প্ৰিয় পাঠকসকল আপোনালোকে জানেনে পৃথিৱীৰ আটাইতকৈ ডাঙৰ জাহাজ টাইটানিক যেতিয়া ডুবি গৈছিলে তেতিয়া পৃথিৱীৰ মানুহবোৰৰ এইটো জানিবলৈয়ে ৭৫ বছৰ লাগি গৈছিলে যে সেইখন কোন ঠাইত ডুবিছিলে। ( Assamese Fact )
আপোনালোকে ইয়াৰ পৰাই অনুমান কৰিব পাৰিছে সাগৰ এখন কিমান গভীৰ হ'ব পাৰে।কোৱা হয় টাইটানিকৰ ওপৰৰ চিমনিটো হেনো ইমান ডাঙৰ আছিল যে সেইটোৰে এখন ৰেলগাড়ী পাৰ হৈ যাব পাৰিছিল ।সঁচাই বৰ আচৰিত নহয়নে?
কিন্তু আচৰিত কথা এইটোও যে ১০০বছৰ অতিক্ৰম কৰাৰ পাছতো এতিয়াও সেইখন পানীৰ পৰা উদ্ধাৰ কৰিব সক্ষম হোৱা নাই। আমেৰিকাৰ এজন ফটোগ্ৰাফাৰে বহু চেষ্টা কৰি অবশেষত টাইটানিক ডুবা ঠাইৰ সন্ধান উলিয়ালে। কিন্তু ইমান দিন হোৱাৰ পাছতো আৰু টেকন'লজিৰ অভূতপূৰ্ব দক্ষতাৰ পাছতো সেইখন উদ্ধাৰ কৰিব পৰা হোৱা নাই।
বহুতো মানুহৰ মনত ইয়াক লৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হয়। পৃথিৱীৰ এই আটাইতকৈ ডাঙৰ জাহাজখনৰ ওজন প্ৰায়১লাখ ৪৩হাজাৰ টনতকৈও অধিক আছিল। যি ঠাইত এইখন ডুবিছিলে তাৰ গভীৰতা আছিল প্ৰায় ৪ কি.মি.। সমুদ্ৰপৃষ্ঠৰ সেই গভীৰতালৈ যোৱাৰ পাছত টাইটানিকৰ ওজন ৫০ গুণ অধিক হৈ গৈছিল।
সমুদ্ৰৰ সেই ঠাই পোৱাৰ পাছত পানীৰ প্ৰেচাৰ কিমান বাঢ়ি গৈছলে ভাবি চাওঁক। মানুহে যদি একো সৰঞ্জাম নোহোৱাকৈ তালৈ যাব খোজে তেওঁৰ লিভাৰ ফাটি যাব।
১৯৮৫ চনত ইয়াক যেতিয়া পানীৰ তলত বিচাৰি উলিয়াইছিল তেতিয়া ইয়াৰ অবস্থা বহুত বেছি বেয়া হৈ গৈছিল। কিন্তু তথাপিও চেষ্টা চলিয়েই আছিল ইয়াক পানীৰ ভিতৰৰ পৰা উলিয়াবলৈ। এজন ইঞ্জিনিয়াৰে কৈছিলে যে এই জাহাজখন উলিয়াবলৈ বহুত গধুৰ চুম্বকৰ প্ৰয়োজন হ'ব।
কিন্তু এতিয়ালৈকে এই কথা সম্ভৱ হোৱা নাই। আৰু এজনে কৈছিল যে পিংপংগ বলৰ দ্বাৰা ইয়াক উঠোৱা সম্ভৱ হ'ব। এইদৰে অদ্ভূত আৰু অবাস্তৱ কথা কৈ তেওঁলোকে মানুহৰ সময় নষ্ট কৰিছিল।
আকৌ এজন ইঞ্জিনিয়াৰে কৈছিলে যে ডাঙৰ ডাঙৰ বেলুনৰ ব্যৱহাৰ কৰি এই কাম কৰিলে পৰা হ'ব। আকৌ এজনে কৈছিল যে টাইটানিক জাহাজখনৰ চাৰিওফালৰ পানীবোৰ বৰফ বনাই দিলেই এই সমস্যাৰ সমাধান হ'ব।
কিন্তু আপুনি জানি আচৰিত হ'ব যে ইমান ডাঙৰ এৰিয়াটো বৰফেৰে পৰিপূৰ্ণ কৰিবলৈ ৫লাখ টন লিকোয়িড নাইট্ৰজেনৰ প্ৰয়োজন হ'ব। তাতকৈও আচৰিত যে সমুদ্ৰৰ সেই গভীৰতালৈ এই গেছ লৈ যোৱাতো সম্ভৱেই নহয়।আৰু এজনৰ মতে ৰবটিক মেচিনৰ ব্যৱহাৰ কৰি জাহাজখন চাফা কৰি ডাঙৰ ছাবমেৰিনৰ দ্বাৰা ইয়াক উলিয়াব পৰা যাব। এইয়া কৰিবৰ বাবে ৩০কিলোৱাট টন বিজুলীৰ অৱশ্যক হ'ব যি সম্ভৱ নহয়। এইদৰে বহুতো উপায় ওলাল কিন্তু অৰ্থ বা বস্তুৰ অভাৱত এইবোৰ সম্ভৱ নহ'ল ।
আপোনালোকে ভাবিছে যে ইয়াৰ কি লাভ হ'ব , কোনো কোম্পানীয়ে বিনা ফাইদাত ইমান ডাঙৰ প্ৰজেক্ট হাতত নলয়। কিছু লোকৰ মতে ইয়াক উলিয়াই মিউজিয়ামত ৰাখিব পৰা যাব। কিন্তু তাৰ অন্য কোনো লাভালাভ নথকাত কোনেও ইমান অৰ্থ ব্যয় কৰিবলৈ আগবাঢ়ি নাহিল।
বিজ্ঞানীসকলে অনুমান লগাইছে যে প্ৰায় ২০৩০ চনলৈ এই জাহাজখন সমুদ্ৰৰ পৰা নাইকীয়া হৈ যাব কাৰণ তাত থকা বেক্টেৰিয়াই ইয়াক এফালৰ পৰা খাব লাগিছে। আজিকালি টাইটানিকতকৈও ডাঙৰ জাহাজ ওলাই গ'ল।
কিন্তু ১২০বছৰ আগতেই এনে এখন জাহাজ বনোৱাতো বহুত কষ্টকৰ আছিল। কোম্পানীয়ে তেতিয়া দাবী কৰিছিল যে ইমান ডাঙৰ জাহাজ কেতিয়াও পানীত নুডুবে । কিন্তু প্ৰথম দিনটোতেই ইয়াৰ কাল হ'ল। বহুতো মানুহৰ মৃত্যু হয় আৰু যিসকলে সাঁতুৰিব জানিছিল তেওঁলোক খুব ঠাণ্ডা পানীৰ বাবে মৃত্যুৰ মুখত পৰিল। প্ৰায় ১৭০০লোক এই দুৰ্ঘটনাটোত মৃত্যু মুখত পৰে।
আপুনি বিশ্বাস নকৰিব যে এই জাহাজখন বনাওতে প্ৰায় ৭৫ লাখ ডলাৰ টকাৰ খৰচ হৈছিল। জাহাজখন ডুবাৰ ৯০ বছৰ পাছত এখন চিনেমা আহিছিল যাৰ নাম আছিল টাইটানিক। এই চিনেমাখনে বহুত অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। এই চিনেমাখনে অস্কাৰ বঁটাও পাবলৈ সক্ষম হৈছিল। আশাকৰোঁ আপোনালোকে টাইটানিকৰ বিষয়ে জানিবলৈ পায় বহুত আনন্দিত হৈছে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।
No comments:
Post a Comment