আমাৰ জীৱনত হোৱা সকলোবোৰ আগতেই নিৰ্ধাৰিত হৈ থাকে নেকি জানি লওঁক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, January 25, 2022

আমাৰ জীৱনত হোৱা সকলোবোৰ আগতেই নিৰ্ধাৰিত হৈ থাকে নেকি জানি লওঁক : Assamese Fact

Assamese Fact


মানুহে কয় জোৰা ভগৱানে বনাই। ভগৱানেই জোৰা বনাই এই পৃথিৱীলৈ পঠিয়াই। ( Assamese Fact )


 বহুত মানুহে এইটো ভাবে যে বিয়া আগৰেই পৰা কাৰ লগত হ'ব খাটাং থাকে নি? ভগৱানে আগতেই সকলো ঠিক কৰি পঠিয়াই নি?


মনত এটা প্ৰশ্ন উঠে যদি জোৰা আগতেই ঠিক থাকে তেতিয়া কিছুমানে জীৱন সংগী কিয় নাপায়। কিয় তেওঁলোক গোটেই জীৱন বিয়া নপতাকৈ থাকিব লগা হয়।


 আমাৰ আশে-পাশে এনেকুৱা বহুত মানুহ আছে যাৰ বিয়া নহ'ল।যেতিয়া আপোনালোক প্ৰেমৰ সম্পৰ্কত থাকে, তেতিয়া আপোনালোকে বিবাহৰ সম্পৰ্কত বান্ধ খাব বিচাৰে। কিন্তু কিছুমান প্ৰেমৰ সম্পৰ্ক ভাঙি যায় আৰু আপোনালোকে ভাবে হয়তো ভগৱানে মোৰ কাৰণে কাকো বনোৱাই নাই।


 কিন্তু কিছুমান এনেকুৱা আছে যাৰ জীৱনলৈ কোনো প্ৰেমৰ সম্পৰ্ক অহাই নাই। কিন্তু তেওঁলোকৰ চিধা বিয়াহে হয় আৰু এনেকুৱাও কিছুমান আছে যাৰ জীৱনলৈ কোনো নাহেই।বিয়াও নহয়।


এই সকলোবোৰ কি,কিয় আৰু কি কাৰণে।বুজাতো বহুত কঠিন। বহুবাৰ বিয়া হোৱাৰ পিছতো সম্পৰ্ক ভাঙি যায়।হয়তো ইটোৱে সিটোৰ লগত থাকি থাকি আমনি পোৱা হয় আৰু সেই কাৰণে ইটোৱে সিটোক এৰি দিয়ে। 


মানুহৰ যেতিয়া বেয়া সময় আহে বা চলি থাকে তেতিয়া এইসমূহ প্ৰশ্ন মনত বহুত আহে যে কিয় হ'ল,কি কাৰণে হ'ল ইত্যাদি। কিছুমান মানুহক আপুনি বা আমি দেখিলে বহুত ভাবো যে এওঁলোকৰ সম্পৰ্ক ইমান ভাল কেনেকৈ। ( Assamese Fact )


ভগৱানে এওঁলোকক কি দি বনালে।মোৰ জীৱনত কিয় কোনো নাই। যি আছিল সেইয়াও মই বিচাৰা দৰে নাছিল কিয়। ভগৱানে এই পৃথিৱীলৈ সকলো মানুহকে এটা এটা বেলেগ কামৰ বাবে পঠিয়াই।


 আপুনি বা আপোনালোকে জীৱনটো ভালকৈ চাওঁক ভগৱানে আপোনাক কি কৰ্মৰ কাৰণে পঠিয়াইছে।যি কৰ্ম জীৱনত বেছিকৈ কৰিবলৈ ভগৱানে আপোনাক পঠিয়াইছে সেই কৰ্ময়ে আপোনাৰ ওচৰত বেছি থাকিব। বাকীবোৰ অলপ অলপহে থাকিব। 


কাৰোবাৰ সম্পৰ্কত যদি বহুত মৰম থাকে তাৰ অৰ্থ হ'ল তেওঁলোকে আগৰ জন্মৰ কিবা প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰিব বা ভগৱানে তেওঁলোকক প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰিবলৈ পঠিয়াইছে। কিছুমানৰ ব্যৱসায় বহুত ভালকৈ চলে কিন্তু সম্পৰ্কটো ভালকৈ নচলে। 


কাৰণ ভগৱানে তাক ব্যৱসায় কৰিবলৈ পঠিয়াইছে।ঠিক সেইদৰে কিছুমান মানুহৰ জীৱনলৈ বিবাহৰ যোগ নামেই। সেই কাৰণে তেওঁলোকে গোটেই জীৱন অকলশৰীয়া হৈ থাকে। 


কাৰণ তেওঁলোকক চাগে ভগৱানে কিবা বহুত ডাঙৰ কাম কৰিবলৈ পৃথিৱীলৈ পঠিয়াইছে। সেই কাৰণে তেওঁলোকে পত্নী বা স্বামী নাপায়। কাৰণ এইটোকৈ ডাঙৰ কৰ্ম তেওঁ জীৱনত কৰিব লাগিব চাগে।


 সেই কাৰণে এইটো মানি লওঁক যে বিয়া বা বিবাহ আগতেই ঠিক হৈ থাকে।যেতিয়া আৰু য'ত হ'ব লগা আছে হ'বয়ে। সেই দিনা সেই সময়তে হ'ব আৰু সেইজন ব্যক্তিৰ লগতে হ'ব। 


যাৰ লগত আপোনাৰ বিয়া ভগৱানে ঠিক কৰিছে।লাগিলে আপোনাৰ প্ৰেমৰ সম্পৰ্ক হওঁক। সি কেতিয়াবা সাৰ্থক হ'ব পাৰে আৰু কেতিয়াবা নহ'বও পাৰে। ভগৱানে সকলোকে কিবা নহয় কিবা কৰিব পঠিয়াইছে যাতে সমাজখন আগবাঢ়ি যায়। 


ভগৱানে অকল বিবাহেই নহয় ।কিমান দিন জীয়াই থাকিব আৰু কি কৰ্ম কৰিব আৰু কিয় কৰিব সকলো ঠিক কৰিয়ে থয়। মৃত্যুও সেই সময়তে হ'ব যেতিয়া ভগৱানে ঠিক কৰি থৈছে।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

1 comment:

  1. আজিকালি ছোৱালীয়ে টকাহে চিনি পায়।। ভগবানৰে খেলি মেলি লাগি যায়।।।

    ReplyDelete

Advertisement

Pages