এবাৰ এজন ব্যক্তিয়ে গৌতম বুদ্ধক বহুত খঙ কৰিলে। তাৰ ইমান খঙ উঠিছিল যে সি জনা নাছিল সি আজি খঙতে কি কৰি দিব। ( Assamese Fact )
কাৰণ তেওঁৰ তিনিজন ল'ৰাই গৌতম বুদ্ধৰ চৰণত স্থান ল'লে।গৌতম বুদ্ধৰ শিষ্য হোৱাৰ পাছত তেওঁৰ তিনিজন ল'ৰাই যোগাসন, ধ্যান উপদেশ আদিতে ব্যস্ত থাকিছিল।
তেওঁ ভাবিছিল এনেকে হ'লে মোৰ মৃত্যুৰ পিছত মোৰ ব্যৱসায় কোনে চাব। মই ইমান কষ্ট কৰি মোৰ ব্যৱসায় প্ৰতিষ্ঠা কৰিছোঁ। এইবোৰ কথা ভাবি সেই মানুহজন ইমান খঙাল হৈ পৰে যে তেওঁ একো নভাবাকে গৌতম বুদ্ধৰ ওচৰলৈ গুচি যায়।
গৈ তেওঁ গৌতম বুদ্ধক দেখিলে। তেওঁ গৌতম বুদ্ধৰ শান্ত মুখখন দেখি তাতে তেওঁৰ আধা খঙ নাইকীয়া হ'ল। কিন্তু তেওঁটো ঘৰতে ভাবি আহিছিল আজি কিবা নহয় কিবা কৰিব আৰু গৌতম বুদ্ধক সেকা দিব।
তেওঁ গৌতম বুদ্ধৰ সন্মুখলৈ গ'ল আৰু গৌতম বুদ্ধয়ে ধ্যান কৰি,চকু মুদি আছিল। তেওঁৰ বহুত খঙ উঠিল। কিন্তু তেওঁ এইটো ভাবি পোৱা নাছিল তেওঁ এতিয়া কি কৰিব।
ভাবি নাপায় তেওঁ গৌতম বুদ্ধৰ মুখতে থুঁৱাই দিলে। তেওঁৰ এই কাৰ্যত শিষ্যসকল ক্ৰোধিত হৈ পৰিল। তেতিয়াই গৌতম বুদ্ধয়ে লাহে লাহে নিজৰ চকু খুলিলে।
কিন্তু তেওঁ খঙ কৰা নাছিল হাঁহিহে আছিল। তেওঁ ভাবিছিল গৌতম বুদ্ধয়ে নহ'লেবা শিষ্যসকলে কিবা ক'ব ।কিন্তু কোনেও একো ন'কলে।যেতিয়া কোনেও একো ন'কলে তেতিয়া তেওঁ তাৰ পৰা গুচি গ'ল।
ঘৰলৈ আহি মানুহৰ জনৰ অকল গৌতম বুদ্ধৰ হাঁহি থকা মুখখনেই মনত পৰি আছিল।ৰাতি তেওঁৰ টোপনি নাহিল আৰু তেওঁৰ প্ৰস্তাতাৱ হ'বলৈ ধৰিলে। ( Assamese Fact )
মই কি কৰিলোঁ মই এজন মহাত্মাৰ মুখত থুঁৱালো । বহুত ডাঙৰ ভুল কৰিলোঁ।কাইলৈ ৰাতিপুৱা গৈ তেওঁৰ ভৰিত ধৰি মই তেওঁক ক্ষমা খুজিম। মানুহজনৰ ৰাতিটো টোপনি নাহিল।
পিছদিনা তেওঁ সেই ঠাইলৈ গ'ল আৰু গৈ দেখিলে তাত নাইটো গৌতম বুদ্ধ আছিল আৰু নাইটো তেওঁৰ শিষ্যসকল। সুধি সুধি তেওঁ সেই ঠাই গৈ পালে য'ত গৌতম বুদ্ধ আৰু শিষ্যসকল আছিল।
তেওঁ গৌতম বুদ্ধৰ ভৰিত ধৰি ক্ষমা খুজিলে। তেতিয়াই গৌতম বুদ্ধয়ে চকু মেলি চাই যিটো ক'লে সকলোৱে শুনি আচৰিত হ'ল। কাৰণ গৌতম বুদ্ধয়ে ক'লে মই তোমাক ক্ষমা নকৰোঁ।
সেই মানুহজনে ক'লে মোৰ বহুত ভুল হ'ল মোক ক্ষমা কৰি দিয়ক। তাৰ পিছত আকৌ গৌতম বুদ্ধয়ে ক'লে মই তোমাক ক্ষমা নকৰোঁ,কৰিব নোৱাৰোঁ কলো ন।
তেতিয়া মানুহজনে ভাবিলে মই ইমান ডাঙৰ ভুল কৰিলোঁ নে মোক ক্ষমা নকৰে ।শিষ্যসকলেও আচৰিত হৈ আছিল। তেতিয়া এজন শিষ্যয়ে ক'লে- আপুনিটো সকলোকে ক্ষমা কৰি দিয়ে আৰু এওঁ এতিয়া নিজৰ ভুল মানি লৈছে এওঁকো ক্ষমা কৰি দিয়ক।
তেতিয়া গৌতম বুদ্ধয়ে ক'লে মই এওঁক কেনেকৈ ক্ষমা কৰোঁ এওঁ যেতিয়া একো ভুল কৰাই নাই। তেতিয়া মানুহজনে ক'লে কালি আপুনি ধ্যান কৰি থাকোঁতে মই যে ভুল কৰিছিলোঁ।
তেওঁৰ কথা শুনি গৌতম বুদ্ধয়ে ক'লে মই সেই মানুহজনক দেখাই নাই আৰু যদি তেওঁ আহে তেতিয়া মই তেওঁক কৈ দিম যে তোমাৰ ভুলৰ ক্ষমা বেলেগ এজনে খুজিলে।
মানুহজনে ভাবিবলৈ ধৰিলে মই ইমান ডাঙৰ ভুল কৰিলোঁ আৰু গৌতম বুদ্ধয়ে কৈছে মই একো ভুল কৰা নাই।গৌতম বুদ্ধয়ে ক'লে - যিজন ব্যক্তিয়ে ভুল কৰিছিল সেই জন এতিয়া নাই আৰু এতিয়া যিজন মোৰ ওচৰত আছে সেইজনে একো ভুল কৰা নাই।
সেই মানুহজনে ভাবিলে গৌতম বুদ্ধয়ে মোক ক্ষমাও কৰিলে আৰু মোক ভুল কৰা বুলি অনুভৱো কৰিবলৈ নিদিলে।
আমি ও গৌতম বুদ্ধৰ দৰে ক্ষমা কৰিবলৈ শিকিব লাগে। আমি আমাৰ মগজু আৰু মন শান্ত কৰি ৰাখিব লাগে তেতিয়াহে আমাৰ বেয়া ভাববোৰ নাইকীয়া হ'ব।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।
No comments:
Post a Comment