কোৱা হয় যে পুৰুষৰ উন্নতিত স্ত্ৰীৰ হাত থাকে। যদি পত্নী ভাল হয় আৰু সকলো সময়তে লগ দিয়ে , তেনেকুৱা পত্নী পালে সকলো পুৰুষেই উন্নতি কৰিব পাৰে। ( Assamese Fact )
যদি পত্নী আৰু স্বামী মাজত কাজিয়া হৈ থাকে। তেতিয়া স্বামীৰ কামত মন নবহে আৰু উন্নতি নহয়। সেই কাৰণে পত্নী আৰু স্বামীয়ে বুজিব লাগে আৰু কাজিয়া কৰিব নালাগে।
কাৰণ সেই কাজিয়াৰ প্ৰভাৱ কামত বা উন্নতিত পৰে।যদি পত্নী আৰু স্বামীয়ে বুজা বুজি মাজেৰে চলে তেতিয়া ঘৰ মান-সন্মান সকলো বাঢ়িব। কিন্তু যদি কাজিয়া কৰি থকা হয় তেতিয়া অকল সেইবোৰকে ভাবি থকা হয় আৰু যাৰ ফলত উন্নতি ৰখি যায়।
সময় থাকোঁতেই আগবাঢ়ি যাওঁক নহ'লে জীৱনত কেতিয়াও সফলতা অৰ্জন কৰিব নোৱাৰিব।সময় এবাৰেই আহে জীৱনলৈ সেই কাৰণে সময়ৰ সদ্ ব্যৱহাৰ কৰক। সেই সময় জীৱনত আৰু কেতিয়াও দ্বিতীয় বাৰ ঘূৰি নাহে।
সেই কাৰণে সেই সম্পৰ্কটোহে ভাল যিটো সম্পৰ্কত স্বামী আৰু পত্নীয়ে সৰু সৰু কথাত কাজিয়া নকৰে আৰু ইটোৱে সিটোক বুজি সংসাৰখন চলাই নিয়ে। কেতিয়াবা স্বামীয়ে চিন্তাত খঙ কৰি গালিও পাৰিব পাৰে ।সেই বুলি পত্নীয়ে কাজিয়া কৰাতোঁ ভাল কথা নহয়।
স্বামী চিন্তাত থাকোঁতে পত্নীয়ে কিবা কথা কৈ থাকিলে স্বামীয়ে চিন্তাত ক'ব পাৰে যে চুপ থাকা মুখ চলাই নাথাকিবা। সেই বুলি মুখ ফুলাই পত্নীয়ে বহি থকাতোঁ ভাল নহয়।আকৌ কিছুমানে কি কৰে ফোন কৰি মাকক কয় আজি মোক ই গালি দিলে ।মাক কিছুমানো একেই ক'ব অ' মোৰ ছোৱালীজনীক গালি দিছে চাওঁ তাক ফোনটো দিয়া । তুমি কিয় মোৰ ছোৱালীজনীক গালি দিবা ইমান যৌতুক দিছোঁ। ( Assamese Fact )
ইনেই কামৰ চিন্তাত বেচেৰাৰ খঙ উঠি আছিল। তাৰ পাছত পত্নীয়ে মুখ ফুলাই আছে আকৌ মাকেও যিটি ক'লে।তাৰ খঙ কমাতকে আৰু দুগুণহে বাঢ়িব। সি ক'ব বেছি মা ,মা কৰি থাকা ন যোৱা মা ঘৰলৈকে।ঘৰৰ পৰা ওলাই যোৱা আৰু মুখ দেখোৱাবলৈ নাহিবা।
কি হ'ল সৰু কথা আছিল কাজিয়া কৰিলত কথাটো ডাঙৰ হৈ গ'ল। তাৰ পাছত পত্নীয়ো মাকৰ ঘৰলৈ গুচি গ'ল ইটোৱে সিটোৱে ভাবিলে ৰ' বেছি কৰে ন কথা নাপাতো । কিমান দিন থাকে চাম।এনেকেই সম্পৰ্কবোৰ ভাঙি যায়। এইবোৰে কেতিয়াও সম্পৰ্কবোৰ ভাল নকৰে।
সম্পৰ্কটো অকল এটাই নহয় দুয়োজনে মিলি চলাই নিব লাগিব। পত্নী হওঁক বা স্বামীয়ে হওঁক কোনোবা এজনৰ খঙ উঠিল আনজন শান্ত হৈ দিব লাগে। তেতিয়াহে সম্পৰ্কটো ভাল হৈ থাকে।আজি খঙ উঠিছে যেনিবা কাইলেটো ভাল হ'ব।অলপ সময়ৰ খঙত লাগি সম্পৰ্কটো বেয়া নকৰিব।
গালি নো কাক দিব ।স্বামীয়ে যেতিয়া পত্নীক মৰম কৰে,গালিও পত্নীকে দিব ।আকৌ পত্নীয়ে ও স্বামীক মৰম কৰে, সেই কাৰণে গালিও স্বামীকে দিব। সেই বুলি গালি দিয়াটোকে ডাঙৰ কৰি কাজিয়া কৰা লাভ আছে জানো। দূৰত্ব বজাই ৰাখিলে দূৰত্ব বাঢ়ি গৈ থাকে।দূৰত্ব কমাব বিচাৰিলেহে দূৰত্ব কমি গৈ থাকে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।
No comments:
Post a Comment