞ্জিনটোৱে কাম কৰিবলৈ বন্ধ কৰি দিলে আৰু ফ্লাইটখনৰ কন্টল নাইকীয়া হৈ গ'ল।
১২-৪ মিনিটত ফ্লাইটখন এথেন্স পৰা ৪০ কিলোমিটাৰ দূৰত থকা পাহাৰত খুন্দা খাই জ্বলি গ'ল আৰু তাত থকা সকলো মানুহৰে মৃত্যু হ'ল। ভাবক চোন কিমান ভয়ানক মহূৰ্ত আছিল আৰু ফাইটাৰ জেট ফ্লাইটৰ পাইলত কেইজনৰ কেনেকুৱা লাগিছিল তেওঁলোকৰ চকুৰ আগতে সেইবোৰ হ'ল আৰু তেওঁলোকে একো কৰিব নোৱাৰিলে।
তাৰ পিছত এই ঘটনাটো সকলোতে বিয়পি পৰিল। মানুহৰ মৃত শৰীৰবোৰ এটা এটাকৈ বিচাৰি উলিওৱা হ'ল। দূৰ্ঘটনাত মৃত্যু হোৱা কিছুমান মানুহৰ যেতিয়া পৰীক্ষা কৰা হ'ল তেতিয়া এটা আচৰিত কথা জানিবলৈ পোৱা গ'ল। ফ্লাইটত থকা বহুত মানুহ আৰু পাইলত ফ্লাইটত জুই জ্বলি যোৱা আগতেই মৃত্যুমুখত পৰিছিল। যদি আগতেই প্লাইলত মৰি গৈছিল তেতিয়া ২ ঘন্টা কোনে ফ্লাইটখন উৰোৱাই বা কন্টল কৰি আছিল। সেই যে ব্যক্তিজন ফাইটাৰ জেট ফ্লাইটৰ পাইলত কেইজনে দেখিছিল তেওঁয়েই ফ্লাইটখন উৰোৱাই বা কন্টল কৰি আছিল।
কাৰণ শেষত তেওঁ মাত (ATC) ত শুনা গৈছিল সহায় কৰিবলৈ। এইটো কিয় হ'ল জানিবলৈ চেষ্টা কৰোঁতে এটা কথা গম পোৱা গ'ল বাওঁফালটো তললৈ হেঁচা খাই নামিবলৈ ধৰিছিল যে তাৰ কাৰণ হ'ল সেই ফালৰ ইঞ্জিনটোৰ ফিউল শেষ হৈ গৈছিল। তাৰ পিছতো গোটেই কথা গম পাবলৈ বাকী আছিল তেনেকুৱাতে এজন অফিচাৰৰ চকু এটা চুইচত পৰিল। যিটো চুইচত আছিল ফ্লাইটখনৰ পেচাৰ সন্তোলিত কৰা।
এই চুইচটো দেখাৰ পাছতেই সেই অফিচাৰজনে গোটেই কাহিনীটো বুজি পালে। এই পেচাৰ চুইচটোৱে গোটেই ফ্লাইটখনৰ এয়াৰৰ পেচাৰক সন্তোলিত কৰি ৰাখে। ইঞ্জিনকেইটাই বাহিৰৰ বতাহক অলপ অলপকৈ ভিতৰলৈ ঠেলি থাকে।এই পেচাৰ চুইচটোক অট'মেটিক কৰিয়ে ৰখা হয় আৰু যদি মেনুৱেল কৰা হয় তেতিয়া প্লাইলত আৰু ক্ৰ প্লাইলতে এই কথাটো ধ্যান ৰাখিব লাগে।
ঘটনাৰ এদিন আগতে এই ফ্লাইটখনক ৰুটিন চাৰ্ভিচিঙলে নিয়া হৈছিল আৰু সেই খনৰ চাৰ্ভিচিং কৰা হৈছিল আৰু তাতে তেওঁলোকে এই পেচাৰ চুইচটোক মেনুৱেল কৰি পাইলতক দি দিলে। উৰা আগত পাইলত আৰু ক্ৰ প্লাইলতজনে নাচালেই যে তেওঁলোকৰ ফ্লাইটখন মেনুৱেল মুদত আছে। সেই কাৰণেই লাহে লাহে ফ্লাইটখনত অক্সিজেনৰ মাত্ৰা কমিবলৈ ধৰিছিল আৰু যাত্ৰীসকলে অক্সিজেন নোপোৱা হৈছিল। কিন্তু পাইলতত কেইজনৰ এইটো কথালে মনয়ে নগ'ল।
তাৰ ফলত কেবিনেটতো অক্সিজেনৰ মাত্ৰা কমিবলৈ ধৰিছিল আৰু প্লাইলতকেইজন অচেতন হৈ পৰিছিল। যাত্ৰীসকলে অক্সিজেন মাস্ক পিন্ধিছিল যদিও সেইবোৰে অকল ১২ মিনিটহে অক্সিজেন দিয়ে তাৰ ফলত তেওঁলোকো অচেতন হৈ পৰিছিল আৰু লাহে তেওঁলোকৰ মৃত্যু হৈছিল। ফ্লাইটখন অট' পাইলত মুদতে এথেন্সৰ ফালে আগবাঢ়ি গৈ আছিল।
কিন্তু এজন ব্যক্তিৰ বাদে সকলোৰে মৃত্যু হৈছিল আৰু তেওঁ আছিল ফ্লাইটখনৰ এটেনডেন্ট এনডিয়াচ প্ৰড'ম'। এতিয়া আপোনালোক এটো ভাবিছে চাগে এনডিয়াচ নামৰ ব্যক্তিজন ইমান দেৰি কেনেকৈ জীয়াই আছিল। কাৰণ তেওঁ সাঁতুৰিব জানিছিল আৰু সাগৰৰ তলতো সাঁতুৰিছিল। এওঁলোকে দীঘলীয়া সময়ৰ লৈকে উশাহ ৰখাই থ'ব পাৰে। সেই কাৰণে তেওঁ ইমান দেৰি জীয়াই আছিল। অক্সিজেন নাইকীয়া হোৱাৰ ফলত তেওঁৰো অৱস্থা বেয়া হৈ পৰিছিল ।
কিন্তু তথাপিও তেওঁ যেনেতেনে কেবিনলৈ গৈ ফ্লাইটখন কন্টল কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ সফল হ'ব নোৱাৰিলে। শেষত ফ্লাইটখন গৈ পাহাৰত খুন্দা খাই জ্বলি গ'ল।
এই ঘটনাটোৰ ১৫ মাহ পাছত গ্ৰীকৰ অধিকাৰীসকলে এই ঘটনাটোৰ ৰিপ'ৰ্ট সন্মুখলৈ আনিলে আৰু ক'লে এই ঘটনাটোৰ কাৰণে অকল এটা চুইচহে দোষী। কিন্তু তেওঁলোকে চুইচটোক দোষী বুলি ক'লে ও আচল দোষী সেই চাৰ্ভিচিং চেন্টাৰৰ ব্যক্তিকেইজন আছিল।
কাৰণ তেওঁলোকে চুইচটো অট' ৰ পৰা মেনুৱেল কৰি দিছিল আৰু সেই কথাটো তেওঁলোকে কাকো কোৱা নাছিল। তেওঁলোকে নিজেই চুইচটো অট' কৰি দিব লাগিছিল বা পাইলটকেইজনক এই কথাটো ক'ব লাগিছিল।
কিন্তু তেওঁলোকে নকৰিলে আৰু ন'কলে। তেওঁলোকে এই ভুলটো নকৰা হ'লে ইমান মানুহৰ মৃত্যু নহ'ল হেঁতেন।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।
No comments:
Post a Comment