উৰাজাহাজ আকাশত কেনেকৈ উৰে জানি লওঁক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, January 28, 2022

উৰাজাহাজ আকাশত কেনেকৈ উৰে জানি লওঁক : Assamese Fact

Assamese Fact


উৰাজাহাজে বতাহত ঘূৰে কেনেকৈ? উৰে কেনেকৈ? এইবোৰ প্ৰশ্ন চাগে আপোনালোকৰ মনত উৎপন্ন হয়।  Assamese Fact )


 ইমান গধুৰ উৰাজাহাজখন কেনেকৈ বতাহত বা ওপৰত উৰে। আমি আমাৰ চাইকেল খনেই আকাশত বা বতাহত উৰোৱাব নোৱাৰোঁ । কিন্তু ইমান গধুৰ উৰাজাহাজখন বতাহত বা ওপৰত উৰে। ইয়াৰ উত্তৰ বিজ্ঞানত পোৱা যায়। বিজ্ঞানে যিমান বেচি সফলতা অৰ্জন কৰিলে সিমান বেছি বিভিন্ন বস্তু উদ্ভাৱন কৰিবলৈ ল'লে আৰু উৰাজাহাজো বনালে। ৪০০-৬০০ টন ওজনৰ উৰাজাহাজে আকাশত উৰা লগতে ইমান তীব্ৰ গতিত উৰে যে চকু আগতে গৈ সি ক'ৰবাত পাই আৰু নাইকীয়া হৈ পৰে। 


বতাহতে পথ সলনি কৰে বা ঘূৰে।উৰাজাহাজে বতাহত কেনেকৈ উৰে সেইটো জনাতকৈও উৰাজাহাজে ইমান তীব্ৰ গতিত যোৱা পাছতো কেনেকৈ পথ সলনি কৰে বা  ঘূৰে তাক জনাটো আৰু উৎসাহ জনক।


 এঘন্টাত  হাজাৰ কিলোমিটাৰ পাৰ হৈ যাব পাৰে এই উৰাজাহাজে।উৰাজাহাজ ইঞ্জিনিয়াৰ আৰু বৈজ্ঞানিক সকলৰ দ্বাৰা সংৰচনা কৰা বহুত আচৰিত এটা বস্তু। কোৱা হয় যে য'ত বিজ্ঞান আছে তাত সকলো সম্ভৱ। বিজ্ঞানে বহুত সফলতা অৰ্জন কৰিছে। আগতে অকল ভগৱানেহে বতাহত উৰিছিল। কিন্তু এতিয়া বিজ্ঞানৰ ফলত মানুহেও বতাহত উৰিব পাৰে।


উৰাজাহাজ ৪ টা সিদ্ধান্ত ফলতেই বতাহত উৰে। সেই কেইটা হ'ল-


Drag, Lift, Thrust আৰু  Weight। এতিয়া আপোনালোকে ভাবিব এই চাৰিটাত কি আছে ।যাৰ ফলত উৰাজাহাজখন উৰে।এই শব্দটোকেইটা শুনিবলৈ চাগে বহুত আচৰিত লাগিছে। যিবোৰ দেখা পোৱা ও নাযায়।


যিবোৰ দেখা পোৱা নাযায় সেইবোৰৰ সহায়ত উৰাজাহাজখন কেনেকৈ উৰে। এতিয়া এইসমূহ বিষয়ে জানো আহঁক-


প্ৰথমতে উৰাজাহাজখনৰ ইঞ্জিনৰ বিষয়ে জানো আহঁক।উৰাজাহাজখনৰ ইঞ্জিনে উৰাত সহায় নকৰে।ই অকল উৰাজাহাজখন আগবাঢ়ি যোৱাত সহায় কৰে। 


আপোনালোকে দেখিছে চাগে উৰাজাহাজখনৰ দুয়োফালে দুটা ডাঙৰ ডাঙৰ ইঞ্জিন থাকে।এই দুয়োটা ইঞ্জিন নিউটনৰ থাৰ্ড ল' অফ মচনৰ সিদ্ধান্তত কাম কৰে। অৰ্থাৎ সন্মুখৰ পৰা অহা বতাহক এই দুয়োটা ইঞ্জিনে ভিতৰলৈ টানি আনে আৰু সম্পূৰ্ণ জোৰ দি সেইখিনি পিছে দি উলিয়াই দিয়ে। 


এনেকুৱা কৰা ফলত উৰাজাহাজ খন আগলৈ যাবলৈ বাধ্য হয়। উদাহৰণ স্বৰূপে- আপোনালোকে যদি এটা বেলুনত বতাহ ভৰাই উৰোৱাই দিয়ে। তেতিয়া আপোনালোকে দেখিব যে বেলুনৰ পৰা যিমানে বতাহ উলাই গৈ থাকিব সিমানেই বেলুনটো আগবাঢ়ি গৈ থাকিব। 


ঠিক এইটো কাৰ্যয়ে উৰাজাহাজৰ ইঞ্জিনে কৰে। দাৰ্গ ফ্ৰৰ্জে উৰাজাহাজখন উৰাত কেনেকে সহায় কৰে। এইটো আমি এটা উদাহৰণৰ যোগেদি জানো আহঁক। আপোনালোকে বাছ ,ট্ৰেন বা অন্য বাহনত গৈছে চাগে। তাত গৈ থাকোঁতে আপোনালোকে হাতখন বাহিৰলৈ উলিয়ালে সন্মুখৰ পৰা অহা বতাহে আপোনালোকৰ হাতখন পাছলৈ ঠেলিব। বেচি তীব্ৰ গতিত বাছ বা অন্য বাহন যদি গৈ থাকে তাৰ ঘৰ্ষণৰ ফলত জুই জ্বলি যাব পাৰে।যদি বেচি তীব্ৰ গতিত বাছ বা অন্য বাহন গ'লে জুই জ্বলি যাব পাৰে, তেতিয়া উৰাজাহাজত জুই নজ্বলে কিয়? 


উৰাজাহাজখনৰ আকৃতি এনেকুৱা হয় যে সি বতাহৰ তীব্ৰ গতিক ফালি আগবাঢ়ি যাব পাৰে। উৰাজাহাজখনৰ আকৃতিক এৰ'ডাইনেমিক চেপ বুলি কোৱা হয়। যাৰ সহায়তে উৰাজাহাজখনে  দাৰ্গ ফ্ৰৰ্জক ফালি আগবাঢ়ি যাব পাৰে। উৰাজাহাজখন Lift আৰু Weight ৰ সহায়তো উৰে। উৰাজাহাজ খন বতাহত থাকিবলৈ তাৰ লিষ্ট ফ্ৰৰ্জ তাৰ উৱেট ফ্ৰৰ্জতকে বেছি হ'ব লাগে। এইটো বাবে তাৰ উইংচ আৰু টেল থাকে। উৰাজাহাজৰ দুয়োটা উইংচ একেঠাইতে নাথাকে। যেনেকৈ লাগে তেনেকৈ ই সালসলনি হৈ থাকে। উইংচৰ পিছফালে লৰচৰ কৰিব পৰা কিছুমান পাৰ্ট লগোৱা থাকে।  ( Assamese Fact )


যি প্ৰয়োজন সাপেক্ষে ওপৰ, তল হৈ থাকে আৰু এই যে লৰচৰ কৰিব পৰে সেই কাৰণে লিষ্ট ফ্ৰৰ্জক তাৰ উৱেট ফ্ৰৰ্জৰ হিচাপত মিলাই ল'ব পাৰে।এই প্ৰক্ৰিয়াটোক এয়াৰফল মেকানিজিম প্ৰক্ৰিয়া বুলি কোৱা হয়। 


উৰাজাহাজৰ উইংচৰ সন্মুখত এটা চিল্ট লগোৱা থাকে আৰু পিছফালৰ অংশত এটা ফ্লেপ লাগি থাকে। যেতিয়া উৰাজাহাজখন তললৈ নামে তেতিয়া  পিছফালৰ অংশৰ এটা ফ্লেপক তললৈ হেঁচি দিয়া হয়। যাৰ ফলত সন্মুখৰ পৰা অহা দাৰ্গ ফ্ৰৰ্জ তললৈ হেঁচা খাই যায় আৰু উইংচৰ ওপৰেদি অহা ফ্ৰৰ্জ কম হৈ যায়। যাৰ ফলত লিষ্ট ফ্ৰৰ্জ বাঢ়ি যায়।  উৰাজাহাজখনৰ টেলতো দুটা উইংচ থাকে। যাক এলিবেটাৰ বুলি কোৱা হয়।এই এলিবেটাৰেও প্ৰয়োজন সাপেক্ষে নিজৰ গতি সালসলনি কৰি থাকে।উৰাজাহাজখনৰ এলিবেটাৰৰ কাম এইটো যে তাত লাগি থকা ভাৰ্টিকেল ফ্ৰৰ্জক প্ৰয়োজন অনুসৰি বজায় ৰখা।


 উৰাজাহাজৰ পিছফালে এটা ৰিঙৰ দৰে থাকে যাক ৰেডাৰ বুলি কোৱা হয়। এই ৰেডাৰৰ কাম হ'ল উৰাজাহাজখনৰ হৰিজেন্টল ফ্ৰৰ্জক প্ৰয়োজন অনুসৰি বজায় ৰখা।এই ৰেডাৰেও প্ৰয়োজন সাপেক্ষে নিজকে সালসলনি কৰে। 


উৰাজাহাজখন ঘূৰাতো এই ৰেডাৰে বহুত ডাঙৰ ভূমিকা পালন কৰে। কিন্তু অকল ৰেডাৰৰ সহায়তে উৰাজাহাজখনে ঘূৰিব নোৱাৰে। যেতিয়া  ঘূৰিব লগা হয় তেতিয়া উৰাজাহাজখনৰ এফালৰ উইংচক তললৈ হেঁচা দিয়া হয় আৰু আনফালৰ উইংচক ওপৰলৈ।


অকল ৰেডাৰৰ সহায়ত উৰাজাহাজখনে গতি সলনি কৰা হ'লে তাত বহি থকা  যাত্ৰী ইফাল সিফাল হৈ গ'ল হেঁতেন। তললৈ নামাতো উৰাজাহাজত লাগি থকা চিল্টক তললৈ হেঁচা দিয়া হয় আৰু ফ্লেপক ওপৰলৈ উঠাই দিয়া হয়। যাৰ ফলত লিষ্ট ফ্ৰৰ্জ তাৰ উৱেট ফ্ৰৰ্জ সমান হৈ পৰে। ইয়াৰ লগতে উৰাজাহাজখনৰ দুয়োটা ইঞ্জিনে ত্ৰাচ ফ্ৰৰ্জক ৰিভাইচ কৰি দিয়ে । অৰ্থাৎ চলি থাকোঁতে যিয়ে বতাহ ভিতৰলৈ টানিছিল সি নামোতে বতাহ সোমাৱাত বাধা দিয়ে আৰু বতাহক আনফালে ঠেলে।  ইয়াৰ লগতে নামোতে উৰাজাহাজখনৰ স্পইলৰো সক্ৰিয় হৈ পৰে। যিয়ে বহু পৰিমাণে দাৰ্গ ফ্ৰৰ্জ নিৰ্মাণ কৰে।যাৰ ফলত উৰাজাহাজখন ৰ'ব পাৰে বা ৰোৱাত সহায়ক হয়। এই কাৰ্য সমূহ উৰাজাহাজত বহি থকা প্লাইলত আৰু তেওঁৰ সহযোগী প্লাইলতজনে নিয়ন্ত্ৰণ কৰে আৰু সঠিক ৰূপে উৰাজাহাজখন উৰোৱাই বা তললৈ নমায়।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages